ভাৰতীয় ক্ৰীড়াৰ সোণালী যুগ আৰম্ভ হৈছেঃ কমনৱেলথ গেমছত অংশ লোৱা খেলুৱৈক সম্বৰ্ধনা প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
নতুন দিল্লী
 
সদ্যসমাপ্ত কমনৱেলথ গেমছ ২০২২ত দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোক আজি সম্বৰ্ধনা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকসকল উপস্থিত থাকে।
 
উল্লেখ্য যে, বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে মুঠ ২২টা সোণ, ১৬টা ৰূপ আৰু ২৩টা ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। এই চমকপ্ৰদ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ সাফল্যক লৈ গৌৰৱ প্ৰকাশ কৰে। 
প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলৰ অতুলনীয় ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ ফলত দেশখনে এক প্ৰেৰণাদায়ক সাফল্যৰ সৈতে আজাদীৰ অমৃত কালত প্ৰৱেশ কৰাটো গৌৰৱৰ বিষয়। "এয়া আমাৰ যুৱ শক্তিৰ আৰম্ভণি মাথোঁ। ভাৰতীয় ক্ৰীড়াৰ সোণালী যুগ আৰম্ভ হৈছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত দেশখনে ক্ৰীড়াৰ ক্ষেত্ৰত দুটা ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈৰ ঐতিহাসিক প্ৰদৰ্শনৰ লগতে দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দবা অলিম্পিয়াড",প্ৰধানমন্ত্ৰীয়ে কয়। 
খেলুৱৈসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোক সকলোৱে বাৰ্মিংহাম কমনৱেলথ গেমছত অংশগ্ৰহণ কৰি থকাৰ সময়ত কোটি কোটি ভাৰতীয়ই গভীৰ নিশালৈকে উজাগৰে থাকি আপোনালোকৰ খেল চাই আছিল। বহুতে এলাৰ্ম দি শুইছিল, যাতে তেওঁলোকে আপোনালোকৰ প্ৰদৰ্শন উপভোগৰ পৰা বঞ্চিত নহয়।”
 
 
কমনৱেলথ গেমছত পদক জয় কৰা ভাৰতৰ পুৰুষ আৰু মহিলা লন বলৰ দলৰ খেলুৱৈসকল, প্ৰধানমন্ত্ৰীৰ বাসগৃহত
 
প্রধানমন্ত্রীয়ে কয় যে, দলটোক বাৰ্মিংহামলৈ প্রেৰণ কৰাৰ সময়ত তেওঁ যি প্রতিশ্রুতি দিছিল, সেই প্রতিশ্রুতি মানি বিজয় দিৱস উদযাপন কৰা হৈছে৷ অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী নিসিথ প্ৰামানিক।
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে পৰিসংখ্যাই সমগ্ৰ কাহিনী প্ৰতিফলিত নকৰে, কাৰণ বহুতো খৈলুৱৈয়ে অতি কম ব্যৱধানৰ বাবে পদক লাভ কৰিব নোৱাৰিলে। তেওঁলোকে আগন্তুক সময়ত প্ৰদৰ্শন উন্নত কৰি দেশলৈ পদক কঢ়িয়াই আনিব পাৰিব। 
ভাৰতে চাৰিবিধ নতুন খেলত জয়ৰ এক নতুন পথৰ সন্ধান লাভ কৰিছে। লন বলৰ পৰা এথলেটিকছলৈকে খেলুৱৈসকলে অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰিছে। এই প্ৰদৰ্শনৰ ফলত দেশত নতুন নতুন ক্ৰীড়াৰ প্ৰতি যুৱক-যুৱতীসকলৰ আকৰ্ষণ বহু পৰিমাণে বৃদ্ধি পাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
বক্সিং, জুডো, মল্লযুঁজত ভাৰতীয় কন্যাসকলৰ সাফল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে খেলি আমাৰ খেলুৱৈয়ে ৩১টা পদক লাভ কৰাটোৱে যুৱক-যুৱতীসকলৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাসৰ ইংগিত দিয়ে।
 
প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈ সকলে কেৱল দেশক পদক উপহাৰ দিয়াই নহয়, আনন্দ উদযাপন আৰু গৌৰৱ অনুভৱ কৰাৰ সুযোগ প্ৰদান কৰি ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্প অধিক শক্তিশালী কৰিছে।
 
কমনৱেলথ গেমছত পদক বিজয়ী ভাৰতীয় ভাৰোত্তোলকসকল, শনিবাৰে নতুন দিল্লীত
 
প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলে দেশৰ যুৱক-যুৱতীসকলক কেৱল ক্ৰীড়াতে নহয়, অন্যান্য খণ্ডতো উন্নত প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়াৰ মঞ্চৰ পৰা ওলাই অহা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অত্যন্ত ভাল প্ৰদৰ্শন কৰা খেলুৱৈ সকলৰ প্ৰদৰ্শনক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ TOPS (Target Olympic Podium Scheme)ৰ ইতিবাচক প্ৰভাৱৰ কথাও উল্লেখ কৰে।
আগন্তুক এছিয়ান গেমছ আৰু অলিম্পিকৰ বাবে খেলুৱৈসকলক ভালদৰে প্ৰস্তুতি চলাবলৈ মোদীয়ে আহ্বান জনায়। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকসকলক দেশৰ ৭৫ খন বিদ্যালয়, আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি শিশুসকলক উৎসাহিত কৰিবলৈ যোৱা বছৰ অনুৰোধ জনাইছিল। বহু কেইগৰাকী ক্ৰীড়াবিদ আৰু প্ৰশিক্ষকে তেওঁৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে আজি উল্লেখ কৰে।  
উল্লেখ্য যে, যোৱা বছৰ টকিঅ’ ২০২০ অলিম্পিকলৈ যোৱা ভাৰতীয় খেলুৱৈৰ দল আৰু টকিঅ’ ২০২০ পেৰালিম্পিক গেমছৰ বাবে ভাৰতীয় পেৰা-এথলীট দলৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰিছিল। যোৱা ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ ২১৫ জনীয় এথলীটৰ দল এটাই মুঠ ১৯ বিধ ক্ৰীড়া ইভেণ্টত অংশ লৈছিল,য’ত ভাৰতে বিভিন্ন শাখাত ২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ পদক লাভ কৰে।