হ্ৰাস হব বিমানৰ ভাড়া

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
ড'হা

সমাগত ফুটবল বিশ্বকাপত দেশ বিদেশৰ সমৰ্থকৰ যাতায়াত সহজ কৰি তুলিবলৈ বিমান ভাড়া হ্ৰাস কৰাৰ লগতে বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰব এমিৰেটেছ আৰু গাল্‌ফ কেৰিয়াৰ্ছ বিমান কর্তৃপক্ষই।
 
বিশ্বকাপৰ সময়ছোৱাত অন্য সময়তকৈ কম মূল্যত ড'হালৈ যাব পাৰিব দর্শকসকলে অহা ২০ নৱেম্বৰৰ পৰা ডুবাইৰ পৰা ড'হাৰ বিমান ভাড়া হ'ব প্রায় ১,৭০০ ডিৰহাম। ভাৰতীয় মূল্যত ভাড়া হ'ব প্রায় ৩৬ হেজাৰ টকা। বৰ্তমান ইয়াৰ মূল্য ৪৭ হেজাৰ টকা। 
তদুপৰি আবুধাবিৰ পৰা ড'হালৈ ভাড়া হ'ব ২২ হেজাৰৰ পৰা ২৫ হেজাৰ টকা। ৰিয়াধ আৰু জেড্ডাহৰ পৰা ভাড়া হ'ব ২৯ হেজাৰ টকা। বিশ্বকাপ চলাকালীন প্রতিদিন শ্বাৰজাহৰ পৰা ড'হালৈ ১৪ খন শ্বাটল বিমান চলাচল কৰিব। ইয়াৰ ভাড়া তুলনামূলকভাৱে কম। 
ইট্টিহাড এয়াৰলাইলে আবুধাবিৰ পৰা প্ৰতি সপ্তাহে ৪২ খন ফ্লাইটৰ পৰিচালনা কৰিব। সম্প্রতি এই পথত চলাচল কৰে ১৮ খন বিমান। ফ্লাই ডুবাই কর্তৃপক্ষই মেচৰ দিনত শ্বাটল ফ্লাইটত ভাড়া ল'ব ন্যূনতম ২০ হেজাৰ টকা। 
 
শ্বাটল ফ্লাইটত ভ্ৰমণকাৰীৰ লগত বেগেজ কেৰিয়াৰ নাথাকিব। ভ্ৰমণকাৰীয়ে হাতত ৭ কেজিৰ বেগ ৰাখিব পাৰিব। শ্বাটল ফ্লাইটত ভ্ৰমণ কৰিবলৈ মেচৰ টিকট বাধ্যতামূলক।