ইতিহাস! বাৰ্মিংহামত সোণ হৈ জিলিকিল অসমৰ নয়নমণি

Story by  atv | Posted by  [email protected] • 1 Years ago
ইতিহাস ৰচা ভাৰতীয় দলটি
ইতিহাস ৰচা ভাৰতীয় দলটি
গুৱাহাটী
 
দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পেলাই অসমৰ খেলুৱৈয়ে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ নয়নমণি শইকীয়াই ভাৰতীয় লন বল দলক প্ৰতিনিধিত্ব কৰি আজি মেগা ইভেণ্টখনত স্বৰ্ণ পদক অৰ্জন কৰে। এই সাফল্যৰে তেওঁ অসমৰ ক্ৰীড়া জগতত নতুন ইতিহাসৰ সূচনা কৰিছে।
 
 
বাৰ্মিংহামত চলি থকা প্ৰতিযোগিতাখনৰ লন বলৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ৰ ব্যৱধানত পৰাস্ত কৰি দেশলৈ বিৰল গৌৰৱ কঢ়িয়াই আনিছে। ইতিহাস সৃষ্টি কৰা ভাৰতীয় দলটোৰ সদস্যসকল হ’ল লাভলী চৌবে (লিড), পিংকি (দ্বিতীয়), নয়নমনি শইকীয়া (তৃতীয়) আৰু ৰূপা ৰাণী তীৰ্কীয়ে (স্কিপ)। উল্লেখ্য যে, ভাৰতে কমনৱেলথ গেমছৰ লনবলত ইয়াৰ পূৰ্বে কেতিয়াও সোণৰ পদক অৰ্জন কৰিব পৰা নাছিল।   
 
ইফালে, সুদীৰ্ঘ ১২ বছৰৰ অন্তত অসমৰ খেলুৱৈয়ে কমনৱেলথ গেমছৰ পৰা ৰাজ্যলৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০১০ চনত দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত অসম সন্তান আৰ্চাৰ জয়ন্ত তালুকদাৰে ব্ৰঞ্জ পদক লাভ কৰিছিল। ইয়াৰ পিছত নয়নমণিয়ে আজি প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনত সোণ হৈ জিলিকি উঠে। 
 
ফাইনেল খেল জয়ী হোৱাৰ পিছত ভাৰতীয় লন বলছ দলটি
 
ইয়াৰ পূৰ্বে, সোমবাৰে ভাৰতীয় লনবল দলটোৱে ছেমি ফাইনেলত নিউজিলেণ্ডক ১৬-১৩ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। ফাইনেলত আজি ভাৰতে সুন্দৰ আৰম্ভণিৰে এটা সময়ত ৮-২ৰ অগ্ৰগতি লাভ কৰিছিল। কিন্তু, দক্ষিণ আফ্ৰিকাই শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায়। অৱশ্যে, শেষ মুহূৰ্তত শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ভাৰতে জয় সাব্যস্ত কৰে আৰু দেশৰ ক্ৰীড়া ইতিহাসত নতুন নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হয়।   
ফাইনেলত অসম কন্যা নয়নমণি শইকীয়া চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। উল্লেখ্য যে, বন বিভাগত কৰ্মৰত নয়নমণিয়ে তৃতীয় বাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ গ্লাছগ' আৰু গলকোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল। তেওঁ ২০১০ চনৰ দিল্লী কমনৱেলথ গেমছতো ভাৰতীয় দলত আছিল কিন্তু খেল আৰম্ভ পূৰ্বেই পৰিয়ালৰ সদস্যৰ বিয়োগৰ বাবে অসমলৈ উভতি আহিবলগীয়া হৈছিল। 
উৎফুল্লিত ভাৰতীয় দলটি
 
নয়নমণিয়ে অনূৰ্ধ্ব-২৫ ছোৱালী একক এছিয়ান চেম্পিয়নশ্বিপ ২০১২ত সোণৰ পদক, দ্বাদশ এছিয়ান চেম্পিয়নশ্বিপ ২০১৭ৰ মহিলা ট্ৰিপলত সোণৰ পদক, ৩৪সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া ২০১১ত সোণৰ পদক, ৩৫সংখ্যক ৰাষ্ট্ৰীয় খেল ২০১৫ত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
উল্লেখযোগ্য যে লন বল খেলবিধ ইংৰাজসকলৰ ৰাজকীয় খেল। যি ইংলেণ্ড, স্কটলেণ্ড, আইৰলেণ্ড, মালয়েছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদিত অতি জনপ্ৰিয়। এই খেলৰ শীৰ্ষ স্তৰ হ'ল কমনৱেলথ গেমছ। ভাৰতীয় অলিম্পিক সংস্থাৰ ৫ বিধ অতি গুৰুত্বপূৰ্ণ খেলৰ ভিতৰত লন বল অন্তৰ্ভুক্ত। খেলবিধ ভাৰতবৰ্ষৰ গুৱাহাটী ৰাষ্ট্ৰীয় ক্ৰীড়া ২০০৭ ত প্ৰথমবাৰ অনুষ্ঠিত হৈছিল। তাৰ পিছৰে এই খেলবিধত অসমৰ আধিপত্য বাহাল আছে। ভাৰতবৰ্ষত এই খেল অসমৰ বাহিৰে ঝাৰখণ্ড, দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, কেৰেলা, পাঞ্জাৱ আদি ৰাজ্যত বেছিকৈ প্ৰচলিত। 
 
ইয়াৰ পূৰ্বে ভাৰতবৰ্ষৰ কেইবাগৰাকীও লন বলছ খেলুৱৈ এছিয়ান চেম্পিয়নশ্বিপ, এছিয়া পেচিফিক চেম্পিয়নশ্বিপ আদিত ভাগ লৈছিল আৰু পদকো জিকিবলৈ সক্ষম হৈছিল।