বৈচিত্ৰৰ মাজত ঐক্য

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
অসমৰ বিভিন্ন ধৰ্মীয় ঐতিহ্য
অসমৰ বিভিন্ন ধৰ্মীয় ঐতিহ্য
  শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য

'সাম্যমৈত্ৰীৰ ময়েই ৰণুৱা ........ 
চাহ বাগিছাৰ ময়েই বনুৱা, 
ন-অসমীয়া মৈমনসিঙীয়া, 
থলুৱা নেপালী, 
নৃত্যকুশলী, 
মণিপুৰীয়া মই.....' (জ্যোতিপ্রসাদ আগৰৱালা) 
 
অসমৰ পৰিপ্ৰেক্ষিতত জ্যোতিপ্রসাদৰ এই মনোভাৱ আছিল সমন্বয়ৰ আলিবাট গঢ়াৰ প্ৰতি এক আহ্বান। সেইদৰে ১৬ টা ভাষা জনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ গাঁৱে, পৰ্বত, কন্দৰে ঘূৰি জাতি জনজাতি সকলোৰে মংগলৰ বাবেই সমন্বয় সাধনত গুৰুত্ব দিছিল। জনজাতিসকলৰ মাজত বাদ-বিবাদ হোৱা আৰু হিংসাৰ সূচনা হোৱাটোৱে তেওঁক উদ্বিগ্ন কৰিছিল। প্ৰশাসনিক দিশত চুকাফাই এদিন দেখা বৰ অসমৰ সপোন পূৰ্ণ কৰাৰ প্ৰচেষ্টা জ্যোতি-বিষ্ণুৰো আছিল আৰু তাৰ বাবে যি পাৰে কৰিছিল। 
 
ৰায়বাহাদুৰ কনকলাল বৰুৱাই লিখিছিল প্ৰাচীন কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ কথা। তেওঁৰ মতে খ্ৰিষ্টীয় ৭ম‍‌ শতিকাৰ আদি ভাগৰ পৰা অষ্টম শতিকাৰ মাজভাগলৈকে কামৰূপৰ ৰজাবোৰৰ বিস্তীৰ্ণ সাম্ৰাজ্য আছিল। শ্ৰীহৰ্ষবৰ্মাৰ দিনত কামৰূপৰ পূব সীমা হিমালয় পৰ্বত আৰু দক্ষিণ সীমা মাদ্ৰাছ প্ৰেচিডেন্সিৰ গঞ্জাম আৰু পশ্চিম সীমা অযোধ্যা পৰ্য‍ন্ত বিস্তৃত হৈ আছিল। তেওঁৰ মতে অষ্টম শতিকাৰ কুমাৰিল ভট্ট, বৌদ্ধ আচাৰ্য‍ অভিনৱ গুপ্ত আদি কামৰূপৰে আছিল। এই কথা তেতিয়াৰ  আৱিষ্কৃত তামৰ ফলিয়ে দেখুৱাই দিছিল। কামৰূপ অঞ্চলৰ লোক বাহিৰলৈ গৈ মাটি বাৰীৰ অধিকাৰী হৈছিল, আমাৰ ইয়াৰ পণ্ডিত নালন্দালৈ গৈ বাদ বিতৰ্ক কৰি জয়ীও হৈছিল। নাগাৰ্জুন বড়িৰ উদ্ভাৱক হেনো কামৰূপৰে মানুহ আছিল। পৰিব্ৰাজক আলবেৰুণীয়ে তেওঁক এজন এল্কেমিষ্ট আখ্যা দিছিল। সেই সময়ৰ হিউৱেনচাঙৰ লেখাৰ পৰাও এনেধৰণৰ মানুহৰ গমনাগমন তথা সমন্বয়ৰ কথা জানিব পাৰি।
 
নলিনীধৰ ভট্টাচাৰ্য্যদেৱে লিখিছিল 'আধুনিক কালত আমি সমন্বয় আৰু সংমিশ্ৰণৰ বাবে হামৰাও কাঢ়িছো। কিন্তু ভাৰতৰ ইতিহাস ভালকৈ চালে দেখিম যে সমন্বয়ৰ প্ৰক্ৰিয়া ভাৰতত বৈদিক যুগৰে পৰাই চলি আহিছে। তেওঁৰ মতে ভাৰতত সিন্ধু উপত্যকাৰ সভ্যতাৰ দিনৰ পৰাই বিদেশী আৰু থলুৱা মানুহৰ আন্তঃসম্পৰ্ক ঘটি আহিছে। বেক্ট্ৰিয়ান গ্ৰীক, শক, কুশান - আদি  বিদেশী আক্ৰমণকাৰীৰ সাংস্কৃতিক আৰু ৰাজনৈতিক পৰম্পৰা বৃহত্তৰ ভাৰতীয় সংস্কৃতিৰ অংশ হৈছিল। মোগলৰ মন্চব্দাৰী প্ৰথা সম্ৰাট আকবৰৰ দিন ই ইলাহী - ভাৰতীয় সংস্কৃতিৰ নিৰ্মাণ কাৰ্য্যত সৃষ্টিশীলভাৱে কাৰ্য্যকৰী হৈছিল। 
 
অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য
 
ভাৰতবর্ষত স্বৰাজ লাভৰ পিছতো মানুহৰ মাজত সংহতি আহিছিল। পিছত আক্ৰমনকাৰী মোগলৰ পৰাও বহুখিনি ৰীতি নীতি ভাৰতবৰ্ষই লৈছিল। ইতিহাসৰ পুননিৰ্মাণৰ বাবে প্ৰশাসনৰ লগত বস্তুনিষ্ঠ আৰু সৃষ্টিশীল ধাৰণাৰে সম্পৰ্ক ৰক্ষা কৰিলে আৰু শ্ৰমজীৱী ৰাইজে যি ধৰণেৰে মৈত্ৰী আৰু সংঘাতৰ মাজেৰে আমাৰ সমাজৰ আজিৰ ৰূপ দিছে, তেওঁলোকৰ ক্ষেত্ৰত এক ইতিবাচক দৃষ্টিভংগী লোৱাৰ প্ৰয়োজন বুজি কাম কৰিলেই স্থায়ী শান্তি আহিব (ইতিহাস আৰু সমন্বয় প্ৰক্ৰিয়া - নলিনীধৰ ভট্টাচাৰ্য্য) 
সাহিত্যিক চন্দ্ৰধৰ বৰুৱাই সংগীত সম্পৰ্কীয় এটা প্ৰৱন্ধত কৈছিল যে মুছলমান বিজাতীয় আৰু অন্যধৰ্মৰ হলেও ভাৰতবৰ্ষত আলহী স্বৰূপে থকা নাছিল। আচলতে সেই সময়ৰ উদাৰ সম্ৰাট সকলে হিন্দু মুছলমানক লৈ বৃহৎ ভাৰতীয় জাতি সৃষ্টিৰ পোষকতা কৰিছিল। সাংস্কৃতিক আদান প্ৰদান কৰিছিল। বৰুৱাদেৱে মন্তব্য প্ৰকাশ কৰিছিল যে - এনে আদান প্ৰদান বাহাল থকা হ'লে ভাৰতীয় সংগীত তেতিয়া ইউৰোপীয় সংগীততকৈও উচ্চ আসনলৈ গ'লহেঁতেন। 
অসমৰ দৰে ঠাইত আজি হিন্দু মুছলমানৰ মাজত যিখিনি সম্প্ৰীতি আমি দেখো, সেয়া ভাৰতবৰ্ষত বিৰল। জিকিৰতে কৈছে হিন্দুৱে বিলালে মাহে প্ৰসাদে, মুছলমানে বিলালে ৰুটি নতুবা মোৰ মনত পৰ নাই ও আল্লা - হিন্দু কি মুছলমান এক আল্লাৰ ফৰমান আদি সুন্দৰ পংক্তিৰ কথা। শ্বাহ মিৰাণ বা আজন ফকীৰে অসমলৈ সুদূৰ বাগদাদৰ পৰা আহি শংকৰৰ দৰেই এক দেৱ এক সেৱ ভাৱ তেওঁৰ ৰচনাৰ মাজেদি প্ৰকাশ কৰিছিল। শংকৰদেৱেও তেওঁৰ ৰচনাত আৰৱী, ফাৰ্চী আদি শব্দ দিছিল, মুছলমানৰ চান্দ সাইকে ধৰি গাৰো, ৰাভা আদি সকলো জনজাতিক তেওঁ একেখিনি সাম্যৰ চন্দ্ৰতাপৰ তললৈ তেওঁ আনিছিল। 'শংকৰে সাজিলে চোৱা মিলনৰ তৰী আজানে গাঁথিলে চোৱা সম্প্ৰীতিৰ জৰী'।
 
আমাৰ অসমত আজিও হিন্দুৱে মছজিদ সজাত, মুছলিমে মন্দিৰ সজাত হাত আগবঢ়ায়। প্ৰয়োজনত শৱ দাহ কাৰ্য্য অথবা কবৰত সমাধিস্থ কৰা কামত পাৰম্পৰিক সহায় সাৰথি কৰে। মিলনৰ কি অপূৰ্ব দৃষ্টান্ত।
 
এজন হিন্দু ধৰ্মীয় নেতাই শিৱসাগৰৰ এখন গাঁওত মছজিদ উদ্বোধন কৰিছে
 
ভাৰতীয় অসামৰিক সেৱাৰ সদস্য লেখক বি পি সিঙে তেওঁৰ 'Problem of Change - A Study of N.E Indiaʼ গ্ৰন্থত কৈছে যে - অসমত দুবিধ মুছলিম আছে। এবিধ উত্তৰ ভাৰতৰ পৰা অহা। যুদ্ধ বিগ্ৰহ সূত্ৰে থাকি যোৱা বন্দী আৰু আনবিধ ব্ৰিটিছ অহাৰ পাছত তেওঁলোকৰ প্ৰেৰণাত আহি থাকিবলৈ লোৱা। সিঙে কোৱাৰ দৰে 'On the positive side, the north east India including the Brahmaputra valley was not afflicted with scourge of untouchabilityʼ। তেওঁ লক্ষ্য কৰিছিল, ইয়াত জনজাতি আৰু অজনজাতি উভয়ে মুছলমানৰ হাতেৰে খাবলৈ দ্বিধাবোধ নকৰে। 
ডঃ শিৱনাথ বৰ্মনে তেওঁৰ 'স্বদেশ স্বমতʼ নামৰ গ্ৰন্থ খনত লিখামতে, ১৯৫১ চনত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভুল তথ্য আছিল। কাৰণ সেই সময়ৰ সাম্প্ৰদায়িক সংঘৰ্ষত বহুলোকে ভাৰত এৰি গুচি গৈছিল। তাৰে বহুখিনি পিছত আহিছিল। সেইবাবে বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ বাবে ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ সময় নধৰি, ১৯৭১ চনৰ ২৫ মাৰ্চ ধৰাতো সমিচীন হৈছে আৰু নাগৰিকপঞ্জীত অন্তৰ্ভূক্তিৰে ঠাই দিয়া হৈছে। কিন্তু এওঁলোকক দেশৰ মূলসুঁতিত জীণ নিওৱাৰ যি সুন্দৰ বাস্তৱসন্মত পদ্ধতি আছে, তাক চালি জাৰি চাই কামত লগোৱা উচিত যাতে ভৱিষ্যতে ভাৰতবৰ্ষত এক মিলাপ্ৰীতিৰ বাতাবৰণ সমন্বয়ৰ চিত্তাকৰ্ষক আদৰ্শ হৈ জিলিকিব পাৰে। সুঁৱৰি ভাল লাগে, মোগল আক্ৰমনকাৰীৰ দিনতে বন্দী হৈ ৰৈ যোৱা মুছলমান পৰিয়ালবোৰে থলুৱা ছোৱালীক বিয়া কৰাই অসমৰ সংস্কৃতিৰ লগত যিদৰে মিলি, জীণ গৈ খিলঞ্জীয়া অসমীয়া হৈ পুৰুষে পুৰুষে চিনাকি দিছে, ই আনৰ বাবেও উদাহৰণ হব পাৰে। আজিও চুৰীয়া পিন্ধা মুছলমান শিৱসাগৰত আছে।
অসমলৈ শিখসকল আহিছিল ১৬৬৯ চনত। গুৰু টেগ বাহাদুৰ আহি ধুবৰীৰ ওচৰত বহিছিল। তাত 'দমদমা চাহিব' নিৰ্মান কৰিছিল। অসমৰ দন্দুৱা দ্ৰোহত কামৰূপৰ জমিদাৰী ভাতৃদ্বয় হৰদও বীৰদত্তই বদন বৰফুকনৰ অত্যাচাৰৰ বিৰুদ্ধে যুঁজ কৰোঁতে পাঞ্জাৱৰ পৰা কুমেদান সিঙৰ নেতৃত্বত অহা এটা সৈন্য দলে হৰদত্ত বীৰদত্তৰ পক্ষত থাকি যুঁজত নামিছিল। বহুতো সেনা নিপাত হ'ল, যদিও বহুখিনি অসমত থাকি গ'ল। আজিও নগাঁৱৰ বৰকলাই গাৱঁৰ - শিখসকলৰ  অসমীয়া মাত কথা আচাৰ ব্যৱহাৰ দেখিলে কোনে কব তেওঁলোক একালত পাঞ্জাৱবাসী আছিল বুলি? আজিৰ অসমীয়া সমাজৰ লগত তেওঁলোক হাড়ে হিমজুৱে সংপৃক্ত। খিলঞ্জীয়া শিখ। 
 
নলবাৰীত দশমী বিসৰ্জন শোভাযাত্ৰাৰ সময়ত হিন্দু ভক্তসকলক খোৱা পানী যোগান ধৰিছে মুছলমানসকলে। ফাইল ফটো
 
ভাৰতীয় সংস্কৃতিৰ ৰূপ যদিও আঞ্চলিক আৰু সকলো ঠাইৰ হিন্দু সংস্কৃতিৰো তাৰতম্য আছে, তথাপি বিবিধ সংস্কৃতি একে ঠাইতে থকা দেখা যায়। যেনে হিন্দু আৰু মুছলমানৰ সংস্কৃতি। কিন্তু উভয়ে উভয়ৰ উপাদান গ্ৰহন কৰে। তাৰ উদাহৰণ অসমত আছে। জনজাতীয় সকল আৰু অজনজাতীয় সকলৰ মাজৰ এই আদান প্ৰদান আৰু গভীৰ। বিষ্ণু ৰাভাই কৈছিল ট্ৰাইবেল আদি নৰ/অসমৰ পিতা / অসমীয়া জাতিৰ বিধাতা। তাৰ উদ্দেশ্য আছিল অসমৰ বৃহত্তৰ জাতীয় জীৱনত তেওঁলোকক সংপৃক্ত কৰা। ১৯২৭ চনত চাইমন কমিছনৰ আগত বড়োসকলে কৈছিল - 'আমি বড়ো ভাষা কোৱা অসমীয়া'। স্বাধীনতাৰ যুঁজত যি ঐক্য স্থাপন হৈছিল, এই ঐক্য মহীচন্দ্ৰ মিৰি, বিষ্ণুৰাভা আদিয়ে স্থায়ী হোৱাৰ বাবে যি পাৰে কৰিছিল।
সমাজৰ সামূহিক প্ৰগতি সম্ভৱ হলে সমন্বয় স্থাপনৰ বাট মুকলি হব পাৰে। কিন্তু ই কেনেকৈ সম্ভৱ? ব্যক্তি মানৱ সমাজৰ পৰা বিছিন্ন নহয়। এজন সুস্থ মানসিকতাৰ নৈতিকভাৱে বলিষ্ঠ লোক বা ব্যক্তি গঢ়িবলৈ ওপৰৰ পৰা আদৰ্শ জাপি দিলে নহ’ব। তেওঁক এক পৰিবেশ দিব লাগিব। ঔপনিবেশিক শিক্ষা ব্যৱস্থাই এনে ব্যক্তি গঢ়িব নোৱাৰে। এলিট শ্ৰেণীৰহে সৃষ্টি কৰে। পশ্চিমীয়া সংস্কৃতিতে মজি ভাৰতীয় ঐতিহ্যলৈ পিঠি দিলে নৈতিক তথা বৌদ্ধিক জিজ্ঞাসাৰ প্ৰকাশ নহয় আমাক বিশেষজ্ঞ তৈয়াৰ কৰাতকৈ ব্যক্তিৰ পূৰ্ণ ব্যক্তিত্ব (Harmonious personality) গঢ়া ব্যৱস্থাহে লাগে। সমাজ বিছিন্ন লোকৰ পৰা একো নহয়। পূৰ্ণ ব্যক্তিত্বৰ গৰাকীয়েহে ভাল কাম কৰিব পাৰে, তেওঁলোকৰ উন্নতি হলেহে পাম ঐক্য সংহতিৰ শান্তিৰ বাতাবৰণ থকা এখন সমাজ।
'পদ্মাৰ তুফান উৰায়া নিল, আমাৰ চুখেৰ ঘৰ,
উজান ঠ‍্যাইলা আইলাম আমি লোহিত‍্যেৰ চৰ।ʼ
 
যিয়েই নহওঁক যিসকল আহিল আৰু যাক 'কাট অফ ইয়েৰʼ বা নিৰ্ধাৰিত সময় সীমামতে আমি পঠিয়াব নোৱাৰো, তেওঁলোকক মূলসুঁতিত জীণ যাবলৈ সুযোগ দিব লাগিব (Assimilation)। বহুতো চৰ চাপৰিৰ লোকে অৱশ্যে অসমীয়া ভাষাকে মাতৃভাষা ৰূপে গ্ৰহণ কৰিছে। ইছমাইল হুচেইন আৰু কেইবাজনেও অসমীয়া ভাষাতে লেখা মেলা কৰিছে। মিঞা কবিতা লিখি উদ্ভণ্ডালি কৰোঁতা চামৰ কথা আমি এই আওঁতালৈ অনা নাই।
আজি অমলেণ্দু গুহ, অনিমা গুহ, হেমাংগ বিশ্বাসৰ দৰে বাংলা সমাজৰ পৰা অহা নিৰহ নিপানী নিৰ্ভেজাল অসমীয়া হৈ পৰা লোকৰ কথা কোনে নাজানে? তেওঁলোক ইতিমধ্যে প্ৰয়াত। আজি বৰাক ভেলীৰ বাংলা ভাষীসকলে তেওঁলোকৰ আদৰ্শ সমন্বয় ৰক্ষাৰ বাবে লোৱা উচিত।
দেশ বিভাজনৰ সময়ত হোৱা সংঘৰ্ষত গান্ধীয়ে তেওঁৰ মতৰ বিৰুদ্ধে নেতাসকল যোৱা বাবেই হোৱা সংঘৰ্ষ দেখি নিজৰ মৃত্যু কামনা কৰিছিল। ডঃ ভূপেন হাজৰিকাৰ ভাষাত
 
'মহাত্মাই কান্দি বোলে
মইহে চলিম বান্ধ মইহে চলিম
জগতৰ ৰক্তনদী আৰু নসহিম
হাঁয় হাঁয় ৰাম ঐ ৰহিম।ʼ
 
সকলো দেখি শুনি বিচিত্ৰতাৰ মাজত ঐক‍্যৰ কথা মনত ৰাখি প্ৰকৃত সচেতন শিক্ষিত লোকে (ডিগ্ৰী ধাৰীও অশিক্ষিত হব পাৰে) ইতিবাচক চিন্তাৰে সমন্বয়, সংহতিৰ বাবে অহোপুৰুষাৰ্থ কৰা সমিচীন। তেতিয়াহে আমাৰ সমাজ শান্তিৰ জোনাকেৰে উপচি পৰিব।
 
(লেখক প্ৰখ্যাত কবি সাহিত্যিক স্বৰ্গীয় নলিনীধৰ ভট্টাচাৰ্য্যৰ সু-পুত্ৰ ও বিশিষ্ট সাহিত্যিক)