ভাৰতৰ উদীয়মান হকী তাৰকা মমতাজ খানলৈ এফ আই এইচৰ ৰাইজিং ষ্টাৰ অৱ ইয়েৰ বঁটা

Story by  atv | Posted by  [email protected] • 1 Years ago
মমতাজ খান
মমতাজ খান
ল'জান
 
আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনে মহিলা শাখাত ভাৰতৰ উদীয়মান তাৰকা মমতাজ খানক ২০২১-২২ বৰ্ষৰ এফ আই এইচ ৰাইজিং ষ্টাৰ বঁটা আগবঢ়াইছে। ২০২২ চনৰ এফআইএইচ জুনিয়ৰ মহিলা বিশ্বকাপত মমতাজে অবিশ্বাস্য ক্ৰীড়াশৈলী আৰু গ’ল দিয়াৰ অপূৰ্ব সুন্দৰ দক্ষতা প্ৰদৰ্শন কৰি অনুৰাগীক ৰোমাঞ্চিত কৰিছিল।
 
জুনিয়ৰ বিশ্বকাপত ভাৰতৰ হৈ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মুমতাজে ৬ খন খেলত ৮টা গ’ল দিছিল। গোটেই প্ৰতিযোগিতাখনত তেওঁ মাত্ৰ এখন খেলত (নেদাৰলেণ্ডৰ বিৰুদ্ধে) গ’ল দিব নোৱাৰিলে। ইংলেণ্ডৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ খেলখনত ২-২ গ’লৰ গুৰুত্বপূৰ্ণ যুঁজত ভাৰতৰ হৈ দুয়োটা গ’ল মুমতাজে দিয়ে যদিও ইয়াৰ পিছত হোৱা শ্বুট আউটত দলটোৱে শেষ হাঁহি মাৰিব নোৱাৰিলে।
লক্ষ্ণৌ চহৰত জন্ম গ্ৰহণ কৰা মুমতাজে ট্ৰেক এথলীট হিচাপে ক্ৰীড়া জীৱনৰ পাতনি মেলিছিল। তেওঁ হিৰো এফ আই এইচ হকী৫ছ ল’জান ২০২২ত খেলা ভাৰতীয় দলটোৰো অংশ আছিল। ৪খন খেলত ৫টা গ’ল দি মমতাজে দক্ষতাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছিল। 
এফ আই এইচৰ ৰাইজিং ষ্টাৰ অৱ দ্য ইয়েৰ শাখাৰ শীৰ্ষত থকা দৌৰত ভাৰতীয় তাৰকাগৰাকীয়ে বেলজিয়ামৰ চাৰ্লট এংলেবাৰ্টক মাত্ৰ ৩ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।