বানে উটুৱাই নিয়া এখন গাঁওৰ কৰুণগাঁথা

Story by  atv | Posted by  [email protected] • 1 Years ago
বগৰিবাৰীৰ মথাউৰি ছিঙা ঠাইখিনি
বগৰিবাৰীৰ মথাউৰি ছিঙা ঠাইখিনি
আৰিফুল ইছলাম/ গুৱাহাটী
 
‘কেওঁফালে গুজৰি-গুমৰি আহিলে বান। উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উটি গ’ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল’।–অসমৰ বানপীড়িত অঞ্চলসমূহত জুবিন গাৰ্গৰ এই জনপ্ৰিয় গানটো আখৰে আখৰে প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে। 
 
বিশেষকৈ মথাউৰিৰ কাষত বাস কৰা অঞ্চলসমূহৰ ৰাইজক শেহতীয়া বানপানীয়ে পলকতে কঙাল কৰি পেলাইছে। জীৱনজোৰা সাধনা আৰু বহু কষ্টৰে গঢ় দিয়া হেপাঁহৰ ঘৰখন এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে। চকুৰ সন্মুখত ধ্বংসলীলা দেখিও যেন অসহায় তেওঁলোক।
 
বালিয়ে পুতি পেলোৱা এটা পকী ঘৰৰ মজিয়া
 
নামনি অসমত শেহতীয়াকৈ সৃষ্টি হোৱা প্ৰলয়ংকৰী বানপানীৰ প্ৰকোপ এতিয়া কমিছে যদিও নৈ পৰীয়া লোকসকলৰ দূৰ্দশাৰ এতিয়াও অন্ত পৰা নাই। নামনি অসমৰ ৰঙিয়া, তামুলপুৰ, ডিমু, হাজো, ধুহি আদি অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা মুখ্য নদীখন হৈছে পুঠিমাৰী। 
 

বাঢ়নি পানীয়ে পুঠিমাৰী নদীৰ মথাউৰি মুঠ ৪ ঠাইত ছিঙাত এইবাৰ ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত জলপ্ৰলয়ৰ সৃষ্টি কৰে। মথাউৰি ছিঙি ভয়াবহ পৰিস্থিতিৰ সূচনা কৰা ৪ টা ঠাইৰ ভিতৰত অন্যতম আছিল তামূলপুৰ জিলা আৰু ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বগৰিবাৰী। বগৰিবাৰীত মথাউৰিটোৰ প্ৰায় ৩০০ মিটাৰ ঠাই ছিঙি যায় আৰু ইয়াৰ ওচৰৰ প্ৰায় ১০ টা ঘৰ পানীৰ প্ৰচণ্ড ঢৌত উটি যায়। একেদৰে, নদীৰ পানীয়ে কঢ়িয়াই অনা বালি আৰু বোকাই অঞ্চলটোৰ বহু ঘৰ পুতি পেলাইছে। 
 
উল্লেখ্য যে, চলিত বৰ্ষত বৰষুণৰ মাত্ৰা যথেষ্ট বৃদ্ধি হোৱাৰ ফলত খাল-বিল পথাৰ পানীৰে উপচি পৰিছিল। সেই সময়তে পুঠিমাৰী নদীৰ মথাউৰি ছিঙাৰ ফলত ৰঙিয়া অঞ্চলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই বানত বহু লোক সৰ্বহাৰা হোৱাৰ লগতে কেইগৰাকীও লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।
‘আৱাজ দ্যা ভইছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বানবিধ্বস্ত এগৰাকী নৈ পৰীয়া লোকে কয়; "বাৰে বাৰে কৈ থকাৰ পিছতো চৰকাৰে আমাৰ কথা নুশুনে। মথাউৰি মেৰামতিৰ নামত ঠিকাদাৰ সকলে দুৰ্নীতি কৰি গুচি যায়। আজি আমাৰ যি অৱস্থা হৈছে, সেয়া আমিহে বুজিছো। তেওঁলোকৰতো একো হোৱা নাই। আমিহে যন্ত্ৰনাত ভুগিছোঁ। মোৰ ঘৰখন সম্পূৰ্ণ ধ্বংস। তিনিটা ঘৰ ভাঙি গৈছে। মাত্ৰ এটা পকী ঘৰ আছে তাতেও এক আঁঠু পৰ্যন্ত মাটিয়ে পুতি পেলাইছে। গছ-গছনি, খেতি-বাতি সকলো ধ্বংস হৈছে। ঠিকাদাৰৰ খবৰে নাই। কাম চাবলৈও নাহে। এতিয়া মথাউৰিটো ঢিলা হৈ থাকে। আগতে ছলেমান নামৰ এগৰাকী মহৰী আছিল। তেওঁ থাকোতে মথাউৰিটো মজবুত হৈ আছিল। কামবোৰ ভালদৰে চাইছিল আৰু মথাউৰিৰ কামো ভালদৰে হৈছিল। কিন্তু এতিয়া চাৰিওফালে দুৰ্নীতি। তেওঁৰ তত্বাৱধানত আমিও কাম কৰিছিলোঁ। পইচাও দিছিল। এতিয়া জীৱন বচাবলৈ আমি নিজেই মাটিৰ বস্তা মথাউৰিত দি আছোঁ, কিন্তু পইচা নিদিয়ে।"
 
মথাউৰিৰ ওপৰৰ অস্থায়ী শিবিৰসমূহ
 
পানী কমাৰ প্ৰায় এসপ্তাহ হোৱাৰ পিছতো বগৰিবাৰীৰ নৈ পৰীয়া লোকসকল এতিয়াও মথাউৰিৰ ওপৰত অস্থায়ী আশ্ৰয় শিবিৰত দিন পাৰ কৰিবলগীয়া হৈছে। বহু যন্ত্ৰণাৰ মাজেৰে তেওঁলোকৰ সময় পাৰ কৰিবলগীয়া হৈছে। নাই বিদ্যুত সংযোগ, নাই খোৱাপানী, নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী। বিভিন্ন ৰোগে আগুৰি ধৰিছে নৈ পৰীয়া এইসকলক লোকক। তাৰোপৰি, গা-ধোৱা আৰু শৌচ-পেচাব কৰিবলৈও উপযুক্ত স্থানৰ অভাৱ তেওঁলোকৰ। পশুধনক পোহপাল দিয়াতো তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হৈছে। মথাউৰিটো ভাঙি থকাৰ ফলত নিজৰ ঘৰলৈ উভতিবলৈ এতিয়াও আতংকিত হৈ আছে এইসকল গাওঁবাসী। সাধাৰণ জীৱন যাপন কৰিবলৈও শংকাবোধ কৰিছে তেওঁলোকে। কাৰণ, বৰষুণ আহিলেই নদীৰ পানীয়ে পুনৰ তেওঁলোকৰ ভেঁটি ডুবাব। গতিকে ঘৰলৈ কেতিয়ালৈ উভতিব পাৰিব, তাৰ কোনো নিশ্চয়তা নাই।
 
আন এগৰাকী নৈ পৰীয়া লোকে কয়; " ৰাতি প্ৰায় ২ টা মান বজাত মথাউৰিটো ছিঙি যায়। আমি মানুহ কেইটা কোনোমতে ৰক্ষা পৰিছোঁ। আমাৰ ঘৰৰ সকলো সা-সামগ্ৰী বানত উটি যায়। লগতে ঘৰ দুৱাৰ সকলো পুতি থৈ যায়। বহু দিন ধৰি আমি খুৱাপানী পোৱা নাই। বৰষুণৰ পানীৰে গা ধুইছোঁ, বৰষুণৰ পানীৰে ভাত বনাইছোঁ। আমাৰ লৰা-ছোৱালীৰ পঢ়া-শুনা স্তব্ধ হৈ পৰিছে। চাৰিওফালৰ পৰা আমি দুৰ্ভোগৰ সন্মুখীন হৈছো, কিন্তু ইয়াৰ কোনো স্থায়ী সমাধান নাই। ধূলাবাৰীৰ পৰা কেলেং চক পৰ্যন্ত মথাউৰি মেৰামতিৰ নামত প্ৰায় ১১ কোটি টকা আহিছিল। কিন্তু, কেইটকাৰ মাটি পৰিল বা কিমান  উন্নত হ'ল মথাউৰি, পূৰ্বতকৈ এইবাৰ বেছি ডাঙৰ বানপানীহে হ'ল।"
 
বানে বিধ্বস্ত কৰা এটা পকী ঘৰ আৰু শৌচাগাৰ
 
উল্লেখযোগ্য যে, ৰঙিয়াৰ নিকটৱৰ্তী বগৰিবাৰীৰ এই অঞ্চলসমূহৰ লোকসকল প্ৰতি বছৰে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে। বাৰিষা কালত সকলো সময়তে এই লোকসকলে শংকাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। প্ৰতি বছৰে বানপানীয়ে গাওঁবাসীৰ বিস্তৰ ক্ষতি সাধন কৰে। কেতিয়া এই সমস্যাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব, তাৰ কোনো নিশ্চয়তা নাই।