লেখক ৰক্ষন্দ জলিলৰ এখন কিতাপৰ নাম হ'ল "But You Don't Look Like A Muslim"। ইয়াৰ অৰ্থ হ'লঃ আপুনি দেখিবলৈ মুছলমানৰ নিচিনা নহয়? এনে এক স্পৰ্শকাতৰ বিষয়ক লৈ অভিনেতা মেজৰ মহম্মদ আলী শ্বাহে লেখিকা তথা শিক্ষয়িত্ৰী আমনা মিৰ্জা আৰু গৱেষক তেহমিনা ৰিজৱীৰ সৈতে আলোচনা কৰে। এই কথোপকথনৰ কিছুমান উল্লেখযোগ্য দিশ এই প্ৰবন্ধত আলোচনা কৰা হৈছে।
অনুষ্ঠানত লেখিকা আৰু শিক্ষয়িত্ৰী আমনা মিৰ্জাই কয় যে মুছলমান হ'লেও ভাৰতৰ প্ৰতি তেওঁৰ অপৰিসীম প্ৰেম আছে। "কোনো শিশুক যদি আপুনি সুধে যে তুমি তোমাৰ মাক কিমান ভাল পোৱা, তেন্তে কোনো শিশুৱেই সহজে ইয়াৰ উত্তৰ দিব নোৱাৰে। যেতিয়া আপুনি এনে এখন ঠাইত থাকে য’ত আপুনি বিভিন্ন মানুহ আৰু বস্তুৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়, য’ত বিভিন্ন আচাৰ-ব্যৱহাৰ, চিন্তা-চৰ্চা থাকে আৰু তথাপিও প্ৰেম থাকে, তেতিয়া সেই ঠাইখনেই হৈছে ভাৰত। বিশেষ কথাটো হ’ল ইয়াত বৈচিত্ৰ্যতাৰ মাজতো ঐক্য আছে," মিৰ্জাই কয়।
আনহাতে, গৱেষক তেহমিনা ৰিজৱীয়ে কয় যে মানুহে মোক প্ৰায়ে সুধে যে আপুনি মুছলমানৰ দৰে নহয়, কিন্তু মই তেওঁলোকক ইয়াৰ বিপৰীতে প্ৰশ্ন সুধো যে আপোনাৰ মতে এজন মুছলমান কেনেকুৱা হ'ব লাগে?
তেওঁ কয় যে পৃথিৱীৰ বহুতেই বিশ্বাস কৰে যে মুছলমান দেখাত অলপ বেলেগ ধৰণৰ, কিন্তু মই কেতিয়াও কাকো প্ৰকাশ কৰাৰ বা কোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই যে মই এগৰাকী মুছলমান মহিলা, মই যিদৰে আছো, তেনেকৈয়ে আছো, নিজৰ মাজত কোনো পৰিৱৰ্তন হোৱা নাই। মই এজন ভাৰতীয়, এয়াই মোৰ প্ৰকৃত পৰিচয়। ইয়াক লৈ মই গৌৰৱ কৰাৰ লগতে সুখীও।
আনহাতে ভাৰতত উদযাপিত বিভিন্ন উৎসৱ সন্দৰ্ভত আমনা মিৰ্জাই কয় যে আমাৰ ইয়াত ঈদৰ সমান্তৰালকৈ হোলী আৰু দীপাৱলীৰ দৰে ভাৰতৰ সকলো উৎসৱ আনন্দ আৰু উৎসাহেৰে পালন কৰা হয়। মোৰ হিন্দু বন্ধুসকলে পৰিয়ালৰ লোকতকৈও আগতে মোক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।