ঈদৰ পূৰ্বে কুৰবাণীক লৈ দোমোজাত মুছলমান সমাজ

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ঈদৰ সমূহীয়া নামাজৰ প্ৰতিনিধিত্বমুলক ফটো
ঈদৰ সমূহীয়া নামাজৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
ঈদ-উজ জোহাৰ বা বকৰি ঈদ সমাগত। ইছলামিক কেলেণ্ডাৰৰ অন্তিমটো মাহ মুছলিম বিশ্বৰ বাবে অতিকৈ তাৎপর্যপূর্ণ। এই মাহত পবিত্র হজ সমাপন কৰিবলৈ সামর্থ্যবান মুছলমান লোকসকলে মক্কা-মদীনালৈ যাত্ৰা কৰে।  
 
হজৰ শেষ পৰ্যায়ত হাজীসকল আৰফাৰ ময়দানত সমবেত হয় আৰু আৰফাৰ পিছদিনা ত্যাগৰ প্রতীক কুৰবাণী আদায় কৰে। পশু জবেহৰ জৰিয়তে কুৰবাণী পৰ্বটো হজযাত্ৰীৰ লগতে সমগ্ৰ বিশ্বৰ মুছলমান লোকে পালন কৰে।
 
সম্প্ৰতি ৰাজ্যত কুৰবাণীক লৈ মুছলমান সমাজ দোমোজাত পৰাৰ সময়তে অধিবক্তা শ্বেইখ শ্বাহনাৱাজ মহম্মদে ছ'চিয়েল মিডিয়াত এক ভিডিঅ' শ্বেয়াৰ কৰিছে।  
 

আনহাতে, এই ধৰ্মীয় অনুষ্ঠানৰ পূৰ্বে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে অসমৰ ইছলামধৰ্মী লোকসকলৰ প্ৰতি এক বিশেষ আহ্বান জনাইছে। শুকুৰবাৰে প্ৰকাশ কৰা বিবৃতিত আজমলে কয়, "কুৰবাণী সামর্থ্যবান মুছলমানৰ বাবে অৱশ্য পালনীয় কৰ্তব্য আৰু এই কুৰবাণীৰ বাবে উট, ছাগলী, গৰু, ম'হ, ভেড়া আদি জন্তু ব্যৱহাৰ কৰাৰ নিয়ম আছে। কিন্তু, ভাৰত যিহেতু বিভিন্ন জাতি, ধৰ্মৰ লোকেৰে ভৰা এখন দেশ আৰু ইয়াৰ অধিকাংশ লোক সনাতন ধর্মাৱলম্বী। সনাতন ধৰ্মত গৰু এবিধ পূজনীয় জন্তু। গাই গৰুক এই দেশৰ অধিক সংখ্যক লোকে মাতৃ-সম জ্ঞান কৰে।"
তেওঁ লগতে কয়, "২০০৮ চনত ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দে বকৰি ঈদৰ কুৰবাণী পৰ্বত পাৰ্যমানে গৰু ব্যৱহাৰ নকৰাৰ বাবে আবেদন জনাইছিল। সেই আবেদনত কোৱা হৈছিল যে, যিহেতু কৰবাণী গৰুৰে কৰিবই লাগিব বুলি কোনো বাধ্যবাধকতা নাই আৰু যিহেতু গৰুৰ সৈতে এই দেশৰ সংখ্যাগুৰু মানুহৰ ধৰ্মীয় আবেগ জড়িত, সেয়ে কুৰবাণীত বিকল্প জন্তু ব্যৱহাৰ কৰাটো আদৰণীয় কথা হ’ব।"
সেয়ে,সমাগত ঈদত যি জন্তু ব্যৱহাৰ কৰিলে আমাৰ পবিত্র ধর্মীয় কৰ্তব্য আদায় হয় আৰু কাৰো অনুভুতিত আঘাত নপৰে,তেনে জন্তু ব্যৱহাৰ কৰিবলৈ বদৰুদ্দিন আজমলে ইছলামধৰ্মী ৰাইজক সবিনয়ে অনুৰোধ জনাইছে। 
 
ছাগলী বজাৰৰ প্ৰতিনিধিত্বমুলক ফটো
 
উল্লেখ্য যে, অহা ১০ জুলাই দেওবাৰে সমগ্র ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হব ঈদ-উজ জোহা। শুকুৰবাৰে এক বিবৃতিৰ জৰিয়তে কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে এই কথা ঘোষণা কৰিছে। কেন্দ্রীয় হিলাল কমিটীৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনাইছে।