ফুটবলাৰৰ পৰা ৰেফাৰী হোৱা সংগ্ৰাম জেহৰুল ইছলামৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
খেলুৱৈ আৰু ৰেফাৰী অৱস্থাত জেহৰুল ইছলাম
খেলুৱৈ আৰু ৰেফাৰী অৱস্থাত জেহৰুল ইছলাম
আৰিফুল ইছলাম / গুৱাহাটী

লক্ষ্য প্ৰাপ্তিৰ বাবে সুনিৰ্দিষ্ট মন, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰম বা তপস্যা থাকিলেই সকলো কামতেই সফলতা অৰ্জন কৰিব পাৰি। এই কথা পৃথিৱীত নিজৰ সুনাম অৰ্জন কৰা প্ৰতিগৰাকী সফল ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য। সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ক্ৰীড়া আদি সকলো দিশতে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ ফল পাইছে। এইসকলেই  আমাৰ নৱ প্ৰজন্মৰ বাবেও এক আদৰ্শ স্বৰূপ। কষ্ট আৰু সাধনা বলত ফুটবল জগতত নিজৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম জেহৰুল ইছলাম।

ৰেফাৰী জেহৰুল ইছলাম সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহী আছিল। প্ৰথম অৱস্থাত জেহৰুল ইছলাম যদিও ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত আছিল কিন্তু ২০০৪ চনৰ পৰাই পেছাদাৰী হিচাপত ফুটবল খেলা আৰম্ভ কৰিছিল। জেহৰুল ইছলামৰ জন্ম কামৰূপ জিলাৰ অন্তৰ্গত কেতেকীবাৰীত। কেতেকীবাৰীত আগৰে পৰা ফুটবলৰ এটা ভাল পৰিবেশ আছে। ২০০৪ চনৰ পিছৰে পৰা জেহৰুল ইছলামে জিলা পৰ্য্যায়ত খেলিবলৈ সুযোগ পাইছিল। ৰঙিয়া আৰু নলবাৰীৰ হৈ এ ডিভিছন ডিষ্ট্ৰিক্ট খেলিবলৈ সুযোগ পাইছিল। 
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰেফাৰী জেহৰুল ইছলামে কয়; "সাধাৰণতে গ্ৰাম্য অঞ্চলত ক্ৰিকেটতকৈ ফুটবলৰ জনপ্ৰিয়তাটো পূৰ্বৰে পৰা যথেষ্ট বেছি। আমি খেলি থকা সময়ত আমাৰ অঞ্চলসমূহত ফুটবলক বহুত বেছি প্ৰাধান্য দিয়া হৈছিল। গতিকে মই ভাবো আগতেও ফুটবলৰ জনপ্ৰিয়তাটো যথেষ্ট আছিল।"
"মই খেলি থকা সময়তে একেলগে ৰেফাৰীও কৰি আছিলোঁ। তেতিয়া মোৰ জ্যেষ্ঠসকলে কৈছিল যে দুয়োটাৰ ভিতৰত যিকোনো এটা বাছি ল'ব লাগে। কিন্তু ২০১৭ চন মানলৈ মই ৰেফাৰীৰ লগতে ক্লাবৰহৈও খেলি আছিলোঁ। দুয়োটা একেলগে কৰি থকাৰ বাবে মোৰ একো অসুবিধাৰ সৃষ্টি হোৱা নাছিল যদিও আঘাত হোৱাৰ ভয় এটা মনত আছিল। মাজতে আঘাত পাইছিলোঁ, যাৰ ফলত প্ৰায় ৮ মাহ সময় মই ফুটবলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল," তেওঁ কয়।
 
 
খেল এখনত ৰেফাৰী কৰি থকা সময়ত সিদ্ধান্ত গ্ৰহণ কৰাত এগৰাকী ৰেফাৰীয়ে বিভিন্ন ধৰণৰ প্ৰত্যাহবানৰ সন্মুখীন হ'ব লগা হয়। জেহৰুল ইছলামে ২০০৮ বৰ্ষৰ পৰাই ৰাজ্যিক পৰ্য্যায়ত ৰেফাৰী কৰিবলৈ আৰম্ভ কৰিছিল। জেহৰুল ইছলামক ২০১০ চনত অসম ফুটবল সন্থাই ৰাজ্যিক পৰ্যায়ৰ কেত-৪ (কেটেগৰী ৪) ত স্বীকৃতি দিয়ে। তাৰপিছত ২০১২ চনত অসম ফুটবল সন্থাৰ কেত-৩ লৈ উন্নীত হয়। লাহে লাহে উন্নীত হৈ ২০১৬ চনত ৰাষ্ট্রীয় পৰ্য্যায়ৰ ৰেফাৰীত অন্তৰ্ভুক্ত হয় জেহৰুল ইছলাম। এই সময়ছোৱাত এগৰাকী ৰেফাৰী হিচাপে জেহৰুল ইছলামে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। বিশেষকৈ খেল চলি থকাৰ সময়ত কিছুমান সিদ্ধান্ত লোৱাত সন্মুখীন হৈছিল প্ৰত্যাহ্বানৰ।
 
খেল পৰিচালনা কৰি থকা সময়ত জেহৰুল ইছলাম
 
"কেতিয়াবা কিছুমান সিদ্ধান্তত কিছুমান খেলুৱৈ সন্তুষ্ট নহয়। ৰেফাৰীসকলে যেতিয়া এখন খেল পৰিচালনা কৰিবলৈ যায়, তেতিয়া তেওঁলোকে কাৰো পক্ষপাত নকৰে। কিন্তু কেতিয়াবা কিছুমান সিদ্ধান্তত আমিও প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, যাৰ ফলত খেলুৱৈসকলে ভাবে যেন আমি পক্ষপাত কৰিছোঁ। কেতিয়াবা বেয়াও লাগে। মোৰ জীৱনত আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ নগাঁওৰ নুৰুল আমিন ষ্টেডিয়ামত। তাত প্ৰিমীয়াৰ লীগত অইল দল আৰু ৰেডিয়েল ক্লাবৰ মাজত খেলখন পৰিচালনা কৰি আছিলোঁ। সেই খেলখনত এটা পেনাল্টিক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছিল। সেইটোৱে মোৰ জীৱনত এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপত মই মুখামুখী হৈছিলোঁ,"জেহৰুল ইছলামে কয়।
বর্তমানলৈ জেহৰুল ইছলামে বিভিন্ন ষ্টেডিয়াম আৰু বিভিন্ন ট্ৰফীত খেল পৰিচালনা কৰিছে। অসমৰ ফুটবল সন্থাৰ অধীনত জেহৰুল ইছলামে স্বাধীনতা কাপ, বৰদলৈ ট্ৰফীৰ দৰে অসমৰ ডাঙৰ খেল পৰিচালনা কৰিছে। ৰাষ্ট্রীয় পৰ্য্যায়ত তেওঁ কালিকত, বি চি ৰয় ট্ৰফী, সন্তোষ ট্ৰফী আৰু আই লীগৰ দৰে ডাঙৰ ডাঙৰ খেল পৰিচালনা কৰিছে। অসমৰ বিভিন্ন ষ্টেডিয়ামত জেহৰুল ইছলামে খেল পৰিচালনা কৰিছে। তাৰ ভিতৰত তেওঁৰ নেহৰু ষ্টেডিয়াম, সৰুসজাই, গুৱাহাটী টাউন ক্লাব, কোকৰাঝাৰ ষ্টেডিয়াম, বাঙালডোবা, ডিব্ৰুগড়ৰ অইল ইণ্ডিয়া আদি ষ্টেডিয়াম জেহৰুল ইছলামৰ প্রিয়।
জেহৰুল ইছলামে কয়; "অসম ফুটবল সন্থাই বৰ্তমান সময়ত ৰেফাৰীৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ৰেফাৰী সকলকলৈ বিভিন্ন চিন্তা-চর্চাও কৰি আছে অসম ফুটবল সন্থাই। যদি এনে চিন্তা-চর্চা ভৱিষ্যতলৈ অব্যাহত থাকে, তেন্তে নিশ্চয় আগন্তুক দিনত ফিফা পৰ্য্যায়লৈ বহু কেইজন ৰেফাৰী ওলাব। বৰ্তমান আমাৰ এগৰাকী ফিফা এচিষ্টেণ্ট ৰেফাৰী আছে। তেওঁ যোৰহাটৰ শ্ৰীমন্ত দত্ত।"
 
এলেন দেউৰী আৰু দুৰ্গা বড়োৰ সৈতে জেহৰুল ইছলাম
 
বৰ্তমান জেহৰুল ইছলামে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা চি ডিভিছন আৰু বি ডিভিছনৰ খেলত ব্যস্ত। "নৱ প্ৰজন্মৰ খেলুৱৈসকলে প্ৰথম কষ্ট কৰিব লাগিব আৰু আমাৰ যিবোৰ ক্ৰীড়া সংগঠন আছে গ্ৰাম্য অঞ্চলৰ প্ৰতিভাবোৰক আগবঢ়াই দিব লাগিব। সুব্যৱস্থা কৰি দিব পাৰিলে যথেষ্ট ভাল হ'ব। তেতিয়া অসমৰ পৰা ভাল ভাল খেলুৱৈ ওলাব পাৰিব। আমাৰ অসমত গৰমৰ দিনত প্ৰায় ৪ মাহ গৰম আৰু বানপানীৰ বাবে খেলপথাৰৰ অভাৱ হৈ যায়। গতিকে অসম চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। লগতে যিবোৰ নৱ প্ৰজন্মৰ খেলুৱৈ আৰ্থিক ভাৱে পিছপৰা সেইসকলক ভাল সুবিধা দি আগুৱাই দিলে নিশ্চয় ভাল ফলাফল পাব বুলি মই ভাবো," ৰেফাৰী জেহৰুল ইছলামে কয়।
 
আই-লীগৰ সময়ত জেহৰুল ইছলাম
 
বৰ্তমান জেহৰুল ইছলামে ৰেফাৰী হিচাপেই কাম কৰি আছে। এগৰাকী ৰেফাৰীয়ে নিজৰ ফিটনেছ ভালদৰে চোৱাচিতা কৰিব লাগে আৰু নতুন নতুন আইন বা নিয়ম সমূহৰ ওপৰতো অধ্যয়ন কৰিবলগীয়া হয়। ৰেফাৰীৰ সকলো কাম-কাজ তেওঁ নিয়মীয়াকৈ কৰি আছে। সুদূৰ ভৱিষ্যতেও জেহৰুল ইছলামে ৰেফাৰিংৰ লগত জড়িত হৈ থাকিব বুলি উল্লেখ কৰে।