প্ৰেছিডেণ্টছ পুলিচ কালাৰ্ছ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অসম আৰক্ষীৰ ৰেলী
অসম আৰক্ষীৰ ৰেলী
  পল্লব ভট্টাচাৰ্য্য 
 
আমেৰিকাৰ ৰাজনীতিবিদ মাইক লিন পাৰ্ছনে এবাৰ কৈছিল "আৰক্ষী বিষয়াসকলে জানে যে যেতিয়াই তেওঁলোকে নিজৰ ইউনিফৰ্মযোৰ পিন্ধি লয়, তেতিয়াই তেওঁলোকে আনক সুৰক্ষা দিয়াৰ বাবে বিপদ আশংকা গ্ৰহণ কৰে।’’
 
প্ৰতিখন দেশতে আইন-শৃংখলা প্ৰণালী গঢ়ি তুলিবলৈ আৰক্ষী বাহিনী গঠন কৰা হয়। এই আৰক্ষীৰ বাবেই আমি সকলোৱে শান্তিৰে শুব পাৰো। তেওঁলোকৰ বাবে কোনো উৎসৱ-পাৰ্বনৰ কথা নাই, দিন-ৰাতি একাকাৰ কৰি আমাৰ সুৰক্ষাৰ বাবে সদায় তেওঁলোক সস্তম হৈ থাকে। সাধাৰণতে আমি আৰক্ষীক কেৱল তেওঁলোকৰ ইউনিফৰ্মযোৰেৰে চিনাক্ত কৰোঁ। 
ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে নেহৰু ষ্টেডিয়ামত ১০ মে'ত অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ সন্মানীয় ‘পুলিচ কালাৰ্ছ’ বঁটা প্ৰদান কৰিব। এয়া এক আনুষ্ঠানিক সমাৰোহ, যাক আৰক্ষী বাহিনীৰ সকলো সদস্যই আনন্দ-উল্লাসেৰে উদযাপন কৰাৰ এক বিশেষ উপলক্ষ হিচাপে গ্ৰহণ কৰিব পাৰে। আৰক্ষী বাহিনীক ‘পুলিচ কালাৰ্ছʼ বঁটা প্ৰদান কৰাৰ আঁৰৰ ইতিহাস সাধাৰণতে জনগণৰ বাবে হৈছে এক মানৱীয় আৱেগ আৰু ইউনিফৰ্ম পৰিধান কৰা বাহিনীৰ বাবে বিশেষকৈ এক আমোদজনক অধ্যায়। 
প্ৰসিদ্ধ ইহুদী লেখক য়ুভাল নোৱাহ হাৰাৰীৰ যুগান্তকাৰী গ্ৰন্থ "ছেপিয়েন্স-এ ব্ৰীফ হিষ্টোৰী অফ হিউমেনকাইণ্ড" অধ্যয়ন কৰাসকলে বুজি পাব, কেনেকৈ মানৱ-জাতিয়ে বিৱৰ্তনৰ এটা পৰ্যায় অতিক্ৰম কৰি সংস্কৃতি আৰু সমাজ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু কিছুমান নেতাৰ অধীনত দলগতভাৱে আগবাঢ়িছিল।
 
অসম আৰক্ষী বাহিনীৰ পেৰেড
 
সামৰিক, সশস্ত্ৰ আৰু আৰক্ষী বাহিনীৰ বিৱৰ্তনৰ ক্ষেত্ৰতো একেই প্ৰক্ৰিয়াৰ কথা চিন্তা কৰিব পাৰি। ভাৰতীয় প্ৰেক্ষাপটত, বৈদিক কালত বিভিন্ন যুঁজাৰু গোটৰদ্বাৰা কঢ়িয়াই অনা ধ্বজা বা বেনাৰ/পতাকাৰ উদাহৰণ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল।
যদি কোনো সৈন্যই শত্ৰুৰ হাতত নিজৰ পতাকা হেৰুৱায়, তেন্তে ইয়াৰ অৰ্থ হৈছে লাঞ্ছনা আৰু যদি সেনাই শত্ৰুৰ পতাকা দখল কৰে, তেন্তে ইয়াৰ অৰ্থ হৈছে এক ৰাষ্ট্ৰীয় সন্মান। একেদৰে, আধুনিক যুগৰ প্ৰেক্ষাপটত খেলুৱৈ বা দুঃসাহসীসকলে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত দেশৰ পতাকা কঢ়িয়াই আনে বা সফলতাৰ শীৰ্ষত উপনীত হয়, সেয়া এক সন্মান যাক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰো।
যদিও পতাকা/ত্ৰিৰংগা কঢ়িওৱা প্ৰথাৰ উৎপত্তি অজ্ঞাত, তথাপি বুৰঞ্জীবিদসকলৰ মতে পৰম্পৰা প্ৰচলিত হোৱাৰ সময় প্ৰাচীন ইজিপ্তীয় বা আদিম আছিৰিয়ান সাম্ৰাজ্যত বিচাৰি পোৱা যায়।
 
অসম আৰক্ষী দিৱস অনুষ্ঠানত অসম আৰক্ষীৰ এটা দল
 
ভাৰত এখন গণৰাজ্য হোৱাৰ আগৰ দিনটোত, ব্ৰিটিছ ৰজাৰ সকলো কালাৰ্ছ(সৰ্বমুঠ ৩৩খন)ভাৰতীয় সেনাক হস্তান্তৰ কৰা হৈছিল আৰু অনুস্থানৰ নাম ʼকিংছ কালাৰʼৰ পৰা সলনি কৰি ভাৰতীয় সংবিধানত উল্লেখ কৰা ধৰণে ৰাষ্ট্ৰপতিৰ নামেৰে ʼৰাষ্ট্ৰপতিৰ কালাৰ্ছʼলৈ ৰূপান্তৰিত কৰা হয়। ভাৰতীয় নৌ সেনাক ʼৰাষ্ট্ৰপতিৰ কালাৰ্ছʼ আগবঢ়োৱাৰ একেই পৰম্পৰা ১৯৫১ চনৰ মে’ মাহত আৰম্ভ হৈছিল। ভাৰতীয় বায়ু সেনাইও এই পৰম্পৰা অনুসৰণ কৰিছিল।
ভাৰতীয় আৰক্ষীৰ ক্ষেত্ৰত এতিয়ালৈকে ১০খন ৰাজ্যৰ আৰক্ষী বাহিনীক ‘প্ৰেছিডেণ্ট কালাৰ্ছ’ সন্মান আগবঢ়োৱা হৈছে। এই ৰাজ্যসমূহ হ’লঃ-উত্তৰ প্ৰদেশ আৰক্ষী(২৩-১১-১৯৫২), দিল্লী আৰক্ষী (১৯৫৪), মহাৰাষ্ট্ৰ আৰক্ষী (১৯৬১),জম্মু আৰু কাশ্মীৰ আৰক্ষী(২৬-০৬-২০০৩), তামিলনাডু (আগষ্ট, ২০০৯), ত্ৰিপুৰা আৰক্ষী (১১-০১-২০১২), গুজৰাট আৰক্ষী (১৫-১২-২০১৯, হিমাচল আৰক্ষী (০১-১২-২০২১), হাৰিয়ানা আৰক্ষী (১৭-০১-২০২২) আৰু অসম আৰক্ষী(১০-০৫-২০২২)। ‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ লাভ কৰা মুম্বাই আৰক্ষী(০১-১২-১৯৫১)হৈছে একমাত্ৰ আয়ুক্ত আৰক্ষী।
দেশলৈ আগবঢ়োৱা অনুকৰণীয় আৰু ব্যতিক্ৰমী সেৱাৰ স্বীকৃতিস্বৰূপে সামৰিক বাহিনীৰ গোটক ‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ বঁটা প্ৰদান কৰা হয়। দিল্লী আৰক্ষীয়ে ১৯৫৪ চনতে এই সন্মান লাভ কৰিছিল যদিও তেওঁলোকৰ বিষয়াসকলে ১৬ ফেব্ৰুৱাৰী, ২০২২ৰ পৰাহে নিজৰ ইউনিফৰ্মত ‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ৰ পৰিচয়চিহ্ন পিন্ধিবলৈ আৰম্ভ কৰে। আশা কৰা হৈছে যে, অসম আৰক্ষীয়ে অতি সোনকালে ‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ৰ সৈতে সামঞ্জস্য ৰাখি ইউনিফৰ্ম পিন্ধিবলৈ আৰম্ভ কৰিব আৰু তেওঁলোকৰ চহকী পৰম্পৰাক লৈ গৌৰৱ অনুভৱ কৰিব। 
 
আৰ্তজনক সহায়ৰ হাত অসম আৰক্ষীৰ
 
উল্লেখযোগ্য যে, ‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ সন্মান লাভ কৰাটো এক বিস্তৃত প্ৰক্ৰিয়া। অতি আনন্দৰ কথা যে, ভাৰতীয় টকাৰ পৰিচয় চিহ্ন প্ৰস্তুত কৰা আইআইটিৰ অধ্যাপক উদয় কুমাৰ ধৰ্মলিংগমো সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে।
 
আমি জয়ন্ত নাৰায়ণ চৌধুৰীৰ কথা স্মৰণ কৰিব লাগিব, যিয়ে অসমৰ ডিজিপি হৈ থকা সময়ত প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল আৰু তেওঁৰ কাৰ্যকালতে এই সন্মানীয় বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, এনএছজিলৈ স্থানান্তৰ হোৱাৰ বাবে তেওঁ অনুষ্ঠানটো আয়োজন কৰিব নোৱাৰিলে। অসম আৰক্ষীয়ে ‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ লাভৰ সমগ্ৰ প্ৰক্ৰিয়াটোত প্ৰদীপ কুমাৰ আৰু এ কে সিনহা কাশ্যপে (দুয়োজন অৱসৰপ্ৰাপ্ত ডিজিপি)প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।  
আমি অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া হিচাপে ওপৰোক্ত তিনিগৰাকী বিষয়াক কৃতজ্ঞতা জনাইছো। একেদৰে, সক্ৰিয়তাৰে কাৰ্যসূচীটোৰ নেতৃত্ব দিয়াৰ বাবে বৰ্তমানৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তও কৃতজ্ঞতাৰ পাত্ৰ। 
‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ বঁটাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু ইয়াৰ তাৎপৰ্য প্ৰচাৰ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সকলো প্ৰান্তক সাঙুৰি অসম আৰক্ষীয়ে "গৌৰৱৰ যাত্ৰা" নামৰ এক সুচিন্তিত অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। 
 
কৰ্তব্যৰত অসম আৰক্ষীৰ এটা দল
 
অসম আৰক্ষীৰ পৰৱৰ্তী লক্ষ্য হ'ব লাগিব গুৱাহাটী মহানগৰ আয়ুক্তালয়ে যাতে ৰাষ্ট্ৰপতিৰ এই সন্মানীয় বঁটা লাভ কৰিব পাৰে। অৱশ্যে অসম আৰক্ষীৰ প্ৰতিজন সদস্যই এইটোও মনত ৰাখিব লাগিব যে ‘প্ৰেছিডেণ্টছ কালাৰ্ছ’ বঁটা গ্ৰহণৰ পিছত তেওঁলোকৰ প্ৰতি সাধাৰণ ৰাইজৰ আশা-প্ৰত্যাশাও বহুগুণে বৃদ্ধি পাব।
আগন্তুক দিনবোৰত সন্মুখীন হ'বলগীয়া নতুন আৰু ক্ৰমবৰ্ধমান আকাংক্ষা, প্ৰত্যাহ্বান আৰু দায়িত্বসমূহৰ মোকাবিলা কৰিবলৈ তেওঁলোকৰ মানসিকতাৰ সামগ্ৰিক পৰিৱৰ্তন আৰু সময়ে সময়ে প্ৰশিক্ষণৰ প্ৰয়োজন হ’ব। মই নিশ্চিত যে আৰক্ষী বাহিনী আৰু চৰকাৰৰ শীৰ্ষ বিষয়াসকলে এই বিষয়ত গুৰুত্ব আৰোপ কৰিব। 
সমাজে টম কটনৰ কথাবোৰো স্বীকাৰ কৰা উচিত: "আৰক্ষী বিষয়াসকলে প্ৰতিদিনে পুৱা বেজটো পিন্ধাৰ সময়ত, নিশ্চিতভাৱে নাজানে যে তেওঁলোকে এই বেজ খুলিবলৈ নিশা ঘৰলৈ আহিব পাৰিব নে নাই।"
 
(লেখক এজন অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু এ পি এছ চিৰ পূৰ্বৰ অধ্যক্ষ। তেওঁৰ দ্বাৰা প্ৰকাশিত মতামত ব্যক্তিগত।)