ৰিক্সা চালকৰ পৰা মুখ্যমন্ত্ৰীলৈ...একনাথ সিন্দেৰ নাটকীয় উত্থান

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰিক্সা চালকৰ পৰা মুখ্যমন্ত্ৰীলৈ...একনাথ সিন্দেৰ নাটকীয় উত্থান
ৰিক্সা চালকৰ পৰা মুখ্যমন্ত্ৰীলৈ...একনাথ সিন্দেৰ নাটকীয় উত্থান
মুম্বাই
 
কেইটামান দশক পূৰ্বে যেতিয়া একনাথ সম্ভাজী সিন্দেই অটোৰিক্সা চলাই পেট প্ৰৱৰ্তন কৰিছিল, তেতিয়া হয়তো কোনেও সপোনতো কল্পনা কৰা নাছিল যে এদিন তেওঁ ৰাজ্যৰ ৰাজনীতিৰ গতিপথ সলনি কৰি মহাৰাষ্ট্ৰৰ ২০সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
 
যোৱা ২০ জুনত তেওঁৰ দ্বাৰা মাষ্টাৰমাইণ্ড কৰা এক অভূতপূৰ্ব ৰাজনৈতিক সমীকৰণৰ পিছত মাত্ৰ ১০ দিনৰ ভিতৰত সিন্দেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। মহাৰাষ্ট্ৰৰ শক্তিশালী নেতা উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি প্ৰথমে গুজৰাটৰ ছুৰাট আৰু তাৰ পিছত অসমৰ গুৱাহাটী আৰু গোৱাত প্ৰায় ৫০ জন বিধায়কৰ সৈতে বাহৰ পাতি থকা সিন্দেই দেশৰ ৰাজনৈতিক বিশ্লেষকক আঁচৰিত কৰি যোৱা নিশা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 
বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে পুনৰ মহাৰাষ্ট্ৰৰ শাসনলৈ উভতিব বুলি সকলোৱে ধাৰণা কৰিছিল, যদিও শেষ মুহূৰ্তত বিজেপিয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰি শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। 
দেশবাসীক আশ্বৰ্যচকিত কৰি মু্খ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা সিন্দেৰ ৩৭ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰ নানা উত্থান-পতনেৰে ভৰপূৰ। থানে শিৱসেনাৰ মুৰব্বী ফায়াৰব্ৰেণ্ড আনন্দ দীঘেৰ তত্ত্বাৱধানত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি তেওঁ এটা সময়ত শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাছাহেব ঠাকৰেৰ আস্থাভাজন হৈ পৰিছিল। পিছলৈ সিন্দে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰো একান্ত বিশ্বাসী ব্যক্তি হিচাপে চিহ্নিত হৈছিল।
 
কমকৈ কথা কোৱা মৃদু স্বভাৱৰ মাৰাঠা নেতা হিচাপে পৰিচিত একনাথ সিন্দে বিশৰ দশকৰ আৰম্ভণিতে ছাটাৰাৰ মহাবলেশ্বৰৰ ওচৰৰ নিজৰ জন্মস্থান আহিৰ গাঁৱৰ পৰা থানে চহৰলৈ স্থানান্তৰিত হৈছিল। পিছলৈ তেওঁ এজন ক্ষীপ্ৰ চিন্তাশীল আৰু তৎক্ষণাত সিদ্ধান্ত ল'ব পৰা ব্যক্তি ৰূপে পৰিচয় লাভ কৰে। 
 
সিন্দেই জীৱনৰ আৰম্ভণি সময়ছোৱা যথেষ্ট সংগ্ৰামৰ মাজেৰে পাৰ হ'বলগীয়া হৈছিল। পৰিয়াল পোহপাল দিবলৈ তেওঁ আনকি অটো ৰিক্সা, টেম্পো আৰু আন বাহন চলাইছিল। ইয়াৰ মাজতে তেওঁ স্থানীয় মহাবিদ্যালয় এখনত নামভৰ্তি কৰি স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।  
 
 
শপত গ্ৰহণত সময়ত ৰাজ্যপালৰ সৈতে মুখ্যমন্ত্ৰী একনাথ সিন্দে, বৃহস্পতিবাৰে নিশা 
 
১৯৮৬ চনত ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি তেওঁ ভৱিষ্যতৰ গুৰু দিঘেৰ সংস্পৰ্শলৈ আহি শিৱসেনাত পূৰ্ণকালীনভাৱে যোগদান কৰাৰ সিদ্ধান্ত লয়, আৰু দলটোৱে তেওঁক থানে পৌৰ নিগম (টিএমচি)ৰ নিৰ্বাচনত টিকট দি পুৰস্কৃত কৰে। টি এম টিত তেওঁ দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হয়। 
 
আজিৰ পৰা প্ৰায় দুই দশক পূৰ্বে একনাথ সিন্দেৰ জীৱনলৈ নামি আহিছিল এক ভয়ংকৰ কাল ধুমুহা। ২০০০ চনৰ জুন মাহত জন্মভূমি গাঁৱৰ ওচৰৰ এটা হ্ৰদত সংঘটিত এক নাওঁ দূৰ্ঘটনাই তেওঁৰ দুই নাবালক সন্তানৰ প্ৰাণ কাঢ়ি নিয়ে। সেই সময়ত তেওঁৰ পুত্ৰ দুজনৰ বয়স আছিল ক্ৰমে ১১ আৰু ৭ বছৰ। 
এই পাৰিবাৰিক ট্ৰেজেডীৰ পৰা সিন্দেক উদ্ধাৰ কৰিবলৈ ৰাজনৈতিক গুৰু দীঘেই তেওঁৰ ওপৰত অধিক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত ২০০১ চনত দীঘেৰ মৃত্যু হোৱাত তেওঁ শিৱসেনাৰ মূৰব্বী আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ ঘনিষ্ঠ হৈ পৰে।
একনাথ সিন্দেৰ দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসেনাই তেওঁক থানেৰ পৰা বিধায়কৰ টিকট প্ৰদান কৰে আৰু দলৰ আস্থা পূৰণ কৰি তেওঁ ২০০৯, ২০১৪ আৰু ২০১৯ চনত ক্ৰমাগত তৃতীয়বাৰৰ বাবে জয় সাব্যস্ত কৰে। 
 
২০১৯ চনৰ নিৰ্বাচনৰ পিছত তেওঁক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শিৱসেনাই প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও বিজেপিৰ সৈতে তিক্ত সম্পৰ্কৰ পিছত শিৱসেনাই এন চি পি আৰু কংগ্ৰেছৰ সৈতে মিলি মহা বিকাশ আঘাদী চৰকাৰ গঠন কৰে।
 
 
শপত গ্ৰহণৰ পিছত শিৱাজী মহাৰাজক শ্ৰদ্ধাঞ্জলি অৰ্পন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ
 
এই মিত্ৰজোটৰ চৰকাৰৰ অন্যতম অংশীদাৰ এনচিপিৰ সভাপতি শাৰদ পাৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ বাঘজৰী উদ্ধৱ থাকৰেৰ হাতত অৰ্পন কৰিব বিচাৰে আৰু একনাথ সিন্দেক শিৱসেনাৰ দ্বিতীয় শাৰীৰ নেতা হিচাপে গণ্য কৰে।
 
এন চি পি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাত অসন্তুষ্ট হৈ শিৱসেনাৰ একাংশ বিধায়কে ইয়াৰ পিছৰে পৰা সিন্দেৰ নেতৃত্বত উদ্ধৱ থাকৰে চৰকাৰৰ প্ৰতি বিষোদগাৰ আৰম্ভ কৰিছিল।
প্ৰায় দুবছৰ সহ্য কৰাৰ পিছত এই বিদ্ৰোহ অৱশেষত যোৱা ২০ জুনত বিস্ফোৰিত হয় আৰু একনাথ সিন্দেৰ নেতৃত্বত প্ৰায় ৪০ গৰাকী বিধায়কে মুকলিকৈ বিদ্ৰোহ কৰি গুজৰাটৰ এখন বিলাসী হোটেলত বাহৰ পাতে। ইয়াৰ পিছত তেওঁলোকে ক্ৰমে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেত প্ৰায় এসপ্তাহ বাহৰ পাতি থাকি মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ কুজকাৱাজ চলাই যায়। 
পাৰিবাৰিক জীৱন আৰু ৰাজনৈতিক জীৱনত বহু ঘাট-প্ৰতিঘাট নেওচি অৱশেষত বৃহস্পতিবাৰে নিশা ৫৮ বছৰীয়া সিন্দেই মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।