দুমাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন ৬৭,৮৬৩ পৰ্যটকৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
গুৱাহাটী 
 
২০২২-২৩ পর্যটন বৰ্ষৰ আৰম্ভণিৰ দুমাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ৬৭,৮৬৩ গৰাকী পৰ্যটকে। উল্লেখ্য যে যোৱা ২ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল।
 
ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে প্ৰকাশ কৰামতে যোৱা অক্টোবৰ মাহত জীপ ছাফাৰী মুকলি হোৱাৰ পাচত ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা পৰ্যটকৰ সংখ্যা আছিল ২৭,৩৯৩। 
আনহাতে নৱেম্বৰ মাহৰ ২ তাৰিখে কাজিৰঙা পৰ্যটনৰ আকৰ্ষণ হাতী ছাফাৰী মুকলি কৰা হয়। পুৱাৰ কুঁৱলী ফালি নৈসর্গত জীৱনৰ গান বিচাৰি কাজিৰঙাত উপস্থিত হয় সাত সাগৰ তেৰ নদী পাৰ হৈ অহা পর্যটক। 
নৱেম্বৰ মাহত কাজিৰঙাত ১,৩৪০ গৰাকী বিদেশী পর্যটকসহ মুঠ ৪০,৪৭০ গৰাকী পর্যটকে উদ্যান দর্শন কৰিছে। ইফালে অক্টোবৰ মাহত বিদেশী পৰ্যটকৰ সংখ্যা আছিল ২৭৮। 
 
ডিচেম্বৰ মাহত পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰি প্ৰাধিকাৰী গগৈয়ে কয় যে, কাজিৰঙাৰ পৰ্যটন নিবাসসমূহৰ ডিচেম্বৰ মাহৰ বাবে আগতীয়া বুকিং সম্পন্ন হৈছে। গতিকে উদ্যান দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধিৰ আশা কৰা হৈছে। আনহাতে কাজিৰঙা পৰ্যটনৰ সৈতে সংলগ্ন নদী পর্যটনত পৰ্যটকৰ উপস্থিতি আশা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই।