এলভিচে ধৰমতাৰ ঘাটৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ আৰৱ সাগৰেৰে সফলতাৰে সাঁতোৰ সম্পন্ন কৰে

Story by  atv | Posted by  Munni Begum • 2 Years ago
সাঁতোৰবিদ এলভিচ আলী হাজৰিকা
সাঁতোৰবিদ এলভিচ আলী হাজৰিকা
গুৱাহাটী
 
ধৰমতাৰ ঘাটৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ  আৰৱ সাগৰেৰে সফলতাৰে সাঁতুৰি যোৱা প্ৰথম গৰাকী অসমীয়া হৈছে এলভিচ আলী হাজৰিকা।
 
ইয়াৰ পুৰ্বে ৩৯ বছৰীয়া এই গৰাকী সাঁতোৰবিদে ২০১৯ বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মেক্সিকোলৈ প্ৰায় ১১ ঘণ্টা সাঁতুৰি ৮০ কি: মি: দৈৰ্ঘ্যৰ কাটালিনা জলপথ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। 
সাঁতোৰবিদ হাজৰিকাই মনৰভাব প্ৰকাশ কৰি কয়, "কঠোৰ পৰিশ্ৰম কৰি মই অৱশেষত ধৰ্মতাৰ জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়া আৰৱ সাগৰেৰে সফলতাৰে সাঁতুৰিবলৈ সক্ষম হৈছো। মই নিশা ১ বজাৰ পৰা  সাঁতোৰ আৰম্ভ কৰিছলো আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ মোক প্ৰায় ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। এইটো এটা অতি কঠিন কাম আছিল। কিয়নো নিশা পানীত কম পোহৰৰ বাবে আমি ভালদৰে দেখা পোৱা নছিলো। ইয়াৰোপৰি মই যথেষ্ট ডাঙৰ আকাৰৰ মাছৰ সৈতে সাঁতুৰিব লগীয়া হৈছিল। এয়া মোৰ বাবে আৰু অসমৰ জনসাধাৰণৰ বাবেও এক সপোন সিদ্ধি হ'ল।" 
সাঁতোৰবিদ হাজৰিকাই ইতিমধ্যে বিদেশৰ কেইবাটাও জলপথ অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল আৰু ভৱিষ্যতলৈও এই চেষ্টা অব্যহত ৰাখিব।
 
অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপ সভাপতি তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লঁক্ষ্য কোঁৱৰে এক টুইটযোগে সাঁতোৰবিদ এলভিচক অভিনন্দন জ্ঞাপন কৰে।