অসমৰ সাম্প্ৰতিক পৰিস্থিতিত মৌলবাদ প্ৰতিৰোধৰ কৌশল

Story by  atv | Posted by  [email protected] • 1 Years ago
মৌলবাদী সংগঠনৰ এক প্ৰতিনিধিত্বমূলক ফটো
মৌলবাদী সংগঠনৰ এক প্ৰতিনিধিত্বমূলক ফটো
 পল্লব ভট্টাচাৰ্য্য

“অসমত যোৱা ২৪ ঘণ্টাত ১৫জন সন্দেহযুক্ত জেহাদীক আটক কৰা হৈছে। ইয়াৰে ৭জনক বৰপেটাত, ৮জনক মৰিগাঁৱত আটক কৰা হৈছে।”-২০২২ চনৰ ২৮ জুলাইত এটা নিউজ চেনেলৰ এয়া আছিল মুখ্য বাতৰি।
 
“অসমত আটক হোৱা ১০ জন আল কায়দাৰ সদস্যৰ মাজত মাদ্ৰাছাৰ শিক্ষক”। ২৯-০৭-২২ তাৰিখৰ এখন বাতৰি কাকতৰ শিৰোনাম আছিল এইধৰণৰ। 
 
“ভ্ৰাতৃত্ববোধ অক্ষুন্ন ৰাখিবলৈ কোৰআন শ্বৰীফ পঢ়ক: জেহাদীৰ প্ৰতি আকৰ্ষিত যুৱক-যুৱতীলৈ অসমৰ ডিজিপিৰ আহ্বান”। একেটা দিনতে প্ৰকাশ পোৱা আন এক সংবাদ সংস্থাৰ শিৰোনাম।
 
অসমৰ ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা উপৰোক্ত ঘটনাসমূহে ৰাজ্যৰ সাম্প্ৰতিক অৱস্থাৰ ইংগিত বহন কৰে।
 
অসমত প্ৰতি দহজন ব্যক্তিৰ বিপৰীতে চাৰিজন মুছলমান ব্যক্তি আছে। এই পৰিসংখ্যাই অসমত মুছলিম সম্প্ৰদায়ৰ গুৰুত্বক প্ৰমাণ কৰে, যাৰ অস্তিত্বক স্পষ্টভাৱে কোনেও আওকাণ কৰিব নোৱাৰে। তেওঁ দৰকাৰে হ’লে এজন ৰাজনৈতিক নেতাই হওক বা অসমীয়া সমাজৰ সদস্যই হওক।
 
শেহতীয়াকৈ জেহাদী সন্দেহত গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত তিনিজন
 
যদি আমি অসমৰ ৰাজনৈতিক ইতিহাস চাওঁ, দেখিবলৈ পাও যে ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মজিদ ভাঙি পেলোৱাৰ পাছত অসমৰ পৰা অহা মুছলমান যুৱক-যুৱতীসকলে নিজৰ সম্প্ৰদায়ক ৰক্ষা কৰাৰ বাবে ভুল এক বাসনা লৈ উগ্ৰপন্থী হৈ যুদ্ধৰ প্ৰশিক্ষণ ল’বলৈ বাংলাদেশ আৰু অন্যান্য দেশলৈ যাবলৈ আৰম্ভ কৰিছিল। ১৯৯৩ চনত মণিপুৰত হোৱা মেইটেই-মুছলমান সংঘাতৰ ফলত পিপলছ ইউনাইতেড লিবাৰেচন ফ্ৰণ্টৰ দৰে উগ্ৰপন্থী মুছলমান সংগঠন গঠন হয়।ইয়াক  পি ইউ এল এফ নামেৰে অধিক জনা যায়। ১৯৯২ৰ পৰা ১৯৯৫ চনত বাংলাদেশৰ সীমান্তবৰ্তী কৰিমগঞ্জ জিলাত আৰক্ষী অধীক্ষক থকা কালছোৱাত ইয়াৰ প্ৰমান নিজেই উপলদ্ধি কৰিছিলো। নব্বৈৰ দশকত বিশ্বায়ন আৰম্ভ হোৱাৰ লগে লগে বিদেশী মৌলবাদী চিন্তাই উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বিশেষকৈ অসমত প্ৰৱেশ আৰম্ভ কৰিছিল।
 
মই এজন ডেকা ল’ৰা হিচাপে (ষাঠি আৰু সত্তৰৰ দশকত) উজনি অসমৰ দুলীয়াজানত ডাঙৰ দীঘল হৈছিলো। তাত আমি কেতিয়াও ইমান উত্তেজিত আৰু মেৰুকৃত পৰিৱেশ দেখা নাছিলো। আচলতে আমি শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকিৰৰ সমন্বয়মুখী অসমীয়া সংস্কৃতিৰ কথা কৈ গৌৰৱ অনুভৱ কৰিছিলোঁ।
 
শেহতীয়াকৈ এখন মাদ্ৰাছাত জেহাদী গ্ৰেপ্তাৰ হোৱা আৰু জেহাদীৰ বিৰুদ্ধে চলা অভিযানে সামাজিক আৰু ছপা মাধ্যমত অসমৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সম্ভাৱ্য বিপদ সম্পৰ্কে জল্পনা-কল্পনাৰ বাট মুকলি কৰি দিছে। ১৯৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ বোমা বিস্ফোৰণ, ৯/১১ আক্ৰমণ, ২০০২ৰ বালি বোমা বিস্ফোৰণ আদিত অল-কায়েদা সন্ত্ৰাসবাদী জড়িত হোৱাটোৱে এই সকলো অঞ্চলত ইয়াৰ উপস্থিতি সূচায় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক "সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ" আৰম্ভ কৰিবলৈ প্ৰেৰিত কৰে। অৱশ্যে, সংগঠনটোৰ ওচৰৰ সহযোগীসকল সাধাৰণতে বিশ্বৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ ভাৰতত স্লিপাৰ চেল অৱস্থাত আছে। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত গঠন হোৱাৰ সময়ত ভাৰতীয় উপমহাদেশৰ আল কায়দা (একিউআইএছ)য়ে গুজৰাট আৰু জম্মু-কাশ্মীৰৰ লগতে অসমক জেহাদৰ লক্ষ্য কৰি লৈছে।
 
সাধাৰণ মাদ্ৰাছা এখনৰ শ্ৰেণীকোঠাৰ দৃশ্য
 
ইছলামিক মৌলবাদীক গ্ৰেপ্তাৰ কৰাটো অৱশ্যে অসমত নতুন পৰিঘটনা নহয়। ২০১৪ চনৰ ২ অক্টোবৰত পশ্চিমবংগত সংঘটিত খাগ্ৰাগড় বিস্ফোৰণ আৰু অসমত জে এম বি সন্ত্ৰাসবাদীৰ গোপন উপস্থিতিৰ কথা আজিও ৰাইজৰ মনত সজীৱ হৈ আছে। নব্বৈৰ দশকৰ পৰা অসমত কাম-কাজ চলাই থকা ইছলামিক সংগঠনৰ এখন দীঘলীয়া তালিকা আছে।
১৯৯২ চনৰ বাবৰি মছজিদ ভাঙি পেলোৱা আৰু তাৰ পিছত হোৱা সাম্প্ৰদায়িক বিক্ষোভৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব ভাৰতত ইছলামিক মৌলবাদৰ উত্থান আৰম্ভ হৈছিল। ১৯৯৩ চনত মণিপুৰৰ কুখ্যাত মেইটেই-মুছলমান সংঘৰ্ষকো ইয়াৰ অন্যতম কাৰক হিচাপে চিহ্নিত কৰা হয়। পাকিস্তানৰ আন্তঃ-সেৱা চোৰাংচোৱা (আইএছআই)ই ভাৰতৰ দুৰ্বলতাবোৰত আঘাত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তেওঁলোকে বাংলাদেশৰ খালেদা জিয়া চৰকাৰৰ পৰা সহায় লাভ কৰিছিল। সেই সময়ত ভাৰতৰ প্ৰতি খালেদা জিয়া চৰকাৰৰ গভীৰ বিদ্বেষ ভাৱ আছিল।
বাংলাদেশ তেতিয়া ইছলামিক মৌলবাদ আৰু উগ্ৰপন্থীৰ কেন্দ্ৰবিন্দু আছিল আৰু ইয়াক আই এছ আইয়ে ভাৰতৰ বিৰুদ্ধে যুদ্ধ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিছিল। কিন্তু ২০০৯ চনত শ্বেখ হাছিনা চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা নতুন দিল্লীৰ পক্ষত পৰিস্থিতিৰ নাটকীয় পৰিৱৰ্তন ঘটে। অৱশ্যে বৰ্তমান মূহুৰ্তত যে দুখন বাংলাদেশ আছে, সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এখন বাংলাদেশ বাংলা জাতীয়তাবাদৰ ওপৰত আধাৰিত আৰু আনখন বাংলাদেশে নিজকে ইছলামিক বিশ্বৰ প্ৰতিনিধি বুলি পৰিচয় দাঙি ধৰে। 
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা মুছলমানসকলৰ প্ৰতিবাদ
 
উত্তৰ-পূবৰ বেছিভাগ ইছলামিক মৌলবাদী গোট ১৯৯০ ৰ পৰা ১৯৯৬ চনৰ ভিতৰত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অঞ্চলটোৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ সামগ্ৰিক স্বাৰ্থ 'সুৰক্ষিত' কৰা। ২০০০ চনৰ আৰম্ভণিতে অধিক গোটৰ জন্ম হৈছিল, কিন্তু এইবোৰ কম সময়ৰ বাবে আছিল।
 
বিটিএডিত বড়ো আৰু বাংলাভাষী মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল আৰু সেই সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত থকাৰ সন্দেহত কমেও ১৯টা ইছলামিক সংগঠন চিনাক্ত কৰিছিল। পৰৱৰ্তী সময়ত কেৰেলাৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ আগমন আৰু অসমৰ গোৱালপাৰা, কৰিমগঞ্জ, শিলচৰ, হাইলাকান্দি, কামৰূপ, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, লখিমপুৰ, নগাঁও, আৰু তিনিচুকীয়া জিলাত ইয়াৰ প্ৰৱেশ ঘটে। এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াই অসমত মৌলবাদৰ অংকুৰণৰ পথ প্ৰশস্ত কৰিলে।
 
২০১৬ চনত অসম আৰক্ষীৰ উদ্যোগত অসমৰ লগতে ভাৰততো আইন-শৃংখলাৰক্ষী বিষয়াসকলৰ সুবিধাৰ্থে এখন ‘হেণ্ডবুক অৱ কাউণ্টাৰ ৰেডিকেলাইজেচন’ প্ৰকাশ কৰা হৈছিল। ইয়াৰ পিছত ২০১৯ চনত এই বিষয়ক আন এখন গ্ৰন্থ ‘Handbook of Resurgent Radicalism in Assam’ প্ৰস্তুত কৰা হয়। অসম আৰক্ষীৰ বিশেষ শাখাৰ এই প্ৰচেষ্টাত নিৰাপত্তা বিশেষজ্ঞ জয়দীপ শইকীয়া আৰু তেতিয়াৰ কৰ্ণেল সৌভাগ্য শৰ্মাৰ অৱদান স্মৰণীয়।
 
এয়া অনস্বীকাৰ্য্য যে মৌলবাদৰ মুখ্য চালিকা শক্তি হৈছে "আদৰ্শ"। ইণ্টাৰনেট, ছ'চিয়েল মিডিয়া আৰু কিছু ক্ষেত্ৰত প্ৰিণ্ট মিডিয়া, কিছুমান দাতব্য সংগঠন আৰু বেচৰকাৰী সংগঠনে ইয়াৰ বিকাশত অৰিহণা যোগাইছিল। এজন ব্যক্তিক প্ৰথমে "মৌলবাদী" হ'বলৈ দিয়া আৰু ইয়াৰ পিছত, তেওঁৰ বাবে "মৌলবাদ-বিৰোধী" পদক্ষেপ লোৱাৰ পৰিৱৰ্তে, প্ৰথমেই "মৌলবাদৰ বিৰোধী" পদক্ষেপ লোৱা উচিত। অন্যাৰ্থত এনে এক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজন আছে, য'ত মৌলবাদৰ জন্ম হ'ব নোৱাৰে। এইটো স্পষ্ট যে বৰপেটা আৰু মৰিগাঁওৰ শেহতীয়া ঘটনাসমূহত গ্ৰেপ্তাৰ হোৱা যুৱকসকল বিদেশী চিন্তাধাৰাৰদ্বাৰা মৌলবাদী হৈ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হৈ পৰিছিল, যিটো স্পষ্টভাৱে শংকৰ-আজানৰ সংমিশ্ৰণ সংস্কৃতিৰ পৰিপন্থী আছিল।
 
প্ৰতিবাদ কৰা দৃশ্য
 
নিম্নলিখিত পদক্ষেপবোৰ, সমাজৰ সহযোগত, চৰকাৰৰদ্বাৰা ৰূপায়ণৰ বাবে আৰম্ভ কৰা হোৱাতো সময়ৰ আহ্বান:
 
(১) 'ইজতিহাদʼৰ জৰিয়তে মৌলবাদী আদৰ্শৰ মোকাবিলা কৰা বা মৌলবাদী চিন্তাধাৰা প্ৰতিৰোধ কৰিবলৈ ব্যক্তিগত যুক্তিৰ ব্যৱহাৰ কৰা। যোগ্য মুছলমান বুদ্ধিজীৱীৰ আত্মবিশ্বাস অৰ্জন কৰাৰ পিছত তেওঁলোকক এনে কাৰ্য্যত নিয়োগ এই প্ৰক্ৰিয়াৰ সফলতাৰ বাবে অপৰিহাৰ্য হ'ব।
 
(২) মুছলিম সম্প্ৰদায়ৰ বুদ্ধিমান শ্ৰেণীসমূহে এনে বিদেশী উগ্ৰবাদী চিন্তাধাৰাক সমালোচনা কৰিবলৈ মুকলিকৈ ওলাই আহিব লাগিব আৰু সম্প্ৰদায়টোক কোৰাণত উল্লেখ কৰা ইছলামৰ প্ৰকৃত নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাব লাগিব, যিটো অসমৰ ডিজিপিয়ে ইতিমধ্যে আলোকপাত কৰিছে। আগশাৰীৰ নাগৰিকসকলৰ প্ৰচেষ্টাত গঢ়ি উঠা এনে গোটক চৰকাৰে সক্ৰিয়ভাৱে সহায় কৰিব লাগে।
 
(৩)যিহেতু এনে উগ্ৰপন্থী কাৰ্য্যকলাপত মছজিদৰ কিছুমান ইমাম জড়িত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে, গতিকে মছজিদ কমিটীসমূহে ইমামসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অধিক সতৰ্ক হ’ব লাগে। নৈতিকভাৱে সৰল আৰু সৎ ব্যক্তিৰে মছজিদ সমিতি গঠন কৰা উচিত।
 
সন্ত্ৰাসবাদৰ অমানৱীয় এখন দৃশ্য
 
(৪)পুলিচ জিলা সদৰ দপ্তৰত বা থিংক টেংকৰ আধাৰত এক ʼমৌলবাদী বিৰোধী মঞ্চʼ স্থাপন কৰা। এই মঞ্চই নিম্নোক্ত মিছন সম্পাদন কৰিব-
(ক) বিশ্বব্যাপী, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক মৌলবাদৰ প্ৰৱণতা নিৰীক্ষণ আৰু বিশ্লেষণ (খ) বিশ্বব্যাপী উগ্ৰবাদ-বিৰোধী মডেলৰ পৰা সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰা (গ) ইমাম, মৌলৱী আৰু হিন্দু পুৰোহিত আদিৰ জৰীয়তে মৌলবাদী বিৰোধী গোট স্থাপন আৰু এই গোটসমূহৰ প্ৰশিক্ষণ (ঘ) সকলো প্ৰকাৰৰ ʼইজতিহাদʼ ভাৱধাৰাৰ প্ৰচাৰ আৰু সমৰ্থন (ঘ) মৌলবাদী ভাৱধাৰাৰ এক Database একীকৰণ কোষ (Radical Data Base Fusion Centre) স্থাপন আৰু ৰক্ষণাবেক্ষণ। এই কোষে বিভিন্ন সুৰক্ষা অনুষ্ঠানৰ দৃষ্টিগোচৰ হোৱা মৌলবাদী ভাৱধাৰা এটাই আনটোৰ লগত Intelligence Share কৰা। উল্লেখযোগ্য যে ২০১৪ চনত গ্ৰেপ্তাৰ হোৱা এজন মৌলবাদী JMBৰ আচাৰ-ব্যৱহাৰ ছৌডি ভাৱধাৰেৰ অনুপ্ৰাণিত হৈ ভাৰতীয় পৰম্পৰাৰ এদিন আগত ঈদ উদযাপনৰ পক্ষপাতী আছিল আৰু তেওঁৰ এই ব্যৱহাৰে স্থানীয় মুছলমান সমাজৰ লগত সংঘাট সৃষ্টি কৰি আৰক্ষীৰ হস্তক্ষেপৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। দুৰ্ভাগ্যবশতঃ উপৰোক্ত Fusion Centreৰ অবৰ্তমানত আৰক্ষীয়ে ব্যক্তিজনক বুজাপৰাৰ মাজেৰে এৰি দিছিল। অন্যথা JMBৰ অসমৰ উত্তৰণ বহু আগতে ৰোধ কৰিবলৈ অসম আৰক্ষী সক্ষম হ'লহেঁতেন।(ঙ)মৌলবাদী ভাৱধাৰাক প্ৰত্যাহ্বান জনাই মুছলিম সমাজৰ বিশিষ্ট আৰু সন্মানীয় ব্যক্তিৰ আবেদন, সংগীত আদি ৰেডিঅʼ, টি ভি, সামাজিক মাধ্যম, বা ছপা মাধ্যমৰ জৰীয়তে বহুল প্ৰচাৰ। এই শ্ৰেণীৰ অধীনত অসম আৰক্ষীয়ে গুৱাহাটীৰ ইমামসকলৰ দ্বাৰা শান্তিৰ আবেদন আৰু সংগীত শিল্পী নাহিদ আফ্ৰীন পৰিৱেশিত একতা-সম্প্ৰীতিৰ গীতৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
(৫) এক নিবিড় নিৰীক্ষণ প্ৰণালীৰ জৰীয়তে মৌলবাদী আদৰ্শৰ প্ৰতিৰোধ কৰিবলৈ ভাৰতীয় উলেমাসকলক অন্তৰ্ভুক্ত আৰু উৎসাহিত কৰা।
 
(৬) বিশ্বব্যাপী মৌলবাদী আদৰ্শৰ প্ৰতিৰোধী বৰ্ণনাবোৰ আলোকপাত কৰি প্ৰয়োজন সাপেক্ষে সম্প্ৰচাৰ কৰা।
 
(৭) ভাৰত ভ্ৰমণ কৰা বিদেশী ধৰ্মপ্ৰচাৰকৰ ধাৰণাবোৰ নিবিড়ভাৱে নিৰীক্ষণ কৰা আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ ভ্ৰমণ নিয়ন্ত্ৰণ কৰা।
 
(৮) সমস্যাবোৰৰ ভাল বোধগম্যতাৰ বাবে আৰক্ষীৰ পাঠ্যক্ৰমত ইছলাম আৰু অন্যান্য ধৰ্মৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰা।
 
(৯) মৌলবাদী ধৰ্মতত্ত্ববিদসকলৰ কাৰ্যকলাপ নিৰীক্ষণ আৰু সামাজিক নিয়ন্ত্ৰণ।
 
(১০) উগ্ৰপন্থী বিৰোধী পণ্ডিত চুলতান শ্বাহিনে তেওঁৰ ৱেবছাইটৰ www.newageislam.com জৰীয়তে মৌলবাদীসকলৰ বিপক্ষে  মতবাদৰ সৃষ্টি কৰিছে আৰু এনে প্ৰচেষ্টাক উৎসাহিত কৰা।
 
(১১) বিশ্ব জেহাদীসকলৰ ভাৱধাৰাক আকৰ্ষণীয় কৰাৰ সকলো প্ৰচেষ্টা বন্ধ কৰা আৰু মৌলবাদী সাহিত্যৰ প্ৰতিৰোধ কৰা।
 
(১২) অসম আৰক্ষীৰ বিশেষ শাখাত থকা Cyberdom প্ৰকল্পৰ অধীনৰ Digital Intelligence and Training and Analysis Centre (DITAC) ৰ জৰীয়তে Digital মৌলবাদৰ মোকাবিলা কৰা  ইয়াক পৰ্যাপ্তভাৱে শক্তিশালী কৰা। 
 
(১৩) ভাৰতে ইয়াৰ চুবুৰীয়া দেশসমূহৰ সক্ৰিয় সমৰ্থন অবিহনে মৌলবাদৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰে। সেয়েহে চুবুৰীয়া দেশক জড়িত কৰাটো অত্যাৱশ্যকীয় হ'ব।
 
(১৪) পৃথিবীৰ বিভিন্ন দেশে ʼমৌলবাদ বিৰোধী অভিযান গোটʼৰ দৰে কিছু কোষ চোৰাংচোৱা সংস্থাসমূহত প্ৰতিষ্ঠানগত মঞ্চ হিচাবে সৃষ্টি কৰিছে। এই কোষৰ জৰীয়তে কিছুমান উদীয়মান ভাবুকিৰ মোকাবিলা কৰা, মৌলবাদী websiteৰ পঞ্জীয়ন বাতিল কৰা, আইন প্ৰৱৰ্তনকাৰী সংস্থা, থিংক টেংক, শিক্ষাৰ্থী, মিডিয়া ব্যক্তিত্ব আদিৰ বাবে প্ৰশিক্ষণ কৰ্মশালা প্ৰদান কৰা, মানৱ ভূ-খণ্ড বিশ্লেষণ (Human Terrain Analysis) আদি অভিযান অব্যাহত ৰখা। অসম আৰক্ষীতো Intelligence Bureauৰ যোগেদি এনে প্ৰচেষ্টা লোৱাতো সময়ৰ আহ্বান।
 
ওপৰৰ ব্যৱস্থাসমূহ সফলভাৱে ৰূপায়ণৰ বাবে চৰকাৰৰ সকলো সংস্থা, ছপা আৰু ইলেক্ট্ৰনিক মাধ্যম, আৰু সমাজৰ সকলো শ্ৰেণীৰ সমন্বয়ৰ প্ৰয়োজন হ’ব। সংখ্যালঘু জনগোষ্ঠীৰ আস্থা লাভ কৰাটোৱেই হৈছে এনে মৌলবাদ-বিৰোধী নীতিৰ মূল কথা। মুছলমান সম্প্ৰদায়ৰ শিক্ষা, স্বাস্থ্য আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নয়ন সাধন হোৱাটোৱে সমাজৰ পৰা মৌলবাদ নিৰ্মূল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
 
(পল্লব ভট্টাচাৰ্য্য অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন সঞ্চালক প্ৰধান, আৰু এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ প্ৰকাশ কৰা মতামত একান্ত ব্যক্তিগত।)