৪৮,৩৯০ কোটিত মিডিয়া ৰাইটছ বিক্ৰী কৰি অধিক ঐশ্বৰ্যশালী হ'ল বিচিচিআই

Story by  atv | Posted by  [email protected] • 1 Years ago
৪৮,৩৯০ কোটিত মিডিয়া ৰাইটছ বিক্ৰী কৰি অধিক ঐশ্বৰ্যশালী হ'ল বিচিচিআই
৪৮,৩৯০ কোটিত মিডিয়া ৰাইটছ বিক্ৰী কৰি অধিক ঐশ্বৰ্যশালী হ'ল বিচিচিআই
মুম্বাই
 
২০২৩-২০২৭ বৰ্ষৰ বাবে আই পি এলৰ সম্প্ৰচাৰ স্বত্ব (মিডিয়া ৰাইটছ) বিক্ৰী কৰি অধিক ঐশ্বৰ্যশালী হ'ল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড। বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেট ব'ৰ্ড বিচিচিআইয়ে আই পি এলৰ সম্প্ৰচাৰ স্বত্ব বিক্ৰী কৰি ৪৮,৩৯০ কোটি টকাৰ লোভনীয় ধনৰাশি লাভ কৰিবলৈ সক্ষম হৈছে।     
 
বৰ্ডৰ সচিব জয় শ্বাহে সদৰী কৰা অনুসৰি, ডিজনী ষ্টাৰে ২৩,৫৮৫ কোটি টকাত টেলিভিছনৰ স্বত্ব ক্ৰয় কৰিছে। একেদৰে, ভিয়াকোমে-১৮এ ২০ হাজাৰ ৫০০ কোটি টকাৰ বিনিময়ত আই পি এলৰ ডিজিটেল ৰাইটছ লাভ কৰিছে । 
আই পি এলৰ সম্প্ৰচাৰ স্বত্ব  মুঠ ৪৪,০৮৫ কোটি টকাত বিক্ৰী হৈছে। অৰ্থাৎ টেলিভিছনত প্ৰতিখন মেচৰ মূল্য ৫৬.৫ কোটি আৰু ডিজিটেলত প্ৰতিখন মেচৰ মূল্য হ'ব ৪৮ কোটি টকা। ইয়াকে ধৰি আই পি এলৰ প্ৰতিখন মেচৰ সম্প্ৰচাৰ মূল্য হ'ব ১০৫ কোটি টকা। 
ইয়াৰ লগে লগে আই পি এল বিশ্বৰ ভিতৰতে দ্বিতীয় ঐশ্বৰ্যশালী স্পৰ্টছ ইভেণ্ট হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত শীৰ্ষত আছে আমেৰিকান ৰাগবী লীগ এন এফ এল। তেওঁলোকৰ ক্ষেত্ৰত এই সংখ্যা ২৬৪ কোটি টকা। 
মনকৰিবলগীয়া যে, জনপ্ৰিয় ফুটবল প্ৰতিযোগিতা ইংলিছ প্ৰিমিয়াৰ লীগকো আই পি এলে চেৰ পেলাবলৈ সক্ষম হৈছে। ই পি এলৰ প্ৰতিখন মেচৰ খৰচ প্ৰায় ৬৯ কোটি টকা। মেজৰ লীগ বেছবল বা এম এল বিৰ ক্ষেত্ৰত এই সংখ্যা ৬৯ কোটি টকা। এন বি এত অৰ্থাৎ আমেৰিকান বাস্কেটবল লীগত প্ৰতিখন মেচত দাম ১৬ কোটি টকা।
এই পৰ্যন্ত আই পি এলৰ সম্প্ৰচাৰৰ স্বত্ব তিনিবাৰকৈ বিক্ৰী হৈছে। প্ৰথমতে ২০০৬ চনৰ পৰা ২০১৭ চনলৈ আই পি এলৰ সম্প্ৰচাৰৰ স্বত্ব ছ’নীয়ে ৮২০০ কোটি টকাত ক্ৰয় কৰিছিল। ২০১৬ চনৰ পৰা ২০২২ চনলৈ ডিজনী ষ্টাৰে ১৬,৩৪৬ কোটি টকাত দৰ্শকক টেলিভিচনত আই পি এল উপভোগ কৰোৱাৰ অধিকাৰ ক্ৰয় কৰিছিল।