পি এফ আই নিষিদ্ধকৰণ আৰু ইয়াৰ প্ৰভাৱ

Story by  atv | Posted by  [email protected] • 1 Years ago
নিষিদ্ধ ঘোষিত সংগঠন পি এফ আই
নিষিদ্ধ ঘোষিত সংগঠন পি এফ আই
পল্লব ভট্টাচাৰ্য্য

“পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই) আৰু ইয়াৰ সহযোগী বা সংযুক্ত সংগঠনসমূহক সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য, ভয়ংকৰ হত্যাকাণ্ডক লক্ষ্য কৰি লোৱা, দেশৰ সংবিধানক অৱজ্ঞা কৰা, আইন শৃংখলা বিঘ্নিত কৰা আদিৰ দৰে দেশৰ অখণ্ডতা, নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ক্ষতিকাৰক দিশত জড়িত হৈ থকা দেখা গৈছে। সেয়ে গৃহ মন্ত্ৰণালয়ে সংগঠনটোৰ দেশ-বিৰোধী কাৰ্যকলাপ ৰোধ কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰি পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া(পি এফ আই)আৰু ইয়াৰ সহযোগী সংগঠনসমূহৰ লগতে ৰিহাব ইণ্ডিয়া ফাউণ্ডেশ্যন (আৰ আই এফ), কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া(CFI), সৰ্বভাৰতীয় ইমাম পৰিষদ(AIIC), কনফেডাৰেচন অৱ নেচনেল হিউমেন ৰাইটছ অৰ্গেনাইজেচন(NCHRO), নেচনেল মহিলা মৰ্চা, জুনিয়ৰ ফ্ৰন্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেশ্যন আৰু ৰিহাব ফাউণ্ডেশ্যন, কেৰেলাক অবৈধ কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ অধীনত অবৈধ সংস্থা হিচাপে ঘোষণা কৰে।"
 
২৮ ছেপ্টেম্বৰত পি আই বিৰ প্ৰেছ বিজ্ঞপ্তি, গেজেট অধিসূচনা এছ.অ. ৪৫৫৯(ই) তাৰিখ ২৭-০৯-২২ত এই গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে। 
 
২০০৬ চনত কেৰেলাত নেচনেল ডেভেলাপমেণ্ট ফ্ৰণ্টৰ উত্তৰাধিকাৰী হিচাপে পি এফ আইৰ আৰম্ভণি হৈছিল। ই তামিলনাডুৰ কৰ্ণাটক ফ’ৰাম ফৰ ডিগনিটি আৰু মণিতা নীথি পাছৰাই নামৰ দুটা একে ভাৱাপন্ন সংগঠনৰ সৈতে একত্ৰিত হয় আৰু পিছলৈ ২০০৯ চনত গোৱাৰ চিটিজেনছ ফ’ৰাম, ৰাজস্থানৰ কমিউনিটি ছচিয়েল এণ্ড ইডুকেচনেল ছ’চাইটী, পশ্চিম বংগৰ নাগৰিক অধিকাৰ সুৰক্ষা সমিতি, মণিপুৰৰ লিলং ছ’চিয়েল ফ’ৰাম আৰু অন্ধ্ৰৰ এছ’চিয়েশ্যন অৱ ছ’চিয়েল জাষ্টিচৰ সৈতে একত্ৰিত হয়। ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰততে সংগঠনটোৰ সদস্যসকলৰ সাংগঠনিক সামৰ্থ্য স্পষ্টকৈ দেখা যায়।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
দিল্লীত ছ’চাইটিজ ৰেজিষ্ট্ৰেচন এক্ট, ১৮৬০ (১৮৬০ৰ ২১) vide Registration No. S/226/Dist.South/2010 ৰ অধীনত এই সংস্থাটোৰ পঞ্জীয়ন কৰা হৈছিল আৰু ইয়াৰ বহুতো সহযোগী বা সংযুক্ত বা ফ্ৰণ্ট আছে। ইয়াৰে অন্যতম সংস্থাসমূহ হ'লঃ ৰিহাব ইণ্ডিয়া ফাউণ্ডেশ্যন(RIF) (Registration নম্বৰ ১৩৫২, তাৰিখ ১৭.০৩.২০০৮), কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া(চিএফআই), অল ইণ্ডিয়া ইমামছ কাউন্সিল(এআইআইচি), নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন(এনচিএইচআৰঅ’)(পঞ্জীয়ন নম্বৰ এছ-৩২৫৬, তাৰিখ ১২.০৯.২০১০), নেচনেল উইমেনছ ফ্ৰণ্ট , জুনিয়ৰ ফ্ৰণ্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেশ্যন (পঞ্জীয়ন নম্বৰ KCH-IV-00150/2016-17, তাৰিখ ০২.১২.২০১৬) আৰু ৰিহাব ফাউণ্ডেশ্যন, কেৰেলা (পঞ্জীয়ন নম্বৰ ১০১৬/৯১)। নিষিদ্ধ কৰাৰ পিছত সংগঠনটোৰ ৱেবছাইট www.popularfrontindia.org এতিয়া নিস্ক্ৰিয় হৈ পৰিছে যদিও পূৰ্বে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰোতে ইয়াৰ উদ্দেশ্য সম্পৰ্কে কেইবাটাও গঠনমূলক পদক্ষেপৰ লগতে নিম্নোক্ত ইতিবাচক দিশসমূহৰ কথা উল্লেখ আছিল।
 
ইয়াৰে অন্যতম পদক্ষেপ হ’লঃ
 
১. জাতীয় ঐক্য, সাম্প্ৰদায়িক আৰু সামাজিক সম্প্ৰীতিৰ প্ৰসাৰ আৰু দেশত গণতান্ত্ৰিক শৃংখলা, ধৰ্মনিৰপেক্ষতা আৰু আইনৰ শাসন বজাই ৰখা।
 
২. দেশৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে কাম কৰা আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত সদিচ্ছা আৰু ভাতৃত্ববোধ শক্তিশালী কৰা। 
 
কিন্তু, আমি যদি পি এফ আইৰ ইতিহাস অধ্যয়ন কৰো তেন্তে বাবৰি মছজিদ ভাঙি পেলোৱাৰ পিছত ১৯৯৪ চনত কেৰেলাৰ নেচনেল ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জৰিয়তে ইয়াৰ বীজ ৰোপন কৰা হৈছিল। যেতিয়া এই সংস্থাটোৰ ওপৰত হেঁচা বৃদ্ধি হ’ল, তেতিয়া ২০০৬ চনত ইয়াৰ নাম সলনি কৰি পিএফআই কৰা হয়, যিটো ওপৰত উল্লেখ কৰা হৈছে। ২০০১ চনত নিষিদ্ধ কৰা 'ছিমি'ৰ প্ৰায়বিলাক সদস্যৰ পি এফ আইত যোগদানে এই সংগঠনটোৰ প্ৰকৃত চৰিত্ৰৰ স্পষ্ট প্ৰমাণ দিয়ে। 
 
পি এফ আই সদস্য গ্ৰেপ্তাৰ কৰাৰ মুহূৰ্তত
 
২০০৩ চনত সংঘটিত কুখ্যাত মাৰাদ হত্যাকাণ্ডত ৮ জন হিন্দু হত্যা, ২০১২ চনত মূলতঃ চি পি আই (এম) আৰু আৰ এছ এছৰ ২৭টা হত্যাকাণ্ড আৰু তদানীন্তন কেৰেলা চৰকাৰে দাবী কৰা মতে ৮৬টা হত্যাৰ চেষ্টাত সংগঠনটো জড়িত হৈ আছে। একেদৰে, পি এফ আইয়ে প্ৰচাৰ কৰা উৰাবাতৰিৰ ফলতে ২০১২ চনৰ অসমৰ বড়ো-মুছলমান সংঘাতৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে দক্ষিণৰ ৰাজ্যসমূহৰ পৰা পলায়ন কৰিবলগীয়া হৈছিল বুলিও কোৱা হয়। 
গুৱাহাটীত 'কা' আন্দোলনক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰতো পি এফ আইৰ কৰ্মীসকল জড়িত বুলি আৰু সেই সময়ত সংগঠনটোৱে সাম্প্ৰদায়িক আৱেগক উত্তেজিত কৰাৰ প্ৰচেষ্টাৰ বাবেই পৰিস্থিতি ভয়াবহ হোৱা বুলি দৃঢ়ভাৱে বিশ্বাস কৰা হয়। ২০১৯ বৰ্ষত ইয়াৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসত “ঘৃণাৰ ৰাজনীতিক পৰাস্ত কৰক” আদি শ্লোগানেৰে আপাতদৃষ্টিত গণতান্ত্ৰিক কিন্তু কাৰ্য্যক্ষেত্ৰত মুছলমান সমাজক অতিকৈ আৱেগিক কৰি হিংসাৰ প্ৰশ্ৰয় লোৱাৰ পৰিষ্ঠিতিৰ সৃষ্টি কৰিছিল। মনকৰিবলগীয়া যে, ২০১২ চনৰ অসমৰ বড়ো-মুছলমান সংঘৰ্ষৰ সময়ত, পিএফআইৰ সহযোগী ৰিহেব ইণ্ডিয়া ফাউণ্ডেচনে ভুক্তভোগীসকলক সকাহ প্ৰদান কৰিবলৈ পদক্ষেপ লৈছিল।
শেহতীয়াকৈ নিয়া, ই ডি আৰু ৰাজ্যিক আৰক্ষীয়ে চলোৱা দেশজোৰা অভিযানে এই কথাৰ ইংগিত দিয়ে যে পি এফ আই সংগঠনটোৱে ২০০২ চনৰ ধন সৰবৰাহ প্ৰতিৰোধ আইন উলংঘা কৰি ভাৰতৰ প্ৰতি শত্ৰুতাপূৰ্ণ দেশসমূহৰ পৰা তেওঁলোকৰ কাৰ্যকলাপৰ বিত্তীয় সাহায্যৰ বাবে হাৱালা লেনদেনত জড়িত আছিল। তেওঁলোকৰ বৰ্তমান নিষিদ্ধ ৱেবছাইটটোত জাকাতৰ ভিত্তিত বিশ্বজুৰি জনসাধাৰণলৈ অনলাইন অনুদান দিয়াৰ ব্যৱস্থাও আছিল। উল্লেখ্য যে, মুছলমানৰ বাবে বাধ্যতামূলক কৰ আৰু ইয়াক ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।
 
গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অজিত  ডোভাল
 
যদিও সংস্থাটোক অবৈধ সংস্থা হিচাপে নিষিদ্ধ কৰা হৈছে, তথাপিও তদন্তকাৰী সংস্থাসমূহে অবৈধ কাৰ্য্যকলাপ প্ৰতিৰোধ আইন, ১৯৬৭ৰ অধীনত গঠন কৰা ন্যায়াধিকৰণৰ জৰিয়তে তেওঁলোকৰ কাৰ্য্যৰ সময়ে সময়ে ন্যায়িক তদন্ত চলোৱাৰ ক্ষেত্ৰত যথেষ্ট সজাগ হ’ব লাগিব। আৰক্ষী আৰু চোৰাংচোৱা সংস্থাসমূহৰ বাবে এয়া এক কঠিন পৰীক্ষা হ’ব।
সাধাৰণতে উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমত আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সংগঠন হিচাপে মুকলিকৈ কাম কৰা পি এফ আই আৰু ইয়াৰ মিত্ৰ সংগঠনবোৰে এটা গোপন এজেণ্ডা চলাই আছিল। সেয়া আছিল-গণতন্ত্ৰৰ ধাৰণাটোক ভেঙুচালি কৰি সাংবিধানিক কৰ্তৃত্ব আৰু দেশৰ সাংবিধানিক গাঁথনিৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰাৰ দিশত কাম কৰা সমাজৰ এটা বিশেষ শ্ৰেণীক মৌলবাদী কৰি তোলা। 
এয়া সমাজৰ বাবে গভীৰ উদ্বেগৰ বিষয়। ৰাজ্যত সংঘটিত মৌলবাদীকৰণৰ সম্ভাৱ্য প্ৰভাৱ পৰীক্ষা কৰিবলৈ, যিটো জেএমবি, এবিটি, একিউআইএছৰ অন্যান্য মিত্ৰশক্তি আদিৰ আশংকাৰ জৰিয়তে প্ৰকাশ পায়, সেইটো পৰীক্ষা কৰিবলৈ চৰকাৰে মৌলবাদক প্ৰতিহত কৰাৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব লাগে বুলি দৃঢ়তাৰে অনুভৱ কৰা হৈছে। ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময় এয়াই উপযুক্ত সময়। হিন্দু, মুছলমান সমন্বিতে সকলো দল-সংগঠনে ৰাষ্ট্ৰৰ সক্ৰিয় সহযোগিতাৰ জৰিয়তে অসম তথা ভাৰতৰ সংহত আৰু বহুত্ববাদী সংস্কৃতিলৈ শান্তি কঢ়িয়াই অনা উচিত।
 
ড° মাৰ্টিন লুথাৰ কিং জুনিয়ৰে ভৱিষ্যদ্বাণী কৰা এই কথাষাৰে আমাৰ কঠিন বাস্তৱতাক সোঁৱৰাই দিছে-"আমি ভাই-ভনী হিচাপে একেলগে থাকিবলৈ শিকিব লাগিব নহ'লে মূৰ্খ হিচাপে একেলগে বিনষ্ট হ'ব লাগিব"।
 
(পল্লব ভট্টাচাৰ্য্য অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন সঞ্চালক প্ৰধান, আৰু এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ প্ৰকাশ কৰা মতামত একান্ত ব্যক্তিগত)