প্ৰথম মহিলা হিচাপে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হ'ল কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা

Story by  atv | Posted by  [email protected] • 1 Years ago
কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
নতুন দিল্লী 

ভাৰতীয় অলিম্পিক সন্থা(আই অ’ এ)ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে দেশৰ কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা। আই অ’ এ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা সোমবাৰে অন্ত পৰাৰ পিছতে এই কথা নিশ্চিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ছ’চিয়েল মিডিয়াত ভাৰতীয় অলিম্পিক সন্থাৰ নতুন পদবী লাভ কৰাৰ বাবে প্ৰাক্তন দৌৰবিদগৰাকীক অভিনন্দন জ্ঞাপন কৰে।
 
"ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে একালৰ প্ৰখ্যাত দৌৰবিদ  পি টি উষাক অভিনন্দন জনাইছো। আই অ’ এৰ বিষয়ববীয়া হিচাপে নিৰ্বাচিত আন সকলো প্ৰাক্তন ক্ৰীড়াবিদকো মই শুভেচ্ছা জ্ঞাপন কৰিছো। দেশবাসীয়ে তেওঁলোকক লৈ গৌৰৱ কৰে।" ৰিজিজুৱে টুইটাৰযোগে লিখিছে।
ইয়াৰ পূৰ্বে, পি টি উষাই টুইটাৰৰ জৰিয়তে ইংগিত দিছিল যে তেওঁ আই অ’ এৰ সভাপতিৰ পদৰ বাবে মনোনয়ন দাখিল কৰিব। "আই অ' এৰ সভাপতিৰ মনোনয়ন পত্ৰ দাখিল কৰি মই গৌৰৱ আৰু আনন্দ অনুভৱ কৰিছো।" উষাই টুইট কৰে। উল্লেখ্য যে, পি টি উষাক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় খেলুৱৈ হিচাপে গণ্য কৰা হয়।
১৯৮২ চনৰ পৰা ১৯৯৪ চনৰ ভিতৰত এছিয়ান গেমছত চাৰিটা সোণৰ পদক লাভ কৰা মহিলা দৌৰবিদগৰাকীয়ে দেশৰ হৈ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পদক জয় কৰিবলৈ সক্ষম হৈছিল।
১৯৮৬ চনৰ ছিউল এছিয়ান গেমছত ২০০ মিটাৰ, ৪০০ মিটাৰ, ৪০০ মিটাৰ হাৰ্ডলছ, আৰু ৪x৪০০ মিটাৰ দৌৰত চাৰিটা সোণৰ পদক লাভ কৰি উষাই ভাৰতৰ অন্যতম প্ৰখ্যাত খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। ১৯৮২ চনত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান গেমছতো তেওঁ ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত পদক অৰ্জন কৰিছিল।
ভাৰতীয় অলিম্পিক সন্থাৰ মূৰব্বীৰ আসনত বহা তেওঁ হৈছে দেশৰ প্ৰথমগৰাকী মহিলা। এগৰাকী কিংবদন্তী ক্ৰীড়াবিদে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব লাভ কৰাটো দেশ ক্ৰীড়া জগতৰ বাবে ইতিবাচক দিশ হিচাপে চিহ্নিত হৈছে। ভাৰতীয় ক্ৰীড়াক ৰাজনীতিমুক্ত কৰাৰ দিশত এয়া এক ডাঙৰ পদক্ষেপ। 
মনকৰিবলগীয়া যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পদৰ দাবীদাৰ বুলি বাতৰি প্ৰকাশ পাইছিল। কিন্তু ৰাজনৈতিক ব্যস্ততাৰ বাবে বিজেপিৰ শক্তিশালী নেতাজনে শেষ মুহূৰ্তত সভাপতিৰ দৌৰৰ পৰা নিজকে আতৰাই ৰাখে বুলি জানিব পৰা গৈছে। সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় বেডমিণ্টন ফেডাৰেচনৰ সভাপতি হৈ আছে।
 
এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই ৫০ শতাংশ মহিলা প্ৰতিনিধিক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ আগবঢ়াইছে। লগতে ৰাজ্যিক ক্ৰীড়া সন্থাৰ পৰিৱৰ্তে এইবাৰ নিৰ্বাচনত ভোট প্ৰদান কৰিব ৰাষ্ট্ৰীয় ফেডাৰেচনসমূহে।