ৰানা ছিদ্দিকী জামান/নতুন দিল্লী
আনক সহায় কৰিবলৈ ধনৰ পাত্ৰ নালাগে। সদিচ্ছা থাকিলে আন উপায়েৰেও মানুহক সহায়ৰ হাত আগবঢ়াব পাৰি। নয়দাস্থিত ড০ ছাডাফ হামীদ নামৰ এগৰাকী মানৱদৰদী লোকে আনক সহায়ৰ বাবে এনে এক প্ৰকল্প মুকলি কৰিছে, য'ত সকলো বয়স আৰু উপাৰ্জনৰ লোকে বিপদত পৰা লোকসকলক সহায় কৰিব পাৰে।
'দ্য ১০০ ৰুপী প্ৰজেক্ট'('The 100 Rupee Project') নামৰ এই প্ৰকল্পটো হৈছে মনোবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰা ছাডাফ হামীদৰ উদ্ভাৱন। ইয়াত সকলোৱে প্ৰতি মাহে মাত্ৰ ১০০ টকা অৰিহণা যোগাই আনক সহায় কৰিব পাৰে। এইদৰে সংগৃহীত পুঁজিৰে তেওঁলোকে এনে লোকক সহায় কৰে, যিয়ে ৰেচন ক্ৰয় কৰিবলৈ, বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তি বা টিউচন মাচুল পৰিশোধ কৰিবলৈ বা ঔষধ কিনিবলৈ অভাৱত ভুগে।
হামীদে শিক্ষা, স্বাস্থ্য আৰু জীৱিকাৰ ক্ষেত্ৰত মানুহক সহায় কৰিবলৈ ২০১৯ চনত এই প্ৰকল্পটো আৰম্ভ কৰিছিল। প্ৰকল্পটোৰ জৰিয়তে তেওঁ সমাজৰ বাবে কিবা এটা পৃথক কাম কৰিব বিচাৰিছিল। ২০০৪ চনত আইতাকৰ মৃত্যু হোৱাৰ সময়ত আনক সহায় কৰাৰ আকাংক্ষা তেওঁৰ মনত উদ্ভৱ হৈছিল। কিন্তু কেনেদৰে প্ৰকল্পটো আৰম্ভ কৰিব লাগে, সেই বিষয়ে কোনো জ্ঞান নাছিল।
২০১৮ চনত যেতিয়া তেওঁৰ মাতৃ অগ্ন্যাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে, তেতিয়া তেওঁ এজন বন্ধু ছাফিয়া চৌধুৰীৰ সহায়ত ইয়াক আৰম্ভ কৰে। হামীদৰ মাতৃ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ৰ ৰোগ বিজ্ঞানৰ অধ্যাপক ড. ফিৰোজা হামিদ এগৰাকী শক্তিশালী মহিলা আছিল যিয়ে তেওঁৰ স্বামী ডাঃ চামি হামিদৰ মৃত্যুৰ পিছত তেওঁৰ চাৰিটা সন্তানক এককভাৱে ডাঙৰ-দীঘল কৰিছিল। তেওঁ পেথলজী বিভাগৰ প্ৰতিষ্ঠাপক আৰু জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ডিন আছিল।
মনকৰিবলগীয়া যে, ২০১৯ত প্ৰকল্পটো মুকলি কৰাৰ কিছুদিনৰ পিছতে তেওঁলোকে মহামাৰী ক'ভিড-১৯ৰ পৰা তীব্ৰ প্ৰত্যাহ্বান লাভ কৰে। সেই সময়ত তেওঁ প্ৰকল্পটো মানুহৰ ওচৰলৈ লৈ যোৱাত বাধাৰ সন্মুখীন হৈছিল। ছাডাফ আৰু তেওঁৰ স্বামী আকিফ খানকে ধৰি তেওঁৰ স্বেচ্ছাসেৱকৰ দলে দিল্লী/এনচিআৰ আৰু গাওঁবোৰত মহামাৰী-পীড়িত অঞ্চলত কাম কৰি থকা কিছুমান বেচৰকাৰী সংগঠনৰ সৈতে সহযোগিতা কৰিছিল।
আৰম্ভণিতে মহামাৰীৰ সংকটৰ বাবে আৰু আন বহুতো কাৰণৰ বাবে মানুহে এটা টকাও দান হিচাপে দিব বিচৰা নাছিল। তেওঁ এএমইউ ওল্ড বয়জ এণ্ড গাৰ্লছ এছ'চিয়েশ্যনৰ ওচৰলৈ গৈছিল আৰু ই শব্দটো প্ৰচাৰ কৰাত সহায় কৰিছিল। লাহে লাহে আনসকলে যোগদান কৰিলে আৰু আনন্দৰে ১০০ টকা দান কৰিবলৈ সাজু হয়।
এতিয়ালৈকে ১০০ ৰুপে প্ৰজেক্টটো প্ৰাৰম্ভিক পৰ্যায়ত আছে। ইয়াৰ ৯জন স্বেচ্ছাসেৱক ডুবাই আৰু ফ্ৰেংকফুর্টত বিয়পি আছে; স্থানীয় স্বেচ্ছাসেৱকসকলে সামাজিক মাধ্যম আৰু বিজ্ঞাপন পৰিচালনা কৰি সহায় কৰি আছে। এইদৰে, প্ৰকল্পটোৱে এতিয়ালৈকে প্ৰায় ৪,০০০ লোকক সহায়ৰ হাত আগবঢ়াইছে।