বৰ্তমানৰ প্ৰতিক্ৰিয়াশীল ৰাজনীতিত, মুছলমানসকলে সতৰ্কতাৰে আগবাঢ়িব লাগিব

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
মুছলমান মহিলাসকলে ভোট দিবলৈ শাৰী পাতিছে
মুছলমান মহিলাসকলে ভোট দিবলৈ শাৰী পাতিছে
  আটিৰ খান
 
চণ্ডিগড়ৰ পৰা উভতি অহাৰ সময়ত শ্বামছ খৱাজাই এটা বেলেগ পথেৰে উভতাৰ  সিদ্ধান্ত লৈছিল। এখন গাওঁৰ মাজেৰে এটা তিতা পথেৰে গাড়ী চলাই আহি থকাৰ সময়ত শ্বামছে সন্ধিয়াৰ নামাজৰ আজান শুনিছিল। নামাজৰ সময় হোৱা বুলি তেওঁ অনুভৱ কৰি পথৰ সমীপৰ এটা মন্দিৰৰ ওচৰত গাড়ী ৰখাইছিল আৰু নামাজ পঢ়িবলৈ তেওঁ গাড়ীৰ পৰা জায় নামাজ উলিয়াই লৈছিল। শ্বামছে জায় নামাজ লৈ  মন্দিৰৰ মজিয়াত নামাজ পঢ়িবলৈ আগবাঢ়ি গৈছিল আৰু মজিয়াত জায় নামাজ  মেলিছিল। তেনে সময়তে মন্দিৰৰ ভিতৰৰ পৰা এটা শব্দ তেওঁৰ কানলৈ আহিছিল যে "বন্ধ কৰক ... মিষ্টাৰ, আপুনি কি কৰি আছে?"
 
শ্বামছে কৈছিল, "সমস্যাটো কি, মই ইয়াত নামাজ পঢ়া উচিত নহয় নেকি?" এগৰাকী অচিনাকি ব্যক্তি  শ্বামছৰ আগুৱাই আহিছিল। ৫০ বছৰীয়া এই ব্যক্তিগৰাকী দিল্লীস্থিত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু মন্দিৰটোৰ বৰ্তমানৰ পুৰোহিত।
 
তেঁও শ্বামছক কৈছিল, "মোক অনুসৰণ কৰক।" পুৰোহিত গৰাকীয়ে শ্বামছক মন্দিৰৰ চৌহদত থকা তেওঁৰ সৰু কোঠা এটালৈ লৈ গৈছিল আৰু কৈছিল যে, "আজি বৰষুণ হৈছিল বাবে মন্দিৰৰ মজিয়াখন তিতি গৈছে। সেয়ে আপুনি এই কোঠাটোতে নামাজ পঢ়া উচিত হব।" পুৰোহিত গৰাকীয়ে তেওঁৰ সৰু কোঠাত নামাজ পঢ়িবলৈ শ্বামছ একান্তভাৱে এৰি গৈছিল। 
 
আপুনি এনে বহুতো উদাহৰণ বিচাৰি পাব, যিয়ে আপোনাক পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰায় যে ভাৰত সচাকৈ এনে এখন দেশ নে য'ত সাম্প্ৰদায়িক বিদ্বেষে গভীৰভাৱে শিপাইছে। এনে উদাহৰণে ভাৰতীয় মুছলমানসকলক উপলব্ধি কৰায় যে দেশ বিভাজনৰ সময়ত তেওঁলোকৰ পূৰ্বপুৰুষসকলে কিয় পাকিস্তানলৈ যাব বিচৰা নাছিল।
আবুল কালাম আজাদৰ দৰে স্বাধীন ভাৰতৰ মুছলমান নেতাসকলে কেৱল মুছলমান সকলৰ বাবেই নহয়,সকলো ভাৰতীয়লোকক সেৱা আগবঢ়োৱাৰ বাবে ৰাজনীতি কৰিছিল। তেওঁলোকে ধৰ্মৰ ওপৰত আধাৰিত ৰাজনীতিৰ পৰা বিৰত আছিল।
অৱশ্যে, আজিৰ প্ৰতিক্ৰিয়াশীল ৰাজনীতিত, একাংশ মুছলমানলোকে বিশ্বাস কৰে যে যদি কোনো মুছলমান নেতাৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত এটা ৰাজনৈতিক দল গঠন হয়, তেন্তে তেওঁলোকৰ পক্ষে ভাল হ'ব। তেওঁলোকে বিশ্বাস কৰে যে মুছলমান নেতা সকলৰ পক্ষ ল'লে তেওঁলোক চৰকাৰৰ অংশীদাৰ হৈ পৰিব আৰু যাৰ ফলত তেওঁলোকে সুৰক্ষা আৰু ক্ষমতা লাভ কৰিব।
 
এনে মানসিকতাৰ বাবে মুছলমান ৰাজনৈতিক নেতাসকলৰ সংখ্যা বৃদ্ধি পাইছে। বহু মুছলমান আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হৈছে, যিয়ে মুছলমান সম্প্ৰদায়ৰ প্ৰতি সহানুভূতি দেখুৱাই তেওঁলোকৰ পৰা নিৰ্বাচনত ভোট আদায় চেষ্টা কৰি আহিছে।
 
দিল্লীৰ জুম্মা মছজিদত ইফতাৰ কৰি থকা এটা পৰিয়াল
 
 
কিছু শক্তিয়ে কেৱল ধৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন জয়ী হব বিচাৰে। কিন্তু এনে নেতা তথা দলৰ পক্ষ লৈ মুছলমান লোকসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে কোনো উন্নতি সাধন কৰিব নোৱাৰে। এই শক্তি বোৰে মুছলমান সম্প্ৰদায়টোক ন্যায় পোৱাৰ সলনি সংঘৰ্ষবাদী পথলৈহে ঠেলি  দিছে। 
 
মুছলমান সম্প্ৰদায়ে নিজকে প্ৰশ্ন কৰিব লাগিব যে তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱা ৰাজনৈতিক দলবোৰে সঁচাকৈয়ে তেওঁলোকৰ উন্নতিৰ কথা চিন্তা কৰিছে নে সাম্প্ৰদায়িক বিভাজনৰ কথাহে চিন্তা কৰিছে।
 
কেইবা দশক ধৰি শাসন কৰি অহা তথাকথিত ধৰ্ম নিৰপেক্ষ দলবোৰে মুছলমান লোকসকলক ভোট বেংক হিচাপে লক্ষ্য কৰি আহিছে আৰু সম্প্ৰদায়ৰ টোৰ জ্বলন্ত সমস্যাৰ বোৰৰ প্ৰতি কোনো মনোযোগ দেখা নাযায়। 
ইছলামে শিকায় যে আল্লাই কেৱল মুছলমান লোকসকলক নহয় সমগ্র বিশ্বব্ৰহ্মাণ্ড ৰক্ষা কৰি আহিছে। আনকি ইছলামত জাকাতৰ ধাৰণাটোৱেও ধৰ্মীয় ভিত্তিত পাৰ্থক্য নকৰে। জাকাতৰ  অন্তৰ্নিহিত উদ্দেশ্য হৈছে যে যদি আপুনি এজন দৰিদ্র ব্যক্তি দেখিছে, তেন্তে মুছলমান লোকসকলে  ধৰ্ম নিৰ্বিশেষে তেওঁলোকক দান কৰিবলৈ কৰ্তব্যবদ্ধ। একেদৰে কেৱল ধৰ্মীয় ভিত্তিত এটা ৰাজনৈতিক দলক সমৰ্থন কৰাটো ইছলামৰ মৌলিক আদৰ্শৰ বিৰোধী। দিল্লীৰ এজন শৈক্ষিক প্ৰযুক্তিবিদ আৰু মিডিয়া বিশ্লেষক আব্দুল চামাদে বিশ্বাস কৰে যে মুছলমানক লৈ কোনো ৰাজনৈতিক দল গঠন হব নোৱাৰে।
বিভাজনমূলক নীতি হৈছে ইছলামৰ পৰিপন্থী। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক  হজৰত মহম্মদেও মদিনাত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গঠন কৰিছিল।
 
হজৰত মহম্মদৰ এই আদৰ্শ বিশ্বৰ সকলো মুছলমানৰ বাবে এক আদৰ্শৰ প্ৰতীক।ইছলামৰ এই ধৰ্ম নিৰপেক্ষ আদৰ্শই পাকিস্তানৰ স্ৰষ্টা মহম্মদ আলী জিন্নাৰ দুই ৰাষ্ট্ৰৰ তত্বক (two-nations theory) প্ৰত্যাখ্যান কৰিছে।
 
ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছিৰও মতামত একেই। তেওঁ কয় যে মুছলমান লোকসকলৰ বাবে ধৰ্মীয় ভিত্তিত এটা দলৰ প্ৰচাৰৰ কথা ভবাটো এক বেয়া ধাৰণা। তেওঁ কয় যে তেওঁলোকে এটা ধৰ্ম নিৰপেক্ষ দলৰ অংশ হোৱা উচিত। মুছলমান পৰিচয় থকা এটা ৰাজনৈতিক দলৰ ধাৰণা ভাৰতত কৰিব নোৱাৰি। এনে দলে সৰ্বাধিক ১০-১৫ শতাংশ ভোট লাভ কৰিব। কিন্তু এনে দলে নিজে চৰকাৰ গঠন কৰিব নোৱাৰে।
 
মুছলমান লোকসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ ভিতৰত সক্ষম নেতা বা তেওঁলোকৰ ওপৰত আস্থা থকা নেতা সকলক সমৰ্থন কৰা উচিত। 
 
এজন নেতাৰ মুখ্য প্ৰত্যাহ্বান হ'ল মুছলমান লোকসকলৰ মৌলিক নিৰাপত্তাহীনতাৰ বিষয়ে চিন্তা কৰা আৰু তেওঁলোকৰ শিক্ষা আৰু অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰাৰ ওপৰত কাম কৰা। 
 
সম্পদ আৰু সুযোগৰ ভাগ-বতৰাৰ ফলত উদ্ভৱ হোৱা সংঘৰ্ষৰ মাজত মুছলমান লোকসকলৰ প্ৰকৃত সমস্যাক প্ৰতিনিধিত্ব কৰাত নেতাসকল কৌশলপূৰ্ণ হোৱা প্ৰয়োজন। 
স্বাধীনতাৰ পিছত দেশত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ জন্ম হৈছিল। ইয়াৰ সৰহ সংখ্যক কাৰ্য্যালয়-বাহক আৰু বিত্তীয় অৱদানকাৰী হৈছে মুছলমান। দলটোৱে ভাৰতীয় মুছলমানসকলৰ বাবে কি লাভ কৰিছে? যদিও ইয়াক মুছলমান লোকসকলৰ এটা দল হিচাপে চিনাক্ত কৰা হয়, তৎসত্বেও ই কেৰালাৰ বাহিৰত সম্প্ৰসাৰিত হ'বলৈও সক্ষম হোৱা নাই। কেৱল ধৰ্মৰ ওপৰত আধাৰিত এটা ৰাজনৈতিক দলক সমৰ্থন কৰিলে মুছলমান লোকসকলে কেতিয়াও আগুৱাই যাব নোৱাৰে।
মুছলমানসকলে এজন নেতা নিৰ্বাচন কৰিব লাগিব, যিগৰাকীয়ে তেওঁলোকৰ উন্নয়নৰ হকে কাম কৰাত উৎসৰ্গিত। এনে নেতাসকলে নিৰ্বাচনত পৰাজিত হ'লেও মুছলমান লোকসকল হতাশ হোৱাৰ প্ৰয়োজন নাই। কিয়নো এই নেতা সকলে সম্প্ৰদায়টোৰ উন্নয়নৰ হকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । 
 
যেতিয়া মৌলানা আজাদ, হাফিজ মহম্মদ ইব্ৰাহিম আৰু মৌলানা হিফজুৰ ৰেহমানৰ দৰে নেতা ভাৰতত আছিল, তেতিয়া বেছিভাগ হিন্দুলোকে ইছলামিক নীতিবোৰক দেশৰ অখণ্ডতা, মানৱতাবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ পৰিপন্থী বুলি ভৱা নাছিল।
 
আমি ইতিহাসৰ পৰা এটা শিক্ষা লোৱা উচিত। ১৯৩৭ চনত হোৱা উপনিৰ্বাচনত কংগ্ৰেছৰ হাফিজ মহম্মদ ইব্ৰাহিমে ব্ৰিটিছ শাসনৰ অধীনত পৃথক নিৰ্বাচক মণ্ডলীৰ ব্যৱস্থাত উত্তৰ প্ৰদেশৰ বিজনৌৰত মুছলিম লীগৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰিছিল। এই নিৰ্বাচনত, এম এ জিন্নাই প্ৰচাৰ চলাইছিল আৰু ভোটাৰসকলক সম্প্ৰদায়টোক ভোট দিবলৈ আৰু হাফিজ মহম্মদ ইব্ৰাহিমৰ প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰিবলৈ অনুৰোধ কৰিছিল।
 
এটা ৰাজনৈতিক সমদলত অংশগ্ৰহণ কৰা মুছলমান যুৱকসকল
 
এই নিৰ্বাচনৰ ফলাফলে ইউ কেৰ হাউচ অৱ কমনছত এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে ভাৰতৰ মুছলমান লোক সকল কেৱল দেশ বিভাজনৰ বাবে হৈছিল যে ভাৰতৰ মুছলমান লোক সকল মুছলিম লীগৰ সৈতে থিয় হোৱা নাছিল, যিদৰে দাবী কৰা হৈছিল। 
হাফিজ ইব্ৰাহিমৰ সম্পৰ্কীয় ভাই মৌলানা হিফজুৰ-ৰেহমান সংবিধান সভাৰ সদস্য, জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ পেটেলৰ সহকৰ্মী আৰু মহাত্মা গান্ধীৰ দাণ্ডি মাৰ্চৰ অংশীদাৰ আছিল। তেওঁ ভাৰত বিভাজনৰ ওপৰত এ আই চি চিৰ প্ৰস্তাৱৰ বিৰুদ্ধে হাত দাঙি দেশ বিভাজনৰ ওপৰত তেওঁৰ আপত্তি পঞ্জীয়ন কৰিছিল।
দুৰ্ভাগ্যবশত, এনে মহান নেতাসকলৰ মৃত্যুৰ পিছত আৰু ছদ্ম-ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলবোৰৰ কিছুমান কাৰ্যসূচীয়ে হিন্দুলোক সকলৰ প্ৰতিক্ৰিয়াশিল কৰি তুলিছিল। কংগ্ৰেছৰ মুছলমান তোষণ নীতিয়েও কোনো ভাল কাম কৰা নাছিল। ভাৰতীয় মুছলমান লোকসকলে সদায়ে  পাকিস্তানৰ প্ৰতিষ্ঠাপক জিন্না আৰু তেওঁৰ বিভেদ কামী নীতিৰ বিৰুদ্ধে নিজৰ স্থিতি বাহাল ৰাখিব লাগিব। ভাৰতীয় মুছলমান লোক সকলৰ একমাত্ৰ পৰিচয় হৈছে তেওঁলোকৰ ভাৰতীয় আৰু অন্য ভাৰতীয় লোকত কৈ তেওঁলোকৰ অন্য দ্বিতীয় পৰিচয় নাই।
 
এ আই এম আই এমৰ আচাদুদ্দিন ওৱাইচিয়ে শেহতীয়াকৈ কৈছিল যে তেওঁ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে মুখামুখি হ'ব আৰু নিশ্চিতভাৱে জয়ী হব। তেওঁ বৰ্ণনা কৰিছিল যে মানুহে তেওঁলোকৰ হৃদয়েৰে (আৱেগ) তেওঁক ভোট দিব। 
 
আজি উত্তৰ প্ৰদেশৰ নিৰ্বাচন ধৰ্ম আৰু জাতিবাদৰ ওপৰত প্ৰতিদ্বন্দিতা কৰা হৈছে। মুছলমান লোকসকলক কোৱা হৈছে যে যদি অসুৰক্ষিত অনুভৱ কৰে তেন্তে তেওঁলোকে বিজেপিক পৰাজিত কৰিব লাগিব। নিৰ্বাচনবোৰ ভাৰতত মুছলমান সকলৰ অস্তিত্বৰ  নিৰ্ণায়ক হিচাপে প্ৰক্ষেপ কৰা হৈছে।
অৱশ্যে, কৌশলগত মুছলমান ভোটদানৰ ধাৰণাটো এক বিফলতা। সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি, কংগ্ৰেছ, আপে বহু মুছলমানক নিৰ্বাচনী টিকট প্ৰদান কৰিছে। লগতে, আচাদুদ্দিন ওৱাইচিয়ে কমেও ৪০ খন আসনত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। য'ত এছ পি, বি এছ পি বা কংগ্ৰেছে হয়তো কিছু ভোটত জয়ী হ'ব পাৰিলেহেঁতেন। যিহেতু বিষয়বোৰে মূৰ দাঙি উঠিছে, মুছলমান ভোট বিভাজন হ'ব লাগিব, বিশেষকৈ একাধিক মুছলমান প্ৰাৰ্থী থকা সমষ্টিবোৰত। এয়া, কেৱল সাধাৰণ জ্ঞান। অৱশ্যে, বিজেপিৰ বিজয়ে আন এক বিপদজনক চিন্তাধাৰা স্থাপন কৰিব পাৰে। মুছলমান ভোট নগণ্য আৰু দলটোৱে সম্প্ৰদায়টোৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। 
অৱশ্যে, নিৰ্বাচনৰ প্ৰতি মুছলমানৰ মনোভাৱ সলনি হ'ব লাগিব, আৰু তেতিয়াহে ৰাজনৈতিক দলবোৰে তেওঁলোকৰ সমস্যাবোৰৰ প্ৰতি অৰ্থপূৰ্ণ সঁহাৰি প্ৰদান কৰিব। অন্যথা, তেওঁলোক কেৱল ভোট বেংক হিচাপে থাকিব লাগিব।
 
মুছলমান লোকসকলে শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। যাতে পৰৱৰ্তী প্ৰজন্মই সঠিক সিদ্ধান্ত ল'ব পাৰে  আৰু বুদ্ধিমত্তাৰে ভোট  দান কৰে ।
 
এজন ভাল নেতা মুছলমান লোকসকলৰ কাৰণে বেছি কল্যাণ মূলক কাম কৰিব পাৰে। নিৰ্বাচনত জয় আৰু পৰাজয় এই লোক সকলৰ প্ৰাথমিকতা নহয়। ছাৰ চৈয়দ আহমেদ খান এনেকুৱা এটা উদাহৰণ। ছাৰ চৈয়দ আহমেদ খানে কেতিয়াও নিৰ্বাচনত জয়ী হোৱা নাছিল, তথাপিও তেঁও মুছলমান সম্প্ৰদায়ৰ শিক্ষাত বিপ্লৱ আনিছিল।