গুৱাহাটীত নতুন মনোৰঞ্জনৰ স্থান 'হাছল হাউচ' মুকলি

Story by  atv | Posted by  Munni Begum • 1 Years ago
অভিনেত্ৰী নিশিতা গোস্বামী আৰু অসম চেম্বাৰ অফ কমাৰ্চৰ সভাপতি তথা এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক সঞ্জীৱ নাৰায়ণেমুকলি কৰিছে 'হাছল হাউচ'
অভিনেত্ৰী নিশিতা গোস্বামী আৰু অসম চেম্বাৰ অফ কমাৰ্চৰ সভাপতি তথা এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক সঞ্জীৱ নাৰায়ণেমুকলি কৰিছে 'হাছল হাউচ'
গুৱাহাটী
 
গুৱাহাটীবাসীৰ  বাবে বৃহৎ ছাদৰ মনোৰঞ্জন স্থান 'হাছল হাউচ' শুকুৰবাৰে মুকলি কৰা হয়। অসমীয়া জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু অসম চেম্বাৰ অফ কমাৰ্চৰ সভাপতি তথা এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক সঞ্জীৱ নাৰায়ণে এই 'হাছল হাউচ' উদ্বোধন কৰিছে।
 
হাছল হাউচ উদ্বোধন কৰি অভিনেত্ৰী নিশিতা গোস্বামীয়ে কয়, "গুৱাহাটীত এনেধৰণৰ মনোৰঞ্জনৰ স্থান আহি থকা দেখি বৰ ভাল লাগিছে। মই নিশ্চিত যে এইটো বহুতো পৰিয়ালৰ বাবে 'বিনোদনৰ' উপযুক্ত স্থলী হ'ব।" 
 
অসম চেম্বাৰ অফ কমাৰ্চৰ সভাপতি সঞ্জীৱ নাৰায়ণে কয়, "হাছল হাউচ’ ৰ দৰে এক অত্যাধুনিক সুবিধা হৈছে ৰাজ্যখনত সমৃদ্ধি আৰু বিকাশৰ লক্ষণ। মই হাছল হাউচৰ প্ৰতিষ্ঠাপকসকলক শুভকামনা জনাইছো।" 
বেলতলা চাৰিআলিৰ মেঘা প্লাজাস্থিত 'হাছল হাউচ' হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ২১,০০০ বৰ্গফুট বিস্তৃত সবাতোতকৈ বৃহৎৰ ছাদৰ মনোৰঞ্জন স্থান।  ই গোটেই পৰিয়ালটোৰ বাবে উপযুক্ত এখন ঠাই  কিয়নো ইয়াত ৩ বছৰৰ পৰা ৬৫ বছৰলৈকে সকলো বয়সৰ  লোকৰ বাবে মনোৰঞ্জন কৰিব পৰা সমল উপলব্ধ আছে। 
‘হাছল হাউচ’ৰ সহ প্ৰতিষ্ঠাপক প্ৰণৱ বেৰিয়াই কয়, "হাছল হাউচত  এখন মুক্ত কেফে, অসমৰ ভিতৰত সৰ্ববৃহৎ টেৰেছ টাৰ্ফ, দবা, নৃত্য, সমৰ কলাৰ বাবে এক সমৰ্পিত প্ৰশিক্ষণ স্থান, ৬০০০ বৰ্গফুট জোখৰ অসমৰ আটাইতকৈ ডাঙৰ ৰুফটপ ফুটবল/ক্ৰিকেট টাৰ্ফ আৰু মনোৰঞ্জনৰ বাবে বহুসমল উপলব্ধ আছে।
 
‘হাছল হাউচ’ৰ সহ-প্ৰতিষ্ঠাপক কেইগৰাকী ক্ৰমে, অমিত আগৰৱাল, আশুতোষ চিওটিয়া, ৰবীন গুপ্তা, ৰশ্মি চিওটিয়া, বৃন্দা বেৰিয়া, ৰুচিকা গুপ্তা, আৰু শ্ৰদ্ধা আগৰৱাল।