আজি পৰ্যটকৰ বাবে মুকলি হব পবিতৰা অভয়াৰণ্য

Story by  atv | Posted by  Munni Begum • 1 Years ago
 পবিতৰা অভয়াৰণ্য
পবিতৰা অভয়াৰণ্য
গুৱাহাটী
 
এশিঙীয়া গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ দেশী-বিদেশী পৰ্যটকৰ বাবে মংলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ'ব। ২০২২-২৩ পর্যটন বৰ্ষৰ বাবে অভয়াৰণ্যখন কিছুদিন আগতেই মুকলি কৰিব লাগিছিল যদিও ইটোৰ পিচত সিটো বানে পবিতৰাৰ ভিতৰৰ বাট পথসমূহ বোকাময় কৰি ৰখা বাবে এইক্ষেত্ৰত কিছু পলমকৈ ব্যৱস্থা ল'বলগীয়া হয়। 
 
আজি পবিতৰা মুকলি অনুষ্ঠানত মন্ত্ৰী-বিধায়কৰ পৰা কেইবাজনো বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে পবিতৰাৰ হাডুক ওলমা সেতু আৰু ডাক বঙলাৰ আশে-পাশে চূণ-তেল ঘঁহি ন কইনাৰ দৰে সজাই-পৰাই তোলা হৈছে। 
 
উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্য কর্তৃপক্ষই যোৱা ২০২০-২১ বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ পৰা ৩৫,৭৬,৩০০ টিকা আৰু ২০২১-২২ পর্যটন বৰ্ষত ৪৭,৮৪,৭৭৫ টকা ৰাজহ সংগ্ৰহ কৰিছিল।