দেশত এবছৰত হোৱা বজ্রপাতৰ সংখ্যা ১,৮৫,৪৪,৩৬৭ বাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী
 
দেশত জলবায়ু পৰিবৰ্তনে বতৰৰ সংজ্ঞা সলনি কৰি পেলাইছে। অকল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্রান্তত জলবায়ু পৰিবৰ্তনৰ লগতে গোলকীয় উত্তাপ বৃদ্ধিৰ ঘটনাই অতিবৃষ্টি আৰু অনাবৃষ্টিৰ ঘটনা বৃদ্ধি কৰিছে। 
 
শুকুৰবাৰে চি আৰ অ' পি চি নামৰ সংস্থাটোৱে দাবী কৰিছে যে ভাৰতত শেহতীয়াকৈ বজ্ৰপাতৰ ঘটনা বহু পৰিমাণে বৃদ্ধি পাইছে। এই বৃদ্ধিৰ পৰিমাণ প্রায় ৩৮ শতাংশ। সংস্থাটোৰ মতে ২০১৯-২০ বৰ্ষত ভাৰতৰ বজ্রপাত হৈছিল ১,৩৮,৬০,৩৭৮ বাৰ। কিন্তু ২০২০-২১ বৰ্ষত ইয়াৰ সংখ্যা বৃদ্ধি হয় ১,৮৫,৪৪,৩৬৭ বাৰলৈ। 
 
এইক্ষেত্ৰত চি আৰ অ' পি চি নামৰ সংস্থাটোৱে যুক্তি দৰ্শাই কয় যে যোৱা দহ বছৰত বিশ্বত তাপমান ১.৫ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছে। সেইদৰে মহাসাগৰসমূহৰ পানীও ০.৬ ৰ পৰা ১.৮ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছে। এনে কাৰকসমূহৰ বারেই বজ্রপাতৰ ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে।