ইৰাণৰ হিজাব বিৰোধী আন্দোলনৰ তাৎপৰ্য্য

Story by  atv | Posted by  Munni Begum • 1 Years ago
মাছা আমিনিৰ মৃত্যুৰ বাবে ইৰাণত প্ৰতিবাদৰ এক দৃশ্য
মাছা আমিনিৰ মৃত্যুৰ বাবে ইৰাণত প্ৰতিবাদৰ এক দৃশ্য
  ছাজ্জাদ হুছেইন
 
ইৰাণত যোৱা ১৬ ছেপ্টেম্বৰত পৰম্পৰাগত হিজাব পৰিধান নকৰাৰ বাবে আটক কৰি থকা অৱস্থাত আৰক্ষীৰ জিম্মাত  ২২ বছৰীয়া মাহছা আমিনি নামৰ যুৱতী গৰাকীৰ মৃত্যুৰ ঘটনা সমগ্ৰ বিশ্বৰ মুছলমান সমাজত সংঘটিত হৈ থকা এটা শেহতীয়া উল্লেখযোগ্য পৰিঘটনা।  এই যুৱতীগৰাকীৰ মৃত্যুৱে পুৰুষকেন্দ্ৰিক ৰীতি-নীতি আৰু পিতৃতন্ত্ৰৰ দ্বাৰা সংজ্ঞায়িত কৰা সকলো সংস্কৃতিতে সাধাৰণতে মহিলা আৰু বিশেষকৈ মুছলমান মহিলাৰ সাজ-পোছাকৰ বিষয়টোক পুনৰ  প্ৰাসংগিক কৰি তুলিলে। পাৰমাণৱিক বিষয়, ইজৰাইল বিৰোধী স্থিতি আৰু মধ্যপ্ৰাচ্যৰ চুন্নী ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ সৈতে সংঘৰ্ষ আদি কাৰণত প্ৰচণ্ড আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰা ইৰাণৰ উগ্ৰ ছিয়া ইছলামিক ৰাষ্ট্ৰ ব্যৱস্থাৰ অৱসানৰ আৰম্ভণি হ’ব পাৰে এই মাছা আমিনিৰ মৃত্যুৰ ঘটনা।
 
দেখা গৈছে যে ইছলামিক আন্দোলন, সেয়া ছিয়াই হওক বা চুন্নীয়ে হওক, য’তেই সমাজ এখনত প্ৰভাৱ বিস্তাৰ কৰে, ই প্ৰথমে এটা অতি নৰম লক্ষ্য, অৰ্থাৎ নাৰী হোৱাৰ বাহ্যিকতাক লক্ষ্য কৰি লয়।  বিশুদ্ধতাৰ নামত ইছলামবাদৰ সমৰ্থকসকলে  চহকী স্থানীয় সভ্যতাৰ ঐতিহ্য থকা সমাজসমুহত আৰবৰ মৰুভূমিৰ অভ্যন্তৰৰ অষ্টম শতিকাৰ বেদুইন সমাজত ব্যৱহৃত সংহিতাসমূহ ইছলামৰ ‘মূল’ আৰু ৰীতি-নীতি হিচাপে জাপি দিবলৈ চেষ্টা কৰে।  
এই অনা-আৰব সভ্যতাসমূহ যেনে তুৰ্কী-পাৰ্চী সংস্কৃতিৰ ককেচীয়ান-কেছপিয়ান অঞ্চলৰ পৰা মধ্য আৰু দক্ষিণ এছিয়ালৈকে ব্যাপ্ত মুছলমান সমাজৰ সমুহৰ মহিলাসকলৰ বাবে  নিজা আৰু সুকীয়া   সম্ভ্ৰমতাৰ পৰম্পৰা আছিল যিবোৰে পূৰ্বৰে পৰা তেওঁলোকক পুৰুষৰ সৈতে সমাজত সন্মানজনক স্থানত ৰাখি আহিছে।  সেয়েহে নব্য ইছলামবাদীয়ে নাৰীৰ বাবে একেধৰণৰ সাজ-পোছাক জাপি দিয়াৰ জবৰদস্তিক এই সমাজসমূহত আৰম্ভণিৰে পৰাই প্ৰতিহত কৰি অহা হৈছে।  
হাজাৰ বছৰীয়া সভ্যতা ঐতিহ্যৰ দেশ ইৰাণত ১৯৭৯ চনৰ বিপ্লৱৰ পৰা ইছলামবাদীসকলে নাৰীৰ ওপৰত বাধা আৰোপ কৰাটো এক সৰ্বাত্মক ৰূপ ধাৰণ কৰে।  ১৯৭৯ চনত অভিনেত্ৰী মালিহা নেকজুমাণ্ডে বাধ্যতামূলক হিজাবৰ বাবে তেহৰাণৰ ৰাজপথত ছিয়া ধৰ্মগুৰুসকলৰ সৈতে তৰ্ক কৰা ছবিখনৰ পৰা মাহছা আমিনিৰ মৃত্যুলৈকে প্ৰতিৰোধৰ ঘটনা সময়ে সময়ে হৈ আহিছে।  সেয়ে যুৱতীগৰাকীৰ এই কৰুণ মৃত্যুৱে হিজাব পিন্ধাক বাধ্যতামূলক হোৱাৰ পৰিবৰ্তে এক পছন্দৰ বিষয় হিচাপে আহ্বান জনোৱা আন্দোলনৰ অনুকুলে গতি লাভ কৰিছে।
 
মাছা আমিনিৰ বাবে ন্যায় বিচাৰি ইৰাণৰ ৰাজপথত প্ৰতিবাদ 
 
১৯৭৯ চনত আমেৰিকাৰ সমৰ্থিত শ্বাহ ৰেজা পাহ্লাৱীক উৎখাত কৰা বিপ্লৱৰ নেতৃত্ব দিয়া ইৰাণৰ সংখ্যাগৰিষ্ঠ ছিয়া ইছলামৰ আধ্যাত্মিক নেতা আয়াতুল্লা খোমেইনী আছিল এজন পৰম্পৰাবাদী।  ইৰাণৰ আধুনিক পশ্চিমীয়া প্ৰভাৱিত জীৱনশৈলী থকা লোকসকলক তেওঁ শ্বাহৰ সমৰ্থক আৰু ইনকিলাবৰ (বিপ্লৱ) বিৰোধী বুলি গণ্য কৰিছিল। অৱশ্যে আমি জনা উচিত যে পশ্চিমীয়া শিক্ষিত ইৰাণৰ বুদ্ধিজীৱী, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী, বাওঁপন্থী আৰু মাৰ্ক্সবাদীসকলে সকলোৱে ইছলামবাদীসকলৰ সৈতে মিলি ১৯৭৯ চনত শ্বাহ পাহ্লাৱীৰ দুৰ্নীতিগ্ৰস্ত আৰু অগণতান্ত্ৰিক শাসন ব্যৱস্থাক উফৰাবলৈ ইনকিলাব (বিপ্লৱ)ত ইছলামবাদীসকলৰ সৈতে অংশগ্ৰহণ কৰিছিল।  কিন্তু শ্বাহক সফলতাৰে উফৰাই পেলোৱাৰ পিছত ইছলামিয় গুৰুজনে ইৰাণক নতুন সংহিতা জাপি দি “ইছলামিক গণৰাজ্য” হিচাপে ঘোষণা কৰে, য’ত বাওঁপন্থী উদাৰবাদীসকলক "শুদ্ধ" কৰা আৰু নাৰীৰ গতিবিধিত বাধা প্ৰদান কৰাটোও অন্তৰ্ভুক্ত কৰা হয়।  
১৯৭৯ চনৰ ফেব্ৰুৱাৰী মাহত খোমেইনীয়ে ইটালীৰ সাংবাদিক অৰিয়ানা ফালাচিক কৈছিল, “মেকআপ কৰি ৰাজপথত ডিঙি, চুলি আৰু শৰীৰ প্ৰদৰ্শন কৰা এই ধংবাজী মহিলাসকলে শ্বাহৰ লগত যুঁজ কৰা নাছিল।  তেওঁলোকে কোনো ধাৰ্মিক কাম কৰা নাই।” এনেদৰেই মহিলাকে ধৰি ইৰাণৰ নাগৰিকৰ বিষয়সমূহৰ ওপৰত ইছলামীয় উপাদান আৰোপ কৰাৰ ক্ষেত্ৰত খোমেইনীৰ নীতি সম্পূৰ্ণ ৰাজনৈতিক আছিল। ১৯৮৯ চনত তেওঁ দ্য চেটানিক ভাৰ্ছছৰ বাবে ছলমান ৰুছদীৰ ওপৰত দিয়া ফতোৱাতো পশ্চিমৰ বিৰুদ্ধে এক ৰাজনৈতিক ইছলামিয় সমৰ্থন সংগ্ৰহ কৰাৰ এক কৌশল আছিল।  
এইদৰে ১৯৭৯ চনৰ পৰা ইৰাণ ৰাষ্ট্ৰই প্ৰচাৰ কৰা ইছলামক ৰাজনৈতিক ইছলাম বুলি কোৱা হয় আৰু ৰুছদীৰ দৰেই মাহছা আমিনিও ইয়াৰ শেহতীয়া ভুক্তভোগী।  অৱশ্যে আৰব ৰাজতন্ত্ৰ আৰু অন্যান্য অনা-আৰব চুন্নী ইছলামিয় সকলে নাৰীৰ প্ৰতি কৰা ব্যৱহাৰ আৰু ছিয়া ইৰাণৰ ব্যৱহাৰৰ মাজত থকা পাৰ্থক্য প্ৰতি যত্নবান হ’ব লাগে।  চুন্নী ইছলামিকসকলে হাতৰ গ্লভছ আৰু চশমা পিন্ধাকে ধৰি মহিলাৰ শৰীৰৰ মূৰৰ পৰা ভৰিলৈকে আৱৰণ (বুৰ্খা, আবেয়া) জাপি দিয়াৰ বিপৰীতে ইৰাণৰ ছিয়া ইছলামিকসকলে চাদৰ (মূৰ ঢাকি থকা ঢিলা পোছাক )ৰ ওপৰত জোৰ দিয়ে, যিয়ে মুখখন উন্মুক্ত হৈ থাকে। 
 
হিজাব হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱতীসকলে
 
১৯৭৯ চনৰ পৰা প্ৰতিৰোধৰ লগতে ইৰাণৰ বিশিষ্ট মহিলাসকলৰ মাজত ৰাষ্ট্ৰই ইয়াৰ নাগৰিকসকলৰ ওপৰত জাপি দিয়া সাজ-পোছাকৰ বিষয়টোক লৈ অহৰহ বিতৰ্ক চলি আহিছে। পশ্চিমীয়া পোছাক পিন্ধা বা মূৰ নঢকা মহিলা সকলক ইৰাণত আমেৰিকাৰ প্ৰভাৱৰ ধাৰাবাহিকতা বুলি গণ্য কৰা হৈছিল যিয়ে নিঃসন্দেহে দেশখনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে ক্ষতিসাধন কৰিছিল।  সেয়েহে এই উপাদানসমূহৰ যিকোনো চিহ্নক ৰাজনৈতিকভাৱে অশুদ্ধ বুলি গণ্য কৰা হৈছিল আৰু ইৰাণৰ নতুন ইছলামিক প্ৰজাতন্ত্ৰই ১৯৮৩ চনৰ পৰা নতুন আইন কঠোৰভাৱে বলৱৎ কৰি এইবোৰ দমন কৰিবলৈ লৈছিল। ৰাজহুৱা স্থানত চুলি ঢাকি নঢকাৰ বাবে মহিলাসকলক ৭৪ টা কোব আৰু হিজাব নোলোৱাৰ বাবে ৬০ দিনৰ কাৰাদণ্ডৰ ব্যৱস্থা এনে আইনে কৰিছিল। এইদৰেই বিপ্লৱৰ পিছৰ ইৰাণত লিংগৰ বিষয়টো এক প্ৰবল পশ্চিমীয়া বিৰোধী মনোভাৱৰ সৈতে গভীৰভাৱে ৰাজনীতিকৰণ হৈ আহিছে।
শ্বাহক উৎখাত কৰিবলৈ বিপ্লৱক সমৰ্থন কৰা ইৰাণৰ বহু আগশাৰীৰ উদাৰপন্থি ব্যক্তিসকলে প্ৰতাৰিত অনুভৱ কৰিছিল।  ৰাজনীতি বিজ্ঞানী নিগাৰ মোট্টাহেদেৰ মতে সেই বিপ্লৱ “এখোজ পিছুৱাই যাবলৈ কৰা কোনো বিপ্লৱ নাছিল।” প্ৰসিদ্ধ লিখিকা আজাৰ নাফিছিয়ে তেওঁৰ বেষ্ট চেলাৰ স্মৃতিগ্ৰন্থ "ৰিডিং ললিতা ইন তেহৰাণ"ত একেগৰাকী মহিলাৰ দুখন বেলেগ বেলেগ ফটোত বৰ্ণনা কৰা বাহিৰৰ চাদৰ পিন্ধা আৰু ঘৰৰ ভিতৰৰ চাদৰ নিপিন্ধা দুখন বেলেগ বেলেগ জগতৰ বিষয়ে গভীৰভাৱে লিখিছে।  
ব্যক্তিগতভাৱে মই অহাইঅ’ ষ্টেট ইউনিভাৰ্চিটিৰ অধ্যাপক পাৰৱানা পুৰশ্বৰিয়াতী, ৰাটগাৰ্ছৰ অধ্যাপক মৰিয়াম বৰিজান আৰু তেওঁৰ স্বামী ভাষাত্ববিদ কলম্বিয়া ইউনিভাৰ্চিটিৰ অধ্যাপক হাবিব বৰিজানক লগ পাইছিলো। নিজ দেশক অতি ভালপোৱা এই বিশিষ্ট লোকসকলে ইৰাণত ৰাষ্ট্ৰই জাপি দিয়া সামাজিক বাধা-নিষেধৰ দ্বাৰা ভাৰক্ৰান্ত আৰু  দেশৰ আৰু শাসকীয় ব্যৱস্থাৰ ঘোৰ সমালোচক।  একেদৰে মহীশূৰ বিশ্ববিদ্যালয়ৰ পি এইচ ডি গৱেষক ছাত্ৰী ফাৰিবা মিৰ্জাদেহকো লগ পাইছিলো, যিয়ে চাদৰৰ সৈতে নিজকে স্বাভাৱিক অনুভৱ কৰে।
 
ইৰাণৰ ৰাজপথত জুই জ্বলাই হিজাব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিছে সৰ্বসাধৰন ৰাইজে
 
ইৰাণত মাজে মাজে বাধ্যতামূলক হিজাবৰ বিৰুদ্ধে বিক্ষিপ্ত প্ৰতিবাদ চলি আহিছে আৰু ২০১৭ চনৰ শীতকালত ভেদা মোভাহেদে তেহৰাণৰ ইনকিলাব ষ্ট্ৰীটত হিজাবক পতাকাৰ দৰে লাঠিত বান্ধি প্ৰতিবাদ কৰি এই আন্দোলনক শিখৰলৈ লৈ গৈছিল। তেতিয়াৰ পৰাই গাৰ্লছ অৱ ইনকিলাব ষ্ট্ৰীট নামৰ এটা আন্দোলন ২০১৯ চনলৈকে বিভিন্ন মহিলাৰ দ্বাৰা একেটা বিষয়ক লৈ অব্যাহত আছিল। 
যিহেতু শেহতীয়া ভুক্তভোগী মাহছা আমিনী এজন জনগোষ্ঠীয় কুৰ্দ, গতিকে হিজাবৰ গোচৰেও বেলেগ ধৰণৰ এক মোৰ লব পাৰে কাৰণ কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰত বিয়পি থকা কুৰ্দ জনগোষ্টিৰ  মাজত হিজাব  সিমান ব্যাপক নহয়।  ফাৰ্চিসকলৰ বাহিৰেও ইৰাণৰ জনগোষ্ঠী বৈচিত্ৰময়, য’ত আছে জনগোষ্ঠীয় কুৰ্দ, আজাৰবাইজানী, তুৰ্কমেন, বেলুচি আৰু আৰব। এই সকলোৰে মহিলাৰ সাজ-পোছাকৰ ধৰণ বেলেগ বেলেগ।  
হিজাবৰ প্ৰতিবাদে এতিয়া ইৰাণত অধিক শাসন বিৰোধী অশান্তিৰ সূচনা কৰিছে কাৰণ দেশখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাৰ লগতে অৰ্থনৈতিক নিষেধাজ্ঞাৰ অধীনত আছে।  বিড়ম্বনাৰ কথাটো হ’ল, এই প্ৰতিবাদে ইৰাণৰ চুন্নী আৰব প্ৰতিবেশী দেশসমূহক সন্তুষ্ট কৰিব পাৰে। অঞ্চলটোত ছিয়া প্ৰভাৱ ৰোধ কৰিবলৈ কৌশলগত স্থিতি গ্ৰহণ কৰা ছুন্নী আৰব ৰাজতন্ত্ৰ সমুহত অৱশ্যে মহিলাৰ অধিকাৰৰ মানদণ্ড শোচনীয়।
 
ইৰাণত যুৱতী সকলে সাব্যস্ত কৰা হিজাব বিৰোধী প্ৰতিবাদৰ এক দৃশ্য
 
ভাৰতৰ দৰে সেই অঞ্চলটোৰ বাহিৰত বাস কৰা মুছলমানসকলৰ বাবে মাহছা আমিনিৰ মৃত্যু এটা চিন্তা কৰিবলগীয়া বিষয়৷  ইয়াৰ দ্বাৰা স্পষ্টভাৱে বুজা যায় যে হিজাব পিন্ধা বা নিপিন্ধাটো ব্যক্তিগত পছন্দৰ বিষয় আৰু ই ৰাষ্ট্ৰ বা কোনো ৰাজহুৱা কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ বিষয় হোৱাটো অনুচিত। হিজাব পিন্ধিবলৈ আৰু নিপিন্ধিবলৈ কোনেও মহিলাক জাপি দিব নালাগে।