মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা ৬০ লৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
ঢেঁকীয়াপতীয়া বাঘ
ঢেঁকীয়াপতীয়া বাঘ
গুৱাহাটী 
 
মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা ৬০টালৈ বৃদ্ধি পাইছে ৷ শেহতীয়া ট্ৰেপ কেমেৰাৰ ফলাফল অনুসৰি এই তথ্য পোহৰলৈ আহিছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত ৬০টালৈ বৃদ্ধি পাইছে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা৷ 
 
ইতিমধ্যে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া বন্যপ্ৰাণী নিৰীক্ষণৰ ফলাফল প্ৰকাশৰ জৰিয়তে সদৰী কৰিছে এই তথ্য৷ ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়া কেমেৰা ট্ৰেপিঙৰ ফলাফল মূল্যায়ন কৰি ‘নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটী’-এ নিৰ্ধাৰণ কৰা অনুসৰি সম্প্ৰতি মানাহত ৫২টা প্ৰাপ্তবয়স্ক ঢেঁকীয়াপতীয়া বাঘ আৰু ৮টা পোৱালিকে ধৰি মুঠ ৬০টা ঢেঁকীয়াপতীয়া বাঘ আছে৷ 
উল্লেখ্যযোগ্য যে, ইয়াৰ পূ্ৰ্বৰ কেমেৰা ট্ৰেপিঙৰ ফলাফল অনুসৰি মানাহত ৪৮টা বাঘ থকাৰ তথ্য সদৰী কৰা হৈছিল৷ এইবাৰ মানাহ ব্যাঘ্ৰ প্ৰকল্প কৰ্তৃপক্ষই মানাহৰ সংৰক্ষণৰ সহযোগী সংস্থা ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া, ডব্লিউ টি আই আৰু আৰণ্যকৰ সহযোগত মানাহৰ বিভিন্ন স্থানত মুঠ ৩৮১টা ট্ৰেপ কেমেৰা স্থাপন কৰিছিল৷ 
আনহাতে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত বিভিন্ন বনৰক্ষী, বন বিষয়াসকলৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে এন্ড্ৰ’ইড বেছ্দ ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় উদ্যানখনত থকা আন কেতবোৰ প্ৰধান বন্যপ্ৰাণীৰ সংখ্যাও নিৰ্ধাৰণ কৰা হৈছে৷ 
 
উক্ত তথ্যসমূহ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকালয়ত বিশ্লেষণ কৰাৰ পাছত সেয়া ডেৰাডুনস্থিত ৱাইল্ডলাইফ ইনষ্টিটিউট অব্ ইণ্ডিয়াত নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটী-এ বৈধতা প্ৰদান কৰিছে৷