সিদ্ধি গ্ৰীণে লৈ আহিছে দেশী বিদেশী ফুলৰ সম্ভাৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
সিদ্ধি গ্ৰীণ নাৰ্চাৰী
সিদ্ধি গ্ৰীণ নাৰ্চাৰী
মুন্নী বেগম

ফুল সকলোৰে প্রিয়। সেয়ে ফুলৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে মানুহে পদূলিমুখত একো একোখন সৰুকৈ হলেও বাগিচা পাতে তথা  টাবত এজোপা হলেও ফুলৰ গছ ৰোপন কৰে। ফুলৰ প্ৰতি থকা মানুহৰ আকৰ্ষণক উপাদান হিচাপে লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত ফুলবোৰৰ এক আকৰ্ষণীয় বজাৰ আছে।
 
এই ক্ষেত্ৰত গুৱাহাটী মহানগৰীও পিছ পৰি থকা নাই। মহানগৰবাসীক বিভিন্ন প্ৰজাতিৰ ফল, ফুলকে ধৰি ঔষধি গছৰ পুলি যোগান ধৰাৰ উদ্দেশ্যে মহানগৰীৰ মজমজীয়াৰ  সাউকুছিত 'সিদ্ধি গ্ৰীণ' নামে এক নাৰ্চাৰীৰ ব্যৱস্থা কৰিছে পাৰিজাত লহকৰ নামৰ এগৰাকী উদ্যোগী মহিলাই। 
 

বিভিন্ন প্ৰজাতিৰ ইণ্ডোৰ প্লাণ্ট।
 
নাৰ্চাৰীখনৰ সন্দৰ্ভত পাৰিজাত লহকৰে কয়, "সম্প্রতি দেশৰ লগতে গুৱাহাটী মহানগৰীৰো পৰিবেশ প্ৰদূষিত হৈ পৰিছে। চৌদিশে অট্টালিকা নিৰ্মাণৰ এক পৰিস্থিতি গঢ়ি উঠিছে। ফলত গছ গছনি ৰোপনৰ ঠাই সংকুচিত হৈ পৰিছে। একাংশ লোকে গছ গছনি ৰোপণৰ বাবে আগ্ৰহী যদিও ঠাইৰ অভাৱৰ লগতে সময়ৰ নাটনিৰ ফলতো তেনে কৰাটো সম্ভৱ হৈ নুঠে। সেয়েহে আমি তেনে লোকৰ সুবিধাৰ বাবে 'সিদ্ধি গ্ৰীণ' নাৰ্চাৰীৰ ব্যবস্থাৰ গ্ৰহণ কৰিছো।"
 
 বিভিন্ন প্ৰজাতিৰ ফুল।
 
পাৰিজাত লহকৰে কয়, "আমাৰ ইয়াত ঋতু অনুযায়ী হোৱা মেৰীগোল্ড, ডাইনথাচ, ভাৰ্ভেনা, চেল্ভিয়া, প'পী,ডেজেনীয়া,চেল'ফিয়াকে ধৰি বিভিন্ন প্ৰজাতিৰ প্ৰায় ৫ হাজাৰ ফুল,ড্ৰেগন ফল, থাইলেণ্ডৰ বগৰী, থাইলেণ্ডৰ অমৰা, বিলাতী মধুৰীৰ লগতে থলুৱা নাচপতি, প্লাম আঙুৰ আদি বিভিন্ন প্ৰজাতিৰ ফল, হেৰাই যোৱা বহুবিধ ঔষধি গছ, চেগুন, শাল আদি বিভিন্ন প্ৰজাতিৰ মুল্যবান কাঠৰ গছৰ লগতে বিভিন্ন প্ৰজাতিৰ ইণ্ডোৰ প্লাণ্ট উপলব্ধ। এই গছ পুলিসমুহ অন্য নৰ্চাৰীৰ তথা বজাৰৰ তুলনাত  'সিদ্ধি গ্ৰীণ'ৰ পৰা ৫ ৰ পৰা ১০০ টকা পৰ্যন্ত ৰেহাই মুল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।" 
   
এই নাৰ্চাৰীখন অলপতে অৰণ্য মানৱ যাদৱ পায়েং য়ে উদ্বোধন কৰে আৰু এইয়া এক প্ৰশংসনীয় পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে।