ভূপেন হাজৰিকাৰ অসমখন আছিল লতাজীৰ বৰ আপোন

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকা
লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকা
  ডঃ সংগীতা কাকতি
 
লতাজীৰ বাবে অসমখন আছিল তেওঁৰ দ্বিতীয় ঘৰ। তেওঁ অসমক 'ভূপেন দা কা আছাম' বুলি অভিহিত কৰিছিল। আমি আজি তেওঁক হেৰুৱালোঁ। তেওঁৰ অনুপস্থিয়ে ভাৰতীয় সংগীত জগতৰ এক অপূৰণীয়া ক্ষতি। কিংম্বদন্তী গায়িকা লতা মংগেশকাৰৰ স্থান ভৱিষ্যতলৈ কোনেও দখল কৰিব নোৱাৰে।
 
লতাজী এগৰাকী জীৱন্ত সৰস্বতী বুলি কব পাৰি। কিয়নো তেওঁক দেখাৰ লগে লগে মনত এক ভক্তিৰ ভাৱ জাগ্ৰত হয়। এই গৰাকী জীৱন্ত সৰস্বতীৰ দৰ্শন কৰা মোৰ সোভাগ্য হৈছিল। যেতিয়া মই গুৱাহাটী মহানগৰীৰ কটন কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰি আছিলোঁ, তেতিয়া অৰ্থাৎ ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰজীয়ে অসমলৈ গান গাবলৈ আহিছিল আৰু কটন কলেজৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিল। কটন কলেজৰ সম্বৰ্ধনা অনুষ্ঠানলৈ লতাজীৰ সৈতে ডঃ ভূপেন হাজৰিকা, উষা মংগেশকাৰ, নিতিন মুকেশ, সুৰেশ ৱাদেকাৰ ডাঙৰীয়াও আহিছিল। তেতিয়া মই প্ৰথমবাৰৰ বাবে লতাজী নিচেই ওচৰৰ পৰা লগ পোৱাৰ  সৌভাগ্য হৈছিল। 
 
 
ইয়াৰ পিছত ১৯৮৭ চনত এবাৰ মই কলিকতালৈ গৈছিলোঁ। কলিকতাত ডঃ অৰ্পনা বুজৰবৰুৱাৰ এটি এলবামৰ গীত বাণীবদ্ধ কৰিবলৈ গৈছিলোঁ। তাত মই ভূপেনদাক লগ পাবলৈ তেওঁৰ তালিগঞ্জত থকা ঘৰটোলৈ গৈছিলোঁ। মই অতি উৎসাহেৰে তেওঁৰ ঘৰটো চাইছিলোঁ। মই একেবাৰে সুক্ষ্ম দৃষ্টিৰে তেওঁৰ ঘৰটোৰ চৌদিশে চকু ফুৰাইছিলোঁ আৰু দেখিছিলোঁ যে এটা কোঠাত ভূপেনদাই লাভ কৰা এৱাৰ্ডসমুহ  অতি সুন্দৰকৈ সজাই থোৱা আছিল। 
আমাক ভুপেনদাই সুধিছিল যে ঘৰতো চলা নে বুলি, আমি চালো বুলি কৈছিলোঁ। তেওঁ আকৌ আমাক সুধিছিল কাষতে থকা সৰু কোঠাটো চাইছিলা নে, আমি ভূপেনদাক কৈছিলো হয় হয় চাইছিলোঁ। তেতিয়া ভূপেনদাই আমাক কৈছিল সেই কোঠাটোতে লতা, আশাহতে গান বাণীবদ্ধ কৰিবলৈ আহিলে থাকে। তেতিয়া মোৰ মনত খুব ভাল লাগিছিল যে মোৰ লতা মংগেশকাৰ থকা কোঠাটো চাবলৈ সৌভাগ্য হৈছিল। 
আকৌ এবাৰ ১৯৯৪ ত যেতিয়া মই মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজত শিক্ষা গ্ৰহন কৰি আছিলোঁ, তেতিয়া মই কল্যানজী আনন্দজীৰ কলাবীৰ একাডেমীত সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছিলোঁ। মুম্বাইৰ সেই পথত কল্যানজী ঘৰ আৰু লতাজীৰ  ঘৰ 'প্ৰভুকুঞ্জ' নিচেই ওচৰা ওচৰি আছিল। কলাবীৰ একাডেমী লৈ লতাজীৰ ঘৰ প্ৰভূকুঞ্জৰ সন্মুখেৰে সদায়ে সংগীত শিকিবলৈ মই আহিছিলোঁ আৰু যেতিয়া মই লতাজীৰ ঘৰ প্ৰভূকুঞ্জৰ সন্মুখ পাইছিলোঁ, তেতিয়া কব নোৱাৰাকৈয়ে মই শিৰ দোৱাইছিলোঁ। 
 
 
মুম্বাইত থকাৰ সময়তে এদিন লতাজীৰ পিতৃ পণ্ডিত দিননাথ মংগেশকাৰৰ স্মৃতিত এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানত কলাবীৰ সংগীত একাডেমীত সংগীত শিকি থকা সাধনা সৰগম, জাভেদ আলী, সোনালী বাজপেয়ী আৰু অন্য দুই গৰাকীমান শিষ্যৰ লগতে মোৰও গান গোৱাৰ এক  সৌভাগ্য হৈছিল। আমি স্বয়ং লতা মংগেশকাৰৰ সন্মুখত গীত পৰিবেশন কৰিবলৈ পাইছিলোঁ। সংগীত পৰিৱেশৰ শেষত কল্যানজীয়ে লতাজীৰ সৈতে আমাক চিনাকী কৰাই দিছিল। কল্যানজীয়ে যেতিয়া লতাজীৰ সৈতে মোক চিনাকী কৰাইছিল দিছিল, তেতিয়া লতাজীয়ে মিচিকিয়াই হাঁহিছিল আৰু মোৰ ফালে চাই কৈছিল 'ভূপেন দা কা আছাম'। আমি সকলোৱে লতাজী চৰণ স্পৰ্শ কৰি সেৱা লৈছিলোঁ। তেঁৱেও আমাক আশীৰ্বাদ দিছিল। তেওঁ আমাক গীত যিমানেই নগোৱা কিয় তাতোকৈ অধিক সাধনা কৰিবলৈ উপদেশ দিছিল।
অসমৰ সংগীত জগতৰ মহীৰূহ সুধাকণ্ঠ ভূপেন হাজাৰিকাই লতাজীৰ কণ্ঠত বহু অসমীয়া গীত বাণীবদ্ধ কৰোৱাইছিল। ভূপেন হাজাৰিকাই ‘এৰা বাটৰ সুৰ’ চিনেমাত লতা মংগেশকাৰক প্ৰমূখ সংগীত শিল্পী হিচাপে চুক্তিবদ্ধ কৰি অসমীবাসীক এমুঠি সুন্দৰ গীতৰ উপহাৰ দিছিল। 
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কেইবাখনো চলচিত্ৰ ক্ৰমে  এৰা বাটৰ সুৰ, আৰোপ, ৰুদালী, এক পল আদিত লতাজীয়ে কণ্ঠদান কৰিছিল। 
 
জোনাকৰে ৰাতি..., গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম... আদিৰ দৰে অসমীয়া কালজয়ী গীতত কণ্ঠদান কৰি অসমীয়া জাতিৰ সাংস্কৃতিক ভঁড়াল চহকী কৰা লতা মংগেশকাৰ অসমবাসীৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব।
 
 (লেখিকা এগৰাকী বিশিষ্ট কণ্ঠশিল্পী)