অসমৰ হিন্দু আৰু মুছলমানসকলৰ সামাজিক তথা সাংস্কৃতিক প্ৰতিনিধিত্বৰ দ্বৈততা: সম্প্ৰীতিৰ এক উদাহৰণ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
লাচিত বৰফুকন (মাজত) আৰু বাঘ হাজৰিকাৰ (বাওঁফালে) স্মাৰক
লাচিত বৰফুকন (মাজত) আৰু বাঘ হাজৰিকাৰ (বাওঁফালে) স্মাৰক
  অৰুণাভ গোস্ৱামী
 
ধৰ্মই ঐতিহাসিকভাৱে ভাৰতীয় সমাজক ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰ্যায়ত প্ৰভাৱিত কৰি আহিছে। ভাৰতৰ সমৃদ্ধ ধৰ্মীয় ইতিহাসৰ সৈতে এক গৌৰৱৰ অনুভূতিও জড়িত হৈ আছে।পশ্চিমীয়া দেশতকৈ, ভাৰতত ধৰ্ম অধিক ৰাজহুৱাভাৱে দৃশ্যমান। ইয়াত বিভিন্ন উপাসনাস্থলী, যেনে মন্দিৰ, মছজিদ, গীৰ্জা, আদি, এটা আন এটাৰ কাষত পোৱাটো অস্বাভাৱিক নহয়।
 
অসমো ধৰ্মীয় সম্প্ৰীতিৰ এক উজ্জ্বল উদাহৰণ, য'ত বিভিন্ন ধৰ্মৰ লোকসকলে বহু শতাব্দী ধৰি একেলগে বসবাস কৰি আহিছে। অসমত হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্মৰ অনুগামীসকলৰ মাজত একতাৰ স্তৰ বহু যুগজুৰি শক্তিশালী হৈ আছে। আনকি যেতিয়া দেশৰ আন ঠাইত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হৈছিল (যেনে বাবৰি মছজিদ ধ্বংসৰ সময়ত), তেতিয়াও অসমত সাম্প্ৰদায়িক উত্তেজনাৰ কোনো ঘটনা ঘ্টা নাছিল। যুগ-যুগ ধৰি ৰাজ্যখনে নিজকে শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ দেশ হিচাপে প্ৰ্তিস্থাপিত কৰি আহিছে। 
 
অসমৰ মুছলমানসকল অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। তেওঁলোকে বহু যুগ ধৰি এই ৰাজ্যত বাস কৰি আহিছে আৰু ইয়াৰ সংস্কৃতিৰ সৈতে সম্পূৰ্ণৰূপে বিলিন হৈ পৰিছে। তেওঁলোকৰ সাংস্কৃতিয়ে কেৱল মুছলমান সম্প্ৰদায়ক নহয় সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰে।  
এইখিনিতে কথা এষাৰ ক’ব পাৰি যে অসমৰ হিন্দু আৰু মুছলমানসকলৰ সামাজিক তথা সাংস্কৃতিক প্ৰতিনিধিত্বৰ এটা দ্বৈততা আছে। উদাহৰণস্বৰূপে আমি শ্ৰীমন্ত শংকৰদেৱৰ কথা চিন্তা নকৰাকৈ আজান ফকিৰৰ কথা ভাবিব নোৱাৰো। বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকীৰ বীৰত্ব লাচিত বৰফুকনৰ সামৰিক কাৰ্য্যকলাপৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ভাৰতীয় স্বাধীনতা আন্দোলনত বাহাদুৰ গাঁওবুঢ়াৰ অৱদান মণিৰাম দেৱানৰ সংগ্ৰামৰ সৈতে জড়িত।
আজান ফকিৰে তেওঁৰ জীৱনকালত সৰ্বমুঠ ১৬০টা জিকিৰ ৰচনা কৰিছিল। ইয়াৰে কেইবাটাও জিকিৰত তেওঁ  শ্ৰীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰিছিল, যিয়ে সূচায় যে তেওঁ এই মহান অসমীয়া দাৰ্শনিকৰ দ্বাৰা কিমান প্ৰভাৱিত হৈছিল। এই জিকিৰসমূহে ইছলাম আৰু হিন্দু ধৰ্ম, বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ, মাজত এটি সুসম্পৰ্ক নিশ্চিত কৰিবলৈ সক্ষম হৈছিল। আজিও অসমীয়া মুছলমানসকলেও শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিক্ষাৰ প্ৰতি এই সন্মান প্ৰদৰ্শন কৰে। 
 
হাজোৰ হায়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱা মক্কা
যেতিয়া আমি শৰাইঘাটৰ যুদ্ধৰ কথা কওঁ, দুটা নাম আমাৰ চকুৰ আগত ভাহি আহে - লাচিত বৰফুকন আৰু বাঘ হাজৰিকা। লাচিত বৰফুকনৰ দক্ষ নেতৃত্বত বাঘ হাজৰিকাই আক্ৰমণকাৰী মোগল বাহিনীক পৰাস্ত কৰিছিল। বাঘ হাজৰিকাৰ প্ৰকৃত নাম আছিল ইছমাইল চিদ্দিকী, যাক তেওঁৰ শক্তি আৰু বীৰত্বৰ বাবে আহোম ৰজা চক্ৰধ্বজ সিংহই 'বাঘ’ নাম দিছিল। তেওঁ ১৬৭১ চনত শৰাইঘাটৰ ঐতিহাসিক যুদ্ধত লাচিত বৰফুকনৰ সৈতে একেলগে যুঁজ দিছিল। বাঘ হাজৰিকাই আহোম সৈন্যৰ এক বিশেষ বাহিনীৰ নেতৃত্ব দিছিল। তেওঁৰ নেতৃত্বত, আহোম সৈন্যসকলে মোগলৰ দখলত থকা ইটাখুলিৰ দুৰ্গত নিশা মনেমনে প্ৰৱেশ কৰিছিল আৰু কামান আৰু বাৰুদৰ ওপৰত পানী ঢালি দিছিল, যাৰ ফলত সেইবোৰ অকামিলা হৈ পৰিছিল। যুদ্ধৰ সময়ত এইটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল আৰু আহোমসকলক মোগলৰ হাতৰ পৰা গুৱাহাটী পুনৰ দখল কৰাত সহায় কৰিছিল। আহোম ৰজা উদয়দিত্য সিঙে বাঘ হাজৰিকাক পুৰস্কৃত কৰিছিল আৰু তেওঁক শিৱসাগৰৰ সুনপুৰাৰ ওচৰৰ গোৰিয়াজানত এক বিশাল ভূমি আৱণ্টন কৰিছিল।
ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ হিন্দু আৰু মুছলমানসকলে একেলগে যুঁজ দিছিল। এই দুয়োটা সম্প্ৰদায়ৰ দুজন আগশাৰীৰ ব্যক্তি আছিল মণিৰাম দেৱান আৰু বাহাদুৰ গাঁওবুঢ়া, যি ১৮৫৭ চনত ভাৰতৰ প্ৰথম স্বাধীনতা যুঁজত অংশ্গ্ৰহণ কৰিছিল। ১৮১৯ চনত জন্মগ্ৰহণ কৰা বাহাদুৰ গাঁওবুঢ়াৰ প্ৰকৃত নাম আছিল শ্বেখ বাহাদিল। তেওঁ অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ এখন গাঁৱৰ প্ৰ্ধান আছিল, সেয়েহে তেওঁ গাঁওবুঢ়া ৰুপে জনজাত। তেওঁৰ সাহসৰ বাবে তেওঁ বাহাদুৰ নামেৰেও পৰিচিত হৈছিল। 
মণিৰাম দেৱানে বাহাদুৰ গাঁওবুঢ়াক ব্ৰিটিছৰ বিৰুদ্ধে মুছলমান সম্প্ৰদায়ৰ মাজত সমৰ্থন সংগ্ৰহ কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল। তেওঁৰ কাৰ্যকলাপৰ বাবে ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ১৮৫৮ চনত মণিৰাম দেৱান আৰু আন কেইজনমানৰ সৈতে বাহাদুৰ গাঁওবুঢ়াক দেশদ্ৰোহৰ বাবে বিচাৰত ৰখা হৈছিল। তেওঁক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ কাৰাগাৰত (কাৰাগাৰখন কালাপানী বুলিও জনজাত) আজীৱন কাৰাদণ্ড দিয়া হৈছিল।  পিছত তেওঁৰ শাস্তিৰ ম্যাদ সলনি কৰা হয় আৰু তেওঁ তিতাবৰলৈ ঘূৰি আহে, য'ত ১৮৯১ চনত তেওঁৰ মৃত্যু হয়। 
 
বাহাদুৰ গাঁওবুঢ়া হাতীদাঁতৰ সামগ্ৰীৰ এজন সুপৰিচিত কাৰিকৰ আছিল আৰু তেওঁৰ হাতেৰে নিৰ্মিত কেইবাটাও সৃষ্টি এতিয়াও মাজুলীৰ আউনীআটি সত্ৰত সংৰক্ষণ কৰা ৰখা হৈছে।
 
ওপৰত উল্লেখ কৰা এই তিনিটা উদাহৰণ হৈছে অসমত হিন্দু আৰু মুছলমানসকলৰ ইতিহাস কিমান নিবিড়ভাৱে জড়িত হৈ আছে তাৰ এটা সৰু দৃষ্টান্ত। যদিও আজি আমাৰ দেশত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে, অসম ৰাজ্য হৈছে এনে এক সুসংগত সহাবস্থানৰ উদাহৰণ য'ত হিন্দু আৰু মুছলমানসকলে এতিয়াও তেওঁলোকৰ সৌহাৰ্দ্য বজাই ৰাখিছে।
 
(লেখক সবল ভাৰত ফাউণ্ডেচন, গুৱাহাটীৰ সঞ্চালক।)