Sun Jul 20 2025 8:46:22 AM
  • Follow us on
  • Subcribe

সামাজিক মাধ্যমৰ ইনফ্লুৱেঞ্চাৰ শৰ্মিষ্ঠা পাণোলিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা ব্যক্তিজনক কলকাতাত গ্ৰেপ্তাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Months ago
ৱাজাহাট খান আৰু শর্মিষ্ঠা পানোলি
ৱাজাহাট খান আৰু শর্মিষ্ঠা পানোলি
কলকাতা 

সামাজিক মাধ্যমৰ ইনফ্লুৱেঞ্চাৰ আৰু আইনৰ ছাত্ৰী শর্মিষ্ঠা পানোলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা ব্যক্তি ৱাজাহাট খানক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ১ জুনৰ পৰা পলাতক হৈ থকা খানক একাধিকবাৰ সমন উপেক্ষা কৰাৰ পাছত ধাৰাবাহিকভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয়।

কলকাতাৰ গলফ গ্ৰীণ থানাত খানৰ বিৰুদ্ধে সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণামূলক ভাষ্য বিয়পাই ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। এফ আই আৰৰ পাছত আৰক্ষীয়ে তেওঁৰ গাৰ্ডেন ৰিচৰ বাসগৃহলৈ তিনি বাৰ সমন জাৰি কৰিছিল, য’ত তেওঁক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। অৱশ্যে গ্ৰেপ্তাৰ নোহোৱালৈকে খান পলাতক অৱস্থাত থাকে। অৱশেষত, আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে।

শর্মিষ্ঠা পানোলিক ৩০ মে’ তাৰিখে গুৰুগ্ৰামৰ পৰা কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সামাজিক মাধ্যমত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ অপমানজনক ভাষা ব্যৱহাৰ সৈতে গালি-গালাজ ব্যৱহাৰ কৰি সাম্প্ৰদায়িক মন্তব্য কৰি বলিউডৰ কিছু মুছলমান অভিনেতা-অভিনেত্ৰীক ‘অপাৰেচন সেন্ধুৰ’ সন্দৰ্ভত মৌন থকা বাবে সমালোচনা কৰিছিল। ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰি দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হয় আৰু ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। পাছত ভিডিঅ’টো ডিলিট কৰি, পানোলিয়ে ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা জাৰি কৰে।

পানোলিৰ গ্ৰেপ্তাৰৰ পাছত বজাহাত খান পলাতক হৈ পৰে। তেওঁৰ পিতৃ ছাদাত খানে সংবাদমাধ্যমক জনাইছিল, ৱাজাহাট ঘৰলৈ উভতি অহা নাই আৰু পৰিয়ালটোৱে “পানোলিৰ জীৱন ধ্বংস কৰাৰ” অভিযোগত ভাবুকি কল পাই আছে।

ইপিনে, ২ জুন তাৰিখে শ্ৰী ৰাম স্বাভিমান পৰিষদ নামৰ সংগঠনে গাৰ্ডেন ৰিচ থানাত ৱাজাহাট খানৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰে। অভিযোগত উল্লেখ কৰে যে খানে হিন্দু দেৱ-দেৱী, ধৰ্মীয় পৰম্পৰা আৰু সম্প্ৰদায়ক লক্ষ্য কৰি অপমানজনক, উস্কানিমূলক আৰু যৌন উত্তেজক ভাষা ব্যৱহাৰ কৰিছিল। অভিযোগ পত্ৰত খানৰ বিৰুদ্ধে হিন্দুসকলৰ বিষয়ে “ধর্ষক সংস্কৃতি” আৰু “মূত্রপানকাৰী” আদি শব্দ ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি, ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাত ব্যৱস্থা লোৱাৰ দাবী কৰা হৈছে।

ইফালে, 'অপাৰেচন সেন্ধুৰ' পোষ্ট  গোচৰত শর্মিষ্ঠা পানোলিক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছে। জামিনৰ চৰ্তৰ অংশ হিচাপে মুখ্য ন্যায়িক দণ্ডাধীশৰ পূৰ্বৰ অনুমতি অবিহনে দেশ এৰি যাবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে ১০ হাজাৰ টকা জমা কৰিবলৈ নিৰ্দেশ দিয়া হয়।

পূৰ্বে আদালতে তেওঁক অন্তৱৰ্তীকালীন জামিন নাকচ কৰি কৈছিল যে বাক স্বাধীনতা নিৰপেক্ষ নহয় আৰু ই কাকো ধৰ্মীয় আৱেগক আঘাত কৰিবলৈ নিদিয়ে।

বজাহাত খানৰ বিৰুদ্ধে পশ্চিমবঙ্গৰ বিভিন্ন থানাত একাধিক অভিযোগ দাখিল হৈছে। অসমৰ আৰক্ষীয়েও তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰু গ্ৰেপ্তাৰৰ প্ৰচেষ্টা চলাইছে।