পৃথিৱীখন মোৰ ৰানৱে: তবস্সুম হক

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
তবস্সুম হক
তবস্সুম হক
শাইস্তা ফাতিমা / নতুন দিল্লী
 
এফাঁকি কথা আছে যে "সাহসী সকলক ভাগ্যই সদায় সহায় কৰে"। এজন প্ৰাক্তন সাংবাদিক আৰু বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাৰ গৌৰৱান্বিত সংগঠক তবস্সুম হকৰ সৈতে এই কথাষাৰৰ যথেষ্ট সামঞ্জস্য থকা দেখা যায়। কিয়নো তবস্সুম দক্ষিণ কোৰিয়াৰ এখন ৰাছিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ এক প্ৰতিনিধি দলৰ মুৰব্বী হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। তবস্সুম এগৰাকী অতি মৰমিয়াল আৰু নম্ৰ স্বভাৱৰ ব্যক্তিত্ব সম্পন্ন মহিলা।
 
দিল্লীত জন্মগ্ৰহণ কৰা নতুন যুগৰ এণ্টাৰপ্ৰেনিউৰ তবস্সুম হকে আৱাজ দ্যা ভইছক টেলিফোন যোগে হোৱা এক সাক্ষাৎকাৰত কয়, "মই দক্ষিণ কোৰিয়াত প্ৰতিনিধি দলৰ নেতৃত্ব দিম। ইয়াত মই ২০১৭ চনৰ পৰা মিছেছ ইউনিভাৰ্ছৰ ৰাষ্ট্ৰীয় সঞ্চালকৰ দ্বায়িত্বত আছো।" তবস্সুম এগৰাকী উৎসাহী মহিলা। তেওঁৰ কাহিনী সঁচাকৈয়ে বহুতৰ বাবে অনুপ্ৰেৰণাদায়ক।
 
তেওঁ কয়, "তেওঁলোকৰ শিশুৰ সৈতে অংশগ্ৰহণ কৰা বহুতো যুৱতীয়ে মোক মিছেছ দিল্লী-এন চি আৰ নামৰ এটা অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।" 
দুটা সন্তানৰ মাতৃ তবস্সুম হৈছে ডেজল মিছ আৰু মিছেছ এছিয়া, ডেজল মিছ ইণ্ডিয়া ইউনিভাৰ্ছ, ডেজল মিছ এণ্ড মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল, ডেজল মিছ এণ্ড মিছেছ ইণ্ডিয়া ৱৰ্ল্ড, ডেজল মিছ আৰু মিছেছ চাউথ ইণ্ডিয়া, ডেজল মিছ আৰু মিছেছ নৰ্থ ইণ্ডিয়া, ডেজল মিছ আৰু মিছেছ ৱেষ্ট ইণ্ডিয়া ডেজল মিছ এণ্ড মিছেছ ইষ্ট ইণ্ডিয়া, ডেজল মিছ আৰু মিছেছ দিল্লী এনচিআৰ, ডাজল মিছ আৰু মিছেছ তেলেংগানা আদিৰ অধীনত ১৪ টাতকৈও অধিক সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালক। 
শেহতীয়া 'মিছ এণ্ড মিছেছ ৰাষ্ট্ৰসংঘ', এক প্ৰতিযোগিতাত  তেওঁ বিভিন্ন ইউৰোপীয় আৰু এছিয়ান দেশত পৰিচালনা কৰিব। তবস্সুমে কয়, "মোৰ ছোৱালীবোৰ মোৰ গৌৰৱ, মঞ্জুছা, মঞ্জুলা, সুচিতা, যামিনী-বিভিন্ন ঠাইৰ পৰা আহিছে। কিন্তু মই তেওঁলোকৰ বাবে এখন মঞ্চ তৈয়াৰ কৰিব লাগিব।"
 
মিছেছ দিল্লী এন চি আৰ বিজয়ীৰ সৈতে তবস্সুম হক
 
২২ জুন আৰু ৩ জুলাইত এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে অনুসূচীত কৰা হৈছে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত চূড়ান্ত প্ৰতিযোগী হিচাপে ১০০ খনতকৈও অধিক দেশৰ পৰা অহা প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব। তেওঁ লগতে কয়, "দক্ষিণ কোৰিয়াত আমাৰ দেশক প্ৰতিনিধিত্ব কৰি আমি অত্যন্ত গৌৰৱান্বিত।"
এটা মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰা তবস্সুমে শিক্ষাক সফলতাৰ স্তম্ভ হিচাপে বাছি লৈছিল। তেওঁ কয়, "মই এগৰাকী অতি মৌলিক আৰু সাধাৰণ ছোৱালী আছিলোঁ আৰু মই জীৱনত কিবা এটা লাভ কৰিব বিচাৰিছিল।" তবস্সুমে তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা আৰু সামাজিক মৰ্যাদা সকলো ধৰণে উন্নত কৰিব বিচাৰিছিল। "মোৰ মায়ে মোৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু শিক্ষা আমাৰ চৰ্তহীন সমৰ্থনৰ বাবে ই এক মুখ্য চালিকা শক্তি হৈ পৰিছিল।" তবস্সুমে দিল্লী বিশ্ববিদ্যালয়ৰ মাতা সুন্দৰী মহাবিদ্যালয়ৰ পৰা তেওঁৰ গ্ৰেড আৰু পোষ্ট গ্ৰেড সম্পূৰ্ণ কৰিছে আৰু পিছত নতুন দিল্লীৰ দক্ষিণ দিল্লী পলিটেকনিকৰ পৰা সাংবাদিকতা কৰিবলৈ বৃত্তি লাভ কৰিছিল। তবস্সুমে কয়, "সাংবাদিকতাই মোক সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। কিয়নো ই মোক বহু ওপৰলৈ উৰা মাৰিবলৈ সাহস দিছিল।"
তবস্সুমে হিন্দুস্তান টাইমছ বাতৰি কাকতৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। ব্যক্তিগত ক্ষেত্ৰত তবস্সুম  জেফিৰৰ দৰে ব্যক্তিৰ স্পৰ্শলৈ আহিছিল আৰু তেওঁ উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তবস্সুমৰ জীৱনৰ এই পথটো অতি প্ৰত্যাহ্বান মূলক আছিল।
 
তবস্সুমে হক তেওঁৰ এটা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ীৰ সৈতে
 
তবস্সুমে তেওঁৰ নিজৰ জীৱনৰ দায়িত্ব নিজে লোৱাৰ সিদ্ধান্ত লৈছিল আৰু মনত ৰাখিব পৰাকৈ গভীৰভাৱে নিজৰ বাবে স্থান সৃষ্টি কৰিছিল। ইফালে সুবোধ জৈন নামৰ এগৰাকী পৰিচিত সাংবাদিকে তেওঁৰ জীৱনত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকৰ মাজত এক মসৃণ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু আন্তঃধৰ্মীয় বিষয়ৰ দিশটো এনে এক বিষয় আছিল। যিটো বিশ্বৰ বাবে গ্ৰহণযোগ্য নাছিল। তবস্সুমে কয়, "সুবোধে মোৰ মা-দেউতাক বুজাবলৈ বহু চেষ্টা কৰিছিল। কিন্তু তেতিয়া সামাজিক চাপৰ বাবে তেওঁলোকে আমাক গ্ৰহণ কৰা নাছিল। আমি কেনেবাকৈ আমাৰ আদালতত হোৱা বিবাহ পাশত আৱদ্ধ হৈছিলোঁ আৰু যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁ...।"
 
তেওঁ কয় যে তেওঁৰ শহুৰেকে তেওঁক মুকলি মনেৰে গ্ৰহণ কৰিছিল। আনকি তেওঁলোকৰ বাবে বিবাহৰ এক বিশাল অভ্যৰ্থনাৰো আয়োজন কৰিছিল। পিছলৈ তেওঁ এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱাৰো সুখ লাভ কৰিছিল। এই সময়ত তাবসুমে তেওঁৰ চাকৰি এৰি দিছিল। কিয়নো তেতিয়া তেওঁ গৰ্ভধাৰণ এক জটিল প্ৰক্ৰিয়াত আছিল। 
 
তেওঁ কয়, "মই মোৰ ছোৱালীক এনে এটা অনুষ্ঠানলৈ লৈ গৈছিলো য'ত মই বহুতো সমস্যাৰ সন্মুখীন হৈছিলো। তাৰ পিছত মই মোৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলো।"
 
দক্ষিণ কোৰিয়াত অংশগ্ৰহণ কৰিব লগা চাৰিগ্জৰাকী বিজয়ী
 
"সুবোধে মোক সম্পূৰ্ণ সমৰ্থন কৰিছিল। মোক কেৱল আত্মবিশ্বাস প্ৰদান কৰাই নহয়, তেওঁ মোক আশ্বাসও দিছিল...।"  
তবস্সুমে ২০১৬ চনত তেওঁৰ কোম্পানী "পেৰিছা কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড" মুকলি কৰিছিল আৰু অনুষ্ঠানবোৰ আৰম্ভ কৰিছিল। তবস্সুমে  কয় যে, মূল ধাৰণাটো আছিল শিশুৰ অনুষ্ঠানবোৰ কৰা। কিন্তু তেওঁলোকৰ সৰু ল'ৰা-ছোৱালীৰ সৈতে যোৱা মাতৃসকলে তেওঁলোকৰ বাবেও অনুৰোধ কৰিছিল। "আপুনি দেখিছে, এই মাতৃসকল নৱাগত আছিল যদিও তেওঁলোকে তেওঁলোকৰ সম্ভাৱনাবোৰ গৱেষণা কৰিব বিচাৰিছিল। এনেদৰে মিছেছ দিল্লী এনচিআৰৰ ধাৰণাটো যোগাযোগ কৰা হৈছিল।" 
 
তবস্সুমে থাইলেণ্ডৰ আন্তৰ্জাতিক ফেশ্বন প্ৰতিযোগিতাৰ পৃষ্ঠপোষকসকলৰ সৈতে যোগাযোগ কৰিছিল। "থাইলেণ্ড আকৌ এবাৰ পাৱাৰ বুষ্টাৰ আছিল। মিছেছ দিল্লী-এনচিআৰৰ প্ৰথম ছিজনৰ প্ৰথম তিনিগৰাকী বিজয়ী, মই আৰু মোৰ স্বামী অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ গৈছিলো...।" তবস্সুম সম্পূৰ্ণ পেছাদাৰী হোৱাৰ বাবে তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাত কিছুমান ত্ৰুটি বিচাৰি পাইছিল আৰু নিজৰ লেবেলৰ অধীনত এখন আন্তৰ্জাতিক প্ৰতিযোগিতা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল।
 
"আমি থাইলেণ্ডত আমাৰ কোঠাত বহি আছিলো আৰু সুবোধ আৰু মই কথা পাতিবলৈ আৰম্ভ কৰিছিলো। আমি বিভিন্ন সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আমি সামাজিক মাধ্যমত আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰচাৰ আৰম্ভ কৰিছিলো।" 
 
তবস্সুমে হক (বাওঁফালৰ পৰা দ্বিতীয়) মিছেছ দক্ষিণ ভাৰতৰ বিজয়ীৰ সৈতে
 
তেওঁ লগতে কয়, "ভাৰতলৈ উভতি অহাৰ পিছত, আমি প্ৰতিযোগিতাখনৰ দ্বিতীয় ছিজনৰ বাবে আগবাঢ়িছিলো আৰু সেই বছৰৰ শেষৰ ফালে আমি আমাৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা কৰিছিলো...।"
তবস্সুমে ধৰ্মীয় বিশ্বাসৰ বিষয়ে কয়, "মই আল্লাক বিশ্বাস কৰোঁ। সৰ্বশক্তিমানৰ সৈতে মোৰ সম্পৰ্ক অতি ব্যক্তিগত। মই দিনত পাঁচবাৰ নামাজ আগবঢ়াব নোৱাৰো। কিন্তু মই দৈনিক ভিত্তিত আয়তালকুৰ্চি (ব্যক্তিৰ সুৰক্ষিত ৰখাৰ বাবে আৰবী ভাষাত এটা শ্লোক) আৰু চাৰ কুল (অশুভ আত্মাক দূৰত ৰাখিবলৈ আবৃত্তি কৰা চাৰিটা শ্লোক) পাঠ কৰোঁ...।" 
 
তবস্সুমে মানৱ সেৱাত বিশ্বাস কৰে আৰু ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ মন্ত্ৰ অনুসৰণ কৰে। তেওঁ কয়,  "আনৰ মতামত মোৰ বাবে কেতিয়াও গুৰুত্বপূৰ্ণ নহয়। মই নিজে নিজৰ বাবে এক সৰ্বোচ্চ শক্তিৰ আৰু সেয়াই মোৰ স্থিতি।"
 
এপ্ৰিলত তবস্সুমে ৰাড্ডিচন ব্লু, পশ্চিম বিহাৰত সৌন্দৰ্য প্ৰতিযোগিতাৰ ১৮ তম চিজন আয়োজন কৰিছিল। তেওঁ স্তনকৰ্কট ৰোগৰ বিষয়ে সজাগতাৰ বাবেও কাম কৰি আহিছে। তেওঁৰ অনুষ্ঠানবোৰ ধৰ্মশালা চিকিৎসালয়ৰ সহযোগত হয়। যত স্তন কৰ্কট ৰোগত আক্ৰান্ত মহিলাসকলৰ চিকিৎসা কৰা আগশাৰীৰ চিকিৎসালয় হয়। তেওঁৰ অনুষ্ঠানবোৰৰ অধিকাংশ স্ব-পুঁজিযুক্ত আৰু ইয়াৰ এটা অংশ কৰ্কট ৰোগীসকলৰ ওচৰলৈও যায়। ইনষ্টাগ্ৰামৰ তেওঁৰ কোম্পানীবোৰ হল "তাবসুম হক", "ডেজল ইভেণ্টছ"।
 
তেওঁ মহিলাসকলক সজোৱা আৰু তেওঁলোকৰ সফলতাৰ বাবে সাজু কৰাৰ উপৰিও তবস্সুমৰ বাবে এই পৃথিৱীখন ৰানৱে। 
 
তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাবোৰত সাধাৰণ ঘৰৰ গৃহনীসকলৰ ওচৰলৈ লৈ যোৱাৰ সপোন দেখিছে আৰু তেওঁলোকক ভিতৰৰ পৰা আত্মবিশ্বাসী কৰি তুলিব বিচাৰে। তেওঁ কয়,  "সকলোৱে এজন অভিযান্ত্ৰিক আৰু চিকিৎসক হোৱাটো প্ৰয়োজনীয় নহয়। কিয়নো সকলোৱে পৃথক হয়। যদি মহিলাসকলক তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় কৰা যায়, তেন্তে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ সক্ষম হব।"
 
তেওঁ মুখৰ কথা আৰু আভ্যন্তৰীণ বিপণনত বিশ্বাস কৰে, ফেচবুকৰ পৰা ইনষ্টাগ্ৰামলৈকে, মহিলাগৰাকী কাৰিকৰী নিক্ আৰু ছ'চিয়েল মিডিয়াৰ দক্ষতাত সম্পূৰ্ণৰূপে পৰিপূৰ্ণ।
 
তেওঁ কয়, "মোৰ বাবে জীৱনটোত সীমাবদ্ধ হৈ থকাটো বহুত কঠিন। ডাঙৰ সপোন দেখাটো মোৰ মূলমন্ত্ৰ আৰু সেইবোৰ আত্মাৰে লাভ কৰাটো মোৰ কৰ্তব্যৰ আহ্বান...।"