জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দেৱালত ব্ৰাহ্মণ-বিৰোধী শ্লোগান, তদন্তৰ নিৰ্দেশ

Story by  atv | Posted by  [email protected] • 1 Years ago
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দেৱালত ব্ৰাহ্মণ-বিৰোধী শ্লোগান
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দেৱালত ব্ৰাহ্মণ-বিৰোধী শ্লোগান
নতুন দিল্লী

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেইবাখনো দেৱাল আৰু কোঠাত ব্ৰাহ্মণ আৰু বনিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে শ্লোগান লিখাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কিত শ্লোগানৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছতে বিবাদৰ সূত্ৰপাত ঘটে আৰু প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে। 
 
জেএনইউৰ উপাচাৰ্যগৰাকীয়ে এক বিবৃতিত এই ঘটনাক গৰিহণা দি কয় যে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। "স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজ এণ্ড গ্ৰিভেন্স কমিটিৰ ডীনক অতি সোনকালে তদন্ত কৰি ভিচিক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। আমাৰ বিশ্ববিদ্যালয়ে সদায় ঐক্য-সংহতি আৰু ভ্ৰাতৃত্ববোধক সমৰ্থন কৰে। ভিচিয়ে বিশ্ববিদ্যালয়ৰ চৌহদত যিকোনো ধৰণৰ হিংসাৰ প্ৰতি শূন্য সহনশীলতা পুনৰবাৰ দোহাৰে।" উপাচাৰ্য শান্তিশ্ৰী পণ্ডিতৰ কাৰ্যালয়ে এক বিবৃতিত এইদৰে কয়।
ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা ছবিবোৰত দেৱাল আৰু অধ্যক্ষৰ কোঠাবোৰত বিভিন্ন বিতৰ্কিত মন্তব্য লিখা আছিল, যেনে "শাখালৈ ঘূৰি যাওক", "ব্ৰাহ্মণসকলে চৌহদ এৰি যাওক", "ব্ৰাহ্মণ-বনিয়া আমি আপোনাৰ বাবে আহি আছো" আৰু "তেজেৰে ৰাঙলী হ'ব।"
বিশ্ববিদ্যালয়খনৰ কেইবাজনো শিক্ষাৰ্থী আৰু অধ্যাপকে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। আৰ এছ এছ-ৰ সৈতে জড়িত ছাত্ৰ সন্থা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) বাওঁপন্থীসকলৰ ওপৰত অভিযোগৰ আঙুলি টোৱাইছে। 
"এবিভিপিয়ে কমিউনিষ্ট গুণ্ডাসকলৰ দ্বাৰা শৈক্ষিক স্থানক কলংকিত কৰা ঘটনাক গৰিহণা দিয়ে। কমিউনিষ্টসকলে স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজ-২ ভৱনত জেএনইউৰ দেৱালত অসভ্য গালি-গালাজ লিখিছে। তেওঁলোকে মুক্ত চিন্তাধাৰাৰ অধ্যাপকসকলক ভয় খুৱাবলৈ অধ্যাপকৰ চেম্বাৰবিলাক বিকৃত কৰিছে," এবিভিপিয়ে এক টুইটযোগে কয়। 
জেএনইউৰ এটা শিক্ষক সংস্থাইও "ব্ৰাহ্মণ বিৰোধী" গালি-গালাজেৰে অংকন কৰা ছবিসমূহ শ্বেয়াৰ কৰে। উল্লেখ্য যে, শেহতীয়া বছৰবোৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত বাওঁপন্থী সংযুক্ত ছাত্ৰ সংগঠন আৰু এবিভিপিৰ সৈতে জড়িত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে।
যোৱা মাহত সংঘটিত এক সংঘৰ্ষত দুগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আহত হৈছিল। চলিত বৰ্ষৰ এপ্ৰিল মাহত কাবেৰী হোষ্টেলত ৰাম নৱমীৰ দিনা আমিষ খাদ্য পৰিবেশন কৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰু দুটা গোটৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। ইয়াৰ পূৰ্বে, ২০২০ চনৰ ৫ জানুৱাৰীত মুখা পিন্ধা লোকৰ এটা দলে কেম্পাছত প্ৰৱেশ কৰি তিনিটা হোষ্টেলত ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি লৈছিল।