সমন্বয়ৰ সূত্ৰ বিচাৰি

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি
লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি
  মইনুল ইছলাম মণ্ডল
 
আজি দুই হেজাৰ বাইশ চনৰ বাইশ মাৰ্চ, মঙ্গলবাৰ। মই দৈনিক লোৱা তিনিখন অসমীয়া বাতৰি কাকতত কিবা মঙ্গলজনক বাতৰি পাওঁনেকি বুলি চাওঁতে কাকতৰ প্ৰথম পৃষ্ঠাত পোৱা খবৰবোৰৰ শিৰোনাম এনেধৰণৰঃ
 
“মটৰ চাইকেলত অহা তিনি দুর্বৃত্তই হত্যা কৰিলে মহিলা অধিবক্তাক। চামগুৰিত গণপ্ৰহাৰত এজনৰ মৃত্যু। নিৰীহ যুৱকক হত্যা কৰি উগ্রপন্থী সজোৱাক লৈ উত্তপ্ত টিৰাপ। থানাতে ছাৰ্ভিছ পিষ্টলৰে গুলীয়াই আৰক্ষীৰ আত্মহত্যা। কপিলী নৈত গা ধুৱলৈ গৈ দুই কণ্যা শিশুৰ সলিল সমাধি। এন আৰ এলৰ মহিলা অভিযস্তাক অশালীন আচৰন চি আই এছ এফ জোৱানৰ। ৰাজ্যজুৰি পোষ্ট মেট্ৰিক সংখ্যালঘু বৃত্তিৰ ভয়ংকৰ কেলেংকাৰী।” – দৈনিক এই লেখীয়া অবাঞ্চনীয় তথা অস্বস্থিকৰ বাতৰি সমূহৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত মুছলমান সম্প্ৰদায়ৰ মানুহৰ সংখ্যা চকুত লগা বিধৰ। কাৰণ যিমানেই গুৰুত্বৰ নহওঁক কিয় অসমৰ শান্ত-সমাহিত সামগ্রিক পৰিবেশ বিধ্বস্ত তথা দূষীত কৰাত এই সম্প্রদায়টোৰ মানুহৰ অশোভনীয় যোগদান আজিৰ দিনটোত চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে।
 
এই খিনিতে মনত পৰিছে সৌ সিদিনা অসমীয়া প্রতিদিনৰ পৰা এটি বাতৰিৰ কথা। গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি অশ্লীল মন্তব্যৰে অপমান কৰা এক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ডবকা আৰক্ষীয়ে ১৯-০৩-২০২২ ইং তাৰিখে নিশা অভিযান চলাই অন্যতম অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত আমছুৰ বিষয়ববীয়া সকলে আনজন অভিযুক্তকো আটক কৰি আৰক্ষীক গতাই দিয়ে। তদুপৰি ঘটনা সংক্রান্তত আমছুৰ সভাপতি কবিৰ আহমেদে অভিযুক্ত যুৱকদ্বয়ৰ বিৰুদ্ধে ডবকা থানাত এখন এজাহাৰ দাখিল কৰি দুয়োকে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। 
 
অসমৰ গোলাঘাট জিলাৰ ৰাস উৎসৱত প্ৰদৰ্শন কৰা এগৰাকী মুছলমান ছোৱালী (ফাইল ফটো)
 
আচলতে কলাক্ষেত্ৰত কীৰ্তিচিহ্ন চোৱাৰ অন্তত এজনে ৰসৰাজ বেজবৰুৱা প্ৰতিমূৰ্ত্তিৰ সন্মুখত ৰৈ অশ্লীল মন্তব্য কৰে আৰু আন এজনে এই দৃশ্য ম'বাইলত ৰেকৰ্ড কৰিছিল। উক্ত মুছলমান যুৱক দুজনৰ কৰ্মকাণ্ডই সমগ্ৰ অসমীয়া সমাজখনক ক্ষোভিত কৰিছে। দ’ৰাচলতে অসমৰ মুছলিম সমাজখন আজি সম্প্ৰদায়টোৰ কিছুমান উচ্ছৃংখল ব্যক্তি বিশেষে কৰা এনেবোৰ নিন্দনীয় দুষ্কৃতিৰ প্রতি সদা সতর্ক হৈ থকা উচিত যাতে কেতবোৰ উদণ্ড যুৱকৰ কাৰণে সমগ্র মুছলিম সমাজখন লজ্জিত হব লগা নহয়। তাৰোপৰি সকলোৱে সাবধান হব লাগে যাতে কিছুমানে আকৌ ৰাজনৈতিক মুনাফা লাভৰ আশাত এনেবোৰ ঘটনা বা প্ৰতিঘটনাৰ গইনালৈ অতিৰিক্ত বা উদ্ভট আচৰন কৰিবলৈ আৰম্ভ নকৰে। কিয়নো এনেধৰনৰ কথাবার্তা বোৰে শংকৰ-আজানৰ অসমখনক কেৱল শংকৰ-মাধৱৰ অসমলৈ পৰিৱৰ্তন হোৱাত অৰিহনা যোগাব পাৰে।
 
শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসম আৰু অসমীয়াৰ কাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান বুলি কলে অত্যুক্তি কৰা নহব। প্রাক্ স্বাধীনতা কালতেই ৰসৰাজ লক্ষ্মীনাথে অসমীয়া ভাষা সাহিত্যৰ যোগেদি বিশ্বসমাজতে কিদৰে অসমীয়াৰ স্বাভিমান প্রতিষ্ঠা কৰিব পাৰি তাৰ কথা চিন্তা কৰিছিল। বাঁহী নামৰ অসমীয়া মেগাজিনত ১৯০৯ চনত প্ৰকাশ পোৱা তেখেতৰ 'অ' মোৰ আপোনাৰ দেশ' নামৰ কবিতাটোক ১৯২৭ চনতেই অসমৰ জাতীয় সংগীত হিচাবে গ্রহণ কৰা হয়। এনেহেন এজন নমস্য ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে নজনাটো কেৱল দুর্ভাগ্যজনকেই নহয় ই যে আমাৰ সমাজ-সমন্বয়ৰ ক্ষেত্ৰত সাংঘাতিকো হব পাৰে তাকেই প্রমান কৰিছে মুছলমান সম্প্ৰদায়ৰ যুৱক দুজনৰ কৰ্মকাণ্ডই। 
ল'ৰা দুজনৰ কাৰ্য্যক ব্যক্তিগত বা ব্যতিক্রম বুলি ধৰি লৈও কব পাৰি যে, প্রকৃত ধর্ম জ্ঞান নাথাকিলে অসম্পূর্ণ ধর্মকথা বা প্রচলিত ধৰ্মাৰ্চৰনে কিদৰে মানুহক পথভ্রষ্ট কৰিব পাৰে উপৰোক্ত ঘটনাটো তাৰেই উমান দিছে। এই কথা সত্য যে, ইছলামত এক আল্লাহৰ বাহিৰে আনক পূজা অৰ্চনা কৰিব নাপায়। কোনোধৰণৰ প্ৰতিমূৰ্ত্তিক ঈশ্বৰ জ্ঞান কৰাটোক ইছলামে “শিৰক্” বা “মহাপাপ” বুলি গণ্য কৰে। হিন্দু ধর্মতো “সর্বধমান পৰিত্যজ্য মামেকং শৰনং ব্রজ” বা ঈশ্বৰৰ একত্ববাদৰ কথা আছে। অৱশ্যে 'য'ত জীৱ তত শিৱ'ৰ কথাও আছে। হিন্দু ধৰ্মৰ আত্মাস্বৰূপ— বসুধৈৱ কুটুম্বকম— বা সার্বজনীনতা আৰু উদাৰতাৰ কথাবোৰ নজনা একাংশ মুছলমান পৰিয়ালত ইছলামৰ প্ৰকৃত আদৰ্শৰ চৰ্চা নহৈ আজিকালি ধৰ্মীয় আচাৰ-আচৰনৰ কথাবোৰহে বেছিকৈ আলোচনা কৰা হয় বুলি অনুমান কৰিব পাৰি যিয়ে তেওঁলোকক ধাৰ্ম্মিক কৰাৰ পৰিৱর্তে সাম্প্রদায়িক হিচাবেহে গঢ়ি তোলে। 
ফলস্বৰূপে উপৰোল্লেখিত উদণ্ড যুৱকদ্বয়ৰ দৰে কিছুমানৰ কু-কীৰ্তিৰ কাৰণে সময়ে সময়ে সমগ্র মুছলমান সমাজখন বিব্ৰত হৈছে। সেই কাৰণে আজিৰ সচেতন মুছলমান ব্যক্তিসকল সজাগ হোৱা উচিত যাতে হিন্দু-মুছলমানৰ সমন্বয়ত কোনো ধৰণৰ আচ্ বা ঋণাত্মক প্ৰভাৱ নপৰে। পিছে কলাক্ষেত্ৰত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তিটো সংস্থাপনৰ উদ্দেশ্য তেওঁক ঈশ্বৰ জ্ঞান কৰি পূজা-অৰ্চনা কৰা নহয়; অসমীয়া সমাজৰ প্ৰতি থকা তেওঁৰ অৱদানৰ বাবে আৰু অসমীয়া জাতিৰ হিতার্থে তেওঁ কৰা চিন্তা আৰু কৰ্ম্মৰাজীক যাতে পৰৱৰ্তী প্রজন্মই যুগে যুগে অনুকৰন কৰে, তাৰ বাবেহে।
 
অসমৰ প্ৰশংসিত ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে এটা দুৰ্গা মূৰ্তি নিৰ্মাণ কৰিছে (ফাইল ফটো)
 
সময় আৰু বিষয় সাপেক্ষে ব্যৱহৃত 'কাফেৰ' বা 'ঘাজুয়া-ই-হিন্দ' আদি কথাবোৰে যাতে হিন্দু-মুছলমানৰ সম্প্রতি বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে দুয়োপক্ষৰ ধৰ্মনিৰপেক্ষ আৰু প্ৰকৃত ধার্মিক ব্যক্তিগন সচেতন থাকিব লাগিব। মুঠতে আজিৰ মুছলমান সমাজে বৃহত্তৰ অসমীয়া সমাজখনৰ লগত একাত্ম হবলৈ যত্ন কৰা উচিত আৰু এনে কৰিবলৈ যাওঁতে সমিলমিলৰ সূত্ৰসমূহ নিজৰ ধৰ্মবানীৰ মাজৰ পৰাই উলিয়াব পাৰিব লাগিব।  সময়ৰ সোঁতত মানৱীয় জ্ঞান-প্রযুক্তি বৃদ্ধিৰ লগে লগে যিদৰে সনাতন ধৰ্মৰ পৰিসৰ বৃদ্ধি হয়, ঠিক একেদৰে মুছলিম সমাজেও নিজৰ ধৰ্মপুথি কোৰআন আৰু হাদিচৰ বানী সমূহৰ সময় সাপেক্ষ্যে বা বহুল ব্যাখ্যা কৰিব জানিব লাগিব। আজিৰ বিশ্বায়নৰ যুগত সকলো ধর্ম সম্প্রদায়ৰ মানুহে সহ অৱস্থান কৰিবলৈ শিকিব লাগিব। নিজৰ ধর্মীয় ৰীতি নীতিক সেইদৰে নমনীয় কৰিব পাৰিব লাগিব। এই কামফেৰা, কেৱল  মাদ্রাছা-শিক্ষিত ধর্মগুৰু সকলোৰ ওপৰত এৰি নিদি মুছলমান সমাজৰ সাধাৰণ শিক্ষাৰে শিক্ষিত মানুহে কৰিব লাগিব। তাৰ বাবে তেওঁলোকে সনাতন বা আন আন ধৰ্মৰ ঐশী বানীবোৰ জনাৰ উপৰি নিজৰ ধৰ্মৰ বিষয়ে ভালদৰে জানিব লাগিব। 
আচলতে কোৰআনখন ভালদৰে অধ্যায়ন কৰিলে আমি জানিব পাৰো যে, ইছলামে আন ধর্ম বা সম্প্ৰদায়ৰ এনেকি আল্লাহক কৰা মানুহৰ লগতো কিদৰে সহবাস কৰি শান্তিৰে থাকিব লাগে তাকো শিকাই থৈছে (প্রসংগঃ চুৰা কাফেৰুণ)। জানিবহে লাগে। এনেকি পূজা-পার্বনৰ উদ্দেশ্যে সংস্থাপিত কোনো দেৱ-দেৱীৰ মূৰ্ত্তিকো অপমান কৰাটো ইছলামে অনুমতি নিদিয়ে। বৰঞ্চ তেনেকাৰ্য্য নকৰিবলৈ (কোৰাআনৰ ভাষাত লা-তাসুব্বু) সাৱধান কৰি দিছে। কাৰণ মুছলমানৰ তেনে আচৰণৰ ফলত আল্লাহকেই মানুহে শত্রু জ্ঞান কৰি অপমান কৰিবলৈ (কোৰআনৰ ভাষাত ফাইয়াসুব্বু) উদ্যত হব পাৰে বুলি কোৰআনত (অধ্যায় -৬, আয়াত নং-১০৮) উল্লেখ আছে। বুজিবহে লাগে। 
ওপৰত উদ্ধৃত বাতৰিৰ শিৰোনাম কেইটাৰ লগত যোৱা বাইশ মাৰ্চৰ আৰু এটি গুৰুত্বপূর্ণ বাতৰিৰে আজিৰ লেখাটি সামৰিব খুজিছো। সেয়া আছিল –“২০২১ চনত ৩০৯৫ টা আত্মহত্যাৰ ঘটনা ৰাজ্যত।" বিজেপি বিধায়ক মৃণাল শ‍ইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে। আত্মহত্যা এটা অপৰাধ বুলি কোৱাৰ লগতে মূখ্যমন্ত্ৰীয়ে আৰু কয় যে ইয়াৰ লগত লোক এজনৰ মানসিক অৱস্থা জড়িত থাকে। তেওঁ এই কথাও উল্লেখ কৰে যে মানসিক স্বাস্থ্য বিকাশৰ কাৰণে চৰকাৰে বিভিন্ন পদক্ষেপ লয়।   
 
আচলতে গড় আত্মহত্যাৰ হাৰে সমাজ এখন শুদ্ধ পথৰ পৰা কিমান বিচ্যুত হৈছে তাৰে ইংগিত দিয়ে। সমাজ বিজ্ঞানী এমিল ডুৰখেইমৰ (১৮৫৮-১৯১৭) মতে “ক্রাইম ইজ এ ক্রাইম্‌ বিক'জ উই কণ্ডেমন ইট"। পিছে কোনোবাই আত্মহত্যা কৰিলে তেনে মানুহক আমি আচলতে কণ্ডেমন বা নিন্দা কৰোনে? প্রকৃততে আমি দুখ বেছি কৰোঁ; নিন্দা কম কৰো বা একেবাৰে নকৰোঁ। গতিকে কব পাৰি যে আজিৰ সমাজে আত্মহত্যাক অপৰাধ বুলি কব নিবিচাৰে। কিন্তু আত্মহত্যাক প্ৰৰোচনা কৰা কাৰ্য্যক বা এবেটমেণ্টক নিশ্চয় এক গুৰুত্বৰ অপৰাধ বুলি কব পাৰি। 
 
মুছলমান স্বেচ্ছাসেৱকসকলে নলবাৰীৰ বিজয়া  দশমীত ভক্তসকলক পানী পৰিৱেশন কৰিছে (ফাইল ফটো)
 
 
ভাৰতীয় দণ্ডবিধিৰ ৩০৬ নং ধাৰাত এনে অপৰাধৰ কাৰণে দহবছৰলৈ কাৰাদণ্ডৰ ব্যৱস্থা আছে। আকৌ আই পি চিৰ ৩০৯ নং ধাৰাই আত্মহত্যাৰ প্রচেষ্টা বা “এটেম্পটেড ছুইচাইড”ক এক লঘু অপৰাধ বুলি কলেও পৰৱৰ্তি সময়ত সংকলিত “মেন্টাল হেল্থকেয়াৰ এক্ট, ২০১৭” – এই এইদৰে কৈছেঃ- Notwith standing anything contained in section 309 of the Indian Penal Code, any person who attempts to commit suicide shall be presumed, unless proved otherwise, to have severe stress and shall not be tried and punished under the said Code.  
অৱশ্যে ধর্মীয় দৃষ্টিৰে চালে অসমৰ মাননীয় মূখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আত্মহত্যা এটি অপৰাধ। আত্মহত্যাক কিয় অপৰাধ বা মহাপাপ বুলি কোৱা হয়, এই বিষয়ে আমি আমাৰ 'আপোন জীৱনৰ অৰ্থ বিচাৰি’ নামৰ কিতাপখনত কিঞ্চিত আলোচনা কৰিছো। প্ৰসংগক্ৰমে কিতাপখনৰ পৰা তিনিটা লাইন তুলি ধৰিলোঃ “আচলতে সংসাৰৰ জালা-যান্ত্ৰণা আৰু ইন্দ্ৰিয় সমূহৰ আসক্তিৰ লগত মুখামুখী হৈ সিবিলাকৰ লগত যুদ্ধ বা জেহাদ কৰাৰ নামেই মানৱ জীৱনৰ আচল যুদ্ধ বা পৰীক্ষা। আত্মহত্যাকাৰী সকলে সৃষ্টিকৰ্তাৰ এই পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ বা পৰীক্ষা সম্পূর্ণ নকৰাকৈ গুচি যোৱা কাৰণে পৰকালত জবাবদিহি হব লাগিব। এইবাবেই ‘আত্মহত্যা মহাপাপ'— বুলি সকলো ধৰ্মই কব বিচাৰে।”
সঁচাকৈ আত্মহত্যা এটি মানসিক ৰোগ। এনে ৰোগৰ চিকিৎস্যা অতি জৰুৰী। পিছে আত্মহত্যাক অপৰাধ বুলি গন্য কৰিলেও ৰাষ্ট্ৰীয় আইনৰদ্বাৰা ইয়াক ৰুধিব নোৱাৰি কাৰণ আজি আমাৰ সমাজখনেই সঠিক পথত নাই। ইয়াৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। গতিকে কেৱল মানুহৰ ব্যক্তিগত ৰোগৰ মানসিক চিকিৎসা কৰি আত্মহত্যাৰ নাই। ইয়াৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। গতিকে কেৱল মানুহৰ ব্যক্তিগত ৰোগৰ মানসিক চিকিৎসা কৰি আত্মহত্যাৰ সংখ্যা কমাব নোৱাৰি। 
 
উন্নত দেশসমূহত আজিকালি মানসিক ৰোগৰ চিকিৎসাত বহু বেছি প্ৰাধান্য দিয়া হৈছে কিন্তু আত্মহত্যাৰ হাৰ কমিছে জানো? এটি উদাহৰণ দিলেই যথেষ্ট হব। জাপানৰ জাতীয় পুলিচ এজেন্সিৰ মতে ২০২০ চনৰ অক্টোবৰ মাহত তাত কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ২০৮৭ জন মানুহৰ বিপৰীতে আত্মহত্যাৰ সংখ্যা আছিল ২১৫৩ জন। অথ্যাৎ মাহটোত জাপানৰ দৰে এখন উন্নত আৰু সুখী দেশতো আত্মহত্যাৰ প্ৰৱণতা কৰোণা ভাইৰাচতকৈও বেছি মাৰাত্মক আছিল। এইকাৰনে আমি কব বিচাৰিছো যে, ব্যক্তিগত মানসিক চিকিৎসাৰ লগতে সমাজখনৰো চিকিৎসা কৰিব লাগিব। অগাষ্ট কম্‌ট, হাবাৰ্ট স্পেন্‌চাৰ আৰু এমিল ডুৰখেইমৰ নিচিনা অগ্রগনী সমাজবিদ সকলে ভৱাৰ দৰে আমিও সমাজখনক এটি “ফাংচনেল বা লিভিং অৰগেনিজম”— অথ্যাৎ এটি কার্যক্ষম জীৱ বুলি গণ্য কৰিব লাগিব। আৰু সমাজৰ স্বাস্থ্যৰ সঠিক চিকিৎসাৰ কাৰণে সমাজবিজ্ঞানী সকলে ইয়াৰ প্ৰতিটো অংগ প্রত্যঙ্গ বা বিভিন্ন কাৰক সমূহক লৈ গৱেষনাও কৰিব লাগিব। উদাহৰন স্বৰূপে দুটামান বিষয় উল্লেখ কৰিব পাৰি। জনসাধাৰনক কামৰ পৰিৱর্তে কেছ (Cash) বা কাইণ্ড দিয়া আচনীবোৰে সমাজত কি প্রভাৱ আনে? মানৱীয় সমতাক অৱজ্ঞাকৰি কোনো জাতি বা জনগোষ্ঠীক প্রাপ্যতকৈ 'বেছি বা কম মৰম' কৰিলে সামাজিক ভাৰসাম্যত কি প্ৰভাৱ পৰে? ইত্যাদি ইত্যাদি। 
 
আজিৰ দিনত বাতৰি কাকত এখনৰ কেৱল শিৰোনামবোৰ চায়ে কব পাৰি যে সমাজখন বহুধাবিভক্ত হৈছে। জাতি-জনগোষ্ঠীৰ মাজত ক্রমান্বয়ে বিভেদৰ প্ৰাচীৰবোৰ মজবুত হৈ গৈ আছে। গতিকে সাম্প্রতিক কালত বৈষয়িক উন্নয়তকৈ সকলোৰে মাজত সমন্বয় বেছি জৰুৰী হৈ পৰিছে। অন্যথা সমাজখনৰ বেমাৰ বাঢ়ি গৈ থাকিব আৰু আত্মহত্যাৰ আংকিক সংখ্যাৰ ৰেখাডালো উৰ্দ্ধমুখী হৈয়ে গৈ থাকিব। এনে অৱস্থাত  সমাজ-বিচ্ছিন্ন এচাম ধনী বা ক্ষমতাশীল ব্যক্তি সুখত থাকিলেও সামগ্রিকভাৱে সমাজখন উচ্ছৃংখল হৈ পৰিব, য'ত তেজৰ সম্পৰ্কতকৈ সাম্প্রদায়িক সংবেদনশীলতা বেছি আপোন হৈ পৰিব।
 
(লেখক এজন আৰক্ষী উপ-মহাপৰিদৰ্শক (প্রশিক্ষণ), দেৰগাওঁ, অসম)