মাঘত দেখো উৰুকা নহয় তুমি নহ’লে

Story by  atv | Posted by  [email protected] • 2 Years ago
মাঘ বিহু - ভোগৰ উৎসৱ; ভোগালী বিহুৰ সুস্বাদু খাদ্য, ছবি: চামচুল হুদা পাটগিৰী
মাঘ বিহু - ভোগৰ উৎসৱ; ভোগালী বিহুৰ সুস্বাদু খাদ্য, ছবি: চামচুল হুদা পাটগিৰী

  মাইনী মহন্ত

সোণোৱালী শৈশৱৰ দিনবোৰ আহি স্মৃতিৰ কোঠাত ভুমূকি মাৰিলেই মনত পৰে মাঘৰ বিহুত  জামুগুৰিহাটত  লগৰ ল’ৰা-ছোৱালীৰ সৈতে ভেলাঘৰ সজা দিনবোৰৰ কথা৷ সেই শৈশৱতে অনুভৱ কৰিছিলো কৃষিভিত্তিক আমাৰ সমাজখনত বাপতিসাহোন এই উৎসৱসমুহে বহন কৰি আহিছে ঐক্য আৰু সম্প্ৰীতিৰ বীজ৷ বিহুৰ বতৰতে মাত এষাৰ দিবলৈ মন যায় আপোনজনক৷ কটন কলেজত পঢ়োতেই আৰম্ভ হোৱা বন্ধুত্বৰ এনাজৰীডালেৰে আজিও বান্ধ খাই থকা মোৰ মৰমৰ বান্ধৱী অভয়াপুৰিৰ  জেবিনালৈ ফোন কৰিলো৷ তাইৰ পিঠা-লাড়ুৰ যোগাৰ মোতকৈ আগতেই হ’ল৷ ওচৰ চুবুৰীয়া মিলি আয়োজন কৰিছে উৰুকাৰ ভোজ৷ lকথা প্ৰসংগত ওলাল জেবিনাৰ মাকে মাঘৰ বিহুত ভজা মচমচিয়া তিলপিঠাৰ কথা৷ বিহুৰ বন্ধৰ পিছত তাই লৈ অহা সেই পিঠাৰ সোৱাদ আজিও পাহৰা নাই৷ বহু সময়ৰ স্মৃতি ৰোমন্থনৰ পাছত তাই খুব লাহে লাহে কৈ উঠিল সময়বোৰ যে কেনেকৈ সলনি হব ধৰিছে...৷ মই নিৰবতাৰ বাহিৰে একো ভাষা বিচাৰি নাপালো৷ 

প্ৰতিটো বিহুৰ লগতে মাঘ বিহুতো পালন কৰা হয় আমাৰ জাতিটোৰ পৰম্পৰাগত লোকবিশ্বাস আৰু উৎসৱ পাৰ্বন৷ এনে বিশ্বাস আৰু পৰম্পৰা পৃথিৱীৰ প্ৰতিটো জাতি-জনজাতিৰে আছে৷ ইয়াৰ সৈতে নাই কোনো ধৰ্মৰ সম্পৰ্ক৷ মাঘত প্ৰকৃতিৰ প্ৰাচুৰ্য্যই আনি দিয়ে ভোগৰ উৎসৱ ৷ আঘোণ-পুহ মাহত যেতিয়া সোণবৰণীয়া ধানেৰে পথাৰ উপচি পৰে কৃষকসমাজৰ অন্তৰ প্ৰাপ্তিৰ আনন্দৰে ভৰি যায়৷ লখিমী আনি ঘৰ সুমুওৱাৰ লগে লগে বাঢ়ি যায় প্ৰতিখন ঘৰৰে ব্যস্ততা৷ পুৱাৰ পৰা ব্যস্ততা বাঢ়ে ঢেঁকীশালত৷ খেতিৰ ধানেৰে উলিয়াই লোৱা হয় বিবিধ বৰা চাউল, কোমল চাউল, জহা চাউল, চিৰা আদি। মাহ, তিল, নাৰিকল, গুৰ আদিও ঘৰৰেই৷ হেঁপাহেৰে সকলোৱে মিলিজুলি ৰং-তামাচাৰে বিহুৰ পিঠা-পনা প্ৰস্তুত কৰে৷ বিহুত ঘৰলৈ অহা আলহী-অতিথিক ঘৰতে প্ৰস্তুত কৰা জলপানেৰে অপ্যায়িত কৰিবলৈ পালে তৃপ্তিত মন ভৰি পৰে৷ উৰুকাৰ গধুলী ভেলাঘৰৰ চৌকাত পাতি লোৱা কেৰাহীৰ পৰা আহি থাকে গৰম গৰম কাঠ আলুৰ টুকুৰা৷ অতীতৰ এনে স্মৃতি ৰোমন্থনৰ মাজতে মনলৈ আহি থকা প্ৰশ্নটো হৈছে আমাৰ উত্তৰ পুৰুষে বাৰু বিচাৰি পাবনে বা শুদ্ধকৈ বুজি পাবনে এই জাতীয় উৎসৱসমুহৰ পৰম্পৰা, ঐতিহ্য আৰু গুৰুত্ব? ম্লান হবলৈ ধৰিছে নেকি আমাৰ সামাজিক জীৱনৰ এই ৰূপ মাধুৰ্য্য? প্ৰেৰণা পাবনে নতুন প্ৰজন্মইও ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে এনেদৰে মিলিজুলি ৰং-ধেমালীৰে বিহু পালন কৰি যাবলৈ? জেবিনাই শেষত কোৱা কথাষাৰে মনটো গধুৰ কৰি তুলিলে৷ বিহুৰ উলাহ বৈ যায় নামনিৰ পৰা উজনিলৈ৷ 

পিঠা-পনা বনাবলৈ মহিলাসকলে পিঠাগুৰি প্ৰস্তুত কৰিছে, ছবি: চামচুল হুদা পাটগিৰী

মাঘৰ বিহুত উদুলি মুদুলি হৈ পৰে দেশৰ ভিতৰতে ধৰ্মীয় সহযোগিতাৰ উজ্জ্বল নিদৰ্শন পোৱামক্কা আৰু হয়গ্ৰীৱমাধৱৰ স্থান হাজো৷ মাহকৰাইৰ পৰা বুলবুলি যুজঁলৈ৷ বিহু আমাৰ জাতীয় উৎসৱ৷ ধৰ্মৰ তাত প্ৰৱেশ নাই। আহঁতগুৰিকে ধৰি মধ্য অসমৰ বিশেষকৈ মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত অনুস্থিত হৈ আহিছিল মাঘৰ বিহুৰ মহযুঁজ (এতিয়া অৱশ্যে জন্তুৰ প্ৰতি নিষ্ঠুৰতাৰ বাবে এই খেল নিষিদ্ধ কৰা হৈছে)। মৰিগাঁও অঞ্চলতে অনুস্থিত হৈছিল প্ৰায় পঞ্চাশখন মান মহযুঁজ৷ আৰু যুঁজাবলৈ অনা মহৰ অধিকাংশৰে গৰাকী অঞ্চলটোৰ কৃষিজীৱী মুছলমান লোক৷ অসমীয়া থলুৱা মুছলমানতো বাদেই বংগমুলীয় অসমৰ মুছলমান কৃষকসকলেও বিহুৰ প্ৰায় ছমাহমান আগৰে পৰা যুঁজাবলৈ আচুতিয়াকৈ ৰাখে গোনামহ৷ আন কামৰ পৰা আঁতৰাই বিশেষভাৱে ঘাঁহ-পানী খুৱাই ৰাখে কেৱল এই পৰম্পৰাগত উৎসৱত ভাগ লবলৈ৷ ইয়াত কোনো আৰ্থিক লাভালাভৰ প্ৰশ্ন নাথাকে৷ কেৱল আৰু কেৱল বাপতিসাহোন বিহুৰ আনন্দ লোৱাৰ বাবেই দুখীয়া কৃষকৰ এই হেঁপাহ৷ বিহু হৈছে প্ৰকৃতিৰ সৈতে একাত্ম হৈ নিৰ্মল আনন্দ প্ৰকাশৰ উৎসৱ।


ভকতৰ ভেলাঘৰ জ্বলোৱাৰ ৰীতি-নীতিৰ দৃশ্য; ছবি: চামচুল হুদা পাটগিৰী

যোৱা বৰদিনৰ দুপৰীয়া উজনিৰ পৰা ওভতাৰ পথত সোণাপুৰৰ সমীপৱৰ্ত্তী এক নিৰিবিলি গীৰ্জাঘৰত সোমাইছিলোঁ৷ আগনিশাৰ প্ৰাৰ্থনা হৈ যোৱাৰ বাবে সেই দুপৰীয়াটোত চৌহদত বিশেষ মানুহ নাছিল৷ কিছুসময়ৰ পিছত এগৰাকী মহিলাই আমাৰ বাবে লৈ আনিছিল বৰদিনৰ জলপান ভৰা এখন কাঁহী৷ তিলপিঠা , নাৰিকলৰ লাড়ু, ঘিলাপিঠা আৰু তিলৰ লাড়ু৷ কৈছিল, বিহু পালেহিয়েই নহয়, গাঁৱৰ মানুহে পিঠা-পনা আৰম্ভ কৰিলেই৷৷ এয়া তেওঁলোকেই দিছে বৰদিনৰ উপহাৰ হিচাপে৷ ধৰ্মৰ সৈতে সংস্কৃতিৰ কেতিয়াও সংঘাট হোৱা নাই এইখন অসমত৷ 

বিহুৱেই বতৰ হয়তো ভেদাভেদ আঁতৰাই অসমৰ সকলো জাতি, জনগোষ্ঠী একত্ৰিত হোৱাৰ৷ এই শীত নামি অহাৰ বতৰতে আমাৰ সকলো জনগোষ্ঠীয়ে কিছু নিজা বৈচিত্ৰ্যৰে উৎসৱ পালনৰ আয়োজন কৰে৷ আচাৰ, নিয়ম আদিৰ সামান্য ইফাল সিফাল হলেও মুলতঃ শস্য সামৰাৰ উৎসৱ- আনন্দ সকলোতে ৷ বিভিন্ন জনবিশ্বাস, পৰম্পৰা আদি জড়িত থাকে উৎসৱসমূহ পালনত৷ ধৰ্মৰ পৰা বহুযোজন দূৰত এই বিহু উদযাপন৷ উদং পথাৰত ভেলাঘৰ সাজি আনন্দ কৰা লৰাহতঁৰ নাথাকে কোনো ভেদাভেদ ধৰ্ম অথবা সম্প্ৰদায়ক লৈ৷ 

বিহুৰ দৰে জাতীয় উৎসৱসমুহৰ সৃষ্টি হৈছিল পৃথিৱীৰ প্ৰাচীনতম সময়ত৷ শীতৰ লঠঙা ডালত ন কুঁহিপাতৰ উকমুকনি চাই স্বপ্ন, সৃষ্টি আৰু ৰোমাঞ্চত কাষ চাপিছিল আদিম নৰ-নাৰী৷ গাইছিল, নাচিছিল আৰু লৈছিল বহাগৰ উন্মাদনা৷ কৃষিভিত্তিক সভ্যতা গঢ়ি উঠাৰ পৰত খেতি সামৰাৰ আনন্দৰে ভোগালী আৰু কৃষিৰ মংগল কামনাৰে কাতিবিহু৷ বিহুক কেন্দ্ৰ কৰি ৰছিত হোৱা গীত-মাতবোৰতো সেয়ে চহা জীৱনৰ নিৰ্মল আনন্দ আৰু ডেকা-গাভৰুৰ দৈহিক প্ৰেমৰ সহজ সৰল আৰু উন্মুক্ত প্ৰকাশ৷ কৃত্ৰিমতাৰ ঠাই নাই বিহুৰ আনন্দত ৷ নাই কোনো ধৰ্মৰ আনুষ্ঠানিকতা৷ সেয়েহে হয়তো অতীতৰ সমাজত অভিজাত শ্ৰেণীৰ মাজত বিহুৰ নাছিল কোনো সমাদৰ৷ কেৱল অনাদৰ অৱহেলাই নহয়, নিষিদ্ধকৰণৰো মুখামুখি হৈছিল বিহু৷ উনবিংশ শতিকাৰ আৰম্ভণিত অসমৰ একাংশ অভিজাত বিদ্বানে বিহুনাচ নিষিদ্ধ কৰিবলৈ ব্ৰিটিছ চৰকাৰক আৰ্জি জনাইছিল৷ কৈছিল- এইবোৰ হৈছে ইতৰ শ্ৰেণীৰ লোকে কৰা অশ্লীল নাচবাগ৷ 

ভোগালী বিহুৰ সময়ত পৰম্পৰাগত চুঙা পিঠা  প্ৰস্তুত কৰা হৈছে; ছবি: চামচুল হুদা পাটগিৰী

এনেকৈয়ে চহা জীৱনৰ সাহ হৈ , ঐক্য-সম্প্ৰীতিৰ বান্ধোনেৰে জাতিটোক বান্ধি ৰাখিবলৈ জাতীয় উৎসৱ বিহুৰ বতৰা আনে প্ৰকৃতিৰ নানা বৰণে৷ অসমৰ সকলো ধৰ্ম-সম্প্ৰদায়ৰ লোকে ভেদাভেদ পাহৰি আত্মহাৰা হয় বিহুৰ আনন্দত৷ 

চৈয়দ আব্দুল মালিকে লিখিছিল-

“এখন সৰু ঠাই আছে

য’ত সকলোৰে ঘৰ-মোৰো ঘৰ

য’ত সকলোৰে চোতাল - মোৰো চোতাল

য’ত কোমল পথৰুৱা আলিত

আছে মৰম মিহলি বোকা

য’ত মোৰ কাৰণে 

সকলোৰে দুৱাৰ, জপনা, নঙলা মুকলি”

সুৰুজমুখীৰ স্বপ্ন স্ৰষ্টা সাহিত্যিক গৰাকীৰ সেই ঘৰ, চোতালৰ জপনা-নঙলা মুকলী হওঁক সকলোৰে বাবে৷ আমাৰো বিহুৰ দিনৰ আহ্বান সেয়াই৷ কাকো বাদ দিয়া নহওঁক বিহুত৷ মাঘৰ বিহুৰ উৰুকাত সকলো নাথাকিলে মেজিৰ জুইৰ উত্তাপ ক'ত? এই সকলোৱেই যেন ভুপেনদাৰ গীতৰ “তুমি”৷ মাঘত দেখো উৰুকা নহয় তুমি নহ'লে৷

(লেখিকা গৰাকী জনপ্ৰিয় আলোচনী 'নন্দিনী'ৰ সম্পাদক)