বিশ্বকাপত পুনৰ অঘটন জাপানৰ, শক্তিশালী স্পেইনক হৰুৱাই অন্তিম-১৬ত সূৰ্যোদয়ৰ দেশ; বেলজিয়াম বাহিৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
স্পেইনক হৰুৱাই উল্লসিত জাপানৰ খেলুৱৈ
স্পেইনক হৰুৱাই উল্লসিত জাপানৰ খেলুৱৈ
কাটাৰ
 
ফিফা বিশ্বকাপত ইতিহাস ৰচিলে জাপানে। একেখন বিশ্বকাপতে বিশ্ব ফুটবলৰ দুই শক্তিধৰ জাৰ্মানী আৰু স্পেইনক হৰুৱাই দলটোৱে ফুটবল অনুৰাগীক ৰোমাঞ্চিত কৰিছে।
 
গ্ৰুপৰ প্ৰথমখন মেচত জাৰ্মানীক পৰাস্ত কৰাৰ পিছত যোৱা নিশা তৃতীয়খন মেচত জাপানে পিছ পৰি থকাৰ পিছতো স্পেইনক ২-১ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়। ৰিটছু ড’য়ান আৰু আও তানাকাই জাপানৰ হৈ গ’ল দুটা দিয়ে। স্পেইনৰ হৈ আলভাৰো মৰাটাই একমাত্ৰ গ’লটো কৰে।
উল্লেখ্য যে, জাৰ্মানীক পৰাস্ত কৰাৰ পিছত বহুতে জাপানৰ জয়ক দুৰ্ঘটনা বুলি ভাবিছিল। কিন্তু কেইদিনমানৰ ব্যৱধানত স্পেইনক হৰুৱাই জাপানে এই কথা প্ৰমাণ কৰিলে যে জাৰ্মানীৰ বিৰুদ্ধে তেওঁলোকৰ জয় দূৰ্ঘটনা নাছিল। বৃহস্পতিবাৰৰ নিশাৰ ফলাফলে এই কথাও প্ৰমাণ কৰিলে যে এছিয়াৰ দেশসমূহে ক্ৰমান্বয়ে ইউৰোপৰ শক্তিশালী দলসমূহক সাহসেৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈ উঠিছে।
মেচখনৰ প্ৰথমাৰ্ধত স্পেইনে জাপানক চাঁপত ৰাখিছিল যদিও দ্বিতীয়াৰ্ধত জাপানে দেখুৱাই দিলে যে প্ৰেছিং ফুটবল কি! জুনিয়া ইটো, ইউৰি নাগাটোমো, হিডেমাছা মৰিটাৰাই গোটেই দ্বিতীয়াৰ্ধত আক্ৰমণ চলায়। স্পেইনক খেলিবলৈ ঠাই নিদিলে। সৰু সৰু পাছেৰে প্ৰথমাৰ্ধত স্পেইনে শক্তি দেখুৱাইছিল, কিন্তু দ্বিতীয়াৰ্ধত দলটোৰ প্ৰদৰ্শন নিস্প্ৰভ দেখা যায়। 
এই চমকপ্ৰদ জয়েৰে এছিয়ান শক্তি জাপানে কাটাৰ ফুটবল বিশ্বকাপৰ অন্তিম-১৬ ৰাউণ্ডত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়। ইফালে, গ্ৰুপ 'ই'ৰ পৰা জাপান আৰু স্পেইনে পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হোৱাৰ বিপৰীতে প্ৰাক্তন চেম্পিয়ন জাৰ্মানীয়ে বিদায় মাগিছে। 
আনহাতে, বৃহস্পতিবাৰে আহমদ বিন আলী ষ্টেডিয়ামত গ্ৰুপ এফৰ খেলত ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে গ’লবিহীন ড্ৰ’ খেলি গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হয় বেলজিয়াম। তিনিখন মেচত ৭ পইণ্টেৰে গ্ৰুপৰ দ্বিতীয় স্থান দখল কৰি ক্ৰ’ৱেচিয়াই প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।  একেদৰে, কানাডাক ২-১ গ’লত পৰাস্ত কৰি ৭ পইণ্টেৰে গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিছে মৰক্কোৱে।