মণিপুৰৰ আক্ৰমণৰ আঁৰত চীন আছিল নেকি?

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
কৰ্ণেল বিপ্লব ত্ৰিপাঠী আৰু তেওঁৰ পত্নী
কৰ্ণেল বিপ্লব ত্ৰিপাঠী আৰু তেওঁৰ পত্নী
শান্তনু মুখাৰ্জী

এটা ভয়ংকৰ আক্ৰমণত ৪৬ অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ (চি অ') কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু ন বছৰীয়া পুত্ৰক ১৩ নৱেম্বৰৰ পুৱা ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰত হত্যা কৰা হয়। মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট (এম এন পি এফ), পিপলছলিবাৰেচন আৰ্মী (পি এল এ) আৰু পিপলছ ৰিভলিউচনৰী পাৰ্টি অফ কাংলেইপাক (প্ৰেপাক) আৰু লগতে ৰাজ্যখনত সক্ৰিয় অন্যান্য স্বঘোষিত সন্ত্ৰাসবাদী গোট এই ঘটনাত জড়িত বুলি সন্দেহ কৰা হৈছে।

দেখা গৈছে যে মণিপুৰৰ উগ্ৰবাদ পুনৰ সক্ৰীয় হৈ উঠিছে আৰু সেয়েহে তেওঁলোকৰ পৰা অহা ভাবুকিক অৱমূল্যায়ন কৰিব নালাগে। এনেকুৱা এক পৰিৱেশ হৈছিল যেন অনুভৱ হয় যেন কৰ্তৃপক্ষই তেওঁলোকৰ সজাগতা হ্ৰাস কৰিছিল আৰু সম্ভৱতঃ বিচ্ছিন্নতাবাদীসকলক উৎসাহিত হোৱাৰ এক উপযুক্ত পৰিৱেশ সৃষ্টি হৈছিল।
 

মণিপুৰৰ আক্ৰমণৰ বলি হোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
 
এই পৰিস্থিতিত, আমি এনে ধৰণৰ হিংসাত্মক আক্ৰমণৰ ঘটনাৰ পৰা কিছু শিক্ষা লোৱাৰ সময় আহি পৰিছে। এই সম্পৰ্কত এতিয়া এই নিম্নলিখিত প্ৰশ্নবোৰ উদ্ভৱ হৈছে:

১) এ কে-৪৭ ৰাইফল আৰু বহু বিস্ফোৰক কেনেকৈ মণিপুৰৰ দৰে এক সংবেদনশীল আৰু বিদ্ৰোহী প্ৰৱণ অঞ্চলত পালেগৈ?

২) আক্ৰমণ সংঘটিত হোৱাৰ আগত চোৰাংচোৱা তথ্য নাছিল নেকি?

৩) নাগা আৰু মণিপুৰী বিদ্ৰোহীসকলে সেনাৰ বিৰুদ্ধে তেওঁলোকৰ আক্ৰমণ চলাবলৈ এক মিত্ৰতা কৰিছে নেকি?

৪) ৪২ বছৰীয়া ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ অসম (আলফা) আৰু মণিপুৰী সশস্ত্ৰ গোটসমূহৰ মাজত নতুনকৈ কাৰ্যকৰী চুক্তি হৈছে নেকি যাৰ ফলত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হবলৈ ধৰিছে ?

আনহাতে, ভাৰত-চীনৰ সম্পৰ্ক ইতিমধ্যে চাপত আছে আৰু পূৰ্বতেও উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনক যেনে নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (এন এছ চি এন) (আই/এম), আলফা লগতে বহুতো মণিপুৰী বিদ্ৰোহী গোপনভাৱে সমৰ্থন কৰিছিল আৰু সেই সম্পৰ্কে যথেষ্ট প্ৰমাণ পোৱা গৈছে।
আমি পাহৰিব নালাগে যে শ্বেখ হাছিনা চৰকাৰে বাংলাদেশৰ খেদি পঠোৱাৰ পিছত বৰ্তমান আলফাৰ মুৰব্বী পৰেশ বৰুৱা চীনত বাস কৰি আছে। একেদৰে, বাংলাদেশৰ পৰা বহিষ্কৃত আন সকলো উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহো তাত থাকি, সম্ভৱতঃ প্ৰশিক্ষণ দি চীনত শিবিৰ স্থাপন কৰি ৰখা হৈছে।
চীনৰ বাহিৰে, ম্যানমাৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোট, বিশেষকৈ মণিপুৰ উগ্ৰপন্থীসকল আশ্ৰয় লোৱাও এক সম্ভাৱনা আছে। তাৎপৰ্যপূৰ্ণভাৱে, কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ কনভয়ৰ ওপৰত চলা আক্ৰমণ ম্যানমাৰ সীমান্তৰ কাষত আছিল। 

অনুমান কৰা হৈছে যে আক্ৰমণকাৰীসকল ম্যানমাৰৰ পৰা এই সতৰ্কতাপূৰ্ণ অভিযান চলাবলৈ আহিছিল য'ত চি অ'ৰ গাড়ীত ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আ ই ইডি) বিস্ফোৰণ সংঘটিত কৰে আৰু তাৰ পিছত প্ৰচণ্ড গুলীবৰ্ষণ কৰে। অভিযানটো যতেষ্ঠ নিখুঁততাৰে সম্পন্ন কৰা হৈছিল আৰু উচ্চ প্ৰশিক্ষিত উগ্ৰপন্থীৰ দ্বাৰা ঘটনাটো সংঘটিত কৰোৱা হৈছিল, সম্ভৱতঃ চীনা সামৰিক প্ৰশিক্ষকৰ দ্বাৰা এই আক্ৰমণকাৰী সকলক প্ৰশিক্ষন দিয়া হৈছিল। আক্ৰমণকাৰী সকলক হয়টো ভাল পৰিমাণৰ ধন লোৱাৰ পিছত ম্যানমাৰৰ সেনায়ে প্ৰশিক্ষণ দিছিল।
 

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মণিপুৰ আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
 
উত্তৰ-পূব অঞ্চলত নিয়োজিত নিৰাপত্তাৰক্ষীসকলৰ বাবে, বিদ্ৰোহ আৰু বিদ্ৰোহীসকল এক কঠিন প্ৰত্যাহ্বান হৈ আছে। যদিও চোৰাংচোৱা বিফলতাৰ বাবে ইয়াক দোষাৰোপ কৰাটো সহজ, তথাপিও সেনা, মণিপুৰ ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ চোৰাংচোৱা আৰু নিৰাপত্তা বাহিনীয়ে উগ্ৰবাদৰ ভাবুকিৰ বিৰুদ্ধে তেওঁলোকৰ সমন্বয় বৃদ্ধি কৰাৰ সময় আহি পৰিছে। ১৩ নৱেম্বৰৰ ঘটনাটো জাগ্ৰত কৰা 'কল' হিচাপে ল'ব লাগে আৰু ইয়াৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। অসম তথা উত্তৰ পূৰ্বত আৰু অধিক কটকটীয়াকৈ এই বিদ্ৰোহী সকলৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন। 

আন এটা উদ্বেগজনক দিশ হৈছে যিটো দিশ অধিক মনোযোগ ৰখাৰ প্ৰয়োজন সেয়া হ'ল এই ঘটনাটোত লক্ষ্য কৰা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহীসকলৰ হাতত অস্ত্ৰৰ প্ৰবাহ কি দৰে বাঢ়িছে। পূৰ্বতে কম্বোডিয়াৰ পৰা থাইলেণ্ড হৈ আনকি বাংলাদেশৰ পৰা নাগা, আলফা আৰু মণিপুৰী বিদ্ৰোহীসকলৰ বাবে অস্ত্ৰ সৰবৰাহ সম্পৰ্কে বিশ্বাসযোগ্য প্ৰতিবেদন পোৱা গৈছিল।

ঢাকাৰ আসনখনত ভাৰত-অনুকূল চৰকাৰ থকাৰ ফলত, সেই দিশৰ পৰিস্থিতি উন্নত হ'ব পাৰে তথাপিও থাইলেণ্ড বা ম্যানমাৰৰ পৰা অস্ত্ৰ সৰবৰাহ (আন্দামান বা স্থলপথৰ মাজেৰে) চলি থাকিব পাৰে। আমি আমাৰ কূটনীতিবিদ আৰু নিৰাপত্তা পেছাদাৰীসকলৰ (security professionals) সেৱাসমূহ কঠোৰ কৰিব লাগিব যাতে তেওঁলোকে অধিক ক্ষতি কৰাৰ আগতে ত্ৰুটিবোৰ দূৰ কৰিব পাৰে। 

(লেখক এজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া, এজন সুৰক্ষা বিশ্লেষক, আৰু মৰিচাছৰ (Mauritius) প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা । বিশ্লেষণ তেওঁৰ ব্যক্তিগত