মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনত নামাজ আৰু যোগৰ ভুমিকা

Story by  atv | Posted by  Munni Begum • 1 Years ago
সোঁফলে এগৰাকী ব্যক্তিয়ে যোগ কৰিছে আৰু বাওঁফালে এগৰাকী ব্যক্তিয়ে নামাজ আগবঢ়াইছে
সোঁফলে এগৰাকী ব্যক্তিয়ে যোগ কৰিছে আৰু বাওঁফালে এগৰাকী ব্যক্তিয়ে নামাজ আগবঢ়াইছে
গুৱাহাটী ব্যুৰ'
 
২০১৭ চনত ৰাষ্ট্ৰসংঘৰ  এখন সাধাৰণ সভাত (ইউ এন জি এ) ১৭৭ খন দেশৰ ভিতৰত ৪৭ খন ইছলামিক ৰাষ্ট্ৰই ২১ জুনক "আন্তৰ্জাতিক যোগ দিৱস" হিচাপে উদযাপন কৰাৰ এক প্ৰস্তাৱ গৃহীত কৰিবলৈ ভাৰতৰ সৈতে আনুষ্ঠানিকভাৱে সহ-পৃষ্ঠপোষকতা কৰিছিল।
 
'যোগ' হৈছে হিন্দু পৰম্পৰাৰ সৈতে জড়িত ৫ হাজাৰ বছৰ পুৰণি এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন তথা এক ধৰ্মীয় মূল। যিয়ে প্ৰথমতে কিছুমান ভাৰতীয় মুছলমান ধৰ্মগুৰুৰ মাজত অস্বস্তিৰ সৃষ্টি কৰিছিল।
কিন্তু পিছত লাহে লাহে মুছলমান সমাজখনেও যোগ কৰিবলৈ আৰম্ভ কৰিছে। দাৰুল উলুমৰ দৰে আগশাৰীৰ ইছলামিক প্ৰতিষ্ঠানে যোগ সন্দৰ্ভত কয় যে যোগাভ্যাস কৰাত অ-ইছলামিক একো কাৰ্যকলাপ নাই।  বৰ্তমান বহু বিশেষজ্ঞ, চিকিৎসক আৰু ধৰ্মীয় নেতাই মন্তব্য কৰিছে যে যোগ আৰু নামাজৰ মাজত বিশেষ একো পাৰ্থক্য নাই। কিয়নো দুয়োটাৰ অভ্যাসে স্বাস্থ্যৰ বাবে অতি লাভজনক।       
'যোগ' সংস্কৃত শব্দ "যুজ"ৰ পৰা আহৰন কৰা শব্দ আৰু ইয়াৰ অৰ্থ হৈছে একতা। আনহাতে, নামাজৰ আন এটা নাম হৈছে "ছালাত"। যি আৰবী শব্দ "চিলা / ৱিছাল"ৰ পৰা আহৰন কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে মিলন। অৱশ্যে ইয়াৰ অৰ্থ সৰ্বশক্তিমানৰ সৈতে আত্মাৰ মিলনক বুজাইছে।   
 
নামাজৰ বিভিন্ন ভংগী
 
যোগ আৰু নামাজৰ সাদৃশ্যটো ইয়াতে শেষ নহয়। "তাহাৰাত" অৰ্থাৎ বিশুদ্ধকৰণ আৰু "অজু" (স্নান) নামাজ আগবঢ়োৱাৰ পূৰ্বে কৰাটো অতি অত্যাৱশ্যকীয়। যোগৰ ক্ষেত্ৰটো "বিশুদ্ধকৰণ"ৰ অতি প্ৰয়োজন। যদিও "অজু" নিয়তৰ সৈতে আৰম্ভ হয়, যোগ "সংকল্প"ৰ সৈতে আৰম্ভ কৰা যায়।  
নামাজ আৰু যোগৰ মাজত সচৰাচৰ কাৰকবোৰ হৈছে শক্তিৰ নিম্নতম ব্যয়, শাৰীৰিক স্বাস্থ্য, মানসিক প্ৰশান্তি আৰু সঠিক ভঙ্গীৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ইয়াৰ লাভ কৰা বৃহৎ লভ্যাংশ ৰক্ষা। 
নামাজ আগবঢ়োৱাৰ সময়ত, এগৰাকী ব্যক্তিয়ে প্ৰথম ভঙ্গীত "জায় নামাজ"ৰ (নামাজ আগবঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা এখন পৰিষ্কাৰ পাটি বা কঠ) ওপৰত নিজৰ কান্ধ পোন কৰি ৰাখে আৰু শৰীৰৰ সম্পূৰ্ণ ওজন দুখন ভৰিৰ ওপৰত বিভক্ত কৰি থিয় দিয়ে। চকুজুৰি চিজদাৰ (যেতিয়া এজন ব্যক্তিয়ে প্ৰণাম কৰি থাকে আৰু কপাল আৰু নাক মাটিত স্পৰ্শ কৰে) ঠাইত স্থিৰ কৰি ডিঙি সন্মুখৰ ফালে অলপ তললৈ বেঁকা কৰি ৰাখে। 
 
যোগৰ বিভিন্ন ভংগী
 
এই ভঙ্গীৰ স্বাস্থ্যসন্মত দিশটো হ'ল শৰীৰ আৰু মনক চাপমুক্ত অনুভৱ কৰা। কিয়নো দুয়োখন ভৰিৰ ওপৰত সমানে শৰীৰৰ ওজন দি মেৰুদণ্ড পোন কৰি প্ৰাকৃতিকভাৱে শ্বাস-প্ৰশ্বাস লোৱা হয়। এই সময়ছোৱাত নিজকে উৎসাহিত অনুভৱ হয়, কাৰণ এই সমছোৱাত মানসিক ভাৰসাম্য সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে। "চিজদা"ৰ ঠাইত চকু স্থিৰ কৰি ৰাখিলে প্ৰত্যেকৰে মনোযোগ তথা একাগ্ৰতা শক্তি বৃদ্ধি হয়।     
নামাজৰ সময়ত সন্মুখৰ ফালে তললৈ ডিঙি বেঁকা কৰি ৰখাৰ ফলত ডিঙিৰ মুখ্য ধমনীত অৱস্থিত কেৰোটিড চাইনাছ সংকুচিত হয়। যিয়ে সংবহন আৰু শ্বাসতন্ত্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সাধাৰণতে, অক্সিজেন হ্ৰাস হোৱা আৰু শৰীৰত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হোৱাৰ ফলত হৃদস্পন্দনৰ হাৰো বৃদ্ধি হয় আৰু শ্বাস-প্ৰশ্বাস ঘন হয়। ইয়াৰোপৰি ডিঙিৰ উদ্দীপনাই থাইৰয়ডৰ কাৰ্যভাৰ সন্তুলিত কৰাত আৰু বিপাক নিয়ন্ত্ৰণ কৰাত সহায় কৰে।   
দ্বিতীয় ভঙ্গীত, নামাজীয়ে সকলো আঙুলি পৃথক কৰি ভৰি পোন কৰি আঁঠুৰ ওপৰত হাতৰ তলুৱা ৰাখি নমস্কাৰ কৰে। শৰীৰটো কঁকালৰ পৰা সন্মুখৰফালে বেঁকা হৈ থাকে। এই ভঙ্গীটো যোগত "পাচ্চিমোত্তনাসন"ৰ দৰে একে হয়। য'ত শৰীৰৰ ওপৰৰ অংশৰ ফালে তেজৰ সঞ্চাৰণ কৰা হয়। এই ভঙ্গীটোত মেৰুদণ্ড কোমল হৈ পৰে আৰু মেৰুদণ্ডৰ স্নায়ুবোৰে পুষ্টি লাভ কৰে। আনহাতে ইয়াৰ বাবে আঁঠু আৰু কলাফুলৰ পেশীও সুঠাম হয়। তদুপৰি কোষ্ঠকাঠিন্যৰ পৰা সকাহ পোৱা যায়।   
 
ৰাজধানী দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ কৰি থকা এক মূহুৰ্ত
 
তৃতীয় ভঙ্গীত এগৰাকী নামাজীয়ে মূৰটো দাঙি থিয় হয়। এই ভঙ্গীত শৰীৰৰ ওপৰৰ অংশৰ ফালে সঞ্চাৰ হোৱা সতেজ তেজ ঘূৰাই আনে। শৰীৰটো পুনৰ চাপমুক্ত হৈ পৰে। পৰৱৰ্তী চলাচলত অন্তৰ্ভুক্ত থাকে তললৈ গৈ আঁঠু কঢ়া আৰু শেষত কপালখন মাটিত এনেদৰে স্পৰ্শ কৰা যাতে শৰীৰৰ মুঠ সাতটা অংশই মাটি স্পৰ্শ কৰে।  
এই ভঙ্গীটো এনেকুৱা এটা ভঙ্গী যাক পৰম আত্মসমৰ্পণৰ চূড়ান্ত অভিব্যক্তি হিচাপে গণ্য কৰা হৈছে। এই ভঙ্গীত আমি আমাৰ আঁঠু আৰু হাত মজিয়াত ৰাখি, প্ৰথমে মাটিত নাক স্পৰ্শ কৰোঁ তাৰ পিছত কপাল আৰু পিছত আঁঠুৰ গাঁঠিবোৰ স্পৰ্শ কৰি সঠিক কোণ গঠন কৰি ডিঙিত চাপ সৃষ্টি কৰোঁ। যাক প্ৰথম ভংগীৰ পৰিপূৰক ভংগীমা বুলি কোৱা হয়। এইটো "শিৰশাসন"ৰ প্ৰায় আধা। য'ত যোগী এজনে তেওঁৰ মূৰত সমগ্ৰ ভৰ দি থিয় দিয়ে। যিয়ে চকু, কাণ, নাক আৰু হাঁওফাঁওকে ধৰি মগজু আৰু শৰীৰৰ ওপৰৰ অংশত তেজৰ সম্পূৰ্ণ সঞ্চাৰ কৰাত সহায় কৰে।   
পঞ্চম ভঙ্গীটো "বজ্ৰসন"ৰ দৰে। এই ভঙ্গীটোৱে শ্ৰোণী অঞ্চলত তেজ আৰু স্নায়ৱিক গতিৰ প্ৰবাহ সলনি কৰে আৰু শ্ৰোণীৰ পেশী শক্তিশালী কৰে। ই হাৰ্নিয়া প্ৰতিৰোধ কৰাত সহায় কৰে আৰু পাইলৰ পৰা সকাহ দিয়াতো সহায় কৰে। ই যৌনাঙ্গ লৈ তেজৰ প্ৰবাহ হ্ৰাস কৰে আৰু তেওঁলোকক খাদ্য যোগান ধৰা স্নায়ু তন্তুবোৰ মালিচ কৰে। এনেদৰে পুৰুষৰ ক্ষেত্ৰত বিস্তাৰিত অণ্ডকোষ আৰু হাইড্ৰচিলৰ চিকিৎসাত উপযোগী প্ৰমাণিত হৈছে। ই মহিলাসকলক প্ৰসৱত সহায় কৰে আৰু ঋতুস্ৰাৱৰ বিকাৰ হ্ৰাস কৰাত সহায় কৰে। চাইটিকা আৰু চেক্ৰেল সংক্ৰমণত ভুগি থকা লোকসকলৰ বাবে ই হৈছে সৰ্বশ্ৰেষ্ঠ ধ্যান "আসন"।  
 
ইছলাম ধৰ্মালম্বী লোকসকলে সমূহীয়া ঈদৰ নামাজ অগবঢ়াইছে
 
ৰাকাটৰ অন্তিম পৰ্যায়ত, অৰ্ধ শিৰশাসনৰ পুনৰাবৃত্তি কৰা হয়। যাৰ পিছত অন্তিম ভঙ্গীটো উত্কটাসনৰ দৰে হয়। যত কোনো সমৰ্থন নহোৱাকৈ ভৰিৰ আঙুলিৰ ওপৰত থিয় দিয়া হয়। এনেদৰে গঠিত এক ক্ষণস্থায়ী ভঙ্গীত  শৰীৰৰ সম্পূৰ্ণ ওজন গোৰোহাৰ ওপৰত দিয়া হয়। নিয়মীয়াকৈ এই ভঙ্গীত নামাজ প্ৰদান কৰা ব্যক্তিয়ে গোটেই জীৱন আঁঠুৰ অষ্টিওআৰ্থ্ৰাইটিছৰ দৰে পিঠিৰ বিষ, গাঁঠিৰ বিষ আদিৰ যিকোনো ক্ষয়কাৰী ৰোগৰ পৰা উপশম পাব পাৰে।  
 
ওপৰোক্ত কাৰ্যকলাপবোৰ শান্তিপূৰ্ণভাৱে বহি থকাৰ ভংগীমাত শেষ হয়। শেষত প্ৰথমে সোঁফালে আৰু তাৰ পিছত বাওঁফালে মুখখন ঘূৰাই দিয়া হয়। এই সাতটা ভঙ্গীৰ সময়ত পবিত্ৰ কোৰাণৰ আয়াত পঢ়া হয়। যিয়ে মনক সকলো দুচিন্তা পৰা মুক্ত কৰি এক ইতিবাচক চিন্তাৰ খোৰাক যোগায়।