আধুনিক অসমীয়া গহণাৰ বাটকটীয়া ৱাহিদা ৰহমান

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
ৱাহিদা ৰহমান
ৱাহিদা ৰহমান
মুন্নী বেগম/গুৱাহাটী

পৰম্পৰাগত অসমীয়া গহনা হৈছে অসমীয়া সংস্কৃতিৰ এক গৌৰৱ। অসমীয়া গহনাৰ এক স্বকীয় বৈশিষ্ট্য আছে। কিন্তু অতি পৰিতাপৰ কথা যে পৰম্পৰাগত বহু অসমীয়া গহনা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছিল। কিয়নো অসমীয়া গহনাবোৰ লা আৰু পাতসোণেৰে নিৰ্মিত। সেয়েহে গহনাবোৰ  প্ৰয়োজনতকৈ কিছু গধুৰ হোৱাৰ লগতে পুনৰ বিক্ৰীৰ মান (resale value) নোহোৱাৰ ফলত মানুহে এই গহনাবোৰৰ ব্যৱহাৰ কমাই দিছিল আৰু বহিঃৰাজ্যৰ পৰা আমদানিকৃত অন্যান্য গহনাৰ ব্যৱহাৰ আৰম্ভ কৰিছিল।  ফলত মানুহৰ মাজৰ পৰা অসমীয়া গহনাৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি গৈছিল। সেয়েহে অসমীয়া গহনা সংৰক্ষণ কৰাৰ লগতে মানুহৰ মাজত ইয়াৰ জনপ্ৰিয়তা উভতাই অনাৰ উদ্দেশ্যে এক উৎকৃষ্ট পদক্ষেপ গ্ৰহণ কৰিছিল অসমৰ প্ৰথম আধুনিক অসমীয়া গহনা ডিজাইনাৰ ৱাহিদা ৰহমানে। ১৯৯৫ চনত ডিজাইনাৰ ৱাহিদা ৰহমানে হেৰাই যাব ধৰা  পৰম্পৰাগত অসমীয়া গহনাসমুহ  সংৰক্ষণ কৰাৰ লগতে গহনাবোৰত নতুনত্ব সংযোজন কৰি গহনাবোৰ মানুহৰ মাজলৈ আগবঢ়াই দিয়াৰ এক প্ৰচেষ্টা হাতত লৈছিল।

আৱাজ দ্যা ভয়ইচৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত প্ৰথম আধুনিক অসমীয়া গহনা ডিজাইনাৰ ৱাহিদা ৰহমানে কয়, "সৰুৰে পৰা মই সাজপাৰ আৰু গহনাৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিলো। স্কুলীয়া জীৱনতে মই অসমীয়া গহনাৰ ডিজাইন কৰাৰ কথা ভাবিছিলোঁ। উচ্চ শিক্ষাৰ শেষত মই  অসমীয়া গহনক্ত আধুনিকতা স্ংযোজনৰ কাম আৰম্ভ কৰিলোঁ। কিন্তু সেই সময়ত (১৯৮৮)  অসমীয়া গহনাৰ ব্যৱহাৰ কমি যোৱাৰ বাবে বহু গহণা আমাৰ মাজৰ পৰা হেৰাই গৈছিল। যিহেতু মই অসমীয়া গহণা সংৰক্ষণ কৰাৰ কথা ভাবিছিলো, সেয়েহে মই অসমীয়া গহনা সংগ্ৰহ কৰিবলৈ আৰম্ভ  কৰিলোঁ।” 
 
অসমীয়া গহনাবোৰৰ আৰ্হি বিচাৰি ৱাহিদাই সমগ্র উত্তৰ-পূব ভ্ৰমণ কৰাৰ লগতে দেশ আৰু বিদেশটো ভ্ৰমণ আৰম্ভ কৰিছিল। অসমীয়া গহনাৰ অধিকাংশই তেওঁ অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ পৰা আৰু কিছু কিছু আহোম আৰু অন্য জনগোষ্ঠীয় লোকৰ পৰা সংগ্ৰহ কৰিছিল। তেওঁ যেতিয়া ভ্ৰমণ আৰম্ভ কৰিছিল তেতিয়া তেওঁ গম পাইছিল যে ৰজাঘৰীয়াই পৰিধান কৰা অসমীয়া গহনা আৰু সাধাৰণ লোকে পৰিধান কৰা অসমীয়া গহনা  সম্পূৰ্ণ বেলেগ বেলেগ। তেওঁ যিমান সম্ভৱ অসমীয়া গহনাৰ আৰ্হি সংগ্ৰহ কৰিবলৈ লৈছিল।
ৱাহিদাই কয়, "প্ৰথম অৱস্থাত মই নিজৰ গহনা গাঁঠৰী বিক্ৰী কৰি মাত্ৰ ৫ হাজাৰ টকাৰে আধুনিক অসমীয়া  গহনাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ। মই লা আৰু পাতসোণ নোহোৱাকৈ বিশুদ্ধ সোণ অৰু ৰূপেৰে অসমীয়া গহনা নিৰ্মান কৰিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু সেই সময়ত মোৰ এই কামক অসমীয়া সমাজখনে গ্ৰহণ কৰা নাছিল। মোক অসমীয়া গহনাৰ অপমান কৰা বুলিহে সমজ খনে কৈছিল। কিন্তু মই মোৰ কাম একগ্ৰতাৰে কৰি গৈছিলোঁ।”
প্ৰথম তিনি বছৰ তেওঁ যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। কিয়নো প্ৰথম তিনিটা বছৰ তেওঁৰ গহনা বিক্ৰী হোৱা নাছিল। ফলত তেওঁ কাৰিকৰক দৰমহা দিব পৰা নাছিল। তদুপৰি বহু কাৰিকৰে তেওঁক ঠগিছিল। কিন্তু বৰ্তমান তেওঁ আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী হোৱাৰ লগতে প্ৰায় ৩০ গৰাকী কৰ্মচাৰীক কৰ্মস্ংস্থপন দিবলৈ সক্ষম হৈছে।  লকডাউনৰ সময়ত ব্যৱসায়ত কিছু  প্ৰভাৱ পৰিছিল যদিও গহণা বিচাৰি তেওঁৰ ওচৰলৈ গ্ৰাহকৰ সমাগম ম্লান পৰা নাছিল। 
 
 
ৱাহিদাই কয়, "বৰ্তমান মোৰ ওচৰত ৰজাঘৰীয়া অসমীয়া গহনা ৭৫ পদ  আৰু মোৰ নিজৰ ডিজাইন কৰা গহণা ৪০০ ৰ পৰা  ৫০০ৰো অধিক আছে। মোৰ প্ৰথ্ম সৃষ্টি অছিল গুটিৰ পৰা গজালি মেলা আৰু জোনবিৰি। পিছত মই মেঘালয়, চেৰাপুঞ্জী, মিষ্ট, কপৌফুল, জাকৈ, খালৈ, তুলাধান, ধানৰ মুঠি, কলফুল, কলপাত, কলগছৰ লগতে  লোকাপাৰ, থুৰীয়া,কৰ্ণসিংহ, জাংফাই, ডুগডুগী, মটৰ মণি, শিলিখা, মণি,কিংখাপ আদিৰ লগতে অসমৰ প্ৰতিটো জাতি জনজাতিৰ সাজপাৰ ওপৰত গহনাৰ ডিজাইন প্ৰস্তুত কৰিছোঁ। বৰ্তমান মোৰ ফিউজন ডিজাইনৰ  গহনাবোৰ অসমৰ লগতে দেশ আৰু বিদেশৰ বহু লোকে  আগ্ৰহেৰে আঁকোৱালি লৈছে।” 
গুৱাহাটীৰ বাসিন্দা ৱাহিদা ৰহমানে দুখ প্ৰকাশ কৰি কয়, "এটা কথা মোৰ বহুত বেয়া লাগে যে বৰ্তমান অসমীয়া গহনাৰ নামত বজাৰত বহু নকল গহনা উপলব্ধ হৈছে। একংশই নিজৰ স্বাৰ্থৰ বাবে  অসমীয়া গহণাৰ প্ৰকৃত স্বৰূপটো বিকৃত কৰি ব্যৱসায় কৰি আছে আৰু মানুহেও এই গহণাবোৰ উৎসাহেৰে ক্ৰয় কৰি আহিছে।  যিয়ে অসমীয়া গহণাৰ ক্ষেত্ৰখ্নলৈ ভাবুকি কঢ়িয়াই আনিছে।”
সৰ্ব শেষত ৱাহিদা ৰহমানক আমি এগৰাকী সফল অসমীয়া মহিলা উদ্যোগী হিচাপে স্বীকৃতি দিব পাৰো।
 
ৱাহিদাই  কয়, " প্ৰতি গৰাকী ছোৱালীয়ে আৰ্থিকভাৱে স্বাৱলম্বী হব লাগে। বৰ্তমান আমি যদিও নিজকে আধুনিক বুলি পৰিচয় দিও, আমি এতিয়াও বহু পুৰণি মানসিকতাৰ দাস। আজিও এজনী ছোৱালীয়ে ল'ৰাৰ তুলনাত  সকলো ক্ষেত্ৰতে যথেষ্ট বাধাৰ সন্মূখীন হবলগীয়া হয়। কিয়নো এগৰাকী মহিলা হিচাপে  মই নিজেই গহনা ডিজাইনৰ ক্ষেত্ৰত যথেষ্ট  প্ৰত্যাহ্বানৰ সন্মূখীন হবলগীয়া হৈছিলো। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মোক উৎসাহিত কৰাৰ বাবে মোৰ ওচৰত  কোনো নাছিল। মই আজি অত্যন্ত সুখী যে মই সকলো প্ৰত্যাহ্বান আৰু স্ংগ্ৰাম অকলে যুজি জয়ী হৈছো।"