মৌলবাদ প্ৰতিৰোধী কৌশল আৰু ইয়াৰ প্ৰাসংগিকতা

Story by  atv | Posted by  Munni Begum • 1 Years ago
সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা মুছলমানসকলৰ প্ৰতিবাদ
সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা মুছলমানসকলৰ প্ৰতিবাদ
  পল্লব ভট্টাচাৰ্য্য
 
২০২২ চনৰ ৭ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত মাদ্ৰাছা ভাঙি পেলোৱা সন্দৰ্ভত আছাদুদ্দিন ওৱেছী নেতৃত্বাধীন সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন(AIMIM)-এ উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত এক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। তেওঁ কৈছিল, “এই মাদ্ৰাছাসমূহ আল কায়দাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ হৈ আছিল। মঙলবাৰে গোৱালপাৰাৰ এটা অঞ্চলৰ লোকে নিজেই আল কায়দাৰ সৈতে সম্পৰ্ক থকাৰ বাবে এখন মাদ্ৰাছা ভাঙি পেলায়।”
 
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ দাৰোগৰ আলগাৰ বাসিন্দাসকলে পূৰ্বতে দুজন বাংলাদেশী নাগৰিকে শিক্ষক হিচাপে কাম কৰা এখন ব্যক্তিগত মাদ্ৰাছা ভাঙি পেলায়। নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন আৰু ভাৰতীয় উপমহাদেশত আল কায়দা (এ কিউ আই এছ)ৰ সংযুক্ত সংস্থা হিচাপে পৰিচিত আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত এই দুজন নাগৰিক পলাতক হৈ আছিল আৰু অসম আৰক্ষীয়ে বিচাৰি আছিল। 
ইয়াৰ পূৰ্বে আগষ্ট মাহত অসম চৰকাৰে তিনিখন মাদ্ৰাছা ভাঙি চূৰমাৰ কৰিছিল। অৱশ্যে আনুষ্ঠানিকভাৱে কোৱা হৈছে যে এই মাদ্ৰাছাসমূহ অকৰ্তৃত্বশীল আছিল আৰু দুৰ্যোগ ব্যৱস্থাপনা নিৰ্দেশনা উলংঘা কৰাৰ বাবে ইয়াক ভাঙি পেলোৱা হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ অসম আৰক্ষীয়ে AQIS আৰু ABT ৰ সৈতে জড়িত ইমাম আৰু মাদ্ৰাছাৰ শিক্ষককে ধৰি প্ৰায় ৩৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। 
ৰাজনৈতিক দলসমূহে নিজৰ ৰাজনৈতিক লক্ষ্য পূৰণৰ বাবে এই ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ কৰাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে। এয়া কিন্তু ভাৰতীয় সংবিধান প্ৰস্তুকৰ্তাসকলৰ আশা-আকাংক্ষাৰ সম্পূৰ্ণ বিপৰীত। সংবিধান প্ৰণেতাসকলে ভাৰতত বহুত্ববাদী সমাজ গঢ়ি তোলাৰ পোষকতা কৰিছিল। দেশৰ এই জটিল পৰিস্থিতিত সংখ্যালঘু সম্প্ৰদায়ে যিধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ঠিক সেইদৰে হিন্দু সমাজেও এক জটিল আৰু উদ্বেগজনক পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হৈছে। 
 
মৌলবাদী সংগঠনৰ এক প্ৰতিনিধিত্বমূলক ছবি
 
মহাৰাষ্ট্ৰৰ চিকিৎসক, সমাজকৰ্মী, যুক্তিবাদী সাহিত্যিক তথা মহাৰাষ্ট্ৰৰ অন্ধশ্ৰদ্ধা নিৰ্মুলন সমিতিৰ প্ৰতিষ্ঠাপক নৰেন্দ্ৰ অচ্যুত ডাভোলকাৰক ২০১৩ৰ ২০ আগষ্টত আৰু কলহাপুৰৰ বিখ্যাত অধিবক্তা তথা ৰাজনৈতিক কৰ্মী গোবিন্দ পানছাৰক ২০১৫ চনৰ ফেব্ৰুৱাৰীত ধৰ্মনিৰপেক্ষতাবাদক সমৰ্থন কৰি শিৱাজীক ধৰ্মনিৰপেক্ষ নেতা বুলি যুক্তি দিয়াৰ বাবে হত্যা কৰা হৈছিল। ঠিক সেইদৰে, ৰাষ্ট্ৰীয় সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰখ্যাত ভাৰতীয় সাহিত্যিক তথা কানাড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মল্লেশপ্পা মদিৱলপ্পা কলাবুৰ্গীক ২০১৫ৰ ৩০ আগষ্ট আৰু সাংবাদিক তথা সমাজকৰ্মী গৌৰী লংকেশক ২০১৭ৰ ৫ ছেপ্তেম্বৰত হত্যা কৰা হৈছিল। এই গোটেই হত্যাকাণ্ডবোৰৰ আঁৰত আছিল হিন্দু সনাতন ধৰ্মৰ ওপৰত বিদেশী, অগণতান্ত্ৰিক আৰু চৰম সোপন্থী ধাৰণাৰ ক্ৰমবৰ্ধিত আগ্ৰাসন।   
২০২১ চনৰ ডিচেম্বৰ মাহত উত্তৰাখণ্ডৰ হৰিদ্বাৰত হিন্দু সাধুসকলৰ ধৰ্মসংসদ(ধৰ্মীয় সমাৱেশ)ত দিয়া ঘৃণামূলক ভাষণে এই আগ্ৰাসনক এক নতুন ৰূপ দিছিল। উচটনিমূলক ঘৃণা ভাষণত বক্তাসকলে হিন্দু ধৰ্ম ৰক্ষাৰ নামত মুছলমান আৰু অন্যান্য সংখ্যালঘু লোকক গণহত্যাৰ আহ্বান জনাইছিল। সমাজত ঘৃণা বিয়পোৱা এই ঘটনাৰ প্ৰতি চৰকাৰৰ উদাসীনতাক অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া, নাগৰিক সমাজৰ কৰ্মী, ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশকে ধৰি সমাজৰ সকলো স্তৰৰ লোকে গৰিহণা দিছিল। 
এনে ঘটনাক্ৰমৰ পিছত "ছুল্লি ডিলছ" আৰু "বুল্লি বাই এপছ" পৰিঘটনাই ভাৰতীয় সমাজৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছিল। “ছুল্লি ডিলছ” আছিল এটা মুক্ত উৎসৰ এপছ য’ত অনলাইনত প্ৰায় ১০০ গৰাকী মুছলমান মহিলাৰ ফটো আৰু ব্যক্তিগত তথ্য সন্নিবিষ্ট কৰি তেওঁলোকক খোলা মঞ্চত নিলাম কৰাৰ ব্যৱস্থা কৰা হৈছিল। এই ঘটনাৰ উমান লাভ কৰি দিল্লী আৰক্ষীয়ে ২০২১ চনৰ ৮ জুলাইত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ জৰিয়তে এফআইআৰ দাখিল কৰে। এপটোৰ সৃষ্টিকৰ্তা আছিল মধ্যপ্ৰদেশৰ ইন্দোৰৰ এগৰাকী বি চি এৰ ছাত্ৰ। ২০২২ চনৰ ৯ জানুৱাৰীত মুছলমান মহিলাক "বদনাম" কৰিবলৈ এপ তৈয়াৰ কৰা ওমকাৰেশ্বৰ ঠাকুৰক গ্ৰেপ্তাৰ কৰা হৈছিল।
 
কাবাইটাৰী মাদ্ৰাছা ধ্বংস কৰাৰ এক দৃশ্য
 
ইফালে, ২০২২ চনত মুছলমান মহিলাক নিলামৰ বাবে তৈয়াৰ কৰা হৈছিল আন এক এপ যাৰ নাম আছিল “বুল্লী বাই এপ”। এই ঘটনাৰ সৈতেও একেটা গোটেই জড়িত থকাৰ সন্দেহ কৰা হৈছিল। এই এপটো প্ৰস্তুত কৰিছিল শংকৰ-আজানৰ দেশ অসমৰ এজন অভিযান্ত্ৰিক ছাত্ৰ নীৰজ বিষ্ণৈ। 
গৌৰী লংকেশৰ গোচৰ বাংগালুৰুৰ এখন আদালয়ত চলি থকাৰ সময়ত এই কথা পোহৰলৈ আহিছে যে গৌৰীৰ হত্যাৰ আঁৰত থকা দলটোৰ কেৱল মাত্ৰ সাংবাদিকগৰাকীক হত্যা কৰাই উদ্দেশ্য নাছিল। তেওঁলোকৰ উদ্দেশ্য আছিল সকলো ‘দেশদ্ৰোহী’ক চিহ্নিত কৰি নিঃশেষ কৰা আৰু ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে প্ৰতিষ্ঠিত কৰা। হিন্দু ধৰ্মক লৈ এক আপত্তিজনক ভাষণ প্ৰদান কৰাৰ বাবেই গৌৰীক হত্যা কৰিবলৈ এই দলটো উত্ৰাবল হৈ পৰিছিল। 
আমোদজনক কথাটো হ’ল যে গৌৰী হত্যাৰ মূল অপৰাধী আছিল আমোল কালে নামৰ এজন ২৩ বছৰীয়া মেকানিকেল ইঞ্জিনিয়াৰ। তেওঁ পূৰ্বে পুনেৰ এটা বহুজাতিক কোম্পানীত চাকৰি কৰিছিল। পিছলৈ মৌলবাদী চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট হৈ আমোলে চাকৰি ত্যাগ কৰে আৰু আধ্যাত্মিকতা সম্পৰ্কীয় কিতাপ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। তেওঁ সৎসংগ(ধৰ্মীয় অনুষ্ঠান)ত উপস্থিত থাকে আৰু হিন্দুত্বৰ প্ৰচাৰ কৰা হিংসামূলক ভাষণ শুনি হিন্দু ধৰ্মৰ বিৰূদ্ধাচৰণ কৰা যিকোনো ব্যক্তিক নিধণ কৰা ভাবধাৰাৰে উদ্বুদ্ধ হৈ পৰিছিল।
 
মাদ্ৰাছাৰ ভিতৰত অধ্যয়ন কৰা ছাত্ৰসকল
 
আমোলৰ আধ্যাত্মিক যাত্ৰাই তেওঁক হিংসাত্মক মতবাদৰ পথত আগুৱাই লৈ গ’ল আৰু এই ক্ষেত্ৰত এজন মতাদৰ্শবাদী জয়ন্ত বালাজী আথাৱলেই প্ৰতিষ্ঠা কৰা সনাতন সন্থা নামৰ এটা কট্টৰপন্থী হিন্দুত্ববাদী সংগঠনে এক বিশিষ্ট ভূমিকা পালন কৰিছিল। ১৯৯০ চনত এটা চেৰিটেবল ট্ৰাষ্ট হিচাপে প্ৰতিষ্ঠা হোৱা এই সংস্থাটোৱে গোৱাৰ পোন্দাত অৱস্থিত আশ্ৰমখনৰ চাৰিওফালে গোপনীয়তা বজাই ৰাখিছিল। ২০০৭ চনৰ পৰা ২০০৯ চনৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু গোৱাৰ ৰাজহুৱা স্থানত চাৰিটা পৃথক পৃথক বোমা বিস্ফোৰণত সন্দেহযুক্ত হিচাপে সনাতন সন্থাৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰা হৈছিল।
মহাৰাষ্ট্ৰ, গোৱা আৰু কৰ্ণাটক চৰকাৰে ২০১১ চনত সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এখন দীঘলীয়া প্ৰতিবেদন প্ৰেৰণ কৰিছিল। অৱশ্যে, এই নিষেধাজ্ঞাক চৰকাৰে আওকাণ কৰে আৰু  সংস্থাটোৱে নিজৰ কাম-কাজ চলাই থাকিল। ২০১৮ চনৰ ১৮ আগষ্টত নৰেন্দ্ৰ অচ্যুত দাভোলকাৰৰ হত্যাকাণ্ডৰ গোচৰত চিবিআইয়ে বন্দুকধাৰীসকলৰ ভিতৰত এজন বুলি সন্দেহ কৰা শচীন প্ৰকাশৰাও আন্দুৰক গ্ৰেপ্তাৰ কৰিছিল। তদন্তৰ বাতৰিৰ উদ্ধৃতি দি আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই জনোৱা মতে, যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকৰ, এম এম কলবুৰ্গী আৰু সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডৰ আঁৰত একেটা সোঁপন্থী কৰ্মীৰ দল জড়িত হৈ আছে।
তদন্তকাৰীয়ে আৰু বিশ্বাস কৰে যে চাৰিওটা হত্যাকাণ্ডৰ উদ্দেশ্য একেটাই আছিল। হত্যাকাণ্ডকাৰীসকলৰ তালিকাত প্ৰয়াত শিল্পী গিৰীশ কৰ্ণাদকে ধৰি আৰু ৩৪জন ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈ আছিল। আমোদজনক কথাটো হ’ল যে ১৯৯২ চনত বাবৰি মছজিদ ভাঙি পেলোৱা আৰু ১৯৯৩ চনত মণিপুৰত মেইটেই-মুছলমান সংঘাতে সাধাৰণভাৱে অসমত আৰু বিশেষকৈ মণিপুৰত মুছলমান উগ্ৰপন্থী সংগঠনৰ আগমনৰ পথ মুকলি কৰি দিছিল। 
 
কাবাইটাৰী মাদ্ৰাছা ভাঙি পেলোৱাৰ পূৰ্বে মাদ্ৰাছাখনৰ শিক্ষাৰ্থীসকলে মাদ্ৰাছা খালী কৰাৰ এক দৃশ্য
 
১৯৯২ চনৰ পৰা ১৯৯৫ চনলৈ বাংলাদেশৰ সীমান্তৱৰ্তী জিলা কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত এই লেখকে সীমান্ত পাৰ হৈ প্ৰশিক্ষণ গ্ৰহণ কৰি অসমলৈ উভতি অহা অসমীয়া মুছলমান যুৱক-যুৱতীক আটক কৰা দেখা পাইছিল। প্ৰায় একে সময়তে গোলকীকৰণৰ প্ৰভাৱে সমগ্ৰ বিশ্বক ওচৰ চপাই অনাৰ লগতে যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনে। এই পৰিৱৰ্তনে কিন্তু কিছু বিদেশী ৰাষ্ট্ৰত বিদ্যমান ধৰ্মীয় অসহিষ্ণুতা আৰু আগ্ৰাসনৰ মনোভাৱৰ বীজ ভাৰতবৰ্ষৰ মাটিতো ৰোপন কৰে। ইয়াৰ পৰাই ক্ৰমান্বয়ে মৌলবাদীৰ ধাৰণা সূচনা হয়।
২০১৫ চনৰ ডিচেম্বৰ মাহত অনলাইনত প্ৰকাশ কৰা এখন নতুন ইস্তাহাৰত ডায়েছ (DAESH) নামৰ বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠনটোৱে ভাৰতলৈ নিজৰ যুঁজ সম্প্ৰসাৰণ কৰাৰ ভাবুকি দিছিল আৰু ভাৰতক ডায়েছৰ “খিলাফতৰ” অংশ বুলি দাবী কৰিছিল। ইস্তাহাৰত কমেও ২৫ জন ভাৰতীয়ক ডায়েছৰ সৈতে যোগদান কৰাৰ কথাও প্ৰকাশ পাইছে।
এন আৰ চি প্ৰক্ৰিয়াৰ উন্নীতকৰণ আৰু ইয়াৰ সৈতে সংগতি ৰাখি সংখ্যালঘু জনগোষ্ঠীয়ে সন্মুখীন হোৱা সমস্যা যেনে, ডি-ভোটাৰৰ বিষয়, আৰু আন আনুসাংগিক সমস্যাবোৰে সাধাৰণতে ভাৰতৰ মাটি আৰু বিশেষকৈ উত্তৰ-পূবৰ মাটিক মুছলমান সম্প্ৰদায়ৰ একাংশ যুৱকৰ বাবে মৌলবাদৰ উৰ্বৰ ভূমি কৰি তুলিছে। এনেধৰণৰ ঘটনাসমূহ হিন্দু সম্প্ৰদায়ৰ কিছুসংখ্যক যুৱকৰ বাবেও মৌলবাদী চিন্তাধাৰাৰ এক উদাহৰণ হৈ পৰিছে।
 
প্ৰতিবাদ কৰা দৃশ্য
 
অসমৰ প্ৰতি ১০ জন লোকৰ ভিতৰত ৪ জনেই মুছলমান(আনুমানিক)। গতিকে, বিৰূপ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ এৰাই চলিবৰ বাবে মুছলমান সম্প্ৰদায়ক আওকাণ কৰি কোনো সমস্যাৰ সমাধানৰ কথা ভাবিব নোৱাৰি। আমদানিকৃত বিদেশী প্ৰতিকূল চিন্তাধাৰাৰ পৰা আমি ভাৰতবৰ্ষৰ বহুত্ববাদী আদৰ্শক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, সেয়া প্ৰবন্ধটোৰ পৰৱৰ্তী অংশত আলোচনা কৰা হ'ব। 
 
(পল্লব ভট্টাচাৰ্য্য অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন সঞ্চালক প্ৰধান, আৰু এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ প্ৰকাশ কৰা মতামত একান্ত ব্যক্তিগত।)