অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমণ্ডছ দূৰ্ঘটনাত নিহত

Story by  atv | Posted by  [email protected] • 1 Years ago
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমণ্ডছ দূৰ্ঘটনাত নিহত
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমণ্ডছ দূৰ্ঘটনাত নিহত

ছিডনী

কিংবদন্তী লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক মৃত্যুই ক্ৰিকেট বিশ্বক শোকস্তব্ধ কৰাৰ কেইদিনমান পিছতে এক ভয়ংকৰ পথ দূৰ্ঘটনাত প্ৰাণ গ’ল অষ্ট্ৰেলিয়াৰ একালৰ তাৰকা ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমণ্ডছৰ। ক্ৰিকেট অষ্ট্ৰেলিয়াই দেওবাৰে পুৱা এই কথা প্ৰকাশ কৰে।

১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ অষ্ট্ৰেলিয়াৰ হৈ ২৬খন টেষ্ট আৰু ১৯৮খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ৪৬বছৰীয়া ছাইমণ্ডছে শনিবাৰে নিশা কুইন্সলেণ্ড ৰাজ্যৰ টাউনছভিলে চহৰত এক গাড়ী দুৰ্ঘটনাত পতিত হৈছিল।

আৰক্ষীয়ে কয় যে জৰুৰীকালীন সেৱাসমূহে চালক আৰু একমাত্ৰ আৰোহী ছাইমণ্ডছক বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল, কিন্তু গাড়ীখন পথৰ পৰা তললৈ নামি যোৱাত তেওঁলোকক বচাব পৰা নগ’ল।

উল্লেখ্য যে, ২০০৩ আৰু ২০০৭ত অষ্ট্ৰেলিয়াই বিশ্বকাপত খিতাপ অৰ্জনৰ সময়ত ছাইমণ্ডছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে বিচিচিআইৰ ঐশ্বৰ্যশালী টি-২০ লীগ আইপিএলত ডেক্কান চাৰ্জাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল।   

ইফালে, ছাইমণ্ডছৰ কৰুণ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ক্ৰিকেট বিশ্ব। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মাৰ্ক টেইলৰ, ৰিকী পণ্টিং, প্ৰাক্তন বেগী বলাৰ জেছন গেলেস্পী, গ্লেন মেকগ্ৰাথ, প্ৰাক্তন উইকেটৰক্ষক-বেটছমেন আডাম গিলক্ৰিষ্ট আদিয়ে ছাইমণ্ডছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলি, ৰোহিত শৰ্মা, ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, হৰভজন সিং, অনিল কুম্বলে, যুৱৰাজ সিং আদিয়েও অষ্ট্ৰেলিয়াৰ একালৰ বিস্ফোৰক বেটছমেন, সুদক্ষ ফিল্ডাৰ আৰু অফ-স্পিনাৰগৰাকীৰ মৰ্মান্তিক বিয়োগত হতচকিত হৈ পৰিছে। তেওঁলোকে ছাইমণ্ডছৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

মনকৰিবলগীয়া যে, ভাৰতৰ অন্যতম সফল অফস্পিনাৰ হৰভজন সিং আৰু এণ্ড্ৰিউ ছাইমণ্ডছৰ মাজত ২০০৮ৰ ছিডনী টেষ্টত সংঘটিত বহু বিতৰ্কিত ‘মাংকীগেট’ ঘটনাৰ কথা এতিয়াও ক্ৰিকেট অনুগাৰীৰ মনত সজীৱ হৈ আছে। বৰ্ণ বৈষম্যমূলক এই বিতৰ্কিত ঘটনাই সমগ্ৰ ক্ৰিকেট বিশ্বত খলকনি তুলিছিল।