বিশ্বকাপত মেছি মেজিক; কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছৰে যুঁজিব আৰ্জেণ্টিনাই

Story by  atv | Posted by  [email protected] • 1 Years ago
বিশ্বকাপত মেছি মেজিক
বিশ্বকাপত মেছি মেজিক
কাটাৰ

আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিয়নেল মেছিয়ে শনিবাৰে নিশা কেৰিয়াৰৰ ১০০০সংখ্যক পেছাদাৰী ফুটবল মেচ খেলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চমকপ্ৰদ গ'লেৰে তেওঁ এই দিনটোক স্মৰণীয় কৰি তুলে। প্ৰথমাৰ্ধত পোৱা সামান্য সুযোগৰ সদব্যৱহাৰ কৰি মেছিয়ে তিনিজন অষ্ট্ৰেলিয়ান ডিফেণ্ডাৰৰ ভৰিৰ তলৰে বল নেটলৈ মাৰি পঠিয়াই।
 
একেদিনাই মেছিয়ে আৰু দুটা ব্যক্তিগত নজিৰ স্থাপন কৰিবলৈ সক্ষম হয়। বিশ্বকাপত সৰ্বাধিক গ’ল দিয়াৰ ক্ষেত্ৰত তেওঁ ডিয়েগো মাৰাডোনাক চেৰ পেলায়।
মেছিয়ে বিশ্বকাপৰ ২৩খন খেলত ৯টা গ’ল দিয়ে। বিশ্বকাপত মাৰাডোনাৰ গ'লৰ সংখ্যা আছিল ৮টা। মেছিৰ সন্মুখত এইবাৰ কেৱল গেব্ৰিয়েল বাটিষ্টুটা (১০)আছে। ইয়াৰ উপৰিও মেছিয়ে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰথমটো গ’ল দিয়ে। ইয়াৰ পূৰ্বে তেওঁ গ্ৰুপ মেচত ৮টা গ’ল দিছিল। এইবাৰ তেওঁ গ্ৰুপ মেচত দুটা গ’ল কৰিবলৈ সক্ষম হৈছে। 
উল্লেখ্য যে, ১৮ বছৰ ৪৮ দিন পূৰ্বে মেছিয়ে বাৰ্চিলোনাৰ হৈ পেছাদাৰী ফুটবল কেৰিয়াৰৰ প্ৰথমখন মেচ খেলিছিল। ২০০৫ চনত হাংগেৰীৰ বিৰুদ্ধে দেশৰ হৈ তেওঁ অভিষেক ঘটায়। মেছিয়ে নিজৰ ১০০০সংখ্যক মেচ খেলি এতিয়ালৈকে ৭৮৯টা গ’ল দিছে। ইয়াৰ ভিতৰত বাৰ্চিলোনাৰ হৈ ৭৭৮খন মেচত ৬৭২টা, আৰ্জেণ্টিনাৰ হৈ ১৬৯খন খেলত ৯৪টা আৰু পেৰিছ ছেইণ্ট জাৰ্মেইনৰ হৈ ৫৩খন মেচত ২৩টা গ’ল দিছে।
ইফালে, মেছি আৰু জুলিয়ান আলভাৰেজৰ গ'লৰ সহায়ত আৰ্জেণ্টিনাই অষ্ট্ৰেলিয়াক ২-১ গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে। যোৱা নিশা অনুষ্ঠিত আন এখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মেচত নেডাৰলেণ্ডছে আমেৰিকাক ৩-১ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। মেম্ফিছ ডেপে, ডেল ব্লাইণ্ড আৰু ডেনজেল ​​ডামফ্ৰিছে নেডাৰলেণ্ডছৰ হৈ গ’ল দিয়ে। আমেৰিকাৰ হৈ একমাত্ৰ গ’লটো দিয়ে হাজী ৰাইটে। কোৱাৰ্টাৰ ফাইনেলত দলটোৱে আৰ্জেণ্টিনাৰ মুখামুখি হ'ব।