শিখ ধৰ্ম আৰু ইয়াৰ দৰ্শন

Story by  atv | Posted by  [email protected] • 1 Years ago
গুৰুনানক জয়ন্তী উপলক্ষে গুৱাহাটীত উলিওৱা এক ধৰ্মীয় শোভাযাত্ৰা
গুৰুনানক জয়ন্তী উপলক্ষে গুৱাহাটীত উলিওৱা এক ধৰ্মীয় শোভাযাত্ৰা
  এল পি সিংহ / গুৱাহাটী
 
যেতিয়াই পৃথিৱীখন অন্যায়, অবিচাৰ, হিংসা, ক্লেশ, অন্ধবিশ্বাস আদিৰে ভৰি পৰে তেনে সময়তে সর্বসাধাৰণ মানুহক এইবোৰৰ পৰা পৰিত্ৰাণ দিবৰ বাবে আৰু অপ-সংস্কৃতিৰ পৰা মুক্ত কৰি পোহৰৰ বাট দেখুৱাবলৈ আবির্ভাব হয় একো একোজন মহামানৱৰ। এইদৰেই বিশ্বৰ শান্তিকামী জনতাক সঠিক পথেৰে আগবঢ়াই নিবলৈ যুগে যুগে আবিৰ্ভাৱ হৈ আহিছে শ্ৰীৰাম, শ্ৰীকৃষ্ণ, হজৰত মহম্মদ, গৌতম বুদ্ধ, মহাবীৰ, যীশুখ্ৰীষ্ট, কবীৰ, চৈতন্য, মহাপুৰুষ শংকৰদেৱ, গুৰু নানক আদিৰ দৰে মহাপুৰুষসকলৰ।
 
১৫০০ শতিকাতো ভাৰতবৰ্ষৰ বাবে বৰ কুটিল সময় আছিল। এফালে দেশীয় শাসকবর্গৰ কু-শাসন আৰু আনফালে ধৰ্মৰ নামত অন্ধবিশ্বাসে সাধাৰণ প্ৰজাসকলক দিশহাৰা কৰি তুলিছিল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই পোন্ধৰশ শতিকাতে আবির্ভাব হৈছিল চৈতন্য, কবীৰ, মহাপুৰুষ শংকৰদেৱ আৰু গুৰু নানকদেৱ আদিৰ দৰে বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোতা কেইগৰাকীমান মহাপুৰুষৰ।
 
গুৰুনানক জয়ন্তী উপলক্ষে গুৱাহাটীত একাংশ শিখ মহিলাৰ ধৰ্মীয় শোভাযাত্ৰা
 
১৪৬৯ খ্ৰীষ্টাব্দত গুৰু নানকৰ জন্ম হৈছিল উত্তৰ ভাৰতৰ পাঞ্জাৱৰ বৰ্তমান পাকিস্থানৰ অন্তর্গত তালবান্দী নামৰ এখন গাঁওত। পিতৃ মেহতা কালু আৰু মাতৃ তৃপ্তিজীৰ সাধাৰণ পৰিচৰ্য্যাত ডাঙৰ-দীঘল হোৱা এই শিশুটিয়ে বাল্যকালৰ পৰাই অনেক অসাধাৰণ কাৰ্যকলাপেৰে সকলোকে স্তম্ভিত কৰি আহিছিল।
সৰুৰে পৰা নানক আছিল এক অনন্য ব্যক্তিত্বৰ অধিকাৰী। তেওঁৰ আছিল সৌম্য চেহেৰা, উন্নত কপাল আৰু তেওঁৰ চকুযুৰিত প্রতিফলিত হৈছিল জ্ঞান আৰু বুদ্ধিমত্তাৰ চিন। তেওঁক দেখি সকলো মানুহ মোহিত হৈছিল। কথা-বতৰাত সকলো মানুহ বশীভূত হৈছিল। কিন্তু বেছিভাগ সময়তে তেওঁ সদায় নিৰৱতা অৱলম্বন কৰিছিল— এনেকুৱা লাগিছিল যেন তেওঁৰ আত্মা সদায় ধ্যানত নিমগ্ন হৈ ঈশ্বৰৰ সৈতে বিলীন হৈ আছে। সৰু কালৰে পৰা নানকৰ আন এটা বিশেষ গুণ আছিল কোনো ভীক্ষাৰী বা দৰিদ্ৰ লোক কেতিয়াও তেওঁৰ ঘৰৰ পৰা খালি হাতে বা খালি পেটে উভতিব লগা হোৱা নাছিল।
১৪৯৮ খ্রীষ্টাব্দত এদিন দোকমোকালিতে বেইন নদীত গা ধুবলৈ গৈ গুৰু নানক নোহোৱা হ'ল। গুৰু নানকৰ এই ৰহস্যময়ী অদৃশ্যৰ বিষয়ে নানা জনে নানা মত প্রকাশ কৰিছিল। কোনো কোনোৱে আশংকা কৰিছিল— বেইন নদীৰ বিশাল জলৰাশিৰ বুকুত নানক চিৰদিনৰ বাবে হেৰাই গ'ল। কিন্তু সকলোকে আচৰিত কৰি তিনি দিন তিনি ৰাতিৰ অন্তত বেইন নদীৰ সেই একে স্থানতে পুনৰ আবিৰ্ভাৱ হৈ গুৰু নানক পানীৰ পৰা পাৰলৈ উঠি আহিল। পানীৰ পৰা উঠি আহিয়েই গুৰু নানকে এটি মূল মন্ত্ৰ উচ্চাৰণ কৰিলে এই বুলিঃইক ওঁঙ্কাৰ সতনাম কৰতা পুৰুখ নির্ভও, নিৰৱেৰ অকাল মূৰ অযোনী সোভং গুৰুপ্ৰসাদ, জপ, আদি সচ্‌ যুগাদি সচ্ হে ভি সচ্, নানক হাঁচি ভী সচ্ ।
 
ধৰ্মীয় শোভাযাত্ৰাত কেইজনমান যুৱকৰ কলা-কৌশল প্ৰদৰ্শন
 
ইয়াৰ অৰ্থ হৈছেঃ ঈশ্বৰ এজনেই। তেওঁৰ নাম সত্য। তেৱেই সৃষ্টিকৰ্তা আৰু কাৰণ। তেওঁ নিৰ্ভয় আৰু বৈৰীহীন। তেওঁৰ ৰূপ আৰু আকৃতি সময়-পৰিস্থিতি আৰু পৰিধিৰ অতীত। তেওঁ সনাতন আৰু জন্ম-মৃত্যু ৰহিত। তেওঁ অযোনী সম্ভবা স্ব-প্ৰকাশ আৰু জ্ঞানৰ বৃত্তিময় স্বৰূপ। তেওঁক পাবলৈ কেৱল তেওঁৰহে অনুগ্ৰহৰ দৰকাৰ। তেওঁৰ নাম বাৰাম্বাৰ স্মৰণ কৰা। সৃষ্টিৰ আদিতে তেঁৱে সত্য আছিল, চাৰি যুগৰ আদিতেও তেঁৱে সত্য আছিল আৰু এতিয়াও তেঁৱে সত্য। নানকে কয় তেওঁ (ঈশ্বৰ) ভৱিষ্যতেও সত্য হৈ থাকিব।
এই মূলমন্ত্রকে সৰোগত কৰি গুৰু নানকে প্ৰচাৰ কৰিলে এক নৱতম ধর্ম আৰু সেয়া হ'ল শিখ ধর্ম। গুৰু নানকৰ মতে সমগ্ৰ মানৱ জাতিয়ে এক ঈশ্বৰৰ সন্তান। সেয়ে সেইসময়ৰ চুলতানপুৰৰ শাসক দৌলত খাঁ লোডিৰ আমন্ত্ৰণ ক্ৰমে তেওঁ তেওঁৰ ৰাজদৰবাৰলৈ গৈ কৈছিল— মই ইয়াত কোনো হিন্দু বা মুছলমানক দেখা নাই। দেখিছো কেৱল মানুহ। তেওঁৰ ধৰ্মত উচ্চ-নীচ, ধনী-দুখীয়া সকলোৰে সমান স্থান। গুৰু নানকৰ এই উদাৰ ধৰ্ম নীতিয়ে সকলোকে আকৰ্ষণ কৰিলে আৰু যিসকলে এই ধৰ্মত আকৃষ্ট হৈ ইয়াক গ্ৰহণ কৰিলে সিয়ে হ'ল শিখ। 
শিখ শব্দৰ অৰ্থ হ'ল শিষ্য। যি গৰাকী ব্যক্তিয়ে এক পৰমাত্মাত তথা এই ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ সৈতে বাকী ৯ গৰাকী শিখ গুৰুৰ বাণী, শিক্ষা লগতে শিখ সমাজৰ অবিনাশী গুৰু “শ্ৰীগুৰু গ্ৰন্থ চাহিবত বিশ্বাস তথা আস্থা ৰাখে তেনে এগৰাকী ব্যক্তিকে সহজ অৰ্থত শিখ বুলি কোৱা হয়। শিখ ধর্মই নৈতিকতা, সততা, ন্যায় আৰু ভ্ৰাতৃত্ববোধৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। 
সমগ্ৰ মানৱৰ সেৱা তথা মানব কল্যাণেই ইয়াৰ মুখ্য উদ্দেশ্য। ১১ বছৰ বয়সতে গুৰু নানকৰ উপনয়ন অর্থাৎ লগুণ দিয়নী উৎসৱ পতা লৈছিল। পিতৃ মেহতা কালুৱে পুতেকৰ সেই উপনয়ন উৎসৱলৈ বহু লোককে নিমন্ত্ৰণ কৰিছিল। কিন্তু আশাৰ্য্যকৰ কথা উৎসৱৰ দিনা গুৰু নানকে লগুন পৰিধান কৰিবলৈ অসন্মত হ'ল আৰু ক'লে—সূতাৰে তৈয়াৰ কৰা এই লগুণ ছিগি যাব, পুৰি যাব, আত্মাৰ লগত এই লগুণ কেতিয়াও সিপুৰিলৈ নাযায়। 
প্রেম, দয়া, সত্যবাদীতা, মনৰ সন্তুষ্টি আদিৰে কৰা লগুণ যদি আছে মোক দিয়ক–যিডাল লগুনৰ কপাহ হয় দয়া, সূতা হয় মনৰ সন্তুষ্টি, গাঁঠিবোৰ হয় সাধুতা আৰু পাকবোৰ হয় সততা আৰু সেইডালেই হ'ব আমাৰ আত্মাৰ বাবে আদৰ্শৰ লগুণ। কাৰণ, এনে লগুণ কেতিয়াও নিছিগে, কেতিয়াও নষ্ট নহয়, নজহে, নপমে, নোপোৰে আৰু কেতিয়াও নেহেৰায়ো আৰু তেনে লগুনহে ম‍ই পৰিধান কৰিম। সেয়েহে নানকৰ আৰু সেইদিনা লগুন পৰিধান কৰা নহ'ল ফলত পিতৃ মেহতা কালু আলহী-অতিথিৰ আগত বেয়াকৈ অপদস্ত হ'ব লগাত পৰিছিল।
 
ধৰ্মীয় শোভাযাত্ৰাত অংশ লোৱাৰ সময়ত একাংশ শিখ ধৰ্মাৱলম্বী লোক, গুৱাহাটীত 
 
গুৰু নানকে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰিছিল। গুৰু নানকৰ মতে ঈশ্বৰৰ সৃজনত প্ৰায়বোৰ ক্ষেত্ৰতে বিচ্ছিন্নতাৰ মাজত একতাৰ বীজ নিহিত হৈ থাকে। কোনো মানুহে দৰাচলতে হিন্দু বা মুছলমান হৈ জন্ম গ্ৰহণ নকৰে। পোছাক-পৰিচ্ছদ, ৰীতি-নীতি, বিশ্বাস আদিৰ দ্বাৰাহে মানুহে প্ৰভেদৰ সৃষ্টি কৰে। সেয়েহে গুৰু বাণীত কৈছে—“কই বলে ৰাম ৰাম, কই খোদায়ে, কই চেৱে গোচায়ে, কই আল্লায়ে।” অর্থাৎ ঈশ্বৰক কোনোৱে ৰাম বুলি কয়, কোনোৱে খোদা বুলি সম্বোধন কৰে, কোনোৱে গোসাই বুলি সেৱা-সৎকাৰ কৰে আৰু কোনোৱে আল্লা বুলি স্মৰণ কৰে। কিন্তু সকলোৰে পূজ্য প্রভৃ একেজনেই। 
গুৰু বাণীত সেয়েহে কোৱা হয়— সৎগুৰু নানক প্রগতিয়া, মিতে ধুন্ধ জাগ চানন হৈয়া অর্থাৎ গুৰু নানকজী এই পৃথিৱীত প্ৰকট হোৱাৰ লগে লগে সেই সময়ৰ ধুৱলী-কুৱলি পৃথিৱীখন পোহৰ হৈ পৰিছিল বুলি গুৰুৰ বাণীত কোৱা হৈছে। আমি আজি এই পবিত্র দিনতে গুৰু নানক দেৱজী তথা শিখ গুৰু সকলৰ মহৎ বাণীবোৰৰ জৰিয়তে গোটেই বিশ্বত শান্তিৰ বাণী বিলাব নোৱাৰো নে? আমি বিশ্ববাসীক জনাওঁ যে গুৰু নানকে প্ৰৱৰ্তন কৰা শিখ ধৰ্মটো এনেকুৱা এটা ধৰ্ম যাৰ মূল মন্ত্ৰ হৈছে— “ইক ওঙ্কাৰ” অর্থাৎ গড় ইজ ওৱান। 
পৃথিৱীৰ এই নৱতম ধৰ্মত জাতি ভেদ প্ৰথাৰ কোনো স্থান নাই আৰু একেশ্বৰ বাদেই হ'ল এই শিখ ধৰ্মৰ মূল মন্ত্ৰ। গুৰু নানকে সমগ্র বিশ্ব মানৱক এক ঈশ্বৰৰ সন্তান বুলি অভিহিত কৰি এখন শ্রেণীহীন সমাজৰ পোষকতা কৰিছিল। গুৰুজীৰ মতে ঈশ্বৰক পাবলৈ কোনো পাহাৰে-কান্দাৰে গৈ তপস্যা কৰাৰ প্ৰয়োজন নাই। তেওঁ সৰ্বব্যাপ্ত। সেয়েহে সাংসাৰিক হৈয়ো নিত্য-নৈমিত্তিক মানৱীয় কৰ্তব্য পালন কৰি ঈশ্বৰৰ নাম স্মৰণ কৰিলে ঘৰতে ঈশ্বৰ প্ৰাপ্তি হয়। গুৰুজীৰ বহুতো মূল্যৱান উপদেশৰ মাজৰ এষাৰ মূল্যবান উপদেশ আছিল— “কৃত কৰো, নাম জপো, ৱান্দ চকো”। অর্থাৎ নিজে নিজৰ কৰ্ম একাগ্ৰতা তথা আন্তৰিকতাৰে কৰা, এক সৃষ্টিকৰ্তাৰ নাম পুৱা-গধূলি স্মৰণ কৰা আৰু সকলোৱে সৎ পথেৰে আহৰণ কৰা ধন আৰু খাদ্য মিলি-জুলি ভগাই খোৱা।
 
 
গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ গুৰুবাণী
 
গুৰু নানকৰ চিন্তা ধাৰাত নাৰীৰ প্ৰতি থকা সন্মান আৰু উচ্চ প্ৰশংসাৰ বাণীসমূহ মন কৰিবলীয়া। সেইকাৰণে গুৰুবাণীত কৈছে— “চৌ কিয়ো মন্দা আখিয়ে, জিত জম্মে ৰাজা” অর্থাৎ যি নাৰী জাতিয়ে ৰজাক জন্ম দিব পাৰে, তেওঁক তুমি পুৰুষতকৈ কিয় নীচ বুলি জ্ঞান কৰা। গুৰু নানকজীয়ে ঘোষণা কৰি গৈছে যে নাৰী পুৰুষতকৈ শ্রেষ্ঠ কিয়নো তেওঁৰ মাতৃত্ব বহন কৰাৰ ক্ষমতা আছে, নাৰীৰ অবিহনে পুৰুষৰ জীৱন অসম্পূর্ণ।
গুৰুজীয়ে উল্লেখ কৰিছে যে সন্তানৰ লগত মাতৃ গৰাকীৰ সম্বন্ধ ভূমিৰ লগত বৃক্ষৰ সম্বন্ধৰ দৰে । প্ৰতিগৰাকী নাৰী ক্ষমা, ধৈৰ্য্য, প্ৰেৰণা, মাধুৰ্য্য আৰু আত্মত্যাগৰ প্ৰতিমূৰ্ত্তি। পর্দা, সতীপ্রথা, বাল্য বিবাহ, কন্যা সন্তান হত্যা, বহুবিবাহ আদি পৰম্পৰাসমূহ সমাজৰ ব্যাধি স্বৰূপ৷ এই পৰম্পৰাবোৰে সমাজৰ নিগ্রহ, শোষণ, দমন, নাৰী আৰু শিশুৰ ব্যৱসায় আদি ব্যভিচাৰক উৎসাহিত কৰিছিল। 
গতিকে নাৰীসকলৰ উত্থান অবিহনে সমাজ কল্যাণ আধৰুৱা। এটি সুখী দাম্পত্য জীৱনৰ মাজেৰেহে এখন সুন্দৰ সংসাৰ গঢ়ি তুলিব পাৰি বুলি শিখ ধৰ্মই সদায় বিশ্বাস কৰে। সেয়েহে গুৰুজীয়ে নিজে কৈছে তেওঁৰ জীৱন পথৰ কঠিন সংঘাত অতিক্ৰম কৰিবলৈ পৰ্বত সম সাহস যোগাইছিল বহু কেইগৰাকীমান নাৰীয়ে, সেই নাৰীসকলৰ ভিতৰত অন্যতম আছিল তেওঁৰ পূজনীয় মাতৃ, ভগ্নী আৰু তেওঁৰ পত্নী।
 
ধুবুৰীৰ  শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
 
জগত গুৰু শংকৰদেৱৰ দৰে গুৰু নানকৰ মতেও নামেই সাৰ৷ গুৰু শংকৰদেৱৰ ধৰ্মমতক নামধৰ্ম বুলি কোৱাৰ দৰে গুৰু নানকৰ ধৰ্ম মতকো “নাম চিমৰণ” বুলি কোৱা হয়। গুৰু নানকৰ এই উদাৰ ধৰ্মীয় মত প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত চাৰিবাৰ ভ্ৰমণ কৰিছিল।
গুৰুজনাৰ এই পৱিত্ৰ ভ্ৰমণক উদাসী বুলি কোৱা হয়। গুৰুজনাৰ এই ভ্ৰমণ কালত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে। আজিৰ পৰা প্ৰায় ৫৫৩ বছৰৰ আগতে গুৰু নানকে সত্যৰ অন্বেষণ, সত্যৰ উপলব্ধি আৰু সত্যক অনুধাৱন কৰি বিশ্বৰ সকলো শ্ৰেণীৰ লোকৰ বাবেই মংগলময় জীৱন পথৰ সন্ধান দি থৈ গৈছে।
মানৱ প্ৰেম আৰু অহিংসাৰ বাণীৰে চিৰ-সুন্দৰৰ পথ দেখুওৱা গুৰু নানকৰ আজিৰ এই ৫৫৩ তম জন্ম জয়ন্তীৰ দিনা আমি সকলোৱে গুৰুজনাৰ আদৰ্শৰে বিশ্ব মানৱৰ মঙ্গল কামনা কৰো আৰু সেয়াই হ'ব তেওঁলৈ আমাৰ আটাইৰে প্ৰকৃত শ্রদ্ধাঞ্জলি। ৱাহে গুৰু জী কা খালছা, বাহে গুৰু জী কী ফটেহ।।
 
 
(আজি গুৰু নানকৰ ৫৫৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এই লেখা প্ৰকাশ কৰা হৈছে। লেখক এগৰাকী অৱসৰপ্ৰাপ্ত বেংক বিষয়া)