আইন প্ৰৱৰ্তনকাৰীসকলে ভাৰতবৰ্ষক দুৰ্বল ৰাষ্ট্ৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ। ফাইল ফটো
আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ। ফাইল ফটো
  আটিৰ খান
 
এখন সভ্য পৃথিৱীত নাগৰিক সমাজৰ সক্ৰিয় অংশগ্ৰহণেৰে এখন ৰাষ্ট্ৰ সুচাৰুৰূপে চলোৱাৰ ব্যৱস্থা আছে। এখন সফল গণতন্ত্ৰৰ বাবে ৰাষ্ট্ৰযন্ত্ৰ আৰু নগৰিক সমাজে সমানে অৰিহণা যোগাব লগিব। 
 
এখন সভ্য সমাজত বিবাদৰ সৃষ্টি তেতিয়া হয়, যেতিয়া ৰাষ্ট্ৰযন্ত্ৰ আৰু নাগৰিক সমাজে তেওঁলোকৰ পৰিসীমাৰ ভিতৰত থাকি কাম নকৰে। তেনে পৰিস্থিতিত ৰাষ্ট্ৰযন্ত্ৰ দমনকাৰী  হৈ পৰে আৰু নাগৰিক সমাজে  নিজৰ হাতত আইন তুলি লয়। তেনে সময়তে আইন প্ৰণয়নকাৰী সকলে ৰাষ্ট্ৰযন্ত্ৰ আৰু নাগৰিক সমাজৰ মাজত থকা ভাৰসাম্যতা ৰক্ষা কৰিব লাগে। 
আমি সেইখন সভ্য সমাজৰ কথা কৈছো, যিখন সমাজত নাগৰিক সকলে সমুহীয়া স্বাৰ্থৰ বাবে একেলগে ওলাই আহে। এখন ৰাষ্ট্ৰ সফল হব নোৱাৰে যদিহে সভ্য সমাজখনক প্ৰগতিশীল দিশত আগবাঢ়ি যোৱাত বাধা আৰোপ কৰা হয়। ঠিক সেইদৰে এখন সভ্য সমাজৰ স্থিতি  বাহাল থাকিব নোৱাৰে, যদিহে  ৰাষ্ট্ৰযন্ত্ৰই সহযোগ  আৰু প্ৰতিৰক্ষা প্ৰদান নকৰে। ৰাষ্ট্ৰযন্ত্ৰ আৰু সভ্য সমাজে সদায় সহাৱস্থানৰ পন্থা অৱলম্বন কৰিব লাগে। 
যিদৰে এখন ৰাষ্ট্ৰ অত্যাচাৰী বা দমনমূলক  হব নোৱাৰে, তেনেদৰে এখন সভ্য সমাজেও কোনো ক্ষেত্ৰতে হিংসাৰ প্ৰশ্ৰয় লব নোৱাৰে। এখন সভ্য সমাজে সদায় তেওঁলোকৰ অসন্তুষ্টি আৰু ভিন্নমত বিভিন্ন বিষয়ৰ ওপৰত ক্ৰমে সাম্প্ৰদায়িকতা, জাতিবাদ, মহিলা, কৃষি আইন, শ্ৰমিক আইন, অৰ্থনৈতিকভাৱে  কৰা অন্যায় আৰু পাৰিপাৰ্শ্বিক অৱক্ষয় শান্তিপূৰ্ণ প্ৰচেষ্টাৰে  প্ৰকাশ কৰা উচিত।
 
আইনৰ আদালত

ৰাষ্ট্ৰ পৰিচালনা কৰা ব্যক্তিসকলক এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হয় আৰু সেইবাবে তেওঁলোক শক্তিশালীও হয়। আনহাতে নাগৰিক সমাজৰ কৰ্মীসকল স্ব-ঘোষিত হয় যদিও সময়ৰ সৈতে তেওঁলোকে নেতৃত্বৰ পদ গ্ৰহণ কৰে। এই ক্ষেত্ৰত দুয়োপক্ষই সততাৰে তেওঁলোকৰ দায়িত্ব পালন কৰিব বুলি আশা কৰাটো বাঞ্ছনীয়। 
 
এখন ৰাষ্ট্ৰত আইন প্ৰৱৰ্তনকাৰীসকল হৈছে জনসাধাৰণক ন্যায় প্ৰদান কৰাৰ প্ৰথম আহিলা। তেওঁলোকে এখন ৰাষ্ট্ৰক দুৰ্বল তথা অত্যাচাৰী হিচাপে পৰিগণিত নহোৱাত  গুৰু দ্বায়িত্ব আছে।
 
শেহতীয়া দুটা ঘটনা  লক্ষ্য কৰোঁ আহক। প্ৰথমে, শেহতীয়াকৈ দিল্লীৰ এখন আদালতত  আৰক্ষীয়ে তেওঁলোকৰ কাম অতি সততাৰে কৰিছিল বুলি উল্লেখ কৰি, এজন সত্ৰ ন্যায়াধীশে মেহমুদ প্ৰাচা নামৰ এজন অধিবক্তাক তীব্ৰ গৰিহণা দিছিল। কাৰন সেই অধিবক্তাজনে যুক্তি দাঙি ধৰিছিল যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত আৰক্ষীয়ে মুছলমান সম্প্ৰদায়ক জগৰীয়া কৰাৰ লক্ষ্য কৰি লৈছিল।
 
অতিৰিক্ত সত্ৰ ন্যায়াধীশে উল্লেখ কৰিছিল যে অধিবক্তা জনৰ অভিযোগবোৰৰ ভিত্তি আছিল তেওঁৰ আৰক্ষীৰ প্ৰতি থকা অপৰিসীম ঘৃণা, বিদ্বেষ আৰু তীব্ৰ অসন্মতি।
ন্যায়াধীশজনে কৈছিল যে, অধিবক্তা জনে নিজেই কোনো ধৰনৰ প্ৰমান নথকাকৈ দিল্লীৰ হিংসাত্মক ঘটনাক সাম্প্ৰদায়িক ৰহন দিব খুজিছিল আৰু দিল্লী আৰক্ষীক এই সংঘৰ্ষৰ বাবে জগৰীয়া কৰিছিল। আমি বিচাৰকৰ সৈতে একমত হোৱাটোও যুক্তিসঙ্গত কাৰণ গোটেই আৰক্ষী বাহিনী সাম্প্ৰদায়িক হ'ব নোৱাৰে।
আৰক্ষী আৰু চৰকাৰত  বহু সু-অৰ্থপূৰ্ণ, অত্যন্ত সক্ষম আৰু বুদ্ধিমান বিষয়া আছে। যিসকলক জনসাধৰনৰ বাবে ন্যায় দিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। একেদৰে, সকলো ৰাজনীতিবিদ, তেওঁলোক যি ৰাজনৈতিক দলৰে  নহওঁক কিয় তেওঁলোকৰ মানসিকতা একে হ'ব নোৱাৰে। যি কি নহওক তেওঁলোক সকলো মানুহ। 
 
দিল্লীৰ হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত আৰক্ষী সঠিক আছিল নে অধিবক্তাৰ ওকালতি কৰাৰ যুক্তি সঁচা আছিল সেয়া উচ্চ ন্যায়পালিকাই সোনকালে বা পিছত সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু সাধাৰণ নিয়ম হিচাপে নিম্ন ন্যায়পালিকাৰ আইন প্ৰৱৰ্তনকাৰী সকলক অবিশ্বাস কৰাৰ কাৰণ নাই আৰু আনকি এনে কৰা উচিতো নহয়। যেতিয়ালৈকে আৰক্ষীৰ পক্ষপাতদুষ্ট ভাৱে কাম কৰাৰ লক্ষণ নাথাকে। এই ধাৰণাটোৰ আঁৰৰ যুক্তি হ'ল যে আৰক্ষীক দুটা বিতৰ্কিত পক্ষৰ মাজত এক স্বতন্ত্ৰ "তৃতীয় পক্ষ" বুলি গণ্য কৰা হয় আৰু এক স্বতন্ত্ৰ মূল্যায়ন দিব বুলি আশা কৰা হয়।
 
সেয়েহে, আইন প্ৰৱৰ্তনকাৰী বিষয়া এজনৰ দৃষ্টিভংগী যথেষ্ট  গুৰুত্বপূৰ্ণ। কাৰণ ই মানুহৰ জীৱন গঢ়িব বা ধ্বংস কৰিব পাৰে। এইয়া হৈছে মানুহৰ প্ৰতি আইন প্ৰৱৰ্তনকাৰী সকলৰ এক সামূহিক দৃষ্টিভংগী। যিয়ে এখন ৰাষ্ট্ৰৰ ধাৰণা সৃষ্টি কৰাত সহায় কৰে।
 
দিল্লীৰ সংঘৰ্ষ। ফাইল ফটো
 
আইন প্ৰৱৰ্তনকাৰী সকলে দেশৰ আইন অনুসৰণ কৰিব বুলি আশা কৰা হয় আৰু দেশৰ সংখ্যাগৰিষ্ঠ বা সংখ্যালঘু জনসংখ্যাৰ প্ৰতি নিৰপেক্ষ ভুমিকা গ্ৰহণ কৰিব লাগে।   
এতিয়া আন এটা শেহতীয়া ঘটনা বিশ্লেষণ কৰোঁ, য'ত ঝাৰখণ্ড আৰক্ষীয়ে প্ৰশান্ত বসু ওৰফে কিষান্দাক গ্ৰেপ্তাৰ কৰিছিল। বসু এজন  চি পি আই (মাওবাদী) কেন্দ্ৰীয় সমিতিৰ সদস্য। তেওঁক মাওবাদী কাৰ্যকলাপ আৰু পিপলছ ৱাৰ গ্ৰুপৰ "থিংক টেংক" বুলি গণ্য কৰা হয়। আৰক্ষীৰ মতে, বসুৱে নক্সাল সকলৰ সৈতে জড়িত এক শ্ৰমিক সংগঠনত যোগদান কৰিছিল। তেওঁক ১৯৭৪ চনত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১৯৭৮ চনত মুক্তি পোৱাৰ পিছত,তেওঁ কানাই চেটাৰ্জীৰ সৈতে এম চি চি আই নামৰ এটা সংঠন গঠন কৰিছিল। 
বসুৱে গিৰিদিহ, ধাবাদ, বোকাৰো আৰু হাজাৰিবাগত জমিদাৰ সকলৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠিত কৰিবলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাত তেওঁ আৰক্ষী আৰু উচ্চ বৰ্ণৰ জমিদাৰ সকলৰ  "অন্যায়"ৰ বিৰুদ্ধে যুঁজ দিছিল।
 
তেওঁ জীৱনৰ ৪৫ বছৰ ধৰি এই হিংসাত্মক কামত সক্ৰিয়ভাৱে জৰিত হৈ আছিল আৰু নিষিদ্ধ সংগঠনটোৰ বেছিভাগ সক্ৰিয় নেতাক প্ৰশিক্ষণ দিছিল। তেওঁ প্ৰশিক্ষণ দিয়া নেতাসকলক শ শ আৰক্ষীৰ হত্যাৰ বাবে সন্দেহ কৰা হয়। 
 
ৰাজ্যখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে বসু মানসিকভাৱে যিকোনো লোকতকৈ বহুত বেছি সতৰ্ক। "যিকোনো ব্যক্তি তেওঁৰ সান্নিধ্যতালৈ আহিলে  তেওঁ নক্সালৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হব বুলি বিষয়া জনে কয়।
দুৰ্বল আৰু পিড়িত লোকক ন্যায় দিয়াৰ বাবে বসুৰ দ্বায়িত্ববোধ অতিকে প্ৰশংসনীয়। কিন্তু সেই ধৰনৰ দ্বায়িত্ববোধবোৰ এখন সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য নহয়। কাৰণ তেওঁৰ কাৰ্যকলাপবোৰ হিংসাৰ লগত জড়িত আছিল। 
শেহতীয়াকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এক অতি গুৰুত্বপুৰ্ণ  মন্তব্য দিছিল। যদিও ডোভালৰ বক্তব্যক নাগৰিক অধিকাৰৰ তথাকথিত ৰক্ষকসকলে সমালোচনা কৰিছে, তেওঁ সম্ভৱতঃ বুজাইছিল যে ৰাষ্ট্ৰ আৰু নাগৰিক সমাজে সহাৱস্থান কৰিব লাগে। ডোভালে এইটোও কৈছিল যে ৰাষ্ট্ৰ আৰু নাগৰিক সমাজৰ সংঘাতে ভৱিষ্যতে বিপদ ঘটাব পাৰে ।
 
আই পি এছ প্ৰশিক্ষাৰ্থীৰ‌ এটা নতুন গোটক তেওঁলোকৰ দায়িত্বৰ বিষয়ে সোঁৱৰাই দি ডোভালে  কয়, "ৰাষ্ট্ৰৰ সুৰক্ষা আৰু নিৰাপত্তা আপোনালোকৰ দায়িত্ব। জনসাধাৰণৰ প্ৰতি থকা আপোনালোকৰ দ্বায়িত্ব আটাইতকৈ গুৰুত্বপূৰ্ণ। চতুৰ্থ প্ৰজন্মৰ যুদ্ধৰ নতুন সীমা হৈছে নাগৰিক সমাজ। জনসাধাৰণৰ সেৱা কেৱল আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ দৃষ্টিকোণৰ পৰাই নহয়, ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰাও সৰ্বশ্ৰেষ্ঠ সেৱা।"
দেখা গৈছে যে তথাকথিত নাগৰিক সমাজৰ ৰক্ষকসকলে সূক্ষ্ম তাৎপৰ্যৰ পৰা বঞ্চিত হৈছে। ডোভালে কৈছিল যে এখ্ন সফল ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নোৱাৰি য'ত আইনৰ শাসন বিফল হৈছে, য'ত মানুহে সুৰক্ষিত অনুভৱ কৰিব নোৱাৰে আৰু য'ত আইন প্ৰৱৰ্তনকাৰী সকল দুৰ্বল, দুৰ্নীতিগ্ৰস্ত আৰু পক্ষপাতী হয়। তেওঁ লগতে কৈছিল যে গণতন্ত্ৰৰ পঞ্চত্ব ভোট বাকচত নাথাকে। এইটো সেই বেলট বাকচৰ জৰিয়তে নিৰ্বাচিত হোৱা লোকসকলৰ দ্বাৰা প্ৰস্তুত কৰা আইনত নিহিত আছে। আপোনালোক আইন প্ৰৱৰ্তনকাৰী। আইনবোৰ যিমান ভাল সিমান ভাল নহয়। আইনবোৰ কাৰ্যকৰী কৰাৰ ওপৰত হে কব পাৰি যে ই কিমান ভাল।
ডোভালে ৰাজনীতিৰ বিষয়ে নহয়, জনসাধাৰনৰ বিষয়ে প্ৰকাশ কৰি কৈছে, এইটো পাহৰিব নালাগে যে আমাৰ ঔপনিৱেশিক অতীতৰ উত্তৰাধিকাৰী আছে। য'ত আৰক্ষীক সদায় সন্দেহৰ চকুৰে চোৱা গৈছিল আৰু বশ্যতা সেই দিনবোৰৰ এটা নিয়ম আছিল।
 
ওপৰোক্ত দুটা উদাহৰণে আমাক দেখুৱাই যে আমি ঔপনিৱেশিক উত্তৰাধিকাৰী আৰু আমি এতিয়াও অনুসৰণ কৰা ব্ৰিটিছ ব্যৱস্থাৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা নাই। এজন সাধাৰণ মানুহে আৰক্ষীক সন্দেহৰ দৃষ্টিৰে চায় আৰু  কিষান্দাই ৪৫ বছৰ ধৰি দুৰ্বলসকলৰ বশ্যতাৰ বিৰুদ্ধে যুঁজ দি আহিছে। কিন্তু এক ধ্বংসাত্মক মানসিকতাৰ সৈতে।  
 
আইন প্ৰৱৰ্তনকাৰী
 
যদিও আইন প্ৰৱৰ্তনকাৰীসকল ঔপনিৱেশিক উত্তৰাধিকাৰীৰ ভুক্তভোগী হৈছে। তেওঁলোকে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আৰু গোচৰসমূহ খুব ভালদৰে মূল্যায়ন কৰিব লাগিব।
 
নাগৰিক সমাজৰ ধ্বংসৰ পিছত আছে ভাৰত বিৰোধী শক্তি আৰু সামাজিক-ৰাজনৈতিক পাৰ্থক্যৰ জঘন্য কাৰ্যকলাপ। যাক এখন ৰাষ্ট্ৰ হিচাপে সমাধান কৰাৰ প্ৰয়োজন। কিষান্দাই যোৱা ৪৫ বছৰ ধৰি এইবোৰৰ বিৰূদ্ধে যুঁজ দি আহিছে আৰু চাৰি দশকতকৈও অধিক সময় ধৰি তেওঁৰ কাৰ্যকলাপ সম্পাদন কৰিবলৈ সুবিধা লাভ কৰিছে।
নাগৰিক সমাজ আজিৰ পৃথিৱীত যথেষ্ট শক্তিশালী। বিশেষকৈ দ্ৰুত যোগাযোগেৰে সজ্জিত, তেওঁলোকে এখন দেশ গঠন বা ধ্বংস কৰিব পাৰে। সেয়েহে দায়িত্বশীলতাৰে কাম কৰাৰ প্ৰয়োজনীয়তা আছে। লগতে, সুন্দৰলাল বহুগুণা আৰু মহাত্মা গান্ধীৰ শান্তিপূৰ্ণ আৰু অৰ্থপূৰ্ণ ভিন্নমত প্ৰকাশৰ গভীৰ চিন্তাধাৰা হৈছে ইতিহাস। আজিৰ যুগত সামাজিক মাধ্যমৰ অভিযোগবোৰ এক মুহূৰ্তৰ বাবে উত্থাপিত হয় আৰু তাৎক্ষণিকভাৱে ইয়াৰ ওপৰত ৰায়দান কৰা হয়।
ৰাষ্ট্ৰ আৰু জনসাধাৰণে গভীৰভাৱে আত্মনিৰীক্ষণ কৰিব লাগিব, কিয় নাগৰিক সমাজক ইয়াৰ স্বাধীনতাৰ প্ৰায় ৭৫ বছৰ পিছত এইদৰে বিকৃত কৰা হৈছে। যেতিয়াই অন্যায় হয় তেতিয়াই নাগৰিক সমাজে পদক্ষেপ লয়।
 
ভাৰতীয় সংবিধানে ইয়াৰ নাগৰিক সকলৰ বাবে সমান অধিকাৰৰ নিশ্চয়তা দিয়ে আৰু আইন প্ৰৱৰ্তনকাৰী সকলে মানুহৰ অধিকাৰ নিশ্চিত কৰিবলৈ নিৰপেক্ষভাৱে কাম কৰিব লাগিব। নৈতিক আৰু আইনী দুয়োটা দায়িত্ব তেওঁলোকৰ ওপৰত আছে।