ধৰ্ষণৰ গোচৰত অভিযুক্ত নেপালৰ ক্ৰিকেটাৰ সন্দীপ লামিছানে আৰক্ষীৰ জিম্মাত

Story by  atv | Posted by  [email protected] • 1 Years ago
সন্দীপ লামিছানে
সন্দীপ লামিছানে
কাঠমাণ্ডু
 
গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ প্ৰায় এমাহৰ পিছত বৃহস্পতিবাৰে নেপাললৈ উভতি অহা পলাতক ক্ৰিকেট তাৰকা সন্দীপ লামিছানেক ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
 
কাঠমাণ্ডু জিলা আৰক্ষীৰ মুখপাত্ৰ দীনেশ ৰাজ মাইনালীয়ে সংবাদ মাধ্যমক জনোৱা মতে, লামিছানেই অভিযোগ অস্বীকাৰ কৰিছে যদিও তেওঁক ততাতৈয়াকৈ জিম্মাত লোৱা হৈছে। ইয়াৰ পূৰ্বে লামিছানে নিজৰ ফেচবুক পেজত পোষ্ট কৰিছিল যে তেওঁ এই অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ স্বদেশলৈ উভতি আহিছে।
 
 
লামিছানে কয়, "মই তদন্তৰ সকলো পৰ্যায়তে আৰক্ষীক সম্পূৰ্ণ সহযোগিতা কৰিম আৰু মোৰ নিৰ্দোষতা প্ৰমাণ কৰিবলৈ আইনী যুঁজত অৱতীৰ্ণ হ'ম। ন্যায়ৰ জয় হ'ব বুলি মই বিশ্বাসী।" 
উল্লেখ্য যে, ৮ ছেপ্টেম্বৰত দেশৰ আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ পিছতে নেপালৰ ক্ৰিকেট অধিনায়ক হিচাপে নিলম্বন কৰা হৈছিল লামিছানেক। আগষ্ট মাহত কাঠমাণ্ডুৰ এটা হোটেলৰ কোঠাত ২২ বছৰীয়া ক্ৰিকেটাৰজনে ধৰ্ষণ কৰা বুলি এগৰাকী ১৭ বছৰীয়া যুৱতীয়ে   অভিযোগ উত্থাপন কৰিছিল। সেই সময়ত কেৰিবিয়ান প্ৰিমিয়াৰ লীগত খেলি থকাৰ বাবে তাৰকা লেগস্পিনাৰগৰাকীয়ে জামাইকাৰ পৰা নেপাললৈ উভতি আহিব পৰা নাছিল।
২০১৮ চনত আই চি চিৰ পৰা আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ মৰ্যাদা লাভ কৰা পাহাৰীয়া দেশ নেপালত ক্ৰিকেটৰ উত্থানৰ ক্ষেত্ৰত লামিছানেক পোষ্টাৰ বয় হিচাপে চিহ্নিত কৰা হয়। ২০১৮ চনত তেওঁ ঐশ্বৰ্যশালী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছৰ খেলাৰ সুযোগ পাইছিল।