পবিত্ৰ ৰমজান মাহৰ সামাজিক আৰু বৈজ্ঞানিক বৈশিষ্টতা

Story by  atv | Posted by  [email protected] • 2 Years ago
পবিত্ৰ ৰমজান মাহৰ সামাজিক আৰু বৈজ্ঞানিক বৈশিষ্টতা
পবিত্ৰ ৰমজান মাহৰ সামাজিক আৰু বৈজ্ঞানিক বৈশিষ্টতা
ডঃ আয়েছা আশ্রফ আহমেদ 
 
ইছলামিক কেলেন্ডাৰত বাৰটা মাহ আছে। এই ১২ মাহৰ নৱম মাহটোৱেই হ'ল ৰমজান মাহ। সকলো মাহৰ ভিতৰত এই মাহৰ মৰ্যাদা, বৈশিষ্ট আটাইতকৈ অধিক। সেয়ে এই মোৱাৰক মাহটোৰ বাবে সকলো ধৰ্মপ্ৰাণ মুছলমানে বৰ আগ্ৰহৰে ৰৈ থাকে। পৱিত্ৰ কুৰআনৰ চুৰা বাকাৰাহৰ আয়াত নং ১৮৩ ত উল্লেখ আছে, 'হে ঈমানদাৰ সকল! তোমালোকৰ ওপৰত ৰমজান মাহৰ ৰোজা ফৰজ (অৱশ্য পালনীয় কর্তব্য) কৰা হ'ল, যেনেদৰে তোমালোকৰ পূৰ্ববৰ্ত্তীসকলৰ ওপৰতো ইয়াক ফৰজ কৰা হৈছিল, যাতে তোমালোকে সংযমী আৰু ধৰ্মভীৰু হ'ব পৰা।”
 
ৰমজান মাহৰ চান্দ্ ওলোৱাৰ লগে লগেই ৰমজানৰ ৰোজাৰ বতৰা দিয়ে। আল্লাহৰ ৰছুল হজৰত মোহাম্মদ (দ:)এ কৈছিল- চান্দ্ চাই ৰোজা ৰাখিবা আৰু চান্দ্ চাই শেষ কৰিবা (ঈদ পালন কৰিবা)। যদি আকাশত মেঘ থাকে, মাহৰ ৩০ দিন পুৰা কৰিবা। এটা কথা ঠিক সেই সময়ত বৈজ্ঞানিক গণনাৰ কোনো উৎস নাছিল। আজিকালি বহু আলিম-উলেমাই মত পোষন কৰে যে, যেহেতু বর্তমান সময়ত বৈজ্ঞানিক গণনাৰ দ্বাৰা আকাশত  চান্দৰ অৱস্থান সহজে নির্ণয় কৰিব পৰা যায়, বৈজ্ঞানিক পদ্ধতিৰে ৰোজা আৰু ঈদৰ দিন নিৰ্দ্ধাৰণ কৰাত নিশ্চয়কৈ থাকিব নোৱাৰে। .  
 
ৰোজা মানে উপবাসে থকা। সূৰ্য্য উদয়ৰ পৰা সূৰ্য্যস্তৰলৈ কোনো খাদ্য, আনকি এটুপি পানী পর্যন্ত গ্রহণ নকৰাকৈ থকা হয়। মেডিকেল চায়েঞ্চৰ মতে, ৰোজা ধৰাৰ সময়ত ৰোজাদাৰৰ শৰীৰ্টোৱে নিজাববীয়াকৈ শৰীৰত  জমা হৈ থকা অতিৰিক্ত মেদ বা চৰ্বি, শৰ্কৰা (কাৰ্বহাইড্রেট), দহন কৰি শক্তি উৎপন্ন কৰে। ৰোজাৰ মুখ্য উপকাৰিতা হৈছে, ডি-টক্সিফিকেশ্বন বা হানিকাৰক পদার্থ বাহিৰলৈ উলিয়াই দিয়া। কিন্তু, ইয়াতেই ৰোজা সীমাবদ্ধ নহয়। ৰোজা মানে ধৈৰ্য্য, দয়া, ক্ষমাৰ মাহ। এই মাহত শৰীৰৰ লগতে মানসিকতাৰ আমূল পৰিবৰ্তন অহাতো জৰুৰী। চকু, কাণ, মুখ আদি বেয়া কথা আৰু কামৰ পৰা বিৰত ৰখাৰ লগতে খং-ৰাগ, হিংসা-বিদ্বেষ, ৰিপু আদি দমন কৰি আত্মশুদ্ধি আৰু পৱিত্রতা, সংযমতা অৱলম্বন কৰাটোও হৈছে ৰোজাৰ উদ্দেশ্য। 
 
ইছলাম ধৰ্মাৱলম্বীসকলে সমূহীয়া ভাবে ইফটাৰ কৰা দৃশ্য
 
আমি মনত ৰখা উচিত যে, বিশ্বৰ সকলো লোকেই এক আল্লাহৰ সৃষ্টি। পৰম নিষ্ঠাৰে ৰখা ৰোজাই ৰোজাদাৰক ধৈয্যশীল আৰু আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ লগতে মনুষ্যত্ব জগায় তোলাত সহায় কৰে। 
এখন সমাজৰ সৰ্বপ্ৰথম প্ৰয়োজনীয় দিশটো হ'ল শান্তি। সমাজখনত আমন শ্বুকুন বাহাল ৰখাৰ প্ৰতি প্রত্যেকৰে কৰণীয় আছে। বৰ্তমান সময়ত ধৰ্মভীৰুতাৰ পৰিৱৰ্তে ধৰ্মান্ধতাই গা কৰি উঠিছে। ইয়াৰ ফলত সমাজত অশান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনেকি পৰ্যন্ত সাম্প্ৰদায়িকতায়ো মূৰ দাঙি উঠা দেখা যায়। যিসকল লোক ধৰ্মভীৰু অৰ্থাৎ সৃষ্টিকৰ্তাৰ প্ৰতি ভয় আছে, তেনেলোকে কেতিয়াও এনে কাম কৰিব নোৱাৰে। কাৰণ সকলো ধৰ্মই শান্তি আৰু একতাৰ শিক্ষা দিয়াৰ লগতে আন ধৰ্মক সন্মান কৰিব শিকায়। স্মৰ্তব্য যে, ৰোজাৰ ওপৰত যি বাণী অৱৰীৰ্ণ হৈছে তাত কোৱা হৈছে যে ৰোজা ৰাখিবা যাতে তোমালোঅকে সংযমী আৰু ধৰ্মভীৰু হব পৰা। সাম্প্ৰদায়িকতাৰ মনোভাৱ পৰিহাৰ কৰি এখন সুস্থ সৱল সমাজ গঢ়াৰ কাৰণে ৰোজাৰ গুৰুত্ব নিশ্চয়কৈ নুই কৰিব নোৱাৰি। 
ৰমজান মাহত জাকাত, ফিৎৰা অৰ্থাৎ দান-দক্ষিনা দিয়াটোও ফৰজ কাম। এয়া নিষ্ঠাৰে অভাৱীলোকৰ মাজত বিলাই ভোক-দাৰিদ্ৰতা কমোৱাত কিছু হলেও সহায় কৰিলে নিশ্চয়কৈ আল্লাহৰ কৰুণা (ৰহমত) অৰ্জন কৰিব পাৰি। 
 
ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজান মাহত সমূহীয়া তাৰাবীহ নামাজ পঢ়া দৃশ্য
 
ৰোজা আল্লাহতালাৰ ওচৰত এক প্রিয় এবাদত। আল্লাহতালাই কৈছে, "ৰোজা একমাত্র মোৰ বাবে আৰু ইয়াৰ প্ৰতিফল মই নিজ হাতে দান কৰো।" এই মাহৰ প্ৰতিটো মুহূর্তই অতি ফজিলতপূর্ণ, বৰকতময় আৰু ৰহমতপূর্ণ। অর্থাৎ প্ৰতিটো পুণ্যৰ কামৰ বাবে বহুগুণ বৃদ্ধি কৰি আল্লাতালাই ইয়াৰ পুৰস্কাৰ দিয়ে।  এনেয়েতো গোটেই বছৰে চ্ছেৰিটি বা দান দক্ষিনা দিব পাৰি। কিন্তু ৰমজান মাহত ইয়াৰ পূণ্য বহুত বেছি। বিশেষকৈ ৰমজান মাহত জাকাত ফিৎৰা আদায় দিয়া ফৰজ অৰ্থাৎ এই জাকাত প্ৰত্যেক প্ৰাপ্তবয়স্ক মুছলমান পুৰুষ মহিলাৰ প্ৰয়োজনীয় খা খৰচৰ পিচত থাকি যোৱা অৱশ্যে পালনীয় কৰ্তব্য। জমা ধন-সম্পত্তিৰ ২৫%। সকলো মুছলমানলোকে  দুখীয়াৰ হক্ক বা প্ৰাপ্য আদায় কৰা হেতেন অৰ্থাৎ জাকাত দিয়া হেতেন বিশ্বত গৰিব মুছলমান এজনো নাথাকিলেহেতেন।  
 
আজি মানৱজাতি এক কঠিন পৰিস্থিতিৰ সম্মুখীন হবলগীয়া হৈছে। ক'ভিড আদিৰ বাবে দেশত দাৰিদ্ৰতা, নিৱনুৱাৰ হাৰ অভাৱণীয়ভাৱে বৃদ্ধি পাইছে। তাৰোপৰি বহু দেশত যুদ্ধৰ বিভিষীকাৰ বাবে মানৱজাতি আলই-আথনিৰ সম্মুখীন হৈছে। যুদ্ধই বিধস্ত কৰা চিৰিয়া, পেলেষ্টাইন আদি দেশত লাখ লাখ লোক এমুঠি অন্নৰ বাবে ভিকত ছটফটাই আছে। এনে ভোকাতুৰৰ ভোকৰ তাড়না বুজিবলৈকে ৰোজাৰ প্ৰাসংগিকতা আছে। ৰোজাই যেন আমাৰ মন এনে সকলৰ বাবে সহায় আগবঢ়াবলৈ দুগুণ উৎসাহিত কৰে। এনে নিপীড়িত লোকসকলৰ সহায়ত আহিব পাৰিলেহে ৰোজা পালনৰ উদ্দেশ্য সফল হব। মুঠতে ৰমজানৰ ৰোজাই ব্যক্তি সমাজ সংশোধনৰ বাবে যি পেয়গাম দিয়ে সেয়া যেন আমি যথার্থ ভাৱে পালন কৰিলেহে আমাৰ ৰোজা পালনৰ উদ্দেশ্য সফল হব। 
 
(লেখিকা এগৰাকী শ্বিলং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা)