চতুৰ্থ আৰু পঞ্চম প্ৰজন্মৰ যুদ্ধ আৰু আৰক্ষীৰ প্ৰস্তুতি

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
NSA অজিত ডোভাল বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাদেমী, হায়দৰাবাদত
NSA অজিত ডোভাল বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাদেমী, হায়দৰাবাদত
  পল্লব ভট্টাচাৰ্য
 
২০২১ চনৰ ১১ নৱেম্বৰত চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাদেমী হায়দৰাবাদত ৭৩ তম বেট্চৰ আই পি এছ (IPS) প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰা ভাষণত ৰাষ্ট্ৰীয় নিৰাপত্তা  উপদেষ্টা (NSA) শ্ৰী অজিত ডোভালে চতুৰ্থ প্ৰজন্মৰ যুদ্ধৰ বিষয়টো আলোকপাত কৰি কয়, "ৰাজনৈতিক বা সামৰিক উদ্দেশ্য প্ৰাপ্তিৰ বাবে যুদ্ধ এক অকাৰ্যকৰী সঁজুলি হৈ পৰা বৰ্তমান দৃষ্টিগোচৰ  হৈছে। যুদ্ধ অত্যাধিক ব্যয়বহুল আৰু অসহনীয় হোৱাৰ বাহিৰেও ইয়াৰ সফলতা সম্পৰ্কে অনিশ্চয়তা বিদ্যমান। কিন্তু দেশৰ নাগৰিক সমাজক প্ৰভাবাম্বিত কৰি বিভাজনৰ সৃষ্টি কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা দেশৰ সুৰক্ষা বিঘ্নিত হোৱাৰ পূৰ্ণ অবকাশ থাকে।"
 
এন এছ এৰ দ্বাৰা বিশেষকৈ চতুৰ্থ প্ৰজন্মৰ যুদ্ধৰ উল্লেখে ছপাৰ লগতে সামাজিক মাধ্যমতো যথেষ্ট আলোড়ণৰ সৃষ্টি কৰিছিল। প্ৰসিদ্ধ ৰাজহুৱা কৰ্মী আৰু শ্ৰীযুত ডোভালৰ সহধ্যায়ী আই এ এছ বিষয়া শ্ৰীমতী অৰুণা ৰয়ে সুশীল সমাজ সম্পৰ্কে NSAএ কৰা মন্তব্যক কঠোৰ ভাবে সমালোচনা কৰিছিল। লগতে ডোভালে ইচ্ছাকৃতভাবে এক নতুন "ৰাজনৈতিক" তত্ত্ব প্ৰস্তুত কৰি নাগৰিক সমাজৰ ওপৰত শত্ৰু দেশে বিপদজনকভাবে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাবনা প্ৰকট কৰি আৰক্ষী বিষয়াসকলক এই সম্পৰ্কে সাৱধানবাণী শুনুৱাৰ বাবে তীব্ৰ সমালোচনা কৰিছিল। শ্ৰীমতী ৰয়ে, যিয়ে ১৯৭৫ চনত আই এ এছ (IAS) ত্যাগ কৰি সামাজিক কৰ্মত ব্ৰতী হৈছিল, মত পোষণ কৰিছিল যে শ্ৰীযুত ডোভালে যি নাগৰিক সমাজৰ বিপক্ষে তেওঁৰ বিষয়াসকলক যুদ্ধ কৰাটো বিচাৰিছিল, সেই সুশীল সমাজক সংজ্ঞায়িত কৰিবলৈ যত্ন কৰা নাছিল। কোন শক্তিৰ আধাৰত তেওঁ নিজ দেশৰ নাগৰিক সমাজৰ বিৰুদ্ধে 'চতুৰ্থ প্ৰজন্মৰ যুদ্ধ' ঘোষণা কৰাৰ কৰ্তৃত্ব পালে সেয়াও তেওঁ ব্যক্ত কৰিব লাগে বুলি ৰয়ে দাবী উত্থাপন কৰে। তেওঁৰ মতে এই তত্ত্বই ৰাজনৈতিক কাৰ্যবাহী আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টা ৰাষ্ট্ৰ নিৰ্মাণৰ সপক্ষে থকা বুলি বৈধতা প্ৰদান কৰে; আনহাতে সংগঠিত নাগৰিক গোটৰ (নাগৰিক সমাজৰ) দ্বাৰা ৰাষ্ট্ৰৰ কোনো বিষয়ত বিৰোধিতা বা বিৰোধী ওকালতিক উন্নয়ন আৰু জাতীয়তাবাদক হ্ৰাস কৰা বুলি অংকন কৰে। ডোভালে তেওঁৰ উক্ত ব্যক্তব্যৰে স্পষ্টভাৱে সংবিধানত থকা গণতান্ত্ৰিক, সামাজিক আৰু উন্নয়নৰ সুৰক্ষা ভঙ্গ কৰিব বিচাৰে বুলি ৰয়ে অভিযোগ কৰা পৰিলক্ষিত হয়।
 
লস্কৰ-ই-তৈবাৰ মুম্বাই আক্ৰমণ, ২০০৮ চনত
 
সামাজিক আৰু ছপা মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত এন এছ এৰ ভাষণৰ দ্বাৰা উৎপন্ন হোৱা উত্তাপক বিশিষ্ট অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া আৰু সাহিত্য একাডেমী বঁটা বিজয়ী কবি কেকি এন দাৰুৱালাইও তীক্ষ্ণভাৱে প্ৰতিদ্বন্দিতা কৰিছিল। ভুৱা বাতৰি প্ৰচাৰ কৰা আৰু প্ৰায় প্ৰতিটো বিষয়ত এক চৰকাৰপক্ষীয় দৃষ্টিভংগী লোৱা বৰ্তমানৰ টি ভি চেনেলবোৰৰ ওপৰত ডোভালে কোনো মন্তব্য নাৰাখি কেবল নাগৰিক সমাজৰ ভয়াবহতা প্ৰকাশ কৰা বুলি তেওঁ অভিযোগ কৰিছিল। তেওঁৰ মনোযোগ কেবল সেই লোকসকলৰ ওপৰত আছিল, যিসকলে ভাৰতৰ নাগৰিক সমাজ গঠন কৰিছিল; তেওঁলোক যেন দেশ আৰু জাতিক ধ্বংস কৰিবৰ বাবে বদ্ধপৰিকৰ।
উল্লেখিত বাদ-বিবাদ সমূহৰ সন্দৰ্ভত চতুৰ্থ প্ৰজন্মৰ যুদ্ধৰ ধাৰণাটোৰ এক নিৰ্মোহ বিশ্লেষণ প্ৰয়োজনীয় হৈ পৰিছে। মানব জাতিৰ বিৱৰ্তনৰ সময়ত ইতিহাসত সংঘটিত বিভিন্ন স্তৰৰ যুদ্ধক প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ যুদ্ধ বুলি বৰ্ণনা কৰিব পাৰি য'ত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ, কৌশল আদি পৰম্পৰাগত আছিল। চতুৰ্থ প্ৰজন্মৰ যুদ্ধৰ ধাৰণাটো উইলিয়াম এছ লীন্দৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্লেষকৰ এটা দলে সৃষ্টি কৰিছিল। সময়ৰ অগ্ৰাসনৰ লগে লগে যুদ্ধৰো পৰিৱৰ্তন হʼল আৰু মানৱ জীৱনৰ আধুনিক পৰ্যায়ত যুদ্ধৰ বিকেন্দ্ৰীকৰণ হʼল। অৰ্থাৎ এখন দেশে শত্ৰু দেশৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ নকৰি যুদ্ধক বিকেন্দ্ৰিত কৰি শত্ৰু দেশৰ দুৰ্বল অংশত সেই দেশৰ অসন্তুষ্ট নাগৰিকৰ জৰিয়তে Proxy War আৰম্ভ কৰিব পাৰে। এনে যুদ্ধৰ ব্যয় প্ৰত্যক্ষ যুদ্ধৰ তুলনাত নগন্য। এনেধৰণৰ ৪ৰ্থ প্ৰজন্মৰ যুদ্ধত  যুদ্ধ আৰু ৰাজনীতি, যুঁজাৰু আৰু অসামৰিক লোকসকলৰ মাজৰ বৈশিষ্টপূৰ্ণ স্বকীয় ৰেখাবোৰ অস্পষ্ট হৈ পৰে। আন অৰ্থত ৰাষ্ট্ৰসমূহে বেচৰকাৰী সংগঠন, উগ্ৰপন্থী সংগঠন বা দেশত কাম কৰি থকা অন্যান্য অসন্তুষ্ট গোটৰ জৰিয়তে যুদ্ধৰ বিকেন্দ্ৰীকৃত পদ্ধতিৰ দ্বাৰা যুদ্ধ কৰাটো সহজ হৈ পৰিছে।
ভাৰতৰ বেচৰকাৰী সংগঠনসমূহৰ ভূমিকা সম্পৰ্কে গুপ্তচৰ সংস্থা আই বিএ (IB) "ভাৰতীয় উন্নয়নমূলক প্ৰকল্পসমূহ বিফল কৰাৰ বাবে নিৰ্বাচিত বিদেশী অনুদানপ্ৰাপ্ত বেচৰকাৰী সংগঠনসমূহৰ দ্বাৰা সমন্বিত প্ৰচেষ্টা" শীৰ্ষক এক প্ৰতিবেদন ৩ জুন, ২০১৪ তাৰিখে দাখিল কৰিছিল। ইণ্টেলিজেঞ্চ ব্যুৰোৰ এই প্ৰতিবেদনে তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি কৰাৰ লগতে বিভিন্ন গোটৰ চোকা নিৰীক্ষণৰ সন্মুখীন হৈছিল।  ২১ পৃষ্ঠাৰ প্ৰতিবেদনত সাতটা আন্দোলনক 'উন্নয়নবিৰোধী কাৰ্যকলাপ' অনুসৰণ কৰা বুলি উল্লেখ কৰা হৈছিল। সেই সাতটা হৈছে:
১. পাৰমাণৱিক আন্তঃগাঁথনি প্ৰকল্পত আন্দোলন,
২. কয়লাৰ দ্বৰা শক্তি প্ৰকল্পবোৰ চালিত কৰা উদ্যোগত আন্দোলন,
৩. আনুবংশিকভাৱে পৰিৱৰ্তিত জীৱ প্ৰকল্পত আন্দোলন,
৪. উৰিষ্যাৰ পস্কো প্ৰকল্পত আন্দোলন,
৫. উৰিষ্যাৰ বেদান্ত প্ৰকল্পত আন্দোলন,
৬. নৰ্মদা বচাও আন্দোলন,
৭. উত্তৰ-পূৰ্বাঞ্চলত নিষ্কাশনকাৰী উদ্যোগৰ বিৰুদ্ধে আন্দোলন।
প্ৰতিবেদনখনে গুৰুত্বপূৰ্ণভাৱে আৰম্ভনিতে প্ৰকাশ কৰিছিল যে ভাৰতৰ জি ডি পি (GDP) বৃদ্ধিৰ ওপৰত এনে উন্নয়ন-বিৰোধী কাৰ্যকলাপৰ নেতিবাচক প্ৰভাৱ ২-৩% হ'ব বুলি অনুমান কৰা হৈছে।
 
উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থী; প্ৰতিনিধিত্বমূলক ছবি
 
আন্দোলনসমূহত জৰিত হোৱা বহুতো বেচৰকাৰী সংগঠন বিদেশী অৰ্থৰ দ্বাৰা লাভাম্বিত। ইয়াৰ দ্বাৰা সহজে অনুমান কৰিব পাৰি যে বিদ্বেষী ৰাষ্ট্ৰই দেশৰ বিভিন্ন NGO বা অসন্তুষ্ট সংগঠনৰ জৰিয়তে  উন্নতিত হেঙাৰ সৃষ্টি কৰিব পাৰে -- ডোভালৰ চতুৰ্থ প্ৰজন্মৰ যুদ্ধৰ ই একপ্ৰকাৰৰ বহিঃপ্ৰকাশ বুলি অভিহিত কৰিব পাৰি।   
 
এই পৰিপ্ৰেক্ষিতত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ বিবাদৰ ফলত উদ্ভৱ হোৱা বৰ্তমানৰ গুৰুত্বপূৰ্ণ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰাটো গুৰুত্বপূৰ্ণ, যাৰ কাৰণ হৈছে ইউক্ৰেইনৰ নাটোত যোগদান কৰাৰ ইচ্ছা আৰু ৰাছিয়াৰ এই ধাৰণাটোৰ বিৰোধিতা। যদিও ৰাছিয়া আগতে এক মহাশক্তি আছিল, ই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। সেয়েহে এইটো মুখ্যতঃ অনুভৱ কৰা হয় যে পূৱ ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী নেতা আৰু ইউক্ৰেইনৰ ডনেটস্ক অঞ্চলৰ ৰাছিয়া পন্থী বিচ্ছিন্নতাবাদী চৰকাৰক ৰাছিয়াই ইতিমধ্যে Proxy চতুৰ্থ প্ৰজন্মৰ যুদ্ধ তৈয়াৰ কৰিবলৈ আৰম্ভনিত ব্যৱহাৰ কৰি আছে।  ২০০৮ চনত মুম্বাইত লস্কৰ-ই-তৈবাৰ আক্ৰমণ সন্দৰ্ভত পাক আই এছ আইৰ সক্ৰিয় সহযোগৰ জৰীয়তে  এই ঘটনা সংঘটিত হোৱা সকলোৰে জ্ঞাত। য়েমেনৰ হাউথী সংগঠণক দেশৰ ৰাষ্ট্ৰপতি আব্দ ৰাবু মনচুৰ হাদীৰ বিপক্ষে ইৰাণ আৰু উত্তৰ কোৰিয়াই ব্যৱহাৰ কৰা বুলি বহুতে সন্দেহ প্ৰকাশ কৰে। একেদৰে উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনসমূহে চলোৱা আক্ৰমণবোৰ কেতিয়াবা চীনা চোৰাংচোৱা সংস্থাৰ হাত আছে বুলি দৃঢ়ভাৱে বিশ্বাস কৰা হয়।
 
সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ কাশ্মীৰৰ পুলৱামাত ১৪ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে
 
পঞ্চম প্ৰজন্মৰ যুদ্ধ মুখ্যতঃ সামাজিক অভিযান্ত্ৰিক, ভুল তথ্য, চাইবাৰ (cyber) আক্ৰমণ, কৃত্ৰিম বুদ্ধিমত্তা আদিৰ দৰে অসামৰিক কাৰ্যৰ জৰিয়তে পৰিচালিত হয়। কেকি এন দাৰুৱালাই ওপৰত কৰা অভিযোগ আৰু সামাজিক মাধ্যম প্লেটফৰ্মত উল্লেখ কৰা অনুসৰি কিছুমান সংবাদ প্ৰতিষ্ঠানৰ ভুল তথ্য প্ৰচাৰে ইংগিত দিয়ে যে মানৱতা ইতিমধ্যে যুদ্ধৰ এই পৰ্যায়ত প্ৰৱেশ কৰিছে। ওপৰুক্ত কথাৰ প্ৰতি লক্ষ্য ৰাখি ডোভালৰ ভাষণটো বিশ্লেষণ কৰাতো সময়ৰ আহ্বান। এনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে আহিবলগীয়া প্ৰত্যাহ্বানৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব। আৰক্ষীসকলক তেওঁলোকৰ সমগ্ৰ সেৱা জীৱনত বৌদ্ধিকভাৱে নিৰন্তৰ ভিত্তিত প্ৰশিক্ষণ দিয়া প্ৰয়োজন যিটো দুৰ্ভাগ্যবশতঃ ভাৰতত হোৱা নাই। এলবাৰ্ট আইনষ্টাইনৰ বিখ্যাত উদ্ধৃতি --  “Intellectual growth should commence at birth and cease only at death” -- আৰক্ষী আৰু নীতি নিৰ্মাতাসকলৰ বাবে এক গুৰুতৰ স্মাৰক হোৱাতো অত্যন্ত জৰুৰী।
 
(লেখক এজন অসম আৰক্ষীৰ প্ৰাক্তন বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ)