পি এফ আইৰ বিৰুদ্ধে অভিযানে দেশত এক নজিৰ সৃষ্টি কৰিছে

Story by  atv | Posted by  [email protected] • 1 Years ago
কেৰালাৰ কোচিত এজন পিএফআই কৰ্মীক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছে
কেৰালাৰ কোচিত এজন পিএফআই কৰ্মীক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছে

আতিৰ খান/নতুন দিল্লী

শীৰ্ষত থকা কোনোবাই চাই আছে। আৰু তেওঁ এতিয়াও চাই আছে যেতিয়া ৰাজ্যিকআৰক্ষী, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(নিয়া) আৰু ই ডিয়ে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধেঅভিযান সম্পূৰ্ণ কৰে। শেহতীয়াকৈ একাধিক এজেন্সীৰদ্বাৰা চলোৱা এয়া আছিলঅন্যতম বৃহৎ অভিযান। পিএফআইৰ বিৰুদ্ধে একাধিক তদন্তকাৰী সংস্থাৰ অভিযানৰ পিছত স্পষ্ট হৈ পৰিছে এই বাৰ্তা।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত নিখুঁতভাৱেএই অভিযান চলোৱা হৈছিল। সূত্ৰই জনোৱা মতে,অপাৰেচন অক্টোপাছ নামেৰেনামকৰণ কৰা সমগ্ৰ অভিযানটোগৃহমন্ত্ৰীৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে পৰিচালনা কৰিছিল। একাধিক এজেন্সীৰদ্বাৰা একেসময়তে আৰু একেলগে কৰাএয়া আছিল সৰ্বশ্ৰেষ্ঠ অভিযান।

কিছুমান শীৰ্ষ আইন প্ৰয়োগকাৰী বিষয়াৰ মতে,এই অভিযানটো বৃহৎ পৰিসৰৰ অভিযানৰ পৰিকল্পনা আৰু ইয়াক কাৰ্যকৰী কৰাৰ কৌশলযুৱ আইন প্ৰয়োগকাৰী বিষয়াসকলৰ বাবে এক উদাহৰণস্বৰূপহ’ব পাৰে। তেওঁলোকে কয় যে চোৰাংচোৱা ব্যুৰ’ৰ কাৰ্য্যকলাপত চাৰি দশকৰো অধিক সময় ধৰি ডোভালৰ অভিজ্ঞতাই একাধিক সংস্থাৰ বাবে এই পৰিসৰৰ সফল অভিযান সম্পন্ন কৰাত সহায়ক আছিল।

সন্দেহজনক লোকৰ বিৰুদ্ধেএটাও গুলী নিক্ষেপ নকৰাকৈঅভিযানৰ সকলো পৰিকল্পনা সফলতাৰে সম্পন্ন হৈ যোৱাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

অভিযানৰচূড়ান্ত সফলতাৰ পৰিমাণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। অভিযানৰ সময়ত সংগ্ৰহ কৰা প্ৰমাণসমূহ সংস্থাসমূহে কেনেদৰে ব্যৱহাৰ কৰে আৰু দোষী সাব্যস্ত কৰাৰ বাবে উপযোগী কৰে তাৰ ওপৰত ফলাফল সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। কিন্তু পিএফআইৰ বিৰুদ্ধে চলোৱা অভিযানটো বিশ্বৰ শীৰ্ষ আইন প্ৰয়োগকাৰী সংস্থাসমূহে চলোৱা অভিযানৰ দৰেই সম্পূৰ্ণ নিখুঁত আৰু গোপনীয়তাৰে সম্পন্ন কৰা হৈছিল।

এই অভিযানৰ পৰিকল্পনা আৰু নিৰীক্ষণৰ বাবে নতুন দিল্লীত এটা বিশেষ কণ্ট্ৰল ৰুম স্থাপন কৰা হৈছিল। অভিযানৰ সৈতে আই বি ভূমিকা আৰম্ভণিৰে পৰাইগুৰুত্বপূৰ্ণ আছিল যদিও দেশৰ সৰ্ববৃহৎ চোৰাংচোৱা সংগ্ৰহকাৰী সংস্থাটোৰ কাম-কাজৰ বিষয়ে ডোভালৰ গভীৰ অভিজ্ঞতাই অভিযানটোক ত্ৰুটিহীন কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

সূত্ৰসমূহে জনোৱা মতে, পৰিকল্পনাৰ বাবে এন এছ এ আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক আৰু সংশ্লিষ্ট সংস্থাসমূহৰ শীৰ্ষ বিষয়াসকল সঘনাই নিয়ন্ত্ৰণ কক্ষলৈ আহিছিল।অভিযানৰ পিছতো নিয়ন্ত্ৰণ কক্ষই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে আৰু প্ৰয়োজন হ’লে সংস্থাসমূহৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰা হ’ব

পি এফ আইৰ কাৰ্যায়ালত চলোৱা অভিযানৰ বিৰুদ্ধে সমৰ্থকৰ প্ৰতিবাদ, কেৰালাৰ কোচিত

সূত্ৰই জনোৱা মতে, প্ৰস্তুতিৰ ক্ষেত্ৰত আই বিয়ে মুখ্য ভূমিকা পালন কৰিছিল, বিষয়াসকলে মাহৰ পিছত মাহ ধৰি পি এফ আইৰ কাৰ্যকৰ্তাসকলৰ কাৰ্যকলাপ, গতিবিধিনিৰীক্ষণ কৰি আহিছে। তেওঁলোকে চিনাক্ত কৰা প্ৰতিজন পিএফআই কৰ্মীৰপ্ৰতিটো কাৰ্য্যক নিখুঁতভাৱে নিৰীক্ষণ কৰিছিল। অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, বিহাৰ, কেৰেলা, ৰাজস্থানকে ধৰি অ-বিজেপি শাসিত ৰাজ্যসমূহতো এই অভিযান চলোৱা হৈছিল।

আনকি অভিযানৰ দিনটোতো চোৰাংচোৱা সংস্থাটোৱে ৰাজ্যিক আৰক্ষী, নিয়াআৰু ই ডিক অতি নিখুঁতভাৱে লক্ষ্যস্থানসমূহ ধৰা পেলোৱাত সহায় কৰিছিল। এইটো অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ স্থানীয় আই বি বিষয়াসকলে নিয়াআৰু ই ডিৰ দৰে কেন্দ্ৰীয় সংস্থাৰ বিষয়াসকলক সঠিক লক্ষ্যত উপনীত হোৱাত সহায় কৰিছিল।

আই বিৰ দ্বাৰা মাহৰ পিছত মাহ ধৰি পৰিকল্পনা কৰাৰ ফলত নিয়া আৰু ই ডিয়ে এই অভিযান দ্ৰুতভাৱে কাৰ্যকৰী কৰিব পাৰিছিল। উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাৰ ভাগত পি এফ আইৰ বিৰুদ্ধে ১৫খন ৰাজ্যৰ ৯৩টা স্থানত একেলগে অভিযান চলায়।

পি এফ এ আৰু ইয়াৰ মিত্ৰ সংগঠনৰ নেতাসকলৰ ঘৰ আৰু কাৰ্যালয়ত অভিযান চলাই ১০৬ জন সন্দেহযুক্ত লোককগ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আছে পি এফ আইৰ সহ-প্ৰতিষ্ঠাপক পি ক’য়া। তেওঁনিষিদ্ধ ঘোষিত ভাৰতীয় ছাত্ৰ ইছলামিক আন্দোলন(ছিমি)ৰ পূৰ্বৰ সদস্যও আছিল। পি এফ আইৰ অধ্যক্ষ অ’.এম.এ. চেলেম আৰু ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়া (এছডিপিআই)ৰ সভাপতি ই আবুবেকাৰৰ লগতে আন আন পিএফআই সদস্যসকলকো গ্ৰেপ্তাৰ কৰা হয়।

অভিযানত গ্ৰেপ্তাৰ কৰা ১০৬ জনৰ ভিতৰত নিয়াই যোৱা এটা বছৰত সংস্থাটোৱে ৰুজু কৰা পাঁচটা গোচৰৰ সৈতে জড়িত ৪৫ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে এজন হায়দৰাবাদ, তিনিজনদিল্লীত, আৰু এজন কোচীত গ্ৰেপ্তাৰ কৰা হয়। ইডি আৰু স্থানীয় আৰক্ষী বাহিনীয়ে আন কেইজনক জিম্মাত লয়। নিয়াই গ্ৰেপ্তাৰ কৰা ৪৫জন অভিযুক্তৰ ভিতৰত কেৰেলাৰ পৰা ১৯জন, তামিলনাডুৰ পৰা ১১জন, কৰ্ণাটকৰ ৭জন, অন্ধ্ৰপ্ৰদেশৰ ৪জন, ৰাজস্থানৰ ২জন, ইউ পি আৰু তেলেংগানাৰ পৰা এজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

নিয়াই পিএফআইৰ সদস্যৰ সৈতে জড়িত ১৯টা গোচৰৰ তদন্ত চলাই আছে। পিএফআইৰ নেতা আৰু কেডাৰসকল সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজিৰ যোগান ধৰা, সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা, আইছিছৰ দৰে নিষিদ্ধ সংগঠনত যোগদান কৰিবলৈ মানুহক মৌলবাদীকৰা আদিৰ সৈতে জড়িত আছিল বুলি নিয়াৰহাতত বিশেষ তথ্য আছে।

প্ৰতিবেদনসমূহে এই সিদ্ধান্তত উপনীত হৈছে যে এই সংগঠনটোৱে বৃহৎ পৰিসৰৰ প্ৰতিষ্ঠানবিৰোধী লোকক সংগঠিত কৰাৰ সৈতে জড়িত আছিল।

তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, দিল্লী, অসম, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, পশ্চিমবংগ, বিহাৰ, আৰু মণিপুৰত নিয়া আৰু ইডিয়ে অভিযান চলাইছিল আৰু কিছুমান চোকা অস্ত্ৰকে ধৰি সন্দেহযুক্তনথি-পত্ৰ জব্দ কৰে। কিন্তু এতিয়ালৈকে ধৃত লোক কেইজনৰ হাতৰপৰা আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰাৰ কোনো খবৰ অহা নাই।

ইডিয়ে কয় যে সংস্থাটোৱে পিএফআইৰ সদস্যসকলৰ বিৰুদ্ধে ধন প্ৰতাৰণা কৰাৰ অভিযোগৰ তদন্ত কৰি আছে আৰু সংগঠনটোৱে লাভ কৰা ধনৰ উৎসও তদন্ত কৰি আছে। সূত্ৰসমূহে জনোৱা মতে, চাৰিজন ব্যক্তি ক্ৰমে পিএফআইৰ দিল্লীৰ সভাপতি ছাফিক ৰহিমা, দিল্লীত সংগঠনটোৰ সাধাৰণ সম্পাদক পাৰভেজ আহমেদ,  কাৰ্যালয় সম্পাদক ইলিয়াছ আহমেদ আৰু আব্দুল মুকুৱেটমধ্যপ্ৰাচ্যৰ দেশসমূহৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ইডিৰ জিম্মাত আছে।

পিএফআইয়ে এই দমন অভিযানক চক্ৰান্তবুলি অভিহিত কৰিছে যদিও প্ৰকৃত সত্যটো হ’ল এই সংগঠনটোৱে মানুহৰ বিশেষকৈ নিৰীহ মুছলমানসকলক উচটাই আছে। এইটো চৰকাৰৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছিল আৰু সেইবাবেই ইয়াৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

পি এফ আইৰ সমৰ্থনত অতি কম সংখ্যক ৰাজনৈতিক নেতাহে আগবাঢ়ি আহিছে যদিও বহুলাংশে সকলো ডাঙৰ ৰাজনৈতিক দলে চৰকাৰী পদক্ষেপৰ বিৰোধিতা কৰা নাই। আনকি ভাৰতীয় মুছলিম ছাত্ৰ সংগঠন, সৰ্বভাৰতীয় তাঞ্জিম উলেমা-ই-ইছলাম, কুল হিন্দ মাৰ্কাজি ইমাম কাউন্সিল, আৰু সৰ্বভাৰতীয় মুছলিম পাছমাণ্ডা মুছলিম মহাজৰ দৰে একাংশ মুছলমান সংগঠনেও কৈছে যে যদিহে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেন্তে আইন মানি সন্ত্ৰাসবাদ ৰোধ কৰা হৈছে। এনে পৰিস্থিতিত অধৈৰ্য্য হোৱাৰ কোনো কাৰণ নাই।

মুছলমান সম্প্ৰদায়ৰ এটা বৃহৎ অংশই বিশ্বাস কৰে যে হিংসাত্মক কাৰ্য্যই কাৰো উদ্দেশ্য পূৰণ কৰিব নোৱাৰে আৰু পৰিস্থিতি অধিকজটিলহেকৰি তুলেআৰু দেশৰ পৰিৱেশ বিকৃত কৰিব পাৰে। দেশবিৰোধী কাৰ্যকলাপত মুছলমান লোকসকলেকোনো ধৰণে সমৰ্থন কৰিব নোৱাৰে।