কমনৱেলথ গেমছঃ পুৰুষৰ হকীত ভাৰতৰ ৰূপক পদক; ১৬ বছৰৰ পাছত পদক পালে মহিলা দলে

Story by  atv | Posted by  [email protected] • 1 Years ago
কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক জয়ৰ পিছত ভাৰতীয় মহিলা দলটোৰ উল্লাস
কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক জয়ৰ পিছত ভাৰতীয় মহিলা দলটোৰ উল্লাস
বাৰ্মিংহাম
 
কমনৱেলথ গেমছৰ হকীত স্বৰ্ণ পদক অৰ্জনত ব্যৰ্থ হৈছে ভাৰত। মহিলা দলটোৱে দেওবাৰে ব্ৰঞ্জৰ পদক অৰ্জনৰ পিছত দেশবাসীয়ে আশা কৰিছিল যে পুৰুষ দলটোৱে সোমবাৰে ভাৰতলৈ সোণৰ পদক কঢ়িয়াই আনিব। কিন্তু, আজি অনুষ্ঠিত ফাইনেলত দলটোৱে অষ্ট্ৰেলিয়াৰ হাতত ০-৭ গ'লত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়।
 
আৰম্ভণিৰে পৰা আধিপাত্য বিস্তাৰ কৰি অষ্ট্ৰেলিয়াই আজি ভাৰতক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে।  এই পৰাজয়েৰে ভাৰতে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। 
ইফালে, সুদীৰ্ঘ ১৬ বছৰৰ প্ৰতীক্ষাৰ অন্ত পেলাই ভাৰতীয় মহিলা হকী দলে কমনৱেলথ গেমছত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বাৰ্মিংহামত চলি থকা প্ৰতিযোগিতাখনত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
দেওবাৰে নিশা অনুষ্ঠিত তৃতীয় স্থান নিৰ্ণয়ৰ মেচত ভাৰতীয় মহিলা দলটোৱে অধিনায়িকা সবিতা পুনিয়াৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদত নিউজীলেণ্ডক ২-১ গ'লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত মেচখন ১-১ গ'লত অসীমাংসিত হৈ আছিল। 
 
মেচ শেষ হ'বলৈ ৩০ ছেকেণ্ড বাকী থকা অৱস্থালৈ ভাৰতে ১-০ গ’লত আগবাঢ়ি আছিল যদিও নিউজীলেণ্ডে এটা পেনাল্টি কৰ্ণাৰৰ সুযোগত গ'ল কৰি মেচত সমতা স্থাপন কৰে। ফলত মেচখন শ্বুটআউটত প্ৰৱেশ কৰে।
নিৰ্ধাৰিত সময়ত ভাৰতৰ হৈ গ'লটো দিছিল ছেলিমা টেটেই(২৯ মিনিট)। বিতৰ্কিত ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত হৃদয়বিদাৰক পৰাজয়ৰ পিছত ভাৰতে জয়েৰে অভিযান সামৰাৰ লক্ষ্যৰে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে। 
দেওবাৰে শ্বুটআউটত ভাৰতৰ অধিনায়কা তথা গ’লৰক্ষক সবিতাই নিজৰ ক্লাছ দেখুৱাই তিনিটা দৰ্শনীয় ছেভ কৰি দলটোক কমনৱেলথ গেমছৰ পদক অৰ্জনত সহায় কৰে। ভাৰতৰ হৈ সোণিকা আৰু নৱনীটে গ’ল দিবলৈ সক্ষম হয়।