পহিলা জুলাইৰ পৰা ৰাজ্যত বন্ধ হ'ব প্লাষ্টিক সামগ্ৰী

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
পহিলা জুলাইৰ পৰা ৰাজ্যত বন্ধ হ'ব ‘ছিংগল ইউজ’ প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ। এবাৰ ব্যৱহাৰৰ উপযোগী প্লাষ্টিক সামগ্ৰীৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ। ‘ছিংগল ইউজ' প্লাষ্টিক বন্ধ কৰিবলৈ পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰিছে। 
 
‘প্লাষ্টিক ৱেষ্ট মেনেজমেন্ট আইন, ২০২১ৰ অধীনত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গুৱাহাটী আঞ্চলিক কার্যালয়ে কেইবাটাও কঠোৰ পদক্ষেপ লৈছে। বৃহস্পতিবাৰে জাৰি কৰা জাননী অনুসৰি অহা ১ জুলাইৰ পৰা মিঠাইৰ বাকচ, নিমন্ত্রণী পত্র, চিগাৰেটৰ পেকেট, মম আদিত প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰিব। 
তদুপৰি ১০০ মাইক্ৰনতকৈ পাতল পি ভি চি পেপাৰহে ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে। ইফালে, পৰিষদৰ জাননীখনত উল্লেখ থকা অনুসৰি ৭৫ মাইক্রনতকৈ পাতল প্লাষ্টিকৰ বেগ অহা ৩১ ডিচেম্বৰলৈকেহে ব্যৱহাৰ কৰিব পাৰিব। ৩১ ডিচেম্বৰৰ পৰা প্লাষ্টিক বেগৰ ১২০ মাইক্রনতকৈ পাতল হ'লেহে ব্যৱহাৰৰ অনুমতি লাভ কৰিব। 
উল্লেখযোগ্য যে ৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী, গেলামাল, ফল-মূল ব্যৱসায়ী, প্লাষ্টিক সামগ্ৰীৰ খুচুৰা পাইকাৰী ব্যৱসায়ীসকলক এইসমূহ নির্দেশ মানি চলিবলৈ পৰিষদৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে। নির্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিছে প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে।