মাদ্ৰাছাৰ জৰীপ আৰু মুছলমান সমাজৰ ভৱিষ্যত

Story by  atv | Posted by  Munni Begum • 1 Years ago
বাৰাণসীৰ জামিয়া ছালাফিয়া ইছলামী শিক্ষা প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি থকা এক দৃশ্য
বাৰাণসীৰ জামিয়া ছালাফিয়া ইছলামী শিক্ষা প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি থকা এক দৃশ্য
  আতিৰ খান
 
মাদ্ৰাছাসমূহক লৈ সম্প্ৰতি চলি থকা চৰকাৰী জৰীপসমূহ সঠিকভাৱে আৰু আন্তৰিকতাৰে সম্পন্ন কৰিলে ভাৰতবৰ্ষৰ অগ্ৰগতিৰ যথেষ্ট সম্ভাৱনা আছে। কিন্তু, এনে এক সময়ত এই সমীক্ষা চলোৱা হৈছে, যেতিয়া অসমৰ কিছুমান নিৰ্দিষ্ট মাদ্ৰাছা সন্ত্ৰাসবাদী সম্পৰ্কৰ অভিযোগত ভাঙি পেলোৱাৰ ঘটনা দেশবাসীৰ মনত সজীৱ হৈ আছে।
 
অসমত যিসময়ত মাদ্ৰাছাসমূহ ভাঙি পেলোৱা হৈছে, সেই সময়ত সেই মাদ্ৰাছাসমূহৰ অভিযুক্ত শিক্ষকসকলক সন্ত্ৰাসবাদী সম্পৰ্কৰ অভিযোগত আদালতলৈও নিয়া হোৱা নাছিল। কেইজনমান ব্যক্তিৰ ভুলৰ বাবে মাদ্ৰাছাসমূহৰ ওপৰত আক্ৰমণ চলোৱা বুলি ঘটনাটোক বিভিন্নজনে ব্যাখ্যা কৰিছে। ইয়াৰ ফলত মুছলমান ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সৈতে জড়িত গোটেই প্ৰক্ৰিয়াটো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। 
ভাৰতত মাদ্ৰাছাসমূহে দেশৰ স্বাধীনতা সংগ্ৰামত সংক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পিছৰে পৰা মাদ্ৰাছাৰ অৱস্থা বহু পৰিমাণে অৱহেলিত হৈ আহিছে। শিক্ষাৰ অধিকাৰ আইনৰ পৰা বাদ পৰাৰ সময়ৰ পৰাই মাদ্ৰাছাৰ অৱস্থা শোচনীয় হৈ পৰিছে। এতিয়া উত্তৰ প্ৰদেশ আৰু অসম চৰকাৰে মাদ্ৰাছাসমূহৰ সমীক্ষাৰ বাবে এক বৃহৎ কাৰ্যপন্থা আৰম্ভ কৰিছে। যোগী আদিত্যনাথ কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী ধৰ্ম পাল সিঙে কয় যে এই সমীক্ষাৰ জৰিয়তে উত্তৰ-প্ৰদেশৰ অস্বীকৃত মাদ্ৰাছাসমূহৰ শিক্ষাৰ ক্ষেত্ৰত থকা অভাৱসমূহ বিচাৰি উলিওৱা হ’ব।
উত্তৰ প্ৰদেশত মাদ্ৰাছাসমূহৰ সমীক্ষাৰ বাবে কিছু প্ৰশ্ন যুগুত কৰি উলিওৱা হৈছে। প্ৰশ্নসমূহ হ’লঃ মাদ্ৰাছাখনৰ সম্পূৰ্ণ নাম কি? ইয়াক চলোৱা সংস্থাটোৰ নাম কি? মাদ্ৰাছাখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? স্থানৰ সবিশেষ, ব্যক্তিগত নে ভাড়াতীয়া ঘৰত চলোৱা হৈছে? মাদ্ৰাছাৰ ভৱনটো ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত হয় নে নহয়? ছাত্ৰ-ছাত্ৰীসকলে কি কি সুবিধা লাভ কৰিছে? মুঠ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান? মাদ্ৰাছাত কি কি পাঠ্যক্ৰম পঢ়োৱা হয়? মাদ্ৰাছা চলাবলৈ কি উপাৰ্জনৰ উৎস ব্যৱহাৰ কৰা হয়? মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে আন ঠাইত অধ্যয়ন কৰিছে নেকি? মাদ্ৰাছাখন কোনো বেচৰকাৰী সংগঠন বা গোটৰ সৈতে জড়িত নেকি?
 
উত্তৰ প্ৰদেশৰ এখন মাদ্ৰাছাৰ এটা শ্ৰেণী কোঠাৰ ভিতৰৰ দৃশ্য
 
এই সমীক্ষাই মাদ্ৰাছাসমূহৰ বৰ্তমানৰ স্থিতাৱস্থাক প্ৰত্যাহ্বান জনাইছে আৰু সেয়েহে উলেমাসকলৰ মাজত এক  অস্থিৰতাৰ সৃষ্টি কৰিছে। মাদ্ৰাছাৰ জৰীপৰ সময় আৰু উদ্দেশ্যক লৈ উলেমাসকলে প্ৰশ্ন উত্থাপন কৰিছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে সকলো ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰি মাদ্ৰাছাসমূহৰ জৰীপ কৰিবলৈ কোৱাৰ পিছতে এই সমীক্ষা আৰম্ভ কৰা হৈছে।শিশুৰ অধিকাৰ উলংঘাৰ কিছুমান অভিযোগৰ ভিত্তিত প্ৰতিবেদনত এই পৰামৰ্শ দিয়া হৈছে। অনুমান কৰা হৈছে যে দেশত এক লাখতকৈ অধিক মাদ্ৰাছা আছে।
সংখ্যালঘু সম্প্ৰদায়ৰ শিশুসকলে যাতে সংখ্যালঘু প্ৰতিষ্ঠানসমূহৰ ভিতৰত তেওঁলোকৰ মৌলিক অধিকাৰৰ দ্বাৰা নিশ্চিত কৰা ধৰ্মীয় আৰু সাংস্কৃতিক শিক্ষাৰ লগতে আধুনিক আৰু মৌলিক শিক্ষা লাভ কৰে, তাৰ উপায় বিচাৰি উলিওৱাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে এই তদন্ত কৰিছে। 
আমোদজনকভাৱে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ২০২১ চনৰ প্ৰতিবেদনত কেৱল মাদ্ৰাছাসমূহৰ জৰীপৰ বিষয়ে উল্লেখ কৰা নাছিল। কিন্তু ইয়াত সকলো অস্বীকৃত বৈদিক পাঠশালা, গুম্পা আৰু অন্যান্য ধৰণৰ অনানুষ্ঠানিক শিক্ষা কেন্দ্ৰৰ জৰীপ কৰাৰ পৰামৰ্শও দিছিল। এনে সমীক্ষাৰ উদ্দেশ্য হৈছে এই শিক্ষানুষ্ঠানসমূহে শিশুসকলক গুণগত মানৰ শিক্ষা প্ৰদান কৰে নে নাই আৰু এক অনুকূল পৰিবেশ আছে নে নাই সেইটো বিচাৰি উলিওৱা। ৰাষ্ট্ৰসংঘৰ চনদৰ অধীনত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগক দায়িত্ব দিয়া হৈছে।
 
এটা জৰীপ দলে ইউপি মাদ্ৰাছাএখনত নথিপত্ৰ পৰীক্ষা কৰি থকাৰ এক দৃশ্য
 
কিন্তু, এই সমীক্ষাক লৈ মুছলমানসকলৰ লগতে একাংশ ৰাজনৈতিক নেতাৰ মাজত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে মুছলমান প্ৰতিষ্ঠানসমূহৰ ওপৰত অত্যধিক মনোযোগ দিয়াৰ বাবে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে কয় যে এই সমীক্ষাৰ প্ৰকৃত উদ্দেশ্য আছিল মূলসূতিৰ বাহিৰৰ সকলো শিক্ষা  প্ৰতিষ্ঠানৰ অৱস্থা উন্নত কৰা, কিন্তু চৰকাৰে মাদ্ৰাছাসমূহকহে এই সমীক্ষাৰ লক্ষ্য কৰি লয়। 
বিশ্বৰ এগৰাকী অন্যতম সন্মানীয় ইছলামিক পণ্ডিত মৌলানা আৰ্ছাদ মাদানীয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ এই পদক্ষেপক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই বিষয়টো সন্দৰ্ভত ভৱিষ্যত কাৰ্যপন্থা নিৰূপন কৰিবলৈ অহা ১৮ ছেপ্টেম্বৰত দাৰুল উলুম নামৰ প্ৰতিষ্ঠানটোৱে এখন বৈঠকৰ আহ্বান কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লক্ষ্ণৌৰ মৌলানা খালিদ ফিৰংগী মহালীয়ে কয় যে মাদ্ৰাছাসমূহে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰি আছে।
বিগত সময়ছোৱাত মুছলমান ভোট লাভ কৰা ৰাজনৈতিক মহলেও মাদ্ৰাছাৰ সমীক্ষাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতীয় মুছলমানক আতংকিত কৰাৰ বাবে এই সমীক্ষা চলোৱা হৈছে বুলি বিএছপিৰ মূৰব্বী মায়াৱতীয়ে কয়। মুছলিম পাৰ্ছনেল ল’ ব’ৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা খালিদ ছাইফুল্লাই কয় যে এই সমীক্ষাই কেৱল কিয় মুছলমান শিক্ষানুষ্ঠানক সাঙুৰি লৈছে। এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেছিছে কয় যে এই সমীক্ষাসমূহ এনআৰচিৰ সৈতে একে।
 
এটা ৰাজনৈতিক সমদলত অংশগ্ৰহণ কৰা মুছলমান যুৱকসকল
 
ৰাজনীতিবিদসকলে যিয়েই নকওক কিয়, এক বৃহৎ প্ৰগতিশীল মুছলমান জনসংখ্যাই সদায় বিশ্বাস কৰি আহিছে যে সম্প্ৰদায়টোৰ গুৰুত্ব ৰাজনীতি নহয়, শিশুৰ শিক্ষাৰ উন্নতিৰ ওপৰতহে হ’ব লাগে। প্ৰতিষ্ঠানসমূহে প্ৰগতিশীল শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু মাদ্ৰাছাসমূহক বিশ্বত প্ৰদান কৰা শেহতীয়া শিক্ষাৰ সৈতে নিজকে জড়িত কৰিব লাগে। 
কিছু দশকৰ পূৰ্বেও মুছলমান বুদ্ধিজীৱীসকলে মাদ্ৰাছাৰ শিক্ষাৰ উন্নতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু মাদ্ৰাছাৰ পাঠ্যক্ৰম প্ৰগতিশীল হোৱাত গুৰুত্ব দিছিল। মুছলমান কবি-দাৰ্শনিক ছাৰ মুমামদ ইকবালে ১৯৩২ চনৰ ২১ মাৰ্চত অবিভক্ত ভাৰতৰ লাহোৰত অনুষ্ঠিত সৰ্বভাৰতীয় মুছলিম লীগৰ সভাত সভাপতি হিচাপে সম্বোধন কৰাৰ সময়ত কৈছিল-“মাদ্ৰাছাসমূহৰ পাঠ্যক্ৰমৰ আমূল সংশোধনৰ প্ৰয়োজন আছে, যিয়ে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানৰ জগতখন বুজিবলৈ অধিক বাস্তৱসন্মত হ'বলৈ সক্ষম কৰিব"।
আজিও মুছলমান শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে পণ্ডিতসকলৰ মতামত সলনি হোৱা নাই। কিন্তু বৰ্তমানৰ যুগত কিছুমান ৰাজনৈতিক নেতাৰ কথা আৰু কৰ্মৰ সামঞ্জস্যহীনতাৰ বাবে মুছলমান সম্প্ৰদায়ৰ মাজত এক অবিশ্বাসৰ পৰিৱেশ ৰচনা হৈছে। বহুক্ষেত্ৰত তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যে কিছুমান ৰাজনৈতিক দলে মুছলমান সম্প্ৰদায়ক হাৰাশাস্তি কৰিবলৈ মাদ্ৰাছাৰ দৰে অনুষ্ঠানসমূহক লক্ষ্য কৰি লৈছে। এই অবিশ্বাসৰ পৰিৱেশ নোহোৱা কৰিব লাগিব।
 
ইছলামী শিক্ষাৰ প্ৰতিষ্ঠান দাৰুল-উলুম দেওবন্দ
 
এজন সুপৰিচিত ইছলামিক পণ্ডিত আখতাৰ-উল-ৱাছেই কয় যে, সমীক্ষাসমূহ সম্পন্ন কৰিলে কোনো ক্ষতি নহয়। কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি যোৱা চাৰি বছৰে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছাসমূহে চৰকাৰী পুঁজিৰ ধন লাভ কৰা নাই। ভাৰতৰ মাদ্ৰাছাসমূহৰ বেছিভাগেই একো একোটা দাতব্য সংস্থা। আনকি দৰিদ্ৰ লোকসকলেও এই প্ৰতিষ্ঠানসমূহ চলাবলৈ এমুঠি চাউল বা আটা দি বৰঙণি আগবঢ়ায়। মাদ্ৰাছাসমূহে চৰকাৰ বা বিদেশী পুঁজিৰ ওপৰতো নিৰ্ভৰ কৰা নাই। এই মাদ্ৰাছাসমূহৰ এক বৃহৎ শতাংশই অনাথ আশ্ৰম হিচাপে কাম কৰে।
অধিক বুজিবলৈ আহকচোন ভাৰতৰ মাদ্ৰাছাৰ প্ৰকাৰসমূহৰ বিষেয় আলোচনা কৰো। মাদ্ৰাছা তিনি প্ৰকাৰৰ। প্ৰথমতে, জৰীপ নকৰা মাদ্ৰাছা, যাৰ ভিতৰত দাৰুল-উলুমৰ দৰে প্ৰখ্যাত মাদ্ৰাছাও আছে। এই মাদ্ৰাছাসমূহ দেশৰ ভিতৰৰ পৰা অহা অনুদানৰ দ্বাৰা পৰিচালিত হয়। এনে মাদ্ৰাছাসমূহৰ সংখ্যা সৰ্বাধিক।
দ্বিতীয়তে, ভাৰতত কিছুসংখ্যক স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা আছে, যিবোৰ ৰাজ্যিক মাদ্ৰাছা ব’ৰ্ডত পঞ্জীয়নভুক্ত। এই প্ৰতিষ্ঠানসমূহে শিশুসকলক কিছু আধুনিক শিক্ষা প্ৰদান কৰে। লগতে চৰকাৰৰ পৰা পাঠ্যপুথি, ইউনিফৰ্ম, অন্যান্য সা-সুবিধা, পুঁজিও লাভ কৰে। তৃতীয় প্ৰকাৰটো হ’ল স্বীকৃতি নোপোৱা মাদ্ৰাছা। এই মাদ্ৰাছাসমূহে পুঁজিৰ বাবে চৰকাৰৰ কাষ চাপিছে। কিন্তু অপৰ্যাপ্ত আন্তঃগাঁথনিৰ বাবে নতুবা আন কোনো কাৰণত তেওঁলোকক চৰকাৰে স্বীকৃতি প্ৰদান কৰা নাই। 
 
আইছিছৰ বিৰুদ্ধে ইছলাম ধৰ্মালম্বী লোকসকলৰ প্ৰতিবাদ
 
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিবেদন অনুসৰি, ভাৰতত ৬-১৪ বছৰ বয়সৰ স্কুলত নোযোৱা শিশুৰ সংখ্যা হ’ল ৮.৪ কোটি। যিহেতু ভাৰতত ৬-১৪ বছৰ বয়সৰ মুঠ শিশুৰ সংখ্যা আছিল ২৫ কোটি। বিদ্যালয়ৰ বাহিৰৰ শিশুৰ শতকৰা হাৰ আছিল ৩৩%। ভাৰতত ৬-১৪ বছৰ বয়সৰ মুঠ মুছলমান শিশুৰ সংখ্যা আছিল ৩.৮ কোটি। স্কুলত নোযাৱা মুছলমান শিশুৰ মুঠ সংখ্যা হৈছে ১.১ কোটি (প্ৰায় ৩৩ শতাংশ)। 
প্ৰতিবেদন অনুসৰি এনে বেছিভাগ ছাত্ৰই জৰীপবিহীন মাদ্ৰাছাত অধ্যয়ন কৰি আছে, যিবোৰক চৰকাৰে অস্বীকৃতিপ্ৰাপ্ত বুলি গণ্য কৰে। প্ৰায় ১৫ লাখ ছাত্ৰই স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছাত অধ্যয়ন কৰি আছে। বিগত সময়ছোৱাত কংগ্ৰেছ, জনতা দল, আৰু বিজেপিয়ে মাদ্ৰাছাসমূহৰ অৱস্থা উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। তেওঁলোকে সীমিত অধ্যয়ন চলাইছিল যদিও কোনো উল্লেখযোগ্য ফলাফল পোৱা নগ’ল।
কংগ্ৰেছৰ শাসনত নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত মাদ্ৰাছাসমূহৰ উন্নতিৰ বাবে কিছু প্ৰচেষ্টা চলোৱা হৈছিল আৰু সেইবোৰ কেনেকৈ উন্নত কৰিব পাৰি তাক অধ্যয়ন কৰিবলৈ এখন কমিটী গঠন কৰা হৈছিল। মাধৱ ৰাও সিন্ধিয়া আছিল তেতিয়াৰ শিক্ষামন্ত্ৰী, যিয়ে কিছুমান নিৰ্বাচিত মাদ্ৰাছাত ইংৰাজী, গণিত, বিজ্ঞান আদি প্ৰৱৰ্তন কৰিছিল আৰু বিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা চৰকাৰে বহন কৰিছিল।
 
নতুন দিল্লীৰ জামা মছজিদত মুছলমান শিশুৱে ধেমালি কৰি আছে
 
ঠিক একেদৰে অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিল আৰু মুৰলী মনোহৰ যোশী তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল, সেই সময়ত তেওঁ কিছু সংস্কাৰ আনিবলৈ চেষ্টা কৰিছিল। কিন্তু এনে প্ৰচেষ্টাই কোনো ফলপ্ৰসূ কাৰ্য্যলৈ ৰূপান্তৰিত নহ’ল। তদানীন্তন উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী এল কে আদৱানীয়ে সদনৰ মজিয়াত বিবৃতি দিছিল যে ভাৰতৰ মাদ্ৰাছাসমূহৰ বিৰুদ্ধে কোনো বিৰূপ তথ্য পোৱা নাযায়। 
ভাৰতৰ মাদ্ৰাছাসমূহ বহুলাংশে অৱহেলিত হৈয়েই আছে। কেৱল ধৰ্মীয় শিক্ষাৰ লগত জড়িত হোৱাৰ বাবেই এই প্ৰতিষ্ঠান সমূহ অকলশৰীয়া হৈ পৰিল। কিন্তু সমগ্ৰ দেশৰ অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ দৰে মাদ্ৰাছাসমূহতো একাংশ বেয়া মানুহে সন্ত্ৰাসবাদ আদি অবাঞ্চিত কাৰ্যত লিপ্ত হৈ আছে। মাদ্ৰাছাসমূহৰ কাম-কাজত স্বচ্ছতাৰ অভাৱ দেখা গৈছে। এইটো বুজিব লাগিব যে কম সংখ্যক অভিভাৱকে সন্তানক নিজৰ পছন্দ অনুসৰি ইছলামিক শিক্ষা গ্ৰহণৰ বাবে মাদ্ৰাছালৈ পঠিয়াই দিয়ে। কিন্তু কিছুমান ছাত্ৰ-ছাত্ৰীয়ে উন্নত ধৰ্মীয় অধ্যয়নৰ প্ৰতি প্ৰকৃততে আগ্ৰহী।
মাদ্ৰাছাত কিছুমান অতি মেধাৱী ছাত্ৰকো বিচাৰি পোৱা যায়, যিসকলে আনকি বিশ্বৰ ভিতৰতে আটাইতকৈ কঠিন পৰীক্ষাৰ ভিতৰত অন্যতম বুলি চিহ্নিত সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাতো উত্তীৰ্ণ হৈছে। শেহতীয়াকৈ ঘোষণা কৰা নীট পৰীক্ষাৰ ফলাফলতো মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ প্ৰমাণ দেখিবলৈ পোৱা গৈছে। মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই দৰিদ্ৰ সীমাৰেখাৰ তলৰ সন্তান। তেওঁলোকে স্কুললৈ যোৱাৰ সুবিধা নাপাই বাবে মাদ্ৰাছাসমূহেই তেওঁলোকৰ সামগ্ৰিক বিকাশৰ একমাত্ৰ বিকল্প হৈয়েই আছে।
 
মৌলবাদী সংগঠনৰ এক প্ৰতিনিধিত্বমূলক ছবি
 
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিবেদন অনুসৰি মুছলমান সম্প্ৰদায়ে ধৰ্মীয় সংখ্যালঘু জনসংখ্যাৰ বাবে ৬৯.১৮% অংশীদাৰিত্ব প্ৰদান কৰে আৰু ধৰ্মীয় সংখ্যালঘু বিদ্যালয়সমূহত মাত্ৰ ২২.৭৫ শতাংশ অংশ অৱদান আগবঢ়ায়। ভাৰতত মুঠ ৪,০৮৫ খন সংখ্যালঘু সম্প্ৰদায়ৰ বিদ্যালয় আছে। ইয়াৰ বিপৰীতে, খ্ৰীষ্টানসকল ভাৰতৰ মুঠ ধৰ্মীয় জনসংখ্যাৰ ১১.৫৪ শতাংশ হলেও তেওঁলোকৰ মুঠ সংখ্যালঘু বিদ্যালয়ৰ পৰিমাণ ৭১.৯৬ শতাংশ।  মাদ্ৰাছাৰ পৰা ৫ শতাংশতকৈও কম ছাত্ৰ-ছাত্ৰীয়ে স্নাতক পৰ্যায়ত স্থান লাভ কৰাটোও এক ৰূঢ় বাস্তৱ।
মাদ্ৰাছাসমূহৰ দৃষ্টিভংগী আৰু পাঠ্যক্ৰম অধিক সৰ্বব্যাপী হোৱাটো প্ৰয়োজন। মাদ্ৰাছাসমূহত কেৱল ধৰ্মীয় অধ্যয়ন প্ৰদানৰ কোনো ধৰাবন্ধা নিয়ম নাই। ভাৰতৰ শিক্ষাৰ অধিকাৰ আইনে ইয়াৰ ৩৯টা ধাৰাৰ ক’তো ধৰ্মীয় শিক্ষা প্ৰদান কৰাত বাধা দিয়া নাই। গতিকে শিক্ষাৰ অধিকাৰ আইনৰ পৰিসৰৰ ভিতৰত ধৰ্মীয় অধ্যয়ন আৰু আধুনিক শিক্ষাৰ মিশ্ৰণ এটা ভাল সমাধান যেন লাগে। মাদ্ৰাছাসমূহ আধুনিক অধ্যয়নৰ বাবে মুকলি হোৱাৰ প্ৰয়োজন আৰু ব্যক্তিগত বিদ্যালয়সমূহেও ধৰ্মীয় অধ্যয়ন প্ৰদান কৰাটো প্ৰয়োজন।
মাদ্ৰাছাসমূহৰ নিজৰ স্থান আৰু তাৎপৰ্য্য আছে আৰু ই শিশুৰ উন্নতিৰ বাবে বিকশিত হ’ব লাগে। কিন্তু দেশত মুছলমান ব্যক্তিগত বিদ্যালয়ৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব। সমাজে এই দিশত প্ৰচেষ্টা চলাব লাগে। যিসময়ত উত্তৰ প্ৰদেশ, অসম, আৰু উত্তৰাখণ্ড চৰকাৰে মাদ্ৰাছাসমূহৰ জৰীপসমূহ সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে, সেই সময়ত আশা কৰা হৈছে যে ই এক ফলপ্ৰসু আৰু অৰ্থপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব। সমীক্ষাসমূহৰ পৰা পোৱা তথ্যসমূহ মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগিব যাতে তেওঁলোকৰ প্ৰতিগৰাকী শিক্ষাৰ্থী দেশৰ এক উপযোগী আৰু সুনাগৰিক হিচাপে পৰিগণিত হয়। 
 
প্ৰতিবাদ কৰা দৃশ্য
 
জৰীপসমূহে কেৱল মাদ্ৰাছা শিক্ষা ব্যৱস্থাটোৰ দূৰ্বলতাসমূহ বিচাৰি উলিয়াব নালাগে বা ইয়াক হাৰাশাস্তিৰ মাধ্যম হিচাপে গঢ়ি তুলিব নালাগে। যদিহে জৰীপসমূহ আন্তৰিকতাৰে আৰু সঠিক উদ্দেশ্যৰে সম্পন্ন কৰা হয়, তেন্তে ই মুছলমান সম্প্ৰদায়ৰ ভৱিষ্যত আৰু সামগ্ৰিকভাৱে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।