গুৱাহাটীৰ পৰা শিলচৰলৈ বিশেষ বিমান সেৱা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবে বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থাত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাতায়াতৰ সুবিধাৰ বাবে অসম পর্যটন উন্নয়ন নিগমে (এ টি ডি চি) বিশেষ বিমান সেৱাৰ ব্যৱস্থা কৰিছে। 
 
‘ফ্লাই বিগ'ৰ সহযোগত অসম পর্যটন উন্নয়ন নিগমে (এ টি ডি চি) অহা ১৮ আৰু ১৯ জুনত গুৱাহাটীৰ পৰা শিলচৰলৈ সন্ধিয়া ৬ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৭.১০ বজাত বিমান সেৱাৰ ব্যৱস্থা কৰিছে। ২০ জুনৰ পৰা গুৱাহাটীৰ পৰা শিলচৰলৈ পুৱা ৭.৪৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ পুৱা ৮.৫৫ বজাত এনে বিমান সেৱাৰ ব্যৱস্থা কৰা হৈছে। 
উল্লেখযোগ্য যে শিলচৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই বিমান সেৱাৰ বাবে টিকটৰ বিশেষ কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে গুৱাহাটীৰ পল্টনবজাৰৰ পৰ্যটন ভৱনৰ ৰে'ড ৰিভাৰ ট্রেভেলছত (এ টি ডি চিৰ ইউনিট) ইচ্ছুক যাত্রীসকলে টিকট কাটিব পাৰিব। এই টিকটৰ হাৰ ৪ হেজাৰ টকা। 
যাত্ৰীসকলে ৮১৩৫৯-০২৯৭৩ নম্বৰত ফোন কৰি বা ই-মেইল কৰিও টিকট বুক কৰিব পাৰিব। টিকট বুক কৰাৰ বাবে নগদ, কার্ড, ইউ পি আইযোগে ধন আদায় দিব পাৰিব। ৮১৩৫৯-০২৯৭৩ নম্বৰত ইউ পি আই পেমেন্ট, গুগল পেযোগে ধন আদায় দিব পাৰিব।