মৌলবাদ প্ৰতিৰোধৰ কৌশল

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
মৌলবাদী সন্ত্ৰাসবাদ - প্ৰতিসন্মতিমূলক ছবি
মৌলবাদী সন্ত্ৰাসবাদ - প্ৰতিসন্মতিমূলক ছবি
  পল্লব ভট্টাচাৰ্য
 
"----যিজনে এজন নিৰীহ মানুহক হত্যা কৰে, তেওঁ মানৱজাতিক হত্যা কৰে, আৰু যিজনে এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰে, তেওঁ মানৱজাতিৰ জীৱন ৰক্ষা কৰে---(কোৰাণ ৫:৩২)।

শেহতীয়াকৈ এজন বাংলাদেশী নাগৰিক মুহম্মদ সুমন ওৰফে চাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদৰ লগতে কালগাছিয়া হাওলীৰ চাৰিজন ব্যক্তিৰ বৰপেটা আৰক্ষীৰ হাতত আটক হৈছিল। গোপনে সম্পৰ্ক থকা তেওঁলোকৰ বিশ্বসন্ত্ৰাসী সংগঠন আল কায়েদাৰ সহযোগী আনছাৰুল্লাহ বাংলা দলৰ (ABT) সৈতে গোপনে সম্পৰ্ক থকা বুলি জনা গৈছে। এই ঘটনাৰাজিয়ে সামাজিক মাধ্যমৰ লগতে প্ৰচাৰ মাধ্যমত অভূতপূৰ্ব আলোড়ণৰ সৃষ্টি কৰি অসমৰ সুৰক্ষাৰ সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰে। ১৯৯৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ বোমা বিস্ফোৰণ, ৯/১১ আক্ৰমণ, ২০০২ৰ বালিত সংগঠিত হোৱা বোমা বিস্ফোৰণ আদি ঘটনাৰ লগত জড়িত হোৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই আল কায়েদা আৰু "সন্ত্ৰাসৰ বিৰুদ্ধে যুদ্ধ" আৰম্ভ কৰে। এনে এক কুখ্যাত সংগঠনৰ অসমত কৰা প্ৰৱেশ দেশৰ লগতে শংকৰ- আজানৰ অসমৰ বাবে শুভলক্ষণ নহয়। সংগঠনটোৰ নিকটৱৰ্তী সহযোগী সকল পৃথিৱীৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ ভাৰতত সূপ্ত কোষ (Sleeper Cell) হিচাবে থকাতো দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ পৰীপন্থী। উল্লেখযোগ্য যে ২০১৪ চনৰ ছেপ্টেম্বৰত গঠন হোৱাৰ সময়ত, ভাৰতীয় উপমহাদেশৰ আল-কায়েদাই (AQIS) গুজৰাট আৰু জম্মু-কাশ্মীৰৰ লগতে অসমক জিহাদৰ লক্ষ্যৰ ভিতৰত তালিকাভুক্ত কৰিছিল।
 
বাংলাদেশী নাগৰিক মুহম্মদ সুমন (তলৰ বাওঁফালে), তেওঁৰ চাৰিজন কথিত সহকৰ্মীৰ সৈতে (ওপৰৰ বাওঁফালৰ পৰা) টাইমুৰ ৰহমান খান, বাদশ্বাহ সুলেইমান খান, খাইৰুল ইছলাম আৰু নৌচাদ আলী (তলৰ সোঁফালে)

অৱশ্যে ইছলামবাদী উগ্ৰপন্থীৰ গ্ৰেপ্তাৰ অসমত কোনো নতুন ঘটনা নহয়। ২০১৪ চনৰ ২ অক্টোবৰত পশ্চিম বংগৰ খাগ্ৰাগড় বিস্ফোৰণ আৰু অসমত জে এম বি মডিউলৰ গোপন উপস্থিতিৰ উন্মোচন এতিয়াও জনসাধাৰণৰ মনত সতেজ হৈ আছে। ১৯৯০ৰ দশকৰ পৰা অসমত ইছলামবাদী সংগঠনসমূহৰ এক দীঘলীয়া তালিকা প্ৰস্তুত হৈছিল। ১৯৯২ চনৰ বাবৰি মছজিদ ধ্বংস আৰু পৰৱৰ্তী সাম্প্ৰদায়িক বিভ্ৰান্তিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব ভাৰতত ইছলামবাদী উগ্ৰবাদৰ উত্থান আৰম্ভ হৈছিল; ১৯৯৩ চনত মণিপুৰৰ কুখ্যাত মেইটেই-মুছলমান দাঙ্গাও এইক্ষেত্ৰত অৰিহণা যোগোৱা এক কাৰক। পাকিস্তানৰ আন্তঃ-সেৱা চোৰাংচোৱা  ISIয়ে ভাৰতৰ দুৰ্বলতাবোৰ অতন্দ্ৰ প্ৰহৰীৰ দৰে নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছিল আৰু ই বাংলাদেশৰ খালেদা জিয়া শাসনৰ পৰা অহৰহ সহায় লাভ কৰিছিল আৰু সেই সময়ত ভাৰতৰ প্ৰতি বাংলাদেশ গভীৰভাৱে বিদ্বেষী আছিল। বাংলাদেশ সেই সময়ত ইছলামবাদী মৌলবাদ আৰু উগ্ৰবাদৰ এক কেন্দ্ৰ আছিল আৰু ইয়াক ISIয়ে ভাৰতৰ বিৰুদ্ধে চতুৰ্থ প্ৰজন্মৰ যুদ্ধ সম্প্ৰসাৰিত কৰিবলৈ ব্যৱহাৰ কৰিছিল। ২০০৯ চনত শ্বেখ হাছিনা চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত নতুন দিল্লীৰ পক্ষত পৰিস্থিতি নাটকীয়ভাৱে সলনি হৈছিল। অৱশ্যে বৰ্তমান সময়ত দুখন বাংলাদেশৰ উপস্থিতি উপলব্ধি কৰা হয় - এখন বাংলা জাতীয়তাবাদৰ ওপৰত আধাৰিত আৰু আনখনে হ'ল ইছলামিক বিশ্বৰ প্ৰতিভু আৰু দুয়োখনৰ মাজৰ নিৰন্তৰ কাজিয়াই অসমত Spill Over প্ৰভাৱৰ প্ৰক্ৰিয়াৰ যোগেদি সম্প্ৰসাৰিত হোৱা দৃষ্টিগোচৰ হয়।
উত্তৰ-পূবৰ বেছিভাগ ইছলামী উগ্ৰপন্থী গোটৰ ১৯৯০ৰ পৰা ১৯৯৬ চনৰ ভিতৰত প্ৰতিষ্ঠা হৈছিল; ইয়াৰ উদ্দেশ্য আছিল অঞ্চলটোৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ 'সামগ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰা'। ২০০০ দশকৰ আৰম্ভণিতে আৰু অধিক গোট ওলাইছিল, কিন্তু এইবোৰ কম সময়ৰ বাবে আছিল। বড়ো আৰু বঙালী ভাষী মুছলমানসকলৰ মাজত বিক্ষিপ্তভাৱে বি টি এ ডিত দাঙ্গা সংঘটিত হৈছিল আৰু সেই সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত হোৱা হিংসাৰ সন্দৰ্ভত নিৰীক্ষনৰ বাবে কমেও ১৯ টা ইছলামবাদী সংগঠন চিনাক্ত কৰিছিল। পৰৱৰ্তী সময়ত কেৰালাস্থিত সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (PFI) উত্থান আৰু গোৱালপাৰা, কৰিমগঞ্জ, শিলচৰ, হাইলাকান্দি, কামৰূপ, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, লখিমপুৰ, নগাঁও আৰু তিনিচুকীয়া জিলাত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত ইয়াৰ অগ্ৰাসণ মৌলবাদৰ অসমত জাগৰণ হোৱাৰ ভিত্তি প্ৰশস্ত কৰে। ২০১৬ চনত, অসম আৰক্ষীয়ে মৌলবাদ প্ৰক্ৰিয়াৰ প্ৰতিৰোধৰ এক প্ৰচেষ্টা লৈছিল। এই উদ্দেশ্যৰে অসম আৰক্ষীৰ উদ্যোগত অসমৰ লগতে ভাৰতত আইন বলৱৎকাৰী বিষয়াসকলৰ লাভালাভৰ বাবে Handbook of Counter Radicalisation প্ৰকাশ কৰা হৈছিল। ইয়াৰ পিছত ২০১৯ চনত Handbook of Resurgent Radicalism নামৰ আন এখন কিতাপ ৰচনা কৰা হৈছিল। এই দুখন গ্ৰন্থৰ ৰচনাত সুৰক্ষা বিশেষজ্ঞ জয়দীপ শইকীয়া আৰু সেই সময়ৰ ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল সৌভাগ্য শৰ্মাৰ অৱদান অতুলনীয়।
অনস্বীকাৰ্য্য যে মৌলবাদৰ মুখ্য চালক হৈছে "আদৰ্শ"। ইণ্টাৰনেট, ছ'চিয়েল মিডিয়া আৰু কিছু ক্ষেত্ৰত প্ৰিণ্ট মিডিয়া, কিছুমান দাতব্য সংগঠন আৰু বেচৰকাৰী সংগঠনে ইয়াৰ বিকাশত অৰিহণা যোগাইছিল। এজন ব্যক্তিক প্ৰথমে "মৌলবাদী" হ'বলৈ দিয়া আৰু  ইয়াৰ আৱিষ্কাৰৰ পিছত, তেওঁৰ বাবে "মৌলবাদ-বিৰোধী" পদক্ষেপ লোৱাৰ পৰিৱৰ্তে,  প্ৰথমেই  "মৌলবাদৰ বিৰোধী" পদক্ষেপ লোৱা জৰুৰী। অন্যাৰ্থত এনে এক পৰিৱেশ সৃষ্টি কৰা য'ত মৌলবাদ হ'ব নোৱাৰে। এইটো স্পষ্ট যে বৰপেটাৰ বৰ্তমানৰ ঘটনাটোত গ্ৰেপ্তাৰ হোৱা যুৱকসকল বিদেশী চিন্তাধাৰাৰদ্বাৰা মৌলবাদী হৈ উগ্ৰপন্থী সংগঠণৰ লগত জড়িত হৈ পৰিছিল যিটো স্পষ্টভাৱে শংকৰ-আজানৰ সংমিশ্ৰণ সংস্কৃতিৰ পৰীপন্থী আছিল।
 
 
মৌলবাদৰ সৈতে মোকাবিলা কৰাত আইন প্ৰৱৰ্তনকাৰীসকলক সহায় কৰিবলৈ অসম আৰক্ষীৰ বিশেষ শাখাৰ দ্বাৰা প্ৰকাশিত দুখন কিতাপ 
 
নিম্নলিখিত পদক্ষেপবোৰ, সমাজৰ সহযোগত, চৰকাৰৰদ্বাৰা ৰূপায়ণৰ বাবে আৰম্ভ কৰা হোৱাতো সময়ৰ আহ্বান:
 
(১) 'ইজতিহাদʼৰ জৰিয়তে মৌলবাদী আদৰ্শৰ মোকাবিলা কৰা বা মৌলবাদী চিন্তাধাৰা প্ৰতিৰোধ কৰিবলৈ ব্যক্তিগত যুক্তিৰ ব্যৱহাৰ কৰা। যোগ্য মুছলমান বুদ্ধিজীৱীৰ আত্মবিশ্বাস অৰ্জন কৰাৰ পিছত তেওঁলোকক এনে কাৰ্য্যত নিয়োগ এই প্ৰক্ৰীয়াৰ সফলতাৰ বাবে অপৰিহাৰ্য হ'ব।
 
পুলিচ জিলা সদৰ দপ্তৰত বা থিংক টেংকৰ আধাৰত এক ʼমৌলবাদী বিৰোধী মঞ্চʼ স্থাপন কৰা। এই মঞ্চই নিম্নোক্ত মিছন সম্পাদন কৰিব -
(ক) বিশ্বব্যাপী, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক মৌলবাদৰ প্ৰৱণতা নিৰীক্ষণ আৰু বিশ্লেষণ (খ) বিশ্বব্যাপী উগ্ৰবাদ-বিৰোধী মডেলৰ পৰা সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰা (গ) ইমাম, মৌলৱী আৰু হিন্দু পুৰোহিত আদিৰ জৰীয়তে মৌলবাদী বিৰোধী গোট স্থাপন আৰু এই গোটসমূহৰ প্ৰশিক্ষণ (ঘ) সকলো প্ৰকাৰৰ ʼইজতিহাদʼ ভাৱধাৰাৰ প্ৰচাৰ আৰু সমৰ্থন (ঘ) মৌলবাদী ভাৱধাৰাৰ এক Database একীকৰণ কোষ (Radical Data Base Fusion Centre) স্থাপন আৰু ৰক্ষণাবেক্ষণ। এই কোষে বিভিন্ন সুৰক্ষা অনুষ্ঠানৰ দৃষ্টিগোচৰ হোৱা মৌলবাদী ভাৱধাৰা এটাই আনটোৰ লগত Intelligence Share কৰা। উল্লেখযোগ্য যে ২০১৪ চনত গ্ৰেপ্তাৰ হোৱা এজন মৌলবাদী JMBৰ আচাৰ-ব্যৱহাৰ ছৌডি ভাৱধাৰেৰ অনুপ্ৰাণিত হৈ ভাৰতীয় পৰম্পৰাৰ এদিন আগত ঈদ উদযাপনৰ পক্ষপাতী আছিল আৰু তেওঁৰ এই ব্যৱহাৰে স্থানীয় মুছলমান সমাজৰ লগত সংঘাট সৃষ্টি কৰি আৰক্ষীৰ হস্তক্ষেপৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। দুৰ্ভাগ্যবশতঃ উপৰোক্ত Fusion Centreৰ অবৰ্তমানত আৰক্ষীয়ে ব্যক্তিজনক বুজাপৰাৰ মাজেৰে এৰি দিছিল। অন্যথা JMBৰ অসমৰ উত্তৰণ বহু আগতে ৰোধ কৰিবলৈ অসম আৰক্ষী সক্ষম হ'লহেঁতেন।(ঙ)মৌলবাদী ভাৱধাৰাক প্ৰত্যাহ্বান জনাই মুছলিম সমাজৰ বিশিষ্ট আৰু সন্মানীয় ব্যক্তিৰ আবেদন, সংগীত আদি ৰেডিঅʼ, টি ভি, সামাজিক মাধ্যম, বা ছপা মাধ্যমৰ জৰীয়তে বহুল প্ৰচাৰ। এই শ্ৰেণীৰ অধীনত অসম আৰক্ষীয়ে গুৱাহাটীৰ ইমামসকলৰ দ্বাৰা শান্তিৰ আবেদন আৰু সংগীত শিল্পী নাহিদ আফ্ৰীন পৰিবেশিত  সংক্ৰামক সম্পীতিৰ গীতৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
(2) এক নিবিড় নিৰীক্ষণ প্ৰণালীৰ জৰীয়তে মৌলবাদী আদৰ্শৰ প্ৰতিৰোধ কৰিবলৈ ভাৰতীয় উলেমাসকলক অন্তৰ্ভুক্ত আৰু উৎসাহিত কৰা।
 
২০১৮ চনত নলবাৰী জিলাত দেখা পোৱা এটা আই এছ আই এছ পতাকা য'ত মানুহক সন্ত্ৰাসবাদী গোটত যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছে। (ফাইল ফটো)
 
(3) বিশ্বব্যাপী মৌলবাদী আদৰ্শৰ প্ৰতিৰোধী বৰ্ণনাবোৰ আলোকপাত কৰি প্ৰয়োজন সাপেক্ষে সম্প্ৰচাৰ কৰা।
 
(4) ভাৰত ভ্ৰমণ কৰা বিদেশী ধৰ্মপ্ৰচাৰকৰ ধাৰণাবোৰ নিবিড়ভাৱে নিৰীক্ষণ কৰা আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ ভ্ৰমণ নিয়ন্ত্ৰণ কৰা।
 
(5) সমস্যাবোৰৰ ভাল বোধগম্যতাৰ বাবে আৰক্ষীৰ পাঠ্যক্ৰমত ইছলাম আৰু অন্যান্য ধৰ্মৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰা।
 
(৬) মৌলবাদী ধৰ্মতত্ত্ববিদসকলৰ কাৰ্যকলাপ নিৰীক্ষণ আৰু সামাজিক নিয়ন্ত্ৰণ।
(৭) উগ্ৰপন্থী বিৰোধী পণ্ডিত চুলতান শ্বাহিনে তেওঁৰ ৱেবছাইটৰ www.newageislam.com জৰীয়তে মৌলবাদীসকলৰ বিপক্ষে  মতবাদৰ সৃষ্টি কৰিছে আৰু এনে প্ৰচেষ্টাক উৎসাহিত কৰা।
(৮) বিশ্ব জেহাদীসকলৰ ভাৱধাৰাক আকৰ্ষণীয় কৰাৰ সকলো প্ৰচেষ্টা বন্ধ কৰা আৰু মৌলবাদী সাহিত্যৰ প্ৰতিৰোধ কৰা।
 
(৯) অসম আৰক্ষীৰ বিশেষ শাখাত থকা Cyberdom প্ৰকল্পৰ অধীনৰ Digital Intelligence  and Training and Analysis Centre (DITAC) ৰ জৰীয়তে Digital মৌলবাদৰ মোকাবিলা কৰা  ইয়াক পৰ্যাপ্তভাৱে শক্তিশালী কৰা।
 
(১০) ভাৰতে ইয়াৰ চুবুৰীয়া দেশসমূহৰ সক্ৰিয় সমৰ্থন অবিহনে মৌলবাদৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰে। সেয়েহে চুবুৰীয়া দেশক জড়িত কৰাটো অত্যাৱশ্যকীয় হ'ব।
 
আই এছ আই এছ-ৰ কথিত ইৰাকী সৈন্যৰ গণহত্যাৰ ছবি। (ফাইল ফটো)
 
() পৃথিবীৰ বিভিন্ন দেশে ʼমৌলবাদ বিৰোধী অভিযান গোটʼৰ  দৰে কিছু কোষ চোৰাংচোৱা সংস্থাসমূহত প্ৰতিষ্ঠানগত মঞ্চ হিচাবে সৃষ্টি কৰিছে। এই কোষৰ জৰীয়তে কিছুমান উদীয়মান ভাবুকিৰ মোকাবিলা কৰা,  মৌলবাদী websiteৰ পঞ্জীয়ন বাতিল কৰা, আইন প্ৰৱৰ্তনকাৰী সংস্থা, থিংক টেংক, শিক্ষাৰ্থী, মিডিয়া ব্যক্তিত্ব আদিৰ বাবে প্ৰশিক্ষণ কৰ্মশালা প্ৰদান কৰা, মানৱ ভূ-খণ্ড বিশ্লেষণ (Human Terrain Analysis) আদি অভিজান অব্যাহত ৰখা। অসম আৰক্ষীতো Intelligence Bureauৰ যোগেদি এনে প্ৰচেষ্টা লোৱাতো সময়ৰ আহ্বান।
 
ওপৰোক্ত পদক্ষেপবোৰ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে চৰকাৰ, প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আৰু সমাজৰ সকলো বৰ্গৰ সমন্বয় আৰু পূৰ্ণ সহযোগিতা অতিকৈ প্ৰয়োজনীয়। সংখ্যালঘু সম্প্ৰদায়ৰ বিশ্বাস অৰ্জন কৰাটো হৈছে এনে কট্টৰবাদ বিৰোধী নীতিৰ সাৰাংশ। সেয়েহে আমেৰিকান সম্প্ৰদায় নিৰ্মাতা আৰু কৰ্মী ৰাধানাথ স্বামীৰ বক্তব্য এই অভিজানৰ মূলমন্ত্ৰ "“Trust cannot come unless one is honest.”
 
(লেখক এজন প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ শাখা আৰু এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ। প্ৰৱন্ধত প্ৰকাশিত মতামত তেওঁৰ ব্যক্তিগত)